Logo
image

আতংকিত বিশ্বক আশ্বাস তেজষ্ক্ৰিয় বিকিৰণ হোৱা নাই

বোমাৰ আঘাতত আণৱিক প্ৰকল্পত অগ্নিকাণ্ড

আমাৰ অসম, ৫ মাৰ্চঃ শুকুৰবাৰে পুৱতি নিশা ৰুছ সেনাবাহিনীয়ে ইউক্ৰেইনৰ এটা আণৱিক প্ৰকল্পত কৰা আক্ৰমণত অগ্নিকাণ্ডৰ সৃষ্টি হোৱাত বিশ্বজুৰি প্ৰৱল আতংকৰ উদ্ভৱ হৈছে৷ ইউক্ৰেইনৰ এনাৰহ’ডাৰ নামৰ চহৰখনত থকা ইউৰোপৰ বৃহত্তম আণৱিক প্ৰকল্প ঝাপ’ৰিঝঝিয়াত ৰাছিয়াৰ টেংকবাহিনীয়ে শুকুৰবাৰে পুৱতি নিশাতে আক্ৰমণ সংঘটিত কৰি এই প্ৰকল্পটোৰ দখল নিজৰ হাতলৈ নিছে৷ উভয় পক্ষৰ মাজত হোৱা গোলাবৰ্ষণত প্ৰকল্পটোৰ এটা অংশত অগ্নিকাণ্ডৰ সৃষ্টি হোৱাত তাৰ পৰা তেজষ্ক্ৰিয় পদাৰ্থ নিৰ্গত হোৱাৰ আশংকা ঘনীভূত হৈছে৷ ক্ষিপ্ৰ আক্ৰমণৰ দৰেই অৱশ্যে যুদ্ধকালীন ক্ষিপ্ৰতাৰে আণৱিক প্ৰকল্পটোৰ অগ্নি নিৰ্বাপন কৰা হয়৷ ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ অগ্নি নিৰ্বাপক বাহিনীক ঝাপ’ৰিঝঝিয়া পৰমাণু প্ৰকল্পৰ জুই নুমুৱাবলৈ অনুমতি দিয়ে৷ মূল প্ৰকল্পৰ ঠিক বাহিৰতে থকা এটা ছমহলীয়া প্ৰশিক্ষণ কাৰ্যালয়ত উভয়পক্ষৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত অগ্নিকাণ্ডৰ সৃষ্টি হৈছিল৷ তৎপৰতাৰে সেই জুই নিৰ্বাপিত কৰাৰ ফলত প্ৰাথমিকভাৱে তেজষ্ক্ৰিয় পদাৰ্থ নিৰ্গত হোৱাৰ আশংকা নথকা বুলি কোৱা হৈছে৷ কিন্তু ইউক্ৰেইনৰ আন আন চহৰৰ দৰে এনাৰহ’ডাৰ চহৰখনো ৰাছিয়াৰ সেনাৰ দখললৈ যোৱাত আণৱিক প্ৰকল্পটোত আক্ৰমণৰ ফলত প্ৰকৃততে কি ক্ষতি হ’ব পাৰে সেয়া আনৰ বাবে অনুমান কৰাটো কঠিন হৈছে৷ কম সময়ৰ যুদ্ধৰ জৰিয়তে ঝাপ’ৰিঝঝিয়া আণৱিক প্ৰকল্পটোৰ দখল ৰুছ সেনাই নিজৰ হাতলৈ নিয়াতো চলিত যুদ্ধত ৰাছিয়াৰ আন এটা বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে৷ ইউক্ৰেইনৰ ৰাষ্ট˜পতি ভল’ডিমিৰ জেলেনস্কিয়ে আশংকা প্ৰকাশ কৰি কয় যে, চাৰ্ণ’বিল আণৱিক প্ৰকল্পত সংঘটিত দুৰ্ঘটনাতকৈও ঝাপ’ৰিঝঝিয়াত দুৰ্ঘটনা সংঘটিত হ’লে তাতকৈ ছগুণ অধিক ক্ষতি হ’ব৷ কিয়নো ইউৰোপৰ ভিতৰত  ঝাপ’ৰিঝঝিয়া আণৱিক প্ৰকল্পটো সৰ্ববৃহৎ আৰু চাৰ্ণ’বিল আণৱিক প্ৰকল্পৰ তুলনাত ইয়াৰ আকাৰ ছগুণ বৃহৎ৷ উল্লেখ্য, ১৯৮৬ চনত চাৰ্ণ’বিল আণৱিক প্ৰকল্পত সংঘটিত অনাকাংক্ষিত দুৰ্ঘটনাৰ ফলত কেইবাশ লোকৰ মৃত্যু হৈছিল আৰু তেজষ্ক্ৰিয় পদাৰ্থ নিৰ্গত হোৱাত কেইবাহাজাৰো চিৰদিনলৈ ঘূণীয়া হৈছিল৷ ৰাছিয়াই আণৱিক প্ৰকল্পত কৰা এই অবিবেচকী আক্ৰমণৰ বাবে ইউৰোপৰ সকলো ৰাষ্ট˜নেতাই ভvাডিমিৰ পুটিনক গৰিহণা দিছে৷  ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে এই আক্ৰমণক হঠকাৰী বুলি গৰিহণা দি কৈছে যে ৰাছিয়াৰ ৰাষ্ট˜পতি পুটিনে দেশ দখল কৰিবলৈ গৈ আণৱিক কেন্দ্ৰত আক্ৰমণ সংঘটিত কৰি সমগ্ৰ ইউৰোপকে গভীৰ বিপদৰ মুখলৈ ঠেলি দিছে৷ ৰাছিয়াই ঝাপ’ৰিঝঝিয়া পাৰমাণৱিক প্ৰকল্পত অগ্নিকাণ্ড সংঘটিত হোৱাৰ কথা স্বীকাৰ কৰিছে আৰু ইয়াৰ পৰা তেজষ্ক্ৰিয়তাৰ কোনো ভীতি নথকা বুলি নিশ্চিত কৰিছে৷ তদুপৰি পৰমাণু প্ৰকল্পটো তেওঁলোকে দখল কৰা বুলি দাবী কৰিছে৷ প্ৰসংগতঃ, যুদ্ধৰ প্ৰথম তিনিদিনতে ৰুছসেনাই চাৰ্ণ’বিলৰ পৰমাণু কেন্দ্ৰৰ দখল নিজৰ হাতলৈ নিছিল৷ এতিয়া অৱশ্যে সীমিতসংখ্যক ৰিয়েক্টৰ থকা চাৰ্ণ’বিল পাৰমাণৱিক কেন্দ্ৰটো পৰিত্যক্ত৷ শুকুৰবাৰে ৰাছিয়াই দখল কৰা ঝাপ’ৰিঝঝিয়া আণৱিক কেন্দ্ৰটো ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ পৰা ৬৭৭ কিলোমিটাৰ দূৰৈত অৱস্থিত৷ 

ৰুছ সেনাই শুকুৰবাৰে যুদ্ধৰ নৱম দিনটোত কেৱল আণৱিক কেন্দ্ৰত আক্ৰমণ কৰিয়েই ক্ষান্ত থকা নাই৷ তেওঁলোকে ইউক্ৰেইনৰ সৰ্বদিশতে আক্ৰমণ প্ৰৱলৰ পৰা অধিক প্ৰৱলতৰ কৰি গৈছে৷ বুধবাৰে নিশা ইউক্ৰেইনৰ দক্ষিণৰ বন্দৰ চহৰ খাৰছন দখল কৰাৰ পাছত ৰুছ সেনাই শুকুৰবাৰে দক্ষিণৰে আন এখন চহৰ মাইক’লেভ চহৰত প্ৰচণ্ড বোমাবৰ্ষণ কৰি ৪৭জন অসামৰিক লোকক নিধন কৰিছে৷  ৰুছ সেনাই যিদৰে চহৰখন চৌদিশৰ পৰা বেৰি ধৰি আছে তালৈ চাই আজি নিশাৰ ভিতৰতে মাইক’লেভৰ পতন ঘটিব৷ ৰাছিয়াৰ সেনাই আকাশমাৰ্গেৰে ‘ক্লাষ্টাৰ বোমা’বৰ্ষণ কৰি চহৰখন প্ৰায় ধূলিসাৎ কৰি দিছে৷ ৰুছ সেনাই সমান্তৰালভাৱে ইউক্ৰেইনৰ ৰাজধানী কিয়েভ, দ্বিতীয় বৃহৎ চহৰ খাৰকিভ আৰু আন এখন গুৰুত্বপূৰ্ণ চহৰ চাৰ্ণিহিভত শুকুৰবাৰেও প্ৰৱল বোমাবৰ্ষণ কৰে৷ ৰুছ সেনাৰ এই তিনিখন চহৰত সংঘটিত কৰা আক্ৰমণৰ বিৰুদ্ধে ইউক্ৰেইনৰ সেনাৰ তেনে কোনো উত্তৰ নাছিল৷ কিয়নো আকাশমাৰ্গেৰে হোৱা বোমাবৰ্ষণৰ বিৰুদ্ধে ইউক্ৰেইনৰ প্ৰতিৰোধ ক্ৰমাৎ নিঃশেষ হৈ আহিছে৷ তালৈ চাই অতি কম দিনৰ ভিতৰতে ৰুছ সেনাই এই তিনিওখন গুৰুত্বপূৰ্ণ চহৰ নিজৰ দখললৈ নিব পাৰিব বুলি ধাৰণা কৰা হৈছে৷ অৱশ্যে আন দুই-এক স্থানত ইউক্ৰেইনৰ সেনাই সফলতা লাভ কৰিছে৷ যুদ্ধৰ প্ৰথমেই ৰুছ সেনাই দখল কৰা ডনেৎস্কৰ পূব দিশে ভলন’ভাখা চহৰত ইউক্ৰেইনৰ সেনাবাহিনীয়ে শুকুৰবাৰে ৰাছিয়াৰ দুখনকৈ ফাইটাৰ জেট বিমান ভূপাতিত কৰাৰ লগতে স্থল সেনাবাহিনীৰ দুখন টেংক ধবংস কৰিবলৈ সক্ষম হয়৷ আনহাতে হস্তমেল আৰু ব্ৰভাৰী নামৰ আন দুই স্থানত সংঘটিত যুদ্ধক্ষেত্ৰত ইউক্ৰেইনৰ সেনাই দখলদাৰী ৰুছ সেনাৰ বহুসংখ্যক যুদ্ধৰ যান মানৱবিহীন ড্ৰোণেৰে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি নিশ্চিহ্ন কৰি দিছে৷ ক্ষেপণাস্ত্ৰৰ এই আক্ৰমণত ৰুছ সেনাৰ কনভয়টোৰ অধিকাংশ সদস্য নিহত হোৱা বুলি ইউক্ৰেইনে দাবী কৰিছে৷ ইউক্ৰেইনৰ দাবী, তেওঁলোকে এতিয়ালৈকে ৰাছিয়াৰ ৯,২০০ সেনাক নিধন কৰিছে আৰু কেইবা শতাধিক টেংক, হাজাৰোধিক যুদ্ধৰ যান তথা ডজনতকৈ অধিক ফাইটাৰ জেট আৰু ফাইটাৰ হেলিকপ্টাৰ ধবংস কৰিবলৈ সক্ষম হৈছে৷ 

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে মুকলিকৈ দাবী কৰি কৈছে যে ৰাজধানী কিয়েভকে ধৰি দেশৰ কোনো স্থানত এতিয়া ইউক্ৰেইনৰ চৰকাৰ আৰু প্ৰশাসনৰ নিয়ন্ত্ৰণ নোহোৱা হৈ পৰিছে৷ ৰাছিয়াই ইউক্ৰেইনৰ সৈতে চলি থকা শান্তি আলোচনাৰ দফা কাৰ্যকৰী কৰাৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কিৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰাত তাৰ পৰা সঁহাৰি জনাবলৈ কোনো নথকা বুলি ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে দাবী কৰিছে৷ উল্লেখ্য, বৃহস্পতিবাৰে বেলাৰুছ আৰু পোলেণ্ডৰ সীমাত নাম প্ৰকাশ নকৰা এখন স্থানত যুদ্ধৰত উভয় দেশৰ প্ৰতিনিধিৰ মাজত আলোচনা হৈছিল৷ সেইখন আছিল ৰাছিয়া-ইউক্ৰেইনৰ চলিত যুদ্ধৰ মাজত দ্বিতীয়খন বৈঠক৷ বৃহস্পতিবাৰৰ বৈঠকত উভয় দেশেই যুদ্ধ বিধবস্ত অঞ্চলৰ পৰা বাসিন্দা বাহিৰ ওলাই যাব পৰাকৈ ‘মানৱীয় কৰিডৰ’ তৈয়াৰ কৰাৰ সিদ্ধান্তত ঐক্যমত্য প্ৰকাশ কৰে৷  সেই ব্যৱস্থা কাৰ্যকৰী কৰাৰ বাবেই ৰুছ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰি সঁহাৰি পাবলৈ সক্ষম নহ’ল৷ এনে পৰিস্থিতি দেখিয়েই এতিয়া দেশৰ প্ৰশাসনীয় ক্ষেত্ৰত যুদ্ধ বিধবস্ত দেশখনৰ কোনো নিয়িন্ত্ৰণ নোহোৱা বুলি ৰাছিয়াই দাবী কৰিবলৈ সক্ষম হৈছে৷