Logo
image

আলফা আলোচনাৰ আশা নিৰ্বাপিতপ্ৰায়

লিংকমেনক এনকাউণ্টাৰ

আমাৰ অসম, ৫ মাৰ্চঃ কলিতে মৰহিল যেন আলফা-চৰকাৰৰ শান্তি আলোচনাৰ প্ৰক্ৰিয়া৷ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰ পাছতেই আলফা [স্বাধীন]ৰ মুৰব্বী পৰেশ বৰৱাই শান্তি আলোচনাত আগবঢ়াৰ ইংগিত দি ক’ভিডৰ অচিলাৰে একপক্ষীয় যুদ্ধ বিৰতিও ঘোষণা কৰিছিল৷ কিন্তু পৰেশ বৰুৱা আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই মধুচন্দ্ৰিকা বেছি দিন নিটিকিল৷ প্ৰস্তাৱিত আলফা স্বাধীনৰ শান্তি আলোচনা প্ৰক্ৰিয়াৰ আশা প্ৰায় নিৰ্বাপিত৷ কিয়নো আলফাই যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি নকৰি ধন সংগ্ৰহ তথা কূটঘাটৰ লক্ষ্যৰে ম্যানমাৰৰ শিবিৰৰ পৰা অস্ত্ৰসহ কেডাৰ প্ৰেৰণ কৰা আৰু চৰকাৰৰ পৰিকল্পনা মতে আৰক্ষীয়ে আলফাৰ বিৰোধী অভিযান তীব্ৰতৰ কৰি তোলা কাৰ্যই শান্তি আলোচনা প্ৰক্ৰিয়া ইতি পৰাৰে ইংগিত দিছে৷ পূৰ্বতে পৰেশ বৰুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইহে আলফাৰ সমস্যা সমাধান কৰিব পাৰিব বুলি ৰাজহুৱাকৈ প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো চৰকাৰৰ হৈ পৰেশ বৰুৱাৰ সৈতে পোনপটীয়াকৈ বাৰ্তালাপ কৰিব বুলি  সদৰি কৰিছিল৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাইজে শান্তি আলোচনা প্ৰক্ৰিয়াই পূৰ্ণ ৰূপ পাব বুলিও আশা প্ৰকাশ কৰিছিল৷ কিন্তু শেহতীয়াকৈ সংবাদ মাধ্যমক পৰেশ বৰুৱাই যুদ্ধ বিৰতিৰ ম্যাদ বৃদ্ধি নকৰে বুলি স্পষ্ট কৰি দিয়াৰ পাছতেই অসম আৰক্ষীয়ে প্ৰথমবাৰলৈ বিদ্ৰোহী সংগঠনটোৰে সম্পৰ্ক ৰক্ষা কৰাৰ অভিযোগত এজন যুৱকক এনকাউণ্টৰ কৰি সামৰিক অভিযান আৰম্ভ কৰিলে৷ বৃহস্পতিবাৰে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকে ম্যানমাৰৰ পৰা আলফাৰ ৫ জনীয়া দল নামি অহা বুলি ঘোষণা কৰি আত্মসমৰ্পণ নকৰা সদস্যকেইজনৰ বিৰুদ্ধে চৰকাৰৰ পৰিকল্পনাত অভিযান চলোৱা বুলিও সদৰি কৰিছিল৷ আত্মসমৰ্পণকাৰী এজন আলফা কেডাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত বহু অস্ত্ৰ-শস্ত্ৰ জব্দ কৰাৰ পাছত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে আলফাৰ লিংকমেনৰ সন্দেহত সুৰজ গগৈ নামৰ এজন যুৱকক এনকাউণ্টাৰত গুলীবদ্ধ কৰে৷ স্বাভাৱিকতেই আলফা আৰু আৰক্ষীয়ে দুয়ো পক্ষৰ পূৰ্বৰ সম্পৰ্কত ফাট মেলাটো স্পষ্ট হৈ পৰাত শান্তি আলোচনা প্ৰক্ৰিয়াৰ ইতি পৰাটো নিশ্চিত হৈ পৰিছে৷

এইবাৰ চৰাইদেউত এনকাউণ্টাৰ

অপৰাধীক কঠোৰ হাতেৰে নিয়ন্ত্ৰণ কৰিবৰ বাবে অসম আৰক্ষীয়ে বলিউডী চিনেমাৰ আৰ্হিত বিগত কিছুদিনৰ পৰা সমগ্ৰ ৰাজ্যখনতে ‘এনকাউণ্টাৰ’ সংঘটিত কৰি আহিছে৷ ইতিমধ্যে বহু দাগী অপৰাধী অসম আৰক্ষীৰ ‘এনকাউণ্টাৰ’ৰ বলি হৈ মৃত্যু অথবা গুৰুতৰভাৱে আহত হৈছে৷ কালি মাজ নিশাও চৰাইদেউত সংঘটিত হ’ল এনে এক এনকাউণ্টাৰ৷ চৰাইদেউ আৰক্ষীৰ কৱলৰ পৰা পলাই যাবলৈ চেষ্টা কৰোঁতে আলফাৰ লিংকমেন সন্দেহত আটক কৰা সূৰয গগৈ নামৰ যুৱকজনক আৰক্ষীয়ে ভৰিত গুলীয়াই ধৰাশায়ী কৰে৷ ঘটনা সন্দৰ্ভত আৰক্ষীসূত্ৰে প্ৰাপ্ত তথ্য অনুসৰি, শিৱসাগৰ জিলাৰ বেতবাৰী তামুলী বজাৰ চাংমাই গাঁৱৰ নিৱাসী সূৰয গগৈক আলফাত [স্বাঃ] সদস্য ভৰ্তি অভিযানত জড়িত থকাৰ সন্দেহত কালি চৰাইদেউ আৰক্ষীয়ে আটক কৰিছিল৷ আছাম ৰাইফলছ আৰু আৰক্ষীৰ অভিযানত সোণাৰিৰ চেনিগুদাম অঞ্চলৰ পৰা আটক কৰা সূৰয গগৈৰ[৩৪] বিৰুদ্ধে সোণাৰি থানাত ৪৭/২০২২ নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 120/[B]/371 আৰু section 18B[P]ৰ অধীনত সোধা-পোছা অব্যাহত ৰাখিছে চৰাইদেউ আৰক্ষীয়ে৷ ইয়াৰ মাজতে চৰাইদেউ আৰক্ষীয়ে কালি নিশা প্ৰায় ১২.২০ বজাত সোণাৰিৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰি ঘূৰি আহোঁতে আন্ধাৰৰ সুযোগ লৈ আৰক্ষীৰ বেষ্টনীৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰে ধৃত সূৰয গগৈয়ে৷ আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ চেষ্টা কৰা সূৰযক আৰক্ষীয়ে বাধা প্ৰদান কৰিছিল যদিও যুৱকজনে আন্ধাৰৰ সুযোগ লৈ চাহ বাগিচাৰ মাজেৰে অসম-নাগালেণ্ড সীমান্তৰ দিশে পলাবলৈ চেষ্টা কৰোঁতে যুৱকজন লক্ষ্য কৰি আৰক্ষীয়ে দুজাই গুলী নিক্ষেপ কৰে আৰু ইয়াৰে এটা গুলী যুৱকজনৰ বাঁওভৰিত লাগি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ আঘাতপ্ৰাপ্ত যুৱকজনক লগে লগে চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও প্ৰাথমিক চিকিৎসা কৰি চিকিৎসকৰ পৰামৰ্শ মতে, উন্নত চিকিৎসাৰ বাবে লগে লগে গুলীবিদ্ধ লোকজনক নিশাই ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰে৷ আনহাতে, চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে আজি সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ চেষ্টা কৰা ধৃত সূৰয গগৈয়ে দীৰ্ঘদিন ধৰি নিষিদ্ধঘোষিত উগ্ৰপন্থী সংগঠন আলফাৰ[স্বাঃ] সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি আহিছিল আৰু উজনি অসমৰ কেইবাখনো জিলাত সংগঠনটোৰ নতুন সদস্য ভৰ্তি কামত নিয়োজিত আছিল৷ ধৃত যুৱকজনৰ সৈতে আলফাৰ কল ৰেকৰ্ডিং আৰু কল লিষ্ট আৰক্ষীয়ে লাভ কৰা বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য, সূৰয গগৈৰ নেতৃত্বতে শেহতীয়াকৈ উজনি অসমৰ বিভিন্ন প্ৰান্তৰ বহুকেইজন যুৱক আলফাত যোগদান কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷