Logo
image

ঘৰত মজুত ৰাখিব পাৰিব ৯ লিঃ হুইস্কী, ১৮ লিঃ বীয়েৰ

দিল্লী উচ্ছ ন্যায়ালয়ৰ ৰায়

আমাৰ অসম, ৫ মাৰ্চঃ সুদীৰ্ঘ দুই বছৰজোৰা আইনী যুদ্ধৰ অন্তত অৱশেষত ন্যায় পালে এজন ব্যক্তিয়ে৷ এই গোচৰ কোনো হত্যা বা চুৰি-ডকাইতিৰ গোচৰ নাছিল৷ গোচৰটো আছিল ঘৰত বৈধ পৰিমাণতকৈ অধিক সুৰা মজুত ৰখা সংক্ৰান্তীয়৷ দিল্লীৰ আৱকাৰী বিভাগে ব্যক্তিজনৰ বিৰুদ্ধে বিভিন্ন ধাৰাত ৰুজু কৰিছিল গোচৰ৷ দিল্লী আৱকাৰী বিভাগৰ গোচৰত প্ৰত্যাহ্বান জনাই ব্যক্তিজন দ্বাৰস্থ হৈছিল দিল্লী উচ্ছ ন্যায়ালয়ত৷ অৱশেষত এই গোচৰৰ ৰায়দান কৰি দিল্লী উচ্ছ ন্যায়ালয়ে স্পষ্ট কৰিলে– এজন লোকে ঘৰত বৈধভাৱে কিমান সুৰা মজুত কৰি ৰাখিব পাৰিব৷ এই সীমা বান্ধি দিলে দিল্লী উচ্ছ ন্যায়ালয়ে৷ শেহতীয়াকৈ দিল্লী উচ্ছ ন্যায়ালয়ে স্পষ্ট কৰিছে যে ২৫ বছৰ ঊধবৰ্ৰ এজন লোকে ঘৰত মজুত ৰাখিব পাৰিব ৯ লিটাৰ হুইস্কী, ভদকা, জিন আৰু ১৮ লিটাৰ বীয়েৰ, ৱাইন আৰু এলকহলিক ড্ৰিংক৷ উল্লেখ্য যে দিল্লীৰ পঞ্চশীল পাৰ্কৰ এজন লোকৰ ঘৰত দিল্লীৰ আৱকাৰী বিভাগে অভিযান চলাই ১৩২ বটল সুৰা জব্দ কৰিছিল৷ জব্দকৃত সুৰাৰ মুঠ পৰিমাণ আছিল ১০৭.২ লিটাৰ৷ এয়া আছিল ২০২০ চনৰ ঘটনা৷ দিল্লীৰ আৱকাৰী বিভাগে সংশ্লিষ্ট লোকজনৰ বিৰুদ্ধে ঘৰত পৰিমাণতকৈ অধিক সুৰা মজুত ৰখাৰ অভিযোগত দিল্লী আৱকাৰী আইনৰ ৩৩নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছিল৷ পাছত ব্যক্তিজনে দিল্লী আৱকাৰী বিভাগৰ বিৰুদ্ধে দিল্লী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ গোচৰটোৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সুব্ৰমণিয়ন প্ৰসাদে গোচৰীয়াৰ পক্ষতে স্থিতি গ্ৰহণ কৰে৷ মহামান্য দিল্লী উচ্ছ ন্যায়ালয়ে স্পষ্ট কৰে যে যিহেতু ব্যক্তিজনৰ ঘৰত ছজন ২৫ বছৰৰ ঊধবৰ্ৰ ব্যক্তি আছে, গতিকে উক্ত পৰিমাণৰ সুৰা ঘৰত মজুত ৰখাটো আইন বিৰুদ্ধ নহয়৷ অনুমোদিত সীমা অনুসৰি ব্যক্তিজনৰ পৰিয়ালে ৫৪ লিটাৰ হুইস্কী, ভদকা, জিন বা ৰাম ঘৰত মজুত ৰাখিব পাৰে লগতে ১০৮ লিটাৰ বীয়েৰ, ৱাইন আৰু এলকহলিক ড্ৰিংক ঘৰত ৰাখিব পাৰে৷ গতিকে দিল্লী আৱকাৰী আইন ২০০৯ ব্যক্তিগৰাকীয়ে ভংগ কৰা নাই৷