কুকুৰৰ বাবে নিয়ম
গুৱাহাটী পৌৰ নিগমে অলপতে অধিসূচনা জাৰি কৰি কৈছে যে যিসকলৰ পোহনীয়া কুকুৰে বাট-পথ অথবা ৰাজহুৱা স্থানত পায়খানা কৰে, গৰাকীয়ে ততালিকে তাক চাফা কৰি লগত লৈ যোৱা বেগত ভৰাব লাগিব; অন্যথা ৫০০ টকাৰ পৰা ২,০০০ টকাপৰ্যন্ত জৰিমনা ভৰিব লাগিব৷ সুন্দৰ কথা৷ উন্নত দেশবোৰত সেয়াই নিয়ম৷ গৰাকীয়ে লগত লৈ যোৱা বেগত কুকুৰ বা পোহনীয়া মেকুৰীৰ পায়খানা চাফা কৰি পেলাবলৈ ঠায়ে ঠায়ে সুকীয়া ডাষ্টবিনৰো ব্যৱস্থা থাকে৷ উন্নত দেশত আন আৱৰ্জনা পেলাবৰ বাবেও ঠায়ে ঠায়ে তিনি-চাৰিটাকৈ ডাষ্টবিন থাকে আৰু ক’ত কি পেলাব লাগিব, তাৰ নিৰ্দেশ দিয়া থাকে৷ আমাৰ দেশত আকৌ সৌ সিদিনাহে প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ-ভাৰত অভিযান আৰম্ভ কৰি মুকলিত পায়খানা নকৰিবলৈ, হাত চাবোনেৰে চাফাকৈ ধুবলৈ মানুহক শিকাবলগীয়া হৈছে৷ যি নহওক কিয়, কুকুৰ তথা আন পোহনীয়া জীৱ-জন্তুৰ লালন-পালন সম্পৰ্কে আন দেশৰ দৰে আমাৰ ইয়াতো নিয়ম-কানুন আছে৷ ভাৰতৰ ‘এনিমেল ৱেলফেয়াৰ ব’ৰ্ড’ৰ মতে, যিসকলে জীৱ-জন্তু ঘৰত পোহে, তেওঁলোকে কিছুমান নিৰ্দেশ পালন কৰিবলগীয়া হয়৷ ব’ৰ্ডৰ মতেও গৰাকীবিহীন বাটৰ কুকুৰক বাট-পথত পায়খানা কৰাৰ পৰা কোনেও বাধা দিব নোৱাৰে যদিও পোহনীয়া কুকুৰৰ ক্ষেত্ৰত গৰাকীয়ে কিন্তু পৰিষ্কাৰ কৰিব লাগিব৷ ৰাজহুৱা উদ্যান-বাগিচা আদিৰ ক্ষেত্ৰতো একেই নিয়ম প্ৰযোজ্য৷ মুম্বাই, দিল্লী আদিত ইতিমধ্যে এই সংক্ৰান্তত জৰিমনা আদায়ৰ ব্যৱস্থা ৰখা হৈছে৷ আকৌ, পোহনীয়া জন্তুৰ পায়খানা পৰিষ্কাৰ কৰাৰ বাবে বজাৰত সুকীয়া প্লাষ্টিক পেকেট তথা ‘পুপ স্কুপাৰ’ উপলব্ধ হৈছেই৷ আনকি, কেঁচুৱাৰ ‘ভাইপাৰ’ৰ দৰে প্লাষ্টিক মোনাও বজাৰ পাইছেহি৷ সচেতন গৰাকীয়ে এনেবোৰ প্ৰয়োজনীয় সামগ্ৰী গোটাই লৈ পোহনীয়া জন্তুৰ উচিত যত্ন লোৱাৰ লগতে জৰিমনা ভৰাৰ পৰা ৰক্ষা পাবলৈ সক্ষম হ’ব৷ এইখিনিতে উত্থাপিত প্ৰশ্নটো হৈছে, কেৱল পোহনীয়া কুকুৰকেইটাৰ বাবেহে গুৱাহাটীৰ বাট-পথ লেতেৰা হৈ আছেনে, অথবা, কুকুৰৰ বিষ্ঠাৰ পৰা হ’ব পৰা সম্ভাব্য বেমাৰ-আজাৰ, প্ৰদূষণেহে গুৱাহাটীবাসীৰ লগতে প্ৰশাসনকো শংকিত কৰিছেনে? গুৱাহাটীৰ অনাময় ব্যৱস্থা আৰু পয়প্ৰণালীক লৈ কাৰো ক’তো অভিযোগ নাইনে? জাবৰ নিষ্কাশনৰ সমস্যাটোৰবা কি হ’ল, চন্দ্ৰপুৰৰ প্ৰতিবাদী জনসাধাৰণৰ সমস্যাবোৰ আঁতৰ হ’ল নেকি? দীপৰ বিলৰ সমীপৰ জাবৰৰ পাহাৰখনৰ সুবন্দোৱস্ত হ’লনে? বায়’-মেডিকেলসৃষ্ট পেলনীয়া জাবৰ-নিষ্কাশনৰ সঠিক সমাধান ওলালনে? ভৰলু-বাহিনীয়ে সৃষ্টি কৰা প্ৰদূষণক লৈও মহানগৰবাসীৰ কোনো আপত্তি নাই নেকি? ‘নেচনেল গ্ৰীন ট্ৰিবিউনেল’ৰ ওজৰ-আপত্তিবোৰৰ নিষ্পত্তি হ’লগৈনে? পৌৰ নিগমে পোহনীয়া কুকুৰৰ বিষ্ঠাক লৈ নিয়ম কৰিছে, অতি প্ৰশংসনীয় কথা৷ পৌৰ নিগমৰ চাফাইকৰ্মীসকলে মাস্ক অবিহনে, উপযুক্ত পোছাক অবিহনে [চাফাইকৰ্মীৰ উপযুক্ত ৰক্ষণাবেক্ষণ দিয়া পোছাক থাকিব লাগে] অনিয়মীয়াকৈ ঘৰে ঘৰে জাবৰ সংগ্ৰহ কৰা কাৰ্যলৈও কিছু সংস্কাৰ আনক৷ নিগমৰ অধীনত চলা উচ্ছ-গ্ৰামৰ ‘ঘৰ-ঘৰ’ শব্দৰে প্ৰদূষণ সৃষ্টি কৰা পানী-যোগান ধৰা টেংকাৰ তথা জাবৰ সংগ্ৰহৰ তিনিচকীয়া, চাৰিচকীয়া বাহনবোৰো ‘স্মাৰ্টচিটী’ত চলাৰ যোগ্য কৰি তোলক৷ ৰাস্তাৰ দাঁতিত প্লাষ্টিকৰ ঠোঙাত পেলনীয়া জাবৰ থৈ যোৱাসকলৰ ওপৰতো ‘নজৰ’ ৰাখক, যিদৰে পোহনীয়া কুকুৰক পায়খানা কৰাই চাফা নকৰা গৰাকীৰ ওপৰত ‘নজৰ’ ৰখাৰ কথা কৈছে, আৰু তেওঁলোকৰ ওপৰতো জৰিমনা আৰোপ কৰক৷ মহানগৰৰ নাগৰিকে দিয়া অভিযোগৰ ভিত্তিত যিদৰে নিগমে কুকুৰৰ ক্ষেত্ৰত নিয়ম জাৰি কৰিলে, আন অভিযোগবোৰো গুৰুত্বসহকাৰে বিবেচনা কৰি ব্যৱস্থা গ্ৰহণ কৰক৷






