Logo
image

ঘোৰ যুদ্ধৰ মাজতে ‘যুদ্ধবিৰতি’

ৰাছিয়াত ফেচবুক-টুইটাৰ নিষিদ্ধ

ভুল বাতৰি দিলে সাংবাদিকক জে’ল

ইউক্ৰেইনে সাধাৰণ নাগৰিকক মানৱ ঢাল হিচাপে ব্যৱহাৰৰ সন্দেহ

আমাৰ অসম, ৬ মাৰ্চঃ ইউক্ৰেইনৰ চৰকাৰে দেশৰ সেনাবাহিনীৰ জৰিয়তে ৰাছিয়াৰ ভয়াৱহ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সমৰ্থ নহ’ব বুলি নিশ্চিত হৈ দেশৰ অসামৰিক লোক আৰু দেশখনত বসবাস কৰা বিদেশী নাগৰিকক ৰুছ সেনাৰ বিৰুদ্ধে মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ এতিয়া প্ৰৱলতৰ হৈ পৰিছে৷ শনিবাৰে ৰাছিয়াই ইউক্ৰেইনৰ দুখনকৈ চহৰত যুদ্ধবিৰতি ঘোষণাৰে ‘হিউমেনিটেৰিয়ান কৰিড’ৰ’ তৈয়াৰ কৰি আৱদ্ধ হৈ থকা নাগৰিকক ওলাই যাবলৈ সুযোগ দিছিল৷ ঘোৰ যুদ্ধৰ মাজতে এই যুদ্ধবিৰতি আছিল সকলোৰে  বাবে আশাপ্ৰদ বতৰা৷ মস্কোৰ সময় অনুসৰি দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৫ বজালৈ মুঠতে ৫ ঘণ্টাৰ  ‘উইণ্ডো’ ঘোষণা কৰিছিল ৰাছিয়াই৷ যুদ্ধৰত দেশ দুখনৰ মাজত হোৱা দ্বিতীয়লানি শান্তি আলোচনাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷ সেই সিদ্ধান্ত অনুসৰি ৰাছিয়াই শনিবাৰে ইউক্ৰেইনৰ দক্ষিণৰ বন্দৰচহৰ মাৰিউপল আৰু তাৰ নিকটৱৰ্তী ভলন’ভাখা চহৰত আৱদ্ধ হৈ থকা নাগৰিকসকলক ওলাই যাবলৈ মানৱীয় কৰিড’ৰৰ সুযোগ দিছিল৷ পিছে আশ্চৰ্যজনকভাৱে ইউক্ৰেইন চৰকাৰে এই চহৰ দুখনৰ পৰা আৱদ্ধ হৈ থকা নাগৰিকসকলক আৰু বিদেশী নাগৰিকক ওলাই যাবলৈ নিদিলে৷ ফলত ৰাছিয়াই যুদ্ধৰ আক্ৰমণৰ মাজতে আগবঢ়োৱা সেই ‘উইণ্ডো’ৰ সুযোগ অথলে গ’ল আৰু দুয়োখন চহৰৰ বাসিন্দা পুনৰ পণবন্দী হৈ পৰিল৷ ইউক্ৰেইন চৰকাৰে অভিযোগ কৰা অনুসৰি যুদ্ধবিৰতিৰ সময়ছোৱাতো ৰুছ সেনাই মাৰিউপল চহৰত একেৰাহে বোমা বিস্ফোৰণ আৰু কামানৰ গোলাৰে আক্ৰমণ অব্যাহত ৰাখিছিল৷ সেয়ে ইউক্ৰেইন চৰকাৰে মাৰিউপল আৰু ভলন’ভাখা চহৰৰ পৰা নাগৰিকসকলক যুদ্ধবিৰতিৰ সময়ত ওলাই যোৱাত বাধা প্ৰদান কৰে৷ পৰিকল্পনা অনুসৰি মাৰিউপল চহৰৰ পৰা ২,০০,০০০ আৰু ভলন’ভাখা চহৰৰ পৰা ১৫,০০০ বাসিন্দাক বাহিৰলৈ লৈ যোৱাৰ কথা আছিল৷ পিছে সেই পৰিকল্পনা ইউক্ৰেইনৰ চৰকাৰে একপক্ষীয় সিদ্ধান্তৰে বন্ধ কৰি দিয়ে৷ অথচ ঘোৰ যুদ্ধৰ মাজৰ এই যুদ্ধবিৰতিৰ সময়ত ৰাছিয়াই আগবঢ়োৱা মানৱীয় কৰিড’ৰৰ ‘উইণ্ডো’ পৰ্যৱেক্ষণ কৰাৰ নি(য়তা প্ৰদান কৰি দায়িত্ব লৈছিল আন্তঃৰাষ্ট্ৰীয় সংগঠন ৰেডক্ৰছে৷ কিয়নো ৰেডক্ৰছৰ পৰ্যৱেক্ষণত চহৰৰ বাসিন্দাক উলিয়াই পঠিওৱাৰ সমস্ত প্ৰক্ৰিয়াটো নিৰপেক্ষ হ’লহেঁতেন৷ পিছে পৰিকল্পনা অনুসৰি সেই কাৰ্যসূচী সম্পন্ন নোহোৱাত ইউক্ৰেইনে ইমানদিনে দেশখনৰ অসামৰিক নাগৰিকক যুদ্ধত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ ক্ৰমাৎ সত্যত পৰিণত হৈছে৷ ইমানদিনে ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে এই অভিযোগ ৰাজহুৱাকৈ উত্থাপন কৰি আহিছিল৷ শনিবাৰৰ এই ঘটনাই ইউক্ৰেইন চৰকাৰৰ মনোবৃত্তি দেশখনৰ নাগৰিক আৰু তাত আৱদ্ধ হৈ থকা বিদেশী নাগৰিকৰ ক্ষেত্ৰত ইতিবাচক নোহোৱাটো প্ৰতীয়মান কৰিছে৷ ফলত ইউক্ৰেইনৰ চৰকাৰে অসামৰিক লোকক ৰুছ সেনাৰ বিৰুদ্ধে মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ এতিয়া প্ৰতিষ্ঠিত সত্য হৈ পৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে ইউক্ৰেইনৰ চৰকাৰে সাধাৰণ নাগৰিকক দখলদাৰী ৰুছ বাহিনীৰ বিৰুদ্ধে যুঁজিবলৈ সদায় উচটাই আছে৷ ৰুছ সেনাবাহিনীৰ বিৰুদ্ধে এতিয়ালৈকে ইউক্ৰেইনৰ সেনাই এখনো পোনপটীয়া যুদ্ধত অৱতীৰ্ণ হোৱা নাই৷ সদায় ইউক্ৰেইনৰ চৰকাৰে আক্ৰমণত কিমানজন অসামৰিক লোকৰ মৃত্যু হ’ল তাৰ তথ্য প্ৰকাশ কৰি আহিছে৷ অথচ সেনাবাহিনীৰ কিমান সদস্যৰ যুদ্ধত মৃত্যু হৈছে বা হৈছে নে নাই সেই তথ্য প্ৰকাশৰ পৰা বিৰত আছে৷ অথচ দেশখনত ২,৫০,০০০ সক্ৰিয় সেনা ১,৪০,০০০ সংৰক্ষিত সেনা আছে৷ পূৰ্ণ পৰ্যায়ৰ যুদ্ধ এতিয়ালৈকে আৰম্ভ নোহোৱাৰ বাবে ইউক্ৰেইনে শেষ বা নিৰ্ণায়ক যুদ্ধত যুঁজিবলৈ এই সেনাবাহিনী সংৰক্ষণ কৰি ৰাখিছে বুলি ধাৰণা কৰা হৈছে৷ এতিয়ালৈকে ইউক্ৰেইনৰ সেনাই অধিকাংশ আক্ৰমণ চলাইছে গেৰিলা যুদ্ধৰ দৰে, পোনপটীয়া যুদ্ধত অৱতীৰ্ণ হোৱা নাই৷ দেশৰ সেনাবাহিনীক ৰক্ষা কৰাৰ স্বাৰ্থতে হওক বা অসামৰিক লোকক হত্যাৰ ক্ষেত্ৰত দখলদাৰী ৰুছ বাহিনীৰ ওপৰত অপযশ জাপি দিয়াৰ বাবেই হওক, ইউক্ৰেইন চৰকাৰে দেশখনৰ নাগৰিকক পণবন্দী হিচাপে মানৱ ঢাল কৰাৰ অভিযোগ সেয়ে দৃঢ়তৰ হৈ পৰিছে৷ 

যুদ্ধই শনিবাৰে দশম দিন স্পৰ্শ কৰাৰ সময়ত ৰাছিয়াই ইউক্ৰেইনৰ দুখন প্ৰধান চহৰ খাৰছন আৰু ব্ৰেডিনস্কৰ দখল সম্পূৰ্ণৰূপে নিজৰ হাতলৈ নিছে৷  ইপিনে ৰাজধানী কিয়েভলৈ বিশাল ৰুছ সেনা আৰু কিছুদূৰ উত্তৰদিশৰ পৰা আগুৱাই আহিছে৷ শনিবাৰে সেই পথত ৰুছ সেনাই কিয়েভৰ সমীপৱৰ্তী চাৰ্ণিহিভ নামৰ চহৰখন বোমাৰে তচনচ কৰি দিয়ে৷ ইউক্ৰেইনৰ সেনাবাহিনীয়ে প্ৰত্যক্ষ যুদ্ধত অৱতীৰ্ণ নোহোৱাকৈয়ে শনিবাৰে দাবী কৰিছে– তেওঁলোকৰ প্ৰত্যাক্ৰমণত এই পৰ্যন্ত ৰাছিয়াৰ  ১০,০০০ সেনা নিহত হৈছে৷ তদুপৰি দখলদাৰী বাহিনীৰ ২৬৯ টা টেংক, ১০৫টা গধুৰ অস্ত্ৰ-শস্ত্ৰ, ৩৯ যুদ্ধবিমান, ৪০ যুদ্ধৰ হেলিকপ্টাৰ আৰু ৪০৯ খন যুদ্ধৰ অস্ত্ৰবাহী গাড়ী ইউক্ৰেইনে ধবংস কৰিছে৷ 

ইউক্ৰেইনত যুদ্ধ কৰাৰ সমান্তৰালভাৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতি     পুটিনে নিজৰ দেশতো  যুদ্ধবিৰোধী প্ৰতিবাদৰ সৈতে যুঁজ অব্যাহত ৰাখিবলগীয়া হৈছে৷ শুকুৰবাৰে পুটিনৰ চৰকাৰে ৰাছিয়াত আমেৰিকাৰ দ্বাৰা পৰিচালিত  ফেচবুক, টুইটাৰকে ধৰি বহুকেইটা ছ’চিয়েল মিডিয়া মঞ্চ নিষিদ্ধ কৰি দিয়ে৷ তদুপৰি আমেৰিকাৰ গুগ’ল ছাৰ্চ ইঞ্জিন ৱেবছাইটো ৰাছিয়াত নিষিদ্ধ কৰা হয়৷ কেৱল তাতে ক্ষান্ত নাথাকি পুটিনে দেশখনত যুদ্ধৰ বিৰুদ্ধে চলি থকা সংবাদ মাধ্যমৰ অপ-প্ৰচাৰ ৰোধ কৰাৰ  বাবে এক ‘ডিক্ৰী’ত স্বাক্ষৰ কৰি ভুল বাতৰি প্ৰচাৰ কৰা সাংবাদিকক ১৫ বছৰৰ কাৰাবাস দিয়াৰ আইন প্ৰণয়ন কৰিছে৷ দেশৰ ভিতৰত যুদ্ধবিৰোধী প্ৰতিবাদ ক্ৰমাৎ বাঢ়ি অহাত আৰু একাংশ সংবাদ মাধ্যমে পুটিনৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ ভুল বাতৰিৰে এই যুদ্ধৰ ক্ষেত্ৰত অপ-প্ৰচাৰ চলোৱা বুলি নিশ্চিত হৈয়েই তেওঁ কঠোৰ পদক্ষেপ ল’বলৈ বাধ্য হৈছে৷