Logo
image

ছুমীত আবদ্ধ অসমীয়া শিক্ষাৰ্থীৰ বাবে এতিয়াও আশাৰ ৰেঙনি নাই

আমাৰ অসম, ৫ মাৰ্চঃ ইউক্ৰেইনত আবদ্ধ ৯০জন অসমীয়া শিক্ষাৰ্থীয়ে সুকলমে দেশৰ মাটিত আহি উপস্থিত হ’লেও বৰ্তমানেও শতাধিক অসমীয়া যুদ্ধ বিধবস্ত ৰাষ্ট্ৰখনতে আবদ্ধ হৈ আছে৷ শনিবাৰে ৰাছিয়াই ‘মানৱীয় কৰিড’ৰ’ হিচাপে সাময়িকভাৱে যুদ্ধবিৰতি ঘোষণা কৰি ইউক্ৰেইনৰ মাৰিঅ’পল আৰু ভলনোভাকাৰ প্ৰদেশত আবদ্ধ বিদেশীসকলক আঁতৰি যোৱাৰ বাবে সুযোগ দিলেও ছুমী প্ৰদেশত আবদ্ধ ৩৮জন অসমীয়াসহ সাত শতাধিক ভাৰতীয় শিক্ষাৰ্থীয়ে উদ্ধাৰৰ কোনো পথ বিচাৰি পোৱা নাই৷ ছুমী ৰাজ্যিক চিকিৎসা বিশ্ববিদ্যালয়ৰ হোষ্টেলত আবদ্ধ অসমীয়া ছাত্ৰসকলে দুদিন ধৰি লঘোণে-ভোকে থকা বুলিও পৰিয়ালৰ লোকক জানিবলৈ দিছে৷ আবদ্ধ ঋষিকেশ ডেকা নামৰ ছাত্ৰজনে পৰিয়ালৰ লোকৰ আগত প্ৰকাশ কৰা মতে দুদিন ধৰি সামান্য গাজৰ আৰু আলু সিদ্ধ কৰি খাই কোনোমতে আছে৷ তেওঁলোকে সম্প্ৰতি ভয়াৱহত খাদ্য সংকটৰ সন্মুখীন হৈছে৷ ৰাছিয়ান সেনাৰ আক্ৰমণ অব্যাহত থকা ছুমী প্ৰদেশত আবদ্ধ ভাৰতীয় ছাত্ৰসকলে মাইনাছ ৭ ডিগ্ৰী ছেলছিয়াছত বাংকাৰৰ ভিতৰত নিশা কটাব লগা হোৱা বুলিও প্ৰকাশ কৰিছে৷ আনহাতে, ৰাছিয়ান সেনাই দখললৈ অনা খাৰকিভৰ পৰা চাৰিখন বাছেৰে অসম তথা ভাৰতীয় ছাত্ৰসকলে পোলেণ্ড সীমান্তলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে৷ বুধবাৰে তিনিচুকীয়াৰ নিৰূপ কুমাৰ পাণ্ডা নামৰ ছাত্ৰজনৰ লগতে ভাৰতীয় শিক্ষাৰ্থীৰ এটা দলে ৰে’লেৰে পোলেণ্ড সীমান্তলৈ আহিবলৈ চেষ্টা কৰিছিল যদিও ইউক্ৰেইনৰ স্থানীয় লোকে ভাৰতীয় দলটোক বাধা প্ৰদান কৰে৷ ফলত ১৫ কিলোমিটাৰ পথ খোজকাঢ়ি অহা ভাৰতীয় শিক্ষাৰ্থীৰ দলটোৱে ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পটনায়কক যোগাযোগ কৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে পোলেণ্ড দূতাৱাসৰ সৈতে কথা পাতি ভাৰতীয় ছাত্ৰসকলৰ বাবে বাছৰ ব্যৱস্থা কৰে৷ বৃহস্পতিবাৰে উক্ত বাছেৰে অসমৰ নিৰূপ কুমাৰ পাণ্ডাসহ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ দলটো ১,৪০০ কিলোমিটাৰ দূৰত্বৰ পোলেণ্ড সীমান্তলৈ ৰাওনা হৈছে৷ শনিবাৰে পোলেণ্ড সীমান্তত উপস্থিত হ’বলৈ প্ৰায় চাৰিশ কিলোমিটাৰ দূৰত্ব পথ বাকী আছে বুলি নিৰূপে পৰিয়ালৰ লোকক জানিবলৈ দিছে৷ ইপিনে, ছুমী ৰাজ্যিক চিকিৎসা বিশ্ববিদ্যালয়ত অধ্যয়নৰত সম্প্ৰতি হোষ্টেলত আবদ্ধ অসমৰ আব্দুৰ ৰছিদ নামৰ ছাত্ৰজনে কয়– ‘অসম তথা ভাৰত চৰকাৰে আমাক সোনকালে লৈ যাওক ইয়াৰ পৰা৷ বৰ্তমান আমাৰ হাতত মজুত নাই পৰ্যাপ্ত পৰিমাণৰ খাদ্যসামগ্ৰী৷ আমি খাদ্যৰ ভয়ংকৰ সংকটত ভুগিছোঁ৷’ জোনাই কমলপুৰৰ নিবাসী ছহিদুল আলীৰ পুত্ৰ আব্দুৰ ৰছিদ ইউক্ৰেইনৰ ছুমী বিশ্ববিদ্যালয়ত মেডিকেল বিজ্ঞান বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ৷ ইউক্ৰেনত যুদ্ধ ঘোষণা হোৱাৰ পাছৰে পৰা নিজা হোষ্টেল এৰি সুৰক্ষিত স্থানলৈ যাব নোৱৰাত বৰ্তমানো বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ বাংকাৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে আব্দুৰ ৰছিদসহ অসমৰ আন কেইবাজনো ছাত্ৰ৷ ইউক্ৰেইনত আবদ্ধ ছাত্ৰকেইজনৰ জীৱনলৈ আহিছে প্ৰাণৰ সংশয়৷ খাদ্যৰ অভাৱত কেৱল পানী খায়েই বাংকাৰত প্ৰচণ্ড শীতৰ মাজতে দিন অতিবাহিত কৰিব লগাত পৰিছে৷ আনকি বৰ্তমান পানীৰ নাটনিয়েও দেখা দিছে আব্দুৰ ৰছিদ থকা বাংকাৰত৷ যাৰ বাবে বৰফ গলাই শৌচাগাৰত ব্যৱহাৰ কৰিবলগীয়া হোৱা বুলি ছাত্ৰসকলে প্ৰকাশ কৰিছে৷ এক ভিডিঅ’ বাৰ্তাযোগে অতি সোনকালে জোনাইৰ আব্দুৰ ৰছিদৰ লগতে তেওঁৰ সৈতে ইউক্ৰেনত আবদ্ধ হৈ থকা ভাৰতীয় সতীৰ্থসকলক সুকলমে উদ্ধাৰ কৰিবলৈ অসম তথা ভাৰত চৰকাৰক অনুৰোধ জনাইছে৷ সংবাদ মাধ্যমৰ জৰিয়তে অসম তথা ভাৰত চৰকাৰলৈ আব্দুৰ ৰছদিৰ মাতৃৰো আহ্বান– সোনকালে আব্দুৰ ৰাছিদ আৰু আন ভাৰতীয়সকলক ঘূৰাই অনাৰ ব্যৱস্থা কৰক৷  ইপিনে শনিবাৰে ভাৰতত আহি উপস্থিত হয় ইউক্ৰেইনত আবদ্ধ ৫জন শিক্ষাৰ্থী৷ তেওঁলোক হৈছে ক্ৰমে আজম ৰাইজুল, অনিমেশ দাস, মহম্মদুল হাছান, হৰিশ খান আৰু স্বস্তিক ৰাজ৷

খাৰকিভত আবদ্ধ শদিয়াৰ ছাত্ৰ

ইউক্ৰেইনত যুদ্ধৰ দামামাৰ মাজত আন বহু ভাৰতীয়ৰ লগতে আবদ্ধ হৈ আছে শদিয়াৰ এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আৰু বৰ্তমান উদ্বিগ্ন হৈ আছে ছাত্ৰজনৰ পৰিয়ালবৰ্গ৷ ইউক্ৰেইনৰ অলেকছিভকা খাৰকিভ নেশ্বনেল মেডিকেল ইউনিভাৰ্ছিটীত প্ৰথম ষাণ্মাসিকত অধ্যয়নৰত শদিয়াৰ ছাত্ৰ নিৰূপ কুমাৰ পাণ্ডা৷ ইউনিভাৰৰ্ছিটীৰ চ্ছ্ৰনং হোষ্টেলৰ বাংকাৰৰ ভিতৰত আবদ্ধ হৈ আছে শদিয়াৰ ছাত্ৰজনৰ লগতে অসমৰ কেইবাজনো ছাত্ৰ৷ উল্লেখ্য যে, শদিয়াৰ ছাত্ৰজন শদিয়া মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড॰ কৰুণাকৰ পাণ্ডা আৰু শদিয়াৰ ভিকেভি বিদ্যালয়ৰ শিক্ষয়িত্ৰী তথা চপাখোৱা মিলন নগৰৰ নিৱাসী জয়শ্ৰী পাণ্ডাৰ পুত্ৰ৷ বাংকাৰত আবদ্ধ ছাত্ৰসকলক গৃহভূমিলৈ ওভতাই আনিবলৈ ভাৰত চৰকাৰে লোৱা প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনাইছে ড॰ পাণ্ডাই আৰু শীঘ্ৰে যুদ্ধৰ দামামাৰ পৰা নিজ পুত্ৰৰ লগতে সকলো ভাৰতীয়ক উদ্ধাৰ কৰিবলৈ কাতৰ আহ্বান জনাইছে৷

ইউক্ৰেইনত আবদ্ধ ডুমডুমাৰ ছাত্ৰ

তিনিচুকীয়া জিলাৰ ডুমডুমা চহৰৰ সমীপৰ ৰূপাইৰ সঞ্জীৱ ডেকা আৰু অঞ্জু ডেকাৰ একমাত্ৰ পুত্ৰ হৃষিকেশ ডেকা৷ উল্লেখ্য যে, পূব ইউক্ৰেইনৰ ছুমী ষ্টেট মেডিকেল ইউনিভাৰ্ছিটীৰ প্ৰথম বৰ্ষৰ ছাত্ৰ হৃষিকেশ ডেকা যোৱা ২১ ফেব্ৰুৱাৰীত ইউক্ৰেইনত উপস্থিত হোৱাৰ পাছতে ৰুছ সেনাই আক্ৰমণ কৰিছিল দেশখন৷ আনহাতে, ৰুছ সেনাৰ এনে আক্ৰমণৰ ফলত ডুমডুমাৰ এইজন ছাত্ৰই বিমোৰত পৰি আন ভাৰতীয় শিক্ষাৰ্থীৰ সৈতে এতিয়া আশ্ৰয় লৈ আছে বাংকাৰত৷ হৃষিকেশৰ পিতৃ-মাতৃৰ সৈতে যোগাযোগ কৰি জানিব পৰা মতে, ছাত্ৰজনৰ লগতে তেওঁৰ সৈতে থকা আন শিক্ষাৰ্থীসকল এতিয়া খাদ্য সংকটত পৰিছে৷ লগতে তেওঁলোক থকা ঠাইৰ এ টি এমসমূহত পইছা নথকাটোও অন্য এক সমস্যা ৰূপে দেখা দিছে৷ কিন্তু  বৰ্তমান সময়লৈকে নিৰাপদে সুস্থ হৈ থকা হৃষিকেশে ভিডিঅ’ কলিঙৰ জৰিয়তে তেওঁলোকক অতিশীঘ্ৰে সেই স্থানৰ পৰা উদ্ধাৰ কৰিবলৈ অসম চৰকাৰ তথা ভাৰতৰ চৰকাৰক কাতৰ অনুৰোধ জনাইছে৷ আনফালে পুত্ৰ নিৰাপদে স্ব-গৃহ আহি পোৱাৰ কামনাৰে মন্দিৰ-নামঘৰত চাকি-বন্তি জ্বলাই নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে৷ লগতে এইহাল চিন্তিত পিতৃ-মাতৃয়ে নিজ পুত্ৰৰ লগতে ইউক্ৰেইনত আবদ্ধ হৈ থকা প্ৰতিজন ভাৰতীয়ক অতিশীঘ্ৰে স্বদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভাৰত চৰকাৰক কাতৰ আহ্বান জনাইছে৷

ভাৰতীয় দূতাবাসৰ পৰা সহায় পোৱা নাছিল বাইহাটাৰ ছাত্ৰই

ৰাছিয়াৰ সামৰিক আক্ৰমণৰ শিহৰণকাৰী আৰু ভয়াৱহ স্মৃতি বুকুত বান্ধি অৱশেষত যুদ্ধবিধবস্ত ইউক্ৰেইনৰ পৰা শুকুৰবাৰৰ নিশা ১১ বজাত কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ আগডলা গাঁৱৰ স্ব-গৃহত উপস্থিত হ’বলৈ সক্ষম হয় চিকিৎসা বিজ্ঞানৰ ছাত্ৰ জন ডেকা৷ ৰোমানিয়াৰ পৰা ভাৰতীয় সেনাৰ বিশেষ বিমানেৰে প্ৰথমে দিল্লীলৈ আৰু ইয়াৰ পৰা অন্য বিমানেৰে নিশা ৯-৩০ বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ অনা হয়৷ আজি এই প্ৰতিবেদকৰে হোৱা কথা-বাৰ্তাত প্ৰতিফলিত হয় ছাত্ৰজনে বৰ্ণনা কৰা মানুহৰ কেঁচা মঙহ ইউক্ৰেইনৰ বাট-পথত সিঁচৰতি হৈ পৰা গাঁ-শিহৰি উঠা ভয়াৱহ যুদ্ধৰ ছবি৷ ভিন্নিটছিয়া পিৰগভা মেম’ৰিয়েল নেছনেল মেডিকেল ইউনিভাৰ্ছিটী চতুৰ্থ বৰ্ষৰ ছাত্ৰজন আৰু বহুকেইজন ছাত্ৰই ভাৰতীয় সময় মতে, ২৬ ফেব্ৰুৱাৰীত নিজাকৈ বাছ ভাড়া কৰি ১৪ ঘণ্টা ভোকে-লঘোণে আহি ৰোমানিয়া সীমান্তত উপস্থিত হৈ পুনৰ ইউক্ৰেইন সৈন্যৰ আতিসহ্যৰ বলি হৈছিল৷ জনে কয় যে, ইউক্ৰেইন সৈন্যই সেই দেশৰ নাগৰিকক ৰোমানিয়াত প্ৰৱেশৰ সুবিধা কৰি দিয়াৰ বিপৰীতে ভাৰতীয় ছাত্ৰ-ছাত্ৰী তথা নাগৰিকক বাধা প্ৰদান কৰিছিল৷ এনেকি ৰোমানিয়াত প্ৰৱেশৰ চেষ্টা কৰা জনৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক লাঠিৰে কোবাই ভৰিৰে লঠিয়াই আতিসহ্য চলোৱা হৈছিল৷ ভাৰতীয় দূতাবাসে এইক্ষেত্ৰত ভাৰতীয়সকলক কোনো সাহায্য আগবঢ়োৱা নাছিল৷ ৰোমানিয়াত প্ৰৱেশৰ পাছত এখন বিদ্যালয়গৃহত স্থাপন কৰা এটা শৰণাৰ্থী শিবিৰত তেওঁলোকৰ থকাৰ ব্যৱস্থা কৰা হৈছিল৷ তেওঁৰ লগতে ইউক্ৰেইনৰ নাগৰিক তথা ভাৰতীয় ছাত্ৰ-ছাত্ৰীও শিবিৰটোত আছিল৷ শিবিৰত ৰোমানিয়া চৰকাৰে তেওঁলোকৰ থকা-খোৱাৰ পাৰ্যমানে সুবিধা কৰি দিয়াৰ লগতে স্বাস্থ্য পৰীক্ষা আৰু ভিছা, পাৰ-পত্ৰ সংগ্ৰহতো সহযোগিতা আগবঢ়াইছিল৷ ২৬ ফেব্ৰুৱাৰীত ভিন্নিটছিয়া বিমান ঘাটি মিছাইলেৰে আক্ৰমণ কৰাৰ সময়ত হোৱা শব্দ আৰু কঁপনিয়ে তেওঁলোকক ভীতিসন্ত্ৰস্ত কৰি তুলিছিল আৰু লগে লগে সকলো ছাত্ৰই ৰোমানিয়া যোৱাৰ সিদ্ধান্ত লৈছিল৷ ভিন্নিটছিয়া চিকিৎসা মহাবিদ্যালয়খনৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰজন ডেকাই শৈক্ষিক ভৱিষ্যতক সন্দিহান হৈ পৰিছে৷ শৈক্ষিক বৰ্ষ এবছৰ বাকী থকা অৱস্থাত এই যুদ্ধই বিশ্ববিদ্যালয়খনৰ লগত বিচ্ছিন্ন কৰাত তেওঁ মানসিকভাৱে ভাগি পৰিছে৷ তেওঁ কয় যে অদূৰ ভৱিষ্যতে ভাৰত-ৰাছিয়াৰ বন্ধুত্বৰ বাবে ইউক্ৰেইন চৰকাৰে তেওঁলোকক শত্ৰু দেশৰ নাগৰিক হিচাপে জ্ঞান কৰাৰ অৱকাশ আছে৷ অৱশ্যে বিশ্ববিদ্যালয় কতৃৰ্পক্ষই সোনকালে শ্ৰেণীসমূহ আৰম্ভ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷

বাংকাৰত সোমাই বোমাবৰ্ষণৰ পৰা ৰক্ষা পৰিছিল শিৱসাগৰৰ চাহিষ্টা

যুদ্ধবিধবস্ত ইউক্ৰেইনত ভয় আৰু শংকাৰ মাজত শিহৰণকাৰী মুহূৰ্ত অতিক্ৰম কৰি অৱশেষত সুকলমে ঘৰ আহি পালে শিৱসাগৰৰ এগৰাকী জীয়ৰী৷ শিৱসাগৰ নগৰৰ ধাই আলিৰ আব্দুল ৰহমান আৰু মুচফিকা বেগমৰ জীয়ৰী চাহিষ্টা চুলতানা ৰহমান ইউক্ৰেইনৰ ভিনিটছিয়া চহৰৰ ভিনিটছিয়া নেছনেল মেডিকেল ইউনিভাৰ্ছিটীৰ পঞ্চম বৰ্ষৰ দ্বিতীয় চেমিষ্টাৰত অধ্যয়নৰত ছাত্ৰী আছিল৷ ২০১৮ চনত অধ্যয়নৰ বাবে ইউক্ৰেইনলৈ যোৱা চাহিষ্টা যুদ্ধৰ দামামা বাজোঁতেই দেশলৈ ঘূৰি অহাৰ চেষ্টা কৰিছিল যদিও সংকটময় পৰিস্থিতিৰ মাজত সোমাই পৰে৷ ৰাছিয়াৰ ক্ষিপ্ৰ আক্ৰমণত ছেদেলি-ভেদেলি হৈ পৰা প্ৰশাসনিক ব্যৱস্থাৰ মাজত সোমাই পৰা চাহিষ্টাৰ বাবে দেশলৈ উভতি অহাৰ সকলো বাট বন্ধ হৈ পৰিছিল৷ এফালে ৰাছিয়ান সামৰিক বাহিনীৰ ধৰাবাহিক বোমাবৰ্ষণ আনফালে নিজ মাতৃভূমিলৈ ঘূৰি অহাৰ অহৰহ চেষ্টাৰ মাজত ৰাছিয়ান বোমাৰ পৰা বাচিবলৈ বাংকাৰত আশ্ৰয় ল’ব লগা হৈছিল চাহিষ্টাই৷ অৱশেষত ভাৰত চৰকাৰৰ তৎপৰতাত আৰু ভাৰতীয় দূতাবাসৰ তৎপৰতাত বহু ঘাত-প্ৰতিঘাতৰ অন্তত আজি সুকলমে শিৱসাগৰত উপস্থিত হ’ল চাহিষ্টা চুলতানা ৰহমান৷ ভিনিটছিয়া ইউনিভাৰ্ছিটীৰ পৰা প্ৰায় ১৫জনীয়া এটা দল ৰোমানীয়া বৰ্ডাৰলৈ যাত্ৰা কৰিছিল যদিও অৱশেষত দলটো সিঁচৰতি হৈ পৰাৰ ফলত চাহিষ্টা আৰু আন এগৰাকী বৰ্ডাৰ পাবলৈ সক্ষম হয়৷ আনহাতে, প্ৰায় ২০০০মান ভাৰতীয় ছাত্ৰ-ছাত্ৰী থকা ভিনিটছিয়া ইউনিভাৰ্ছিটীত এতিয়াও বহু ভাৰতীয় ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছে বুলি ঘৰ আহি পোৱা চাহিষ্টাই জানিবলৈ দিয়ে৷ বিশেষকৈ নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলে ইউক্ৰেইনৰ পৰা ওলাই আহিবলৈ সমস্যাত পৰিছে বুলি ছাত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷ আজি সাংবাদিকৰ আগত যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ তিক্ত অভিজ্ঞতা বৰ্ণনা কৰি চাহিষ্টাই কয় চাৰিওফালে যুদ্ধৰ উন্মাদ৷ আমাৰ কাষতে থকা সামৰিক ছাউনী এটাত বোমা দিয়া হৈছিল৷ ঠায়ে ঠায়ে চলিছিল মিছাইলৰ আক্ৰমণ৷ ৰেছনৰ নাটনি হৈছিল৷ আৰ্থিক লেনদেন বন্ধ হৈ পৰিছিল৷ ইউক্ৰেইনৰ পৰা বাহিৰ হ’ব পাৰিম নে নোৱাৰিম সন্দেহ হৈছিল৷ অৱশেষত আমাক বিশ্ববিদ্যালয়ৰ পৰা বাছেৰে বৰ্ডাৰলৈ নিয়া হ’ল যদিও বৰ্ডাৰ পাবলৈ ১০ কিলোমিটাৰ থকা অৱস্থাত নমাই দিয়া হ’ল৷ খোজকাঢ়ি ৰোমানীয়া ব’ৰ্ডাৰ পালেগৈ৷ তাৰ পৰা ভাৰত চৰকাৰৰ ৰোমানীয়াস্থিত দূতাবাসৰ সহায়ত ভাৰত আহি উপস্থিত হয় চাহিষ্টা৷ আনহাতে, ইউক্ৰেইনত আৰম্ভ হোৱা যুদ্ধই তীব্ৰ আতংকৰ সৃষ্টি কৰিছিল চাহিষ্টাৰ ঘৰত৷ এফালে ৰাছিয়াৰ আক্ৰমণত সৃষ্টি হোৱা আন্তঃৰাষ্ট্ৰীয় সংকট আৰু বিদেশ ভূমিত অকলশৰীয়া হোৱা নিজ জীয়ৰী৷ প্ৰতি মুহূৰ্তৰ যুদ্ধৰ বাতৰি লৈ শংকিত হৈ পৰা ৰহমান পৰিয়ালে বিগত প্ৰায় ১০ দিনে এক তীব্ৰ মানসিক হেঁচাত সময় পাৰ কৰিব লগা হৈছিল৷ তাৰ মাজত এক আশা জীয়াই ৰাখিছিল ঘৰৰ ছোৱালী ঘৰলৈ ঘূৰি আহিব৷ অৱশেষত ঘৰত আহি উপস্থিত হ’ল বুকুৰ মৰম৷ কুশলে ঘৰ পালেহি চাহিষ্টা৷ ধাই আলিৰ ৰহমান পৰিয়ালত উজলিল সকাহৰ হাঁহি৷

উভতি আহিল নীলবাগানৰ শিক্ষাৰ্থী

সুৰক্ষিতভাৱে ইউক্ৰেইনৰ পৰা আজি নীলবাগানৰ বাসগৃহত উপস্থিত হ’ল আবিদা বেগম চৌধুৰী৷ বাসগৃহত উপস্থিত হৈয়েই ভাৰত চৰকাৰ আৰু অসম চৰকাৰক ধন্যবাদ জনালে ইউক্ৰেইনত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি থকা শিক্ষাৰ্থীগৰাকীয়ে৷ শিক্ষাৰ্থীগৰাকীয়ে ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধৰ ভয়াৱহতা বৰ্ণনা কৰি এই যুদ্ধ নিজ চকুৰে প্ৰত্যক্ষ কৰা বুলি মন্তব্য কৰে৷ শিক্ষাৰ্থীগৰাকীৰ পিতৃ নীলবাগানৰ বিশিষ্ট সমাজকৰ্মী আব্দুল হকেও তেওঁৰ কন্যাক উদ্ধাৰ কৰাত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা ভাৰত আৰু অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰে৷ আনহাতে, হোজাইৰ উপায়ুক্ত আৰু হোজাই আৰক্ষী অধীক্ষকে শিক্ষাৰ্থীগৰাকীৰ খবৰ লোৱাৰ বাবে দুয়োকে ধন্যবাদ জ্ঞাপন কৰে শিক্ষাৰ্থীগৰাকীৰ পিতৃয়ে৷

নিজগৃহত উপস্থিত ৰহাৰ ভাৰ্গবী গগৈ

ইউক্ৰেইনৰ ভিনিৎসা মেডিকেল ইউনিভাৰৰ্ছিটীত অধ্যয়ন কৰি থকা নগাঁও জিলাৰ ৰহাৰ গড়মাৰিৰ ভাৰ্গৱী গগৈ সুকলমে শুকুৰবাৰে নিশা নিজগৃহত উপস্থিত হয়৷ যুদ্ধবিধবস্ত ইউক্ৰেইনত আতংকৰ মাজেৰে দিন অতিবাহিত কৰি বৃহস্পতিবাৰে ভাৰ্গৱীয়ে কেইবাজনো সহপাঠীৰ সৈতে বাছেৰে যোৱা ৰ মাৰ্চত ৰোমানিয়াৰ সীমান্তত উপস্থিত হৈছিল৷ সীমা পাৰ হ’বলৈ ৰোমানিয়াৰ সীমান্তত দুদিন থকাৰ পাছত ৰোমানিয়াৰ এখন ষ্টেডিয়ামত দুদিন স্থানীয় এন জি অ’ৰ আতিথ্যত থকাৰ পাছত ভাৰত চৰকাৰৰ সহযোগত কালি সন্ধিয়া ভাৰতৰ আন শিক্ষাৰ্থীৰ সৈতে ভাৰ্গৱী নতুন দিল্লীত উপস্থিত হয় আৰু অসম হাউচত কিছু সময় কটাই নিশা অসম চৰকাৰৰ সহযোগত বিমানযোগে গুৱাহাটীলৈ আহে৷ পৰিয়ালৰ সদস্যৰ সহযোগত নিশা ১২ বজাত ৰহাৰ গড়মাৰীৰ নিজগৃহত উপস্থিত হয়৷ ইউক্ৰেইনত থকাৰ সময়ৰ আতংকময় পৰিৱেশৰ বিষয়ে আজি সাংবাদিকৰ আগত উল্লেখ কৰি ভাৰ্গৱীয়ে এই সময়চোৱাত ইউক্ৰেইনবাসীৰ লগতে ৰোমানিয়াত আহি পোৱাৰ পাছত ৰোমানিয়ানবাসীয়েও তেওঁলোকৰ খোৱা-বোৱা চিকিৎসা আদিৰ সু-ব্যৱস্থা কৰা বুলি উল্লেখ কৰি তেওঁলোকৰ এই সহায় কেতিয়াও পাহৰিব নোৱাৰিম বুলি কয়৷ আনহাতেদি, সুকলমে ঘৰ আহি পোৱাৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰকো ভাৰ্গৱীয়ে ধন্যবাদ জনায়৷

শুৱালকুছিৰ হিমজ্যোতি স্ব-গৃহত উপস্থিত

ৰাছিয়াৰ শক্তিত তচনচ হোৱা ইউক্ৰেইনত আবদ্ধ বস্ত্ৰনগৰী শুৱালকুছিৰ হিমজ্যোতি তালুকদাৰ বহু উৎকণ্ঠাৰ অন্তত নিশা আহি উপস্থিত হয়৷  দিল্লীৰ অসম হাউচত বাহৰ পাতি থকা হিমজ্যোতিয়ে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত নিশা ন বজাত অৱতৰণ কৰি প্ৰায় চাৰে দহ বজাত শুৱালকুছি হাস্পতাল ৰোডৰ বাসগৃহত উপস্থিত হয়৷ যুদ্ধজৰ্জৰ ইউক্ৰেইনত কথমপি প্ৰাণৰক্ষা কৰা হিমজ্যোতিক ভয়াৱহ পৰিস্থিতিৰ স্ব-অভিজ্ঞতা সন্দৰ্ভত এই প্ৰতিবেদকে জানিব বিচৰাত তেওঁ কয় যে আমি ইউক্ৰেইনৰ পশ্চিম প্ৰান্তৰ ওচগুৰ চিটীত আছিলোঁ৷ আকৌ যুদ্ধৰ বিভীষিকা চলে ৰাছিয়াৰ সীমান্তৱৰ্তী ইউক্ৰেইনৰ পূব দিশত৷ যদিও যুদ্ধ পূব দিশত চলে সকলোতে হাহাকাৰ পৰিস্থিতি৷ খাদ্যৰ নাটনি, বেংক বোৰত টকা জমা নাই, ইণ্টাৰনেট বন্ধ আদি বিভিন্ন সমস্যাই দেখা দিছে৷ পৰাক্ৰমী ৰাছিয়াই ইউক্ৰেইনৰ সেনা ছাউনী ধবংস কৰিছে, আৰু যাতে ধবংসযজ্ঞ কৰিব নোৱাৰে তাৰ বাবে ইউক্ৰেইনে নিজে কৌশলেৰে বিমানবন্দৰ, জলপথ, স্থলপথ আদি বন্ধ কৰি দিয়ে৷ ফলত অসমকে ধৰি বহু ভাৰতীয় আবদ্ধ হৈ থাকি দুৰ্বিষহ জীৱন অতিবাহিত কৰি আছে৷ ঈশ্বৰৰ কৃপাত কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ ফলত নিজঘৰত উপস্থিত হৈ আনন্দ লাভ কৰাৰ লগতে পুনৰ জীৱন পোৱা বুলি ব্যক্ত কৰে৷ পিতৃ-মাতৃয়েও একমাত্ৰ পুত্ৰক পাই আনন্দ প্ৰকাশ কৰে৷ উল্লেখ্য যে, ২০১৭ বৰ্ষত ইউক্ৰেইনৰ ওচগুৰ বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানত নামভৰ্তি কৰি বৰ্তমান এম বি বি এছ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ৷ পিতৃ হেমেন্দ্ৰ কুমাৰ তালুকদাৰ আৰু মাতৃ হৰি প্ৰিয়া তালুকদাৰে পুত্ৰ হিমজ্যোতিক উদ্ধাৰ কৰা বাবে ভাৰত চৰকাৰ আৰু বিশেষভাৱে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে৷

সাংসদ আব্দুল খালেকৰ তৎপৰতাত ভাৰতলৈ আহিল চল্লিশ শিক্ষাৰ্থী

সমগ্ৰ বিশ্বব্যাপী ত্ৰাসৰ সৃষ্টি কৰা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ সময়ত ইউক্ৰেইনৰ জাপৰোঝিঞা ৰাজ্যিক চিকিৎসা বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমৰ দহজনকৈ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন দেশৰ শ শ ছাত্ৰ-ছাত্ৰী আবদ্ধ হৈ আছিল৷ যুদ্ধৰ মাজত বাংকাৰত পলাই থাকি যুদ্ধৰ ভয়ংকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ কলগাছিয়াৰ শ্বাৰফান আলী আৰু লুতফা খানমৰ পুত্ৰ লাবিব স্বামীমৰ নেতৃত্বত আৰু বৰপেটাৰ সাংসদ আব্দুল খালেকৰ তৎপৰতাত অসমৰ দহজন ছাত্ৰ-ছাত্ৰীৰ লগতে ভাৰতৰ চল্লিশজনকৈ ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণৰক্ষা কৰি শুকুৰবাৰৰ নিশা নিজগৃহত উভতি আহিবলৈ সক্ষম হয়৷ উল্লেখ্য যে, শ্বামিমৰ নেতৃত্বত মেডিকেল কলেজ কতৃৰ্পক্ষৰ অনুমতি নোলোৱাকৈ চল্লিলজনীয়া ছাত্ৰ-ছাত্ৰীৰ দলটো চ্ছ মাৰ্চত মাইনাচ পাঁচ ডিগ্ৰী উষ্ণতা বৰফৰ মাজতে ইউক্ৰেইনৰ পৰা পলায়ন কৰি প্ৰথমতে পোলেণ্ডত সোমাবলৈ চেষ্টা কৰি ব্যৰ্থ হৈছিল যদিও পিছলৈ ৰোমানিয়া ব’ৰ্ডাৰত আশ্ৰয় লৈছিল৷ লাবিব শ্বামিমৰ পৰিয়ালৰ পক্ষৰ পৰা বৰপেটাৰ সাংসদ আব্দুল খালেকৰ লগত যোগাযোগ কৰাত সাংসদজনে তৎক্ষণাত এম্বেছিৰ সৈতে যোগাযোগ স্থাপন কৰে৷ পাছত ৰোমানিয়াত আবদ্ধ হৈ থকা চল্লিশজন ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে ৬ নং বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেকৰ তৎপৰতাত যোৱা নিশা স্বদেশলৈ উভতি আহিবলৈ সক্ষম হয়৷ গুৱাহাটী বিমানবন্দৰৰ পৰা নিজগৃহ কলগাছিয়াত আহি উপস্থিত হয় কলগাছিয়াৰ সন্তান লাবিব স্বামীম৷ শ্বামিমক লগ পাই তেওঁৰ পৰিয়ালৰ লোকে আনন্দিত হোৱাৰ লগতে সাংসদজনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে৷ শ্বামীমৰ খুৰা ড॰ ছোৰমান আলীয়ে কয় যে, ‘লাবিব শ্বামিমে সাহসিকতাৰ পৰিচয় দি নিজৰ লগতে ভাৰতৰ প্ৰায় চল্লিশজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক লগতলৈ ইউক্ৰেইনৰ পৰা পলাই গৈ ৰোমানিয়াত উপস্থিত হৈছিল৷  পলাই অহাৰ কাৰণে ৰোমানিয়াৰ চৰকাৰে তেওঁলোকক ভাৰতলৈ অহাৰ অনুমতি দিয়া নাছিল যদিও বৰপেটাৰ সাংসদ আব্দুল খালেকে লগে লগে এম্বেছিৰ সৈতে যোগাযোগ স্থাপন কৰিছিল৷ তাৰ পাছত ৰোমানিয়াৰ চৰকাৰে ভাৰত চৰকাৰৰ সহযোগত এই চল্লিশজন ভাৰতীয় ছাত্ৰ-ছাত্ৰীক স্বদেশলৈ পঠোৱাৰ ব্যৱস্থা কৰে৷’ এইদৰে ড॰ ছোৰমান আলীয়ে সাংবাদিকৰ আগত বৰ্ণনা কৰাৰ লগতে সাংসদ আব্দুল খালেক আৰু ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷ লগতে নিজগৃহত আহি উপস্থিত হৈ পিতৃ শ্বাৰফান আলী, মাতৃ লুতফা খানম আৰু খুৰী নাজিৰা বেণুনৰ উপস্থিতিত লাবিব শ্বামিমে সংবাদ মাধ্যমৰ আগত বৰ্ণনা কৰে ইউক্ৰেইন আৰু ৰাছিয়াৰ শিঁহৰণকাৰী যুদ্ধৰ পৰিস্থিতি৷ লগতে তেওঁ কয় যে, এতিয়াও ইউক্ৰেইনত প্ৰায় প্তহাজাৰৰো অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰী বাংকাৰত আবদ্ধ হৈ আছে৷ তেওঁলোকৰ মাজত পানী, খাদ্য আৰু শৌচাগাৰৰ সংকটে দেখা দিছে৷ গতিকে অতিশীঘ্ৰে ভাৰত চৰকাৰে ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰিব লাগে৷’ এইদৰে চৰকাৰলৈ কাতৰ আহ৩ান জনায় লাবিব শ্বামিমে৷

স্ব-গৃহলৈ উভতিল ডিব্ৰুগড়ৰ তিনি শিক্ষাৰ্থী

ইউক্ৰেইন আৰু ৰাছিয়াৰ ভয়াৱহ যুদ্ধ পৰিস্থিতিৰ পৰা প্ৰাণ লৈ স্ব-গৃহত উপস্থিত হ’ল ডিব্ৰুগড়ৰ তিনিজনকৈ শিক্ষাৰ্থী৷ নতুন দিল্লীৰ অসম ভৱনত এটা নিশা কটোৱাৰ পাছত দিল্লী বিমানবন্দৰৰ পৰা বিমানযোগে ডিব্ৰুগড়ত উপস্থিত হয় উজৰড নেশ্বনেল মেডিকেল ইউনিভাৰ্ছিটীৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ দৰ্শন পাঠক, চিন্ময় শৰ্মা আৰু ৰীয়া শৰ্মা৷ শুকুৰবাৰে বিয়লি ভাগতে ডিব্ৰুগড় গ্ৰাহাম বজাৰৰ গৃহত উপস্থিত হোৱা দৰ্শন পাঠকে ইউক্ৰেইনৰ ভয়াৱহ যুদ্ধ পৰিস্থিতিৰ বিৱৰণ দাঙি ধৰিলে সংবাদ মাধ্যমক৷ উজৰড নেশ্বনেল মেডিকেল ইউনিভাৰ্ছিটীৰ তৃতীয় ষাণ্বাসিকৰ ছাত্ৰ দৰ্শন পাঠকে জানিবলৈ দিয়া মতে, উজৰডৰ পৰা ৰ মাৰ্চত হাংগেৰী হৈ আহি দিল্লীত বিমানযোগে উপস্থিত হৈছিল দৰ্শন৷ ৩ মাৰ্চত দিল্লীৰ অসম ভৱনত নিশাটো কটাই ২৬ মাৰ্চৰ পুৱা দিল্লীৰ পৰা বিমানযোগে উপস্থিত হয় ডিব্ৰুগড় বিমানবন্দৰত৷ দৰ্শন পাঠৰ সৈতে অসমৰ ১২জন শিক্ষাৰ্থী আহিছিল৷ ডিব্ৰুগড়ৰ চিন্ময় শৰ্মাৰ একেলগে আহিছিল দৰ্শনে৷ তেওঁ ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত কয় যে, বৰ্তমান ইউক্ৰেইনৰ পৰিস্থিতি অতি ভয়ংকৰ৷ চাৰিওফালে বোমা-বাৰুদৰ শব্দ৷ ভয়াৱহ পৰিৱেশ স্ব-চক্ষে প্ৰত্যক্ষ কৰিছিলোঁ৷ অৱশ্যে উজৰডত বৰ্তমানলৈকে ৰাছিয়াই আক্ৰমণ চলোৱা নাই৷ কিন্তু কিউবলৈকে গৈ থকাৰ সময়ছোৱাত বোমা-বাৰুদৰ শব্দ আৰু ভয়াৱহ পৰিস্থিতি দেখিছিলোঁ৷ ইউক্ৰেইনত দিনক দিনে পৰিস্থিতি অতি ভয়ংকৰ হৈ আহিছে৷ আমাক ইউক্ৰেইনৰ বাসিন্দাসকলে যথেষ্ট সহায় কৰিছিল৷ ৰে’লৱে ষ্টেচনলৈকে আমাক থৈ গৈছিল৷ খাদ্যৰ নাটনি যথেষ্ট বৃদ্ধি পাইছে৷ সেইদৰে উজৰড নেশ্বনেল মেডিকেল ইউনিভাৰ্ছিটীৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ চিন্ময় শৰ্মাইয়ো ক’লে ইউক্ৰেইনৰ ভয়াৱহ পৰিৱেশৰ কথা৷ তেওঁ সংবাদ মাধ্যমৰ আগত এইদৰে কয় যে, উজৰডৰ পৰা আমাক বাছেৰে অনা হৈছিল হাংগেৰীলৈ৷ হাংগেৰী সীমান্তত আমি ১৮ ঘণ্টা ৰ’ব লগা হৈছিল৷ ইউক্ৰেইনত টাৰ্গেট কৰা হৈছে সাধাৰণ জনতাক৷ যথেষ্ট ভয় সোমাইছিল৷ ভগৱানৰ কৃপাত আমি কোনোমতে প্ৰাণ লৈ আহিছোঁ৷ তাত থকা প্ৰতিজনৰে প্ৰাণৰ প্ৰতি শংকা আছিল৷ ইউক্ৰেইন যদিও এখন সৰু দেশ, তথাপি ৰাছিয়াৰ দৰে বৃহৎ দেশৰ বিৰুদ্ধে সন্মুখসমৰৰ পৰা যুঁজ দি আছে৷ চকুৰ আগতে ইউক্ৰেইনৰ বহু সম্পদ বিধবস্ত হৈছে৷ যথেষ্ট দুখ পাইছোঁ৷ ইউক্ৰেইনত চিকিৎসা বিজ্ঞানত অধ্যয়নৰত অসমৰ লগতে ভাৰতৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ দেখা সমস্যাৰ সন্দৰ্ভত চিন্ময় শৰ্মাই কয়, এতিয়া আমি আমাৰ ভৱিষ্যতক লৈ চিন্তিত হৈছোঁ৷ ইউক্ৰেইন দখল কৰাৰ পাছত ৰাছিয়াই হয়তো স্বীকৃতি নিদিব পাৰে৷ ভাৰত চৰকাৰে এইক্ষেত্ৰত সুদুৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিব লাগে৷ আনহাতে, ইউক্ৰেইনৰ পৰা উভতি অহা ডিব্ৰুগড়ৰ আনগৰাকী ছাত্ৰী ৰীয়া শৰ্মা আতংকিত হৈ পৰিছে৷ বৰ্তমান তেওঁ চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে৷