Logo
image

ইউক্ৰেইনত সোমাব পৰা নাই ‘গংগা’

আমাৰ অসম, ৫ মাৰ্চঃ যুদ্ধবিধবস্ত ইউক্ৰেইনৰ পৰা ভাৰতীয় নাগৰিক আৰু ঘাইকৈ ভাৰতীয় ছাত্ৰ-ছাত্ৰীক অপাৰেশ্যন গংগা নামৰ এক অভিযানৰ জৰিয়তে ঘূৰাই অনাৰ বিষয়টো নৰেন্দ্ৰ মোদী চৰকাৰে উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনত বিজেপি চৰকাৰৰ সাফল্য হিচাপে ব্যৱহাৰ কৰিছে৷ কিন্তু এই কথা সকলোৱে জানে, এতিয়ালৈকে ভাৰত চৰকাৰৰ অপাৰেশ্যন গংগাই ইউক্ৰেইনৰ ভূমিখণ্ডৰ ভিতৰত প্ৰৱেশ কৰিব পৰা নাই৷ চুবুৰীয়া পাঁচখন দেশৰ পৰা তাত নিজৰ প্ৰচেষ্টাৰে আহি উপস্থিত হোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰিয়েই নৰেন্দ্ৰ মোদী চৰকাৰে দুৰ্দান্ত সাফল্যৰ ঢোল বজাইছে৷ ইউক্ৰেইনৰ পৰা উভতি অহা একাংশ ছাত্ৰ-ছাত্ৰীয়ে ভাৰতত উপস্থিত হৈয়েই মোদী চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰা দেখা গৈছে৷ আনকি ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ বিষয়াই তেওঁলোকলৈ আগবঢ়োৱা গোলাপৰ কলি হাতত নলৈ তাৰ কি প্ৰয়োজন বুলি ওভোতাই প্ৰশ্ন কৰিছে৷ শুকুৰবাৰে এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে ইউক্ৰেইনৰ পৰা আহি উপস্থিত হোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰীক নৰেন্দ্ৰ মোদী জিন্দাবাদ বুলি ধবনি দিবলৈ নিৰ্দেশ দি অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে, য’ত গৰিষ্ঠসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মোদী জিন্দাবাদ উচ্ছাৰণ নকৰে বুলি মন্ত্ৰীজনক উত্তৰ দিয়ে৷ দিল্লীৰ সমীপৱৰ্তী ভাৰতীয় বায়ু সেনাবাহিনীৰ হিন্দল বিমানকোঠত দুশৰো অধিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীক লৈ শুকুৰবাৰে বায়ু সেনাৰ এখন বিমান আহি অৱতৰণ কৰিছিল৷ তেওঁলোকক আদৰণি জনাবলৈ বিমানখনলৈ উঠি যায় কেন্দ্ৰীয় মন্ত্ৰী অজয় ভাট৷ অজয় ভাটে ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাই তেওঁলোকক ‘ভাৰত মাতা কি জয়’ শ্ল’গান দিবলৈ আহ্বান জনায়৷  সকলোৱেই ভাৰত মাতা কি জয় বুলি চিঞৰি উঠে৷ ইয়াৰ পাছতে মন্ত্ৰী অজয় ভাটে ছাত্ৰ-ছাত্ৰীসকলক ‘মোদী জিন্দাবাদ’ বুলি ধবনি দিবলৈ আহ্বান জনায়৷ পিছে ভাৰত চৰকাৰৰ লেহেমীয়া পদক্ষেপত ক্ষোভিত হৈ থকা ছাত্ৰ-ছাত্ৰীসকলে মোদী জিন্দাবাদ ধবনি দিবলৈ অস্বীকাৰ কৰে৷ এগৰাকী ছাত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী অজয় ভাটক ওলোটাই প্ৰশ্ন কৰে আৰু মোদী জিন্দাবাদ ধবনি তেওঁলোতে নিদিয়ে বুলি জনাই দিয়ে৷ তেওঁ কয়, ইউক্ৰেইনৰ চুবুৰীয়া দেশৰ পৰা ভাৰতীয় নাগৰিকক ঘূৰাই অনাটো এখন চৰকাৰৰ বাবে ইমান কি ডাঙৰ কথা? ভাৰতীয় নাগৰিকসকল প্ৰচণ্ড যুদ্ধৰ মাজত নিজৰ প্ৰচেষ্টাৰে গুলী-বোমাৰ মাজেৰে নিজৰ প্ৰাণক তুচ্ছ কৰি ইউক্ৰেইনৰ চুবুৰীয়া পাঁচখন দেশত আহি উপস্থিত হৈছে৷ ইউক্ৰেইনত থকা ভাৰতীয় দূতাবাসৰ কোনো খবৰ নাই৷ তেওঁলোকক যোগাযোগ কৰিলেও কোনো সময়ত সঁহাৰি জনায় আৰু বেছিভাগ সময়তে সঁহাৰি নাই৷ নিজৰ চেষ্টাৰে চুবুৰীয়া দেশত আহি উপস্থিত হোৱাৰ পাছত তাৰ পৰা ভাৰতীয় নাগৰিকক ঘূৰাই অনাটো এখন চৰকাৰৰ বাবে একো ডাঙৰ সাফল্য নহয়৷ এতিয়াও যুদ্ধবিধবস্ত ছুমী, খাৰকিভ, কিয়েভকে ধৰি বহু চহৰত অসংখ্য ভাৰতীয় নাগৰিক আৱদ্ধ হৈ আছে৷ কিন্তু ভাৰত চৰকাৰৰ অপাৰেশ্যন গংগাই ইউক্ৰেইনৰ তেনে অঞ্চলত প্ৰৱেশ কৰিব পৰা নাই৷ আনকি যুদ্ধ নোহোৱা স্থানলৈও অপাৰেশ্যন গংগা যাব পৰা নাই৷ আচলতে অপাৰেশ্যন গংগা ইউক্ৰেইনত সোমাবই পৰা নাই৷ অথচ কেইবাখনো ক্ষুদ্ৰ দেশে ছুমীৰ পৰা তেওঁলোকৰ নাগৰিকক প্ৰথমেই উলিয়াই নিছে৷ কেৱল ইউক্ৰেইনৰ সীমাত থকা দেশৰ পৰা ভাৰতীয় নাগৰিকক স্বদেশলৈ ঘূৰাই অনাটো ইমান ডাঙৰ সাফল্য বুলি আমি নাভাবো আৰু তাকে লৈ গৌৰৱ কৰাৰ কোনো কাৰণ নাই৷