Logo
image

নাটোৰ ওপৰত খৰ্গহস্ত জেলেনস্কি

কিয়েভতে আছে ৰাষ্ট্ৰপতি

আমাৰ অসম, ৬ মাৰ্চঃ যি নাটোগোষ্ঠীৰ ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে প্ৰতিবেশী ৰাছিয়াৰ সৈতে শত্ৰুতা আচৰণ কৰিছিল আৰু যুদ্ধত অৱতীৰ্ণ হৈছিল, সেই নাটোগোষ্ঠীৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে এইবাৰ স্বয়ং ৰাষ্ট্ৰপতি জেলেনস্কি খৰ্গহস্ত হৈ পৰিছে৷ নাটোগোষ্ঠীৰ দেশসমূহে ইউক্ৰেইনৰ আহ্বান অনুসৰি দেশখনৰ আকাশমাৰ্গ ‘ন’ ফ্লায়িং জ’ন’ ঘোষণা নকৰাৰ বাবেই নাটোগোষ্ঠীৰ দেশৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হৈছে জেলেনস্কি৷ তেওঁ কঠোৰ ভাষাৰে নাটোগোষ্ঠীৰ ৰাষ্ট্ৰক সমালোচনা কৰি কয়– ‘ইউক্ৰেইনৰ অনুৰোধ উপেক্ষা কৰি এই অঞ্চলটোত নাটোগোষ্ঠীয়ে ন’ ফ্লায়িং জ’ন ঘোষণা নকৰি ইউক্ৰেইনক শত্ৰুৰ হাতত মৰিবলৈ এৰি দিছে৷ এয়া প্ৰকৃততে ইউক্ৰেইনৰ বিৰুদ্ধে নাটোগোষ্ঠীৰ দেশৰ একপ্ৰকাৰ আক্ৰমণ৷ এই অনুৰোধ মানি নোলোৱাৰ ফলতে ইউক্ৰেইন ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত জাহ যাব৷ তাৰ বাবে দায়বদ্ধ হ’ব আমেৰিকা নেতৃত্বাধীন নাটোৰ অন্তৰ্ভুক্ত ইউৰোপৰ সকলো ৰাষ্ট্ৰ৷’ ইপিনে জেলেনস্কিৰ এই অনুৰোধ সম্পূৰ্ণৰূপে প্ৰত্যাখান কৰি নাটোৱে কয় যে, সেই অঞ্চলটোৰ আকাশমাৰ্গত ন’ ফ্লায়িং জ’ন ঘোষণা কৰাৰ সিদ্ধান্তই আণৱিক শক্তিসম্পন্ন ৰাষ্ট্ৰ ৰাছিয়াক ইউৰোপৰ বিৰুদ্ধে যিকোনো চৰম পদক্ষেপ ল’বলৈ প্ৰৰোচিত কৰিব৷ সেয়ে তেওঁলোকে এনে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অপাৰগ৷ নাটোৰ এই সিদ্ধান্তক জেলেনস্কিয়ে গৰিহণা দি কয় যে, নাটোৱে এই সিদ্ধান্তৰে ৰাছিয়াক ইউক্ৰেইনৰ ওপৰত বোমা বৰিষণ কৰিবলৈ সেউজ সংকেত দিছে৷ ইপিনে জেলেনস্কিয়ে দেশ এৰি পলায়ন কৰা বুলি ওলোৱা বাতৰি অপ-প্ৰচাৰ হিচাপে পৰিগণিত হৈছে৷ কিয়নো শনিবাৰে তেওঁ ৰাজধানী কিয়েভৰ এক গোপন স্থানত সাংবাদিকৰ সৈতে মুখামুখিভাৱে এখন সাংবাদিক সন্মিলনত ভাগ লয়৷ তদুপৰি নিশালৈ তেওঁ আমেৰিকাৰ ছিনেটত কিয়েভৰ গোপন স্থানৰ পৰাই টেলিকনফাৰেন্সৰ মাধ্যমত ভাষণ প্ৰদান কৰাৰ কথা৷ জেলেনস্কিৰ বিৰুদ্ধে এতিয়ালৈকে ৩টা হত্যাৰ ব্যৰ্থ প্ৰচেষ্টা চলা বুলি স্বয়ং ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰিছে৷ কিন্তু ৰাছিয়াৰ সেই প্ৰচেষ্টা উপেক্ষা কৰি তেওঁ এতিয়াও দেশৰ ৰাজধানীতে আছে৷