Logo
image

ভাৰতীয় শিক্ষাৰ্থীৰ বিদেশ গমনৰ ফলত ক্ষতি হৈছে দেশৰ

ভাৰতবৰ্ষৰ লক্ষ লক্ষ শিক্ষাৰ্থীয়ে বিদেশী ৰাষ্ট্ৰসমূহত উচ্ছশিক্ষা গ্ৰহণৰ বাবে বছৰি যোৱাটো বহু বছৰ পূৰ্বৰে পৰাই অব্যাহত আছে৷ কেইদশকমানৰ আগলৈকে বিশেষকৈ বিজ্ঞানৰ ডিগ্ৰাধাৰীসকলে উচ্ছ পৰ্যায়ৰ গৱেষণাৰ বাবে অৰ্থাৎ ডক্টৰেট ডিগ্ৰী বা প’ষ্ট ডক্টৰেটৰ উদ্দেশ্যে আমেৰিকা, ইংলণ্ড, জাৰ্মানী, কানাডা আদি ৰাষ্ট্ৰসমূহৰ বিশ্ববিদ্যালয়লৈ গৈছিল৷ তেনে বহুলোকৰ একাংশই বিদেশী ৰাষ্ট্ৰতে কৰ্মত নিয়োজিত হোৱাৰ বিপৰীতে একাংশই নিজৰ দেশলৈ ঘূৰি আহি শিক্ষকতা, গৱেষণা আদিত জড়িত হৈ আছে৷ অৰ্থনীতিত ন’বেল বঁটা বিজয়ী অভিজিত বেনাৰ্জীয়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ পাছতহে আমেৰিকালৈ গৈছিল৷ ৰসায়ন বিজ্ঞানৰ ন’বেল বঁটা বিজয়ী ড॰ হৰগোবিন্দ খুৰানাই ভাৰততে গৱেষণাৰ বাবে ইচ্ছুক আছিল আৰু সেই মৰ্মে তেতিয়াৰ ভাৰত চৰকাৰক তেওঁৰ গৱেষণাৰ বাবে প্ৰয়োজনীয় ধন বিচাৰি আবেদন জনাইছিল৷ কিন্তু সেই সময়ত কেন্দ্ৰ চৰকাৰে তেওঁৰ গৱেষণাৰ গুৰুত্ব উপলব্ধি নকৰি সেই অনুৰোধ প্ৰত্যাখ্যান কৰিছিল আৰু ইয়াৰ পাছতেই তেওঁ আমেৰিকাৰ বিশ্ববিদ্যালয়লৈ গৈ ১৯৬৮ চনত মেডিচিনৰ বাবে ন’বেল পুৰস্কাৰ পাবলৈ সক্ষম হয়৷ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী আৰু লিভাৰপুল বিশ্ববিদ্যালয়ৰ ডক্টৰেট ড॰ খুৰানাই আমেৰিকাৰ উইছকনছিন বিশ্ববিদ্যালয়ৰ অধ্যাপক হৈ থকা অৱস্থাতে প্ৰটিন ছিনথেছিছৰ বাবে নিউক্লিটইডছৰ ভূমিকা সম্পৰ্কে কৰা গৱেষণাৰ পাছত বিশ্বজোৰা স্বীকৃতি লাভ কৰিছিল৷ কোৱা বাহুল্য, সেই দুৰ্লভ সন্মান তেওঁক আমেৰিকান চিনাকিৰেহে প্ৰদান কৰা হৈছিল৷ ড॰ খুৰানাৰ প্ৰটিন ছিনথেছিছৰ গৱেষণাৰ আঁত ধৰি পৰৱৰ্তী পৰ্যায়ত কেইবাজনো গৱেষকে ন’বেল বঁটা পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হৈছে৷ ড॰ হৰগোবিন্দ খুৰানাকে ধৰি এনে বহু উদাহৰণ আছে যিসকলে মৌলিক গৱেষণাৰ বাবে পৰ্যাপ্ত সা-সুবিধা, আন্তঃগাঁথনি, পৃষ্ঠপোষকতা নোপোৱাৰ বাবে বিদেশৰ উচ্ছ পৰ্যায়ৰ বিশ্ববিদ্যালয়লৈ গৈছিল আৰু আজিও বহুজন গৈ আছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ভাৰতীয় মেধাসম্পন্ন বহু বিজ্ঞানী, গৱেষক, অভিযন্তা, চিকিৎসক আদিয়ে বিদেশী ৰাষ্ট্ৰসমূহত যথেষ্ট গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছে৷ আমেৰিকাৰ মহাকাশ সংস্থা ‘নাছা’কে ধৰি বিদেশী বিশ্বমানৰ বহু বিশ্ববিদ্যালয়ত অধ্যাপনা, অন্যান্য গৱেষণা সংস্থাৰ গৱেষক বিজ্ঞানীৰূপে বহু ভাৰতীয়ই সেৱা আগবঢ়ায় আছে৷ চিকিৎসক, অভিযন্তাকে ধৰি বিভিন্ন বৃত্তিত বিশ্বৰ প্ৰান্তে প্ৰান্তে লাখ লাখ ভাৰতীয় নিয়োজিত হৈ আছে৷ ইয়াৰ এচামে ভাৰততে অধ্যয়ন কৰি মেধাৰ আধাৰত বিদেশী বহুজাতিক প্ৰতিষ্ঠান, সংস্থা আদিলৈ নিৰ্বাচিত হৈছে৷ উল্লেখ্য কিছু বছৰৰ পৰা বিজ্ঞান প্ৰযুক্তিৰ শিক্ষাৰ্থীৰ লগতে সমাজ বিজ্ঞান, মেনেজমেণ্ট আদিৰ পৰা আন বহু বিষয় অধ্যয়নৰ বাবেও ভাৰতীয়সকলৰ বিদেশী ৰাষ্ট্ৰলৈ বহিৰ্গমন অভাৱনীয় হাৰত বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে৷ বৰ্তমান সময়ত ভাৰতৰ লাখ লাখ শিক্ষাৰ্থীয়ে উচ্ছতৰ মাধ্যমিক শিক্ষা সাং কৰাৰ পিছতে আমেৰিকা, কানাডা, ইংলণ্ড, ছিংগাপুৰ, জাপান, দক্ষিণ কোৰিয়া, ফ্ৰান্স, জাৰ্মানী, অষ্ট্ৰেলিয়া, ডেনমাৰ্ক, ছুইডেন আদি ৰাষ্ট্ৰলৈ যায়৷ বিগত দুটা বছৰত অৰ্থাৎ ক’ভিডকালীন পৰিস্থিতিৰ বাবে সমগ্ৰ বিশ্বতে শৈক্ষিক খণ্ডতো বিপৰ্যয়ৰ সৃষ্টি হৈছিল৷ ভবা হৈছিল যে ক’ভিড অতিমাৰীয়ে আমেৰিকা, ইংলণ্ডকে ধৰি ইউৰোপীয় ৰাষ্ট্ৰসমূহত ত্ৰাসৰ সৃষ্টি কৰা বাবে ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বিদেশী বিশ্ববিদ্যালয়, শৈক্ষিক অনুষ্ঠান আদিলৈ বৰ্হিগমন হ্ৰাস পাব! কিন্তু বাস্তৱত সেয়া নহ’ল৷ ক’ভিড কিছু পৰিমাণে প্ৰশমিত হোৱাৰ পাছত এক পৰিসংখ্যা মতে জ্জ লাখৰো অধিক ভাৰতীয় শিক্ষাৰ্থীৰ বিদেশলৈ বহিৰ্গমন হৈছে আৰু ভাৰতৰ শিক্ষানুষ্ঠানলৈ আহিছে মাত্ৰ ৪০ হাজাৰমান ছাত্ৰ-ছাত্ৰী৷ স্বাভাৱিকতে প্ৰশ্ন হয় কিয় ইমান ভাৰতীয় ছাত্ৰ-ছাত্ৰী বিদেশলৈ অধ্যয়নৰ বাবে যায়? ইয়াৰ কাৰণ নথকা নহয়৷ সম্প্ৰতি ইউক্ৰেইনত মেডিকেল পঢ়িবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলে যুদ্ধৰ বাবে সন্মুখীন হোৱা অভাৱনীয় পৰিস্থিতিৰ পিাছত বহুদিশ পোহৰলৈ আহিছে৷ ভাৰতবৰ্ষত বছৰি মেডিকেলত নামভৰ্তিৰ বাবে অৱতীৰ্ণ হোৱা লক্ষ লক্ষ শিক্ষাৰ্থীৰ ভিতৰত প্ৰায় ২০ লাখমান বঞ্চিত হয় সীমিত আসনৰ বাবে৷ সেয়েহে বহু ছাত্ৰ-ছাত্ৰী ইউক্ৰেইন, নেপাল, চীন, বাংলাদেশ, মৰিচাছ আদি ৰাষ্ট্ৰলৈ মেডিকেল পঢ়িবলৈ যায়৷ সংশ্লিষ্ট ৰাষ্ট্ৰকেইখনত তুলনামূলকভাৱে ফীজ বহু কম হোৱাৰ বাবেও বহু ছাত্ৰ-ছাত্ৰীয়ে অগ্ৰাধিকাৰ প্ৰদান কৰে৷ আমাৰ দেশতে এই সুবিধা প্ৰদানৰ সুযোগ থকা হ’লে হয়তো বহু ছাত্ৰ-ছাত্ৰীৰ বহিৰ্গমন নহ’লহেঁতেন৷ আনহাতে স্নাতক, স্নাতকোত্তৰ শিক্ষাৰ ক্ষেত্ৰত দিল্লী বিশ্ববিদ্যালয়, জে এন ইউ, জামিয়া বিশ্ববিদ্যালয়কে ধৰি বহু কেইখন আগশাৰীৰ বিশ্ববিদ্যালয়ত আসন সীমিত৷ সেয়েহে বহুতে উপায়হীন হৈ বিদেশৰ বিশ্ববিদ্যালয়লৈ যায়৷ বহু ছাত্ৰ-ছাত্ৰী আৰু পৰিয়ালে আৰ্থিকভাৱে স্বচ্ছল হোৱাৰ বাবে ভৱিষ্যত সুৰক্ষাৰ বাবে বিদেশত অধ্যয়নত অগ্ৰাধিকাৰ দিয়ে৷ আনহাতে উচ্ছশিক্ষাৰ ক্ষেত্ৰত ভাৰতত বিশ্বমানৰ শিক্ষানুষ্ঠান নথকাৰ বাবেও বহু ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন স্কলাৰশ্বিপ লৈ বিদেশৰ নামী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে৷ বহু বছৰ জুৰি ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বহিৰ্গমনৰ বাবে শৈক্ষিক, আৰ্থিক দিশৰ পৰা দেশৰ লোকচান হৈ আহিছে যদিও ইয়াক ৰোধ কৰিব নোৱাৰাটো এক চিন্তনীয় বিষয়৷ নতুন শিক্ষানীতি প্ৰয়োগৰ পাছত ছাত্ৰ-ছাত্ৰীৰ বহিৰ্গমন হ্ৰাস পাবনে– সেয়াও লক্ষণীয় হ’ব৷