Logo
image

ৰবিৰাম ব্ৰহ্মক ‘বেণু মিশ্ৰ বঁটা’ প্ৰদান

আমাৰ অসম, ৭ মাৰ্চঃ  গুৱাহাটী আৰ্টিষ্টছ গীল্ডৰ উদ্যোগত আৰু নুমলীগড় ৰিফাইনেৰী লিমিটেড চমুকৈ এন আৰ এলৰ পৃষ্ঠপোষকতাত আৰু বেণু মিশ্ৰ সোঁৱৰণী ন্যাসৰ সহযোগত বিশিষ্ট শিল্পী তথা আৰ্টিষ্টছ গীল্ডৰ প্ৰতিষ্ঠাপক সভাপতি বেণু মিশ্ৰৰ সোঁৱৰণত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা এন.আৰ.এল. বঁটা ২০২২ এইবেলি ৰাজ্যখনৰ দুজন শিল্পীক প্ৰদান কৰা হৈছে৷ শিল্পী দুজন হল ক্ৰমে প্ৰবীণ চিত্ৰশিল্পী তথা ওদালগুৰি জিলাৰ ৰৌতাৰ ৰবিৰাম ব্ৰহ্ম আৰু পশ্চিম গুৱাহাটীৰ গড়ল ভট্টাপাৰাৰ নবীন চিত্ৰশিল্পী মণ্টু দাস৷ দেওবাৰে বিয়লি  গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দুয়োজন শিল্পীক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়৷  এই বঁটাত আছে স্মাৰক, মানপত্ৰ, চেলেং চাদৰ, গ্ৰন্থৰ টোপোলা৷ লগতে প্ৰবীণ চিত্ৰশিল্পী ৰবিৰাম ব্ৰহ্মক ডেৰ লাখ টকাৰ আৰু নবীন চিত্ৰশিল্পী মণ্টু দাসক এক লাখ টকাৰ চেক প্ৰদান কৰা হয়৷ আনহাতে এই উপলক্ষে গীতিকাৰ কীৰ্তিকমল ভূঞা ৰচিত আৰু হুমায়ুন চৌধুৰী পৰিচালিত আৰ্টিষ্ট গীল্ড বিষয়ক গীতৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে চমু ভাষণত অসমত শিল্পীসকলে সাংস্কৃতিক জগত খনত কাম কৰিবলৈ গৈ কিদৰে দুখৰ জীৱন অতিবাহিত কৰিব লাগে তাত আক্ষেপ প্ৰকাশ কৰে আৰু শিল্পী সকলক চৰকাৰ - সমাজ উভয়ে মৰম দিলেহে তেওঁলোক উপকৃত হব বুলি ব্যক্ত কৰে৷  অনুষ্ঠানত এন.আৰ.এল.ৰ মুখ্য সহ-প্ৰবন্ধক মধুচন্দা অধিকাৰী,  বিশিষ্ট চলচ্ছিত্ৰ পৰিচালক গৌতম বৰা, শিল্পী বেণু মিশ্ৰৰ সহধৰ্মিনী ৰাজলক্ষ্মী মিশ্ৰ জীয়ৰী ৰংগনা মিশ্ৰ আৰু কংকনা মিশ্ৰ, গীল্ডৰ সভাপতি আমিনুল হককে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷  অনুষ্ঠানত দুয়োজন বঁটাপ্ৰাপক শিল্পীয়ে বঁটা লাভ কৰা সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে৷ আৰম্ভণিতে বঁটাপ্ৰাপক শিল্পীদ্বয়ৰ বিষয়ত শিল্পী মধুসূধন দাসৰ নিৰ্মিত তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়৷ শেষত শলাগৰ শৰাই আগবঢ়াই গীল্ডৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাসে৷  উল্লেখ্য যে এই বছৰৰ পৰা প্ৰতি বছৰে শিল্পী বেণু মিশ্ৰৰ সোঁৱৰণত ৰাজ্যৰ দুজন প্ৰবীণ - নবীন শিল্পীক এই বঁটা প্ৰদান কৰা হ’ব৷