Logo
image

আঞ্চলিকতাবাদ নস্যাৎ কৰি দিলে মুখ্যমন্ত্ৰীয়ে

আমাৰ অসম, ৭ মাৰ্চঃ আঞ্চলিকতাবাদ বুলি কোনো আদৰ্শ নাই৷ অসমক ভালপোৱা বুলি এটা আদৰ্শ আছে৷ অসমক ভাল পালে ভাৰতকো ভাল পাব লাগিব৷ এই ভাষ্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ দেওবাৰে সংবাদ মাধ্যমৰ আগত আঞ্চলিকতাবাদক এক প্ৰকাৰে ন্যৎসাত কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–আঞ্চলিকতাবাদ বুলি যদি কোনোবাই কয় তেন্তে তাৰ লগত ৰাষ্ট্ৰীয়তাবাদ শব্দটোও লগ লগাব লাগিব৷ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে আঞ্চলিকতাবাদ চাব লাগিব৷ গতিকে অসম আৰু ভাৰত দুয়োটাকে আমি ভাল পাব শিকিব লাগিব৷  তেতিয়াহে বিশ্বৰ বৰসভাত আমি নিজকে চিনাকী দিব পাৰিম৷ বাকী জাতীয়তাবাদক আঞ্চলিকতাবাদ বুলি বুজায় সংজ্ঞা ইয়াৰ মই নাজানো৷ যেনে লুৰিণজ্যোতি গগৈয়ে এটা জাতীয়তাবাদী দল খুলি আকৌ কংগ্ৰেছৰ লগতে হাত মিলালে৷ তেনেকৈ অগপও আজি বিজেপিৰ লগত হাত মিলালে৷ মই অসমক ভাল পাও মই ভাৰতক ভাল পাও৷ অসমক ভাল পাবলৈ ফনী ভূষণ চৌধুৰীয়ে যদি কিবা বিকল্প চিন্তা কৰিছে তাত মই বেয়া পাব নালাগে৷ ভালহে পাব লাগে৷ সকলোৰে অবদানত অসমখন ধুনীয়া হ’ব লাগে৷ লক্ষণীয়ভাৱে মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ এই মন্তব্যক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসমৰ জাতীয়তাবাদী শিবিৰত৷ আজিৰ মন্তব্যৰ দ্বাৰা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আনকি মিত্ৰদল অগপৰ প্ৰতিও বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলে৷ কাৰণ অগপ দলে ৰাজ্যত দীৰ্ঘ সময় ধৰি জাতীয়তাবদৰ ধবজ্জা বহন কৰি আহিছে৷ উল্লেখ্য দুদিনপূৰ্বে অগপৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আঞ্চলিকতাবাদ সন্দৰ্ভত মত প্ৰকাশ কৰি কৈছিল–আঞ্চলিকতাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদ কেতিয়াও একে হ’ব নোৱাৰে৷ অসমৰ জনতাই বিচাৰিছে সকলো আঞ্চলিক শক্তি ঐক্যবদ্ধ হোৱাটো৷ সকলো সৰু সৰু আঞ্চলিক দল ঐক্যবদ্ধ হ’ব লাগে৷ অসমৰ উন্নয়নৰ বাবে আঞ্চলিকতাবাদৰ বিকল্প নাই৷