Logo
image

পুটিন-জেলেনস্কিক ৰূপজ্যোতিৰ সকীয়নি

যুদ্ধ বন্ধ কৰক! মৰিয়নিৰ বিধায়কৰ টুইট

আমাৰ অসম, ৮ মাৰ্চঃ ৰাছিয়া-ইউক্ৰেইনৰ মাজত যুদ্ধ অব্যাহত থকাৰ সময়তে ৰাজ্যৰ এজন ৰাজনীতিকৰ এটা টুইটক লৈ ব্যাপক চৰ্চা হৈছে৷ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ টুইটক লৈ হৈছে চৰ্চা৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে দুই দেশৰ মুৰব্বী পুটিন আৰু জেলেনক্সিক সকীয়নি দি এটা টুইট কৰে৷ টুইটটোত কুৰ্মীয়ে কয়– যুদ্ধ বন্ধ কৰক৷ পুটিন আৰু জেলেনক্সিয়ে যুদ্ধ বন্ধ কৰি আলোচনাৰ মাজলৈ যাওক৷ উল্লেখ্য, ৰাছিয়া ইউক্ৰেইনৰ মাজত হোৱা যুঁজৰ বাবে অসমৰো বহু শিক্ষাৰ্থী আৱদ্ধ হৈ আছে ইউক্ৰেইনত৷ বহু শিক্ষাৰ্থীৰ চকুত নাই টোপনি পেটলৈ যোৱা নাই ভাত৷ এই সকল শিক্ষাৰ্থীৰ পিতৃ-মাতৃ বা পৰিয়ালৰ আন সদস্যৰ অৱস্থাও বৰ্ণনাতীত৷ এনে সময়তে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ টুইেট স্বাভাৱিকভাৱে সকলোৰে দৃষ্টি হৰণ কৰিছে৷ উল্লেখ্য, বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৰাজ্যবাসী বা দেশবাসীৰ আগত ঠিয় দিয়া বিভিন্ন সমস্যা সমাধানৰ দাবীত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ চৰ্চিত হৈ আহিছে৷ আনকি নিজ দলৰ নেতৃত্বৰ বিৰুদ্ধেও মুকলিভাৱে ক্ষোভ প্ৰকাশ কৰে বিভিন্নধৰণে৷