Logo
image

ৰাছিয়াৰ মানৱ কৰিড’ৰ, ইউক্ৰেইনৰ মানৱ ঢালৰ মাজত বন্দী শিক্ষাৰ্থী

পুটিন, জেলেনস্কিৰে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ

আমাৰ অসম, ৮ মাৰ্চঃ তৃতীয়বাৰৰ বাবে ব্যৰ্থ হ’ল যুদ্ধৰত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আলোচনামৰ্মে স্থিৰ হোৱা দেশখনৰ অসামৰিক লোকক উদ্ধাৰ কৰাৰ পৰিকল্পনা৷ সোমবাৰে ৰাছিয়াই আগবঢ়োৱা প্ৰস্তাৱ অনুসৰি যুদ্ধবিধবস্ত ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ উপৰি খাৰকিভ, ছুমী আৰু মাৰিউপলৰ পৰা আবদ্ধ হৈ থকা নাগৰিকক ‘হিউমেনিটেৰিয়ান কৰিডৰ’ বা মানৱ কৰিডৰৰ জৰিয়তে শান্তিপূৰ্ণ স্থানলৈ বাহিৰ কৰি লৈ যোৱাৰ কথা আছিল৷ সেই অনুসৰি ৰাছিয়াই দিনৰ দহ বজাৰ পৰা পাঁচ ঘণ্টাৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰি সেইকেইখন চহৰত আক্ৰমণ নকৰে বুলি ঘোষণা কৰিছিল৷ কিন্তু ইউক্ৰেইন চৰকাৰে যুদ্ধবিৰতিৰ সময়ছোৱাত এই চাৰিখন চহৰৰ পৰা আবদ্ধ হৈ থকা নিৰ্দোষী নাগৰিকক ওলাই যাবলৈ নিদিলে৷ ইউক্ৰেইনৰ অভিযোগ, ৰাছিয়াই কিয়েভত থকা অসামৰিক লোকসকলক কেবল ৰাছিয়াৰ বন্ধু ৰাষ্ট্ৰ বেলাৰুছলৈ যোৱাৰ বাবেহে সুৰক্ষিত পথ দিছে৷ আনহাতে খাৰকিভ, ছুমী আৰু মাৰিউপলৰ পৰা যিসকল ইউক্ৰেইনৰ নাগৰিক যুদ্ধবিৰতিৰ সময়ত ওলাই যাব পাৰিব তেওঁলোকক কেবল ৰাছিয়ালৈ যোৱাৰহে অনুমতি দিয়া বুলি ইউক্ৰেইনৰ চৰকাৰে দাবী কৰিছে৷ ৰাছিয়াৰ এই চৰ্তসাপেক্ষ যুদ্ধবিৰতিৰ বাবেই দেশখনে আগবঢ়োৱা মানৱ কৰিডৰৰ প্ৰস্তাৱ তেওঁলোকে গ্ৰহণ কৰিব নোৱাৰিলে বুলি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ মুখপাত্ৰই মন্তব্য কৰিছে৷ প্ৰসংগতঃ উল্লেখযোগ্য, সোমবাৰ পৰ্যন্ত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত আলোচনামৰ্মে স্থিৰ হোৱা মানৱ কৰিডৰৰ পৰিকল্পনা তিনিবাৰকৈ ব্যৰ্থ হ’ল৷ প্ৰথমবাৰ ৰাছিয়াৰ সেনাই সুৰক্ষিত স্থানলৈ গৈ থকা ইউক্ৰেইনৰ খাৰছন আৰু মাৰিউপলৰ নাগৰিকৰ ওপৰত গুলীচালনা কৰা বুলি ইউক্ৰেইনে অভিযোগ উত্থাপন কৰি সেইবাৰৰ উদ্ধাৰকাৰ্য বন্ধ ৰাখিছিল৷ দেওঁবাৰে দ্বিতীয়বাৰৰ বাবে একেই অভিযোগ উত্থাপন কৰি এখন চহৰৰ পৰা আবদ্ধ নাগৰিকক আঁতৰাই নিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে ইউক্ৰেইনে৷ সোমবাৰে অৱশ্যে ইউক্ৰেইনৰ অভিযোগ পূৰ্বতকৈ পৃথক হয়৷ বিগত দুইদিনত নাগৰিকক স্থানান্তৰ কৰাৰ সময়ত ৰাছিয়াৰ সেনাই গুলীচালনা কৰাত পুটিনক কচাই আখ্যা দিয়া ইউক্ৰেইন চৰকাৰে দেশখনৰ অসামৰিক নাগৰিকক ৰাছিয়াৰ সেনাৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ বাবে মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ দৃঢ়তৰ হৈছে৷ পূৰ্বে কেৱল ৰাছিয়াই এই অভিযোগ উত্থাপন কৰি আহিছিল৷ এতিয়া ইউক্ৰেইন বিৰোধী কেবাখনো ৰাষ্ট্ৰই অভিযোগ কৰিছে, আত্মৰক্ষাৰ স্বাৰ্থত ইউক্ৰেইন চৰকাৰে দেশখনৰ নিৰ্দোষী অসামৰিক নাগৰিকক মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰাৰ উদ্দেশ্যেই বাৰম্বাৰ মানৱ কৰিডৰৰ পৰিকল্পনা উপেক্ষা কৰিছে৷ অভিযোগ উঠিছে ইউক্ৰেইনৰ সেনাবাহিনীয়ে পোনপটীয়াকৈ ৰাছিয়াৰ সেনাৰ বিৰুদ্ধে যুদ্ধত নমা নাই৷ বৰং তেওঁলোকে দেশৰ আৰু বিদেশৰো নাগৰিকক প্ৰত্যেকখন চহৰত মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰি নিজে গেৰিলা কৌশলেৰে যুদ্ধ চলাই আছে৷ সেয়ে বাৰম্বাৰ ব্যৰ্থতাত পৰিণত হৈছে আবদ্ধ নাগৰিকক উদ্ধাৰ কৰাৰ প্ৰচেষ্টা৷

সোমবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে পৃথকে টেলিফোনত বাৰ্তালাপ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰবাৰ দুয়োজন ৰাষ্ট্ৰনেতাক আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰি যুদ্ধৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়৷ তদুপৰি দেশখনৰ দুই চহৰ ক্ৰমে ছুমী আৰু খাৰকিভত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকক নিৰাপদ পথ দিবলৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিক আহ্বান জনায়৷ উল্লেখ্য, ছুমীলৈ সোমবাৰে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰাৰ বাবে বাছ গৈ উপস্থিত হোৱা সত্ত্বেও ইউক্ৰেইনৰ প্ৰশাসনে ভাৰতীয় ছাত্ৰ-ছাত্ৰীক তাৰ পৰা আহিবলৈ অনুমতি নিদিলে বুলি ভয়ংকৰ অভিযোগ উঠিছে৷ ভাৰতীয় নাগৰিককো ছুমীত ইউক্ৰেইনে এতিয়া মানৱ ঢাল হিচাপে ব্যৱহাৰ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ কিয়নো বাছত উঠি ৰাছিয়া হৈ অথবা আন দেশত উপস্থিত হৈ ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকল আহিবলৈ সাজু হৈছিল৷ কিন্তু শেষ মুহূৰ্তত তেওঁলোকক বাছত উঠিবলৈ বাধা দিয়া হয়৷

ইপিনে ইউক্ৰেইনে ৰাছিয়াৰ ত্ৰিছখনৰো অধিক যুদ্ধৰ হেলিকপ্টাৰ ধবংস কৰি চলিত যুদ্ধত উল্লেখযোগ্য অগ্ৰগতি ল’বলৈ সক্ষম হৈছে৷ ইউক্ৰেইনৰ সেনাবাহিনীয়ে এই যুদ্ধৰ ৰাছিয়াৰ দুজন আগশাৰীৰ সেনাপতি ক্ৰমে লেফটেনেণ্ট কৰ্ণেল ডিমিট্ৰি ছাফৰ’নভ আৰু লেফটেনেণ্ট কৰ্ণেল ডেনিছ গ্লেবভক যুদ্ধত নিহত কৰিছে৷ তেওঁলোকে ৰাছিয়াৰ হাতৰ পৰা মাইকোলেইভ বিমানবন্দৰটো আৰু চুহুইভ চহৰ পুনৰ উদ্ধাৰ কৰা বুলিও দাবী কৰিছে৷ ইয়াৰ বিপৰীতে দখলদাৰী ৰাছিয়াৰ সেনাই বিগত তিনি-চাৰি দিনত যুদ্ধত কোনো উল্লেখযোগ্য সাফল্য আৰু অগ্ৰগতি লাভ কৰিব পৰা নাই বুলি ইউক্ৰেইনে দাবী কৰিছে৷ অৱশ্যে ৰাছিয়াৰ সেনাই মাইকোলেইভ, খাৰকিভ, কিয়েভ চহৰত বোমাবৰ্ষণ অব্যাহত ৰাখিছে৷