Logo
image

বাছ নাহিল, পুনৰ বাংকাৰত আশাহত বৰ্ষা-অৰ্ণৱহঁত

আমাৰ অসম, ৮ মাৰ্চঃ যুদ্ধ বিধবস্ত ইউক্ৰেইনৰ ছুমী প্ৰদেশকে ধৰি ৪খন চহৰত ৰাছিয়াই সাময়িকভাৱে যুদ্ধবিৰতি ঘোষণা কৰাত উদ্ধাৰৰ কিঞ্চিৎ আশাৰ ৰেঙণি দেখা পাইছে আবদ্ধ অসম তথা ভাৰতীয় শিক্ষাৰ্থীসকলে৷ ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ হেঁচাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ৪খন চহৰত যুদ্ধবিৰতি ঘোষণা কৰি সামৰিক অভিযান বন্ধ ৰাখিছে যদিও সোমবাৰে কোনো এজন ভাৰতীয় শিক্ষাৰ্থীৰ উদ্ধাৰ সম্ভৱ নহ’ল৷ ইউক্ৰেইনৰ ছুমী ৰাজ্যিক চিকিৎসা বিশ্ববিদ্যালয় হোষ্টেলত আবদ্ধ বৰ্ষা শৰ্মা, নিলীমা হুছেইনকে ধৰি ৪১জন অসমীয়া শিক্ষাৰ্থীয়ে সোমবাৰে বাংকাৰৰ ভিতৰত উদ্ধাৰৰ বাবে বাছৰ আশাত বহি থাকিও আশাহত হ’ব লগা হ’ল৷ কিয়নো হোষ্টেলত আবদ্ধ ৪১ অসমীয়া শিক্ষাৰ্থীকে ধৰি ৮ শতাধিক ভাৰতীয় শিক্ষাৰ্থীক যুদ্ধবিৰতিৰ পাছতো সোমবাৰৰ দিনটোত ভাৰতীয় দূতাবাসৰ ফালৰ পৰা উদ্ধাৰ সন্দৰ্ভত কোনো যোগাযোগেই নকৰিলে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সৈতে বাৰ্তালাপ কৰাৰ বাতৰি ইণ্টাৰনেটযোগে লাভ কৰাৰ লগতে পৰিয়ালৰ লোকৰ পৰাও অৱগত হৈছিল যদিও সোমবাৰৰ দিনটোত ৰাছিয়া, ইউক্ৰেইন বা ভাৰত চৰকাৰ কোনো পক্ষৰ পৰাই সঁহাৰি লাভ নকৰিলে৷ লক্ষণীয়ভাৱে উদ্ধাৰৰ কোনো পথ দেখা পোৱা নাই যদিও এতিয়া ভাগ্যকে ধিয়াই ভোকে-পিয়াহে প্ৰচণ্ড শীতৰ মাজত উজাগৰি নিশা কটাইছে শিক্ষাৰ্থীসকলে৷ আবদ্ধ শিক্ষাৰ্থীসকল এনে দুৰ্যোগৰ মাজত আছে যে সোমবাৰে এজন ছাত্ৰই মাত্ৰ ২ লিটাৰ পানীৰে দিনটো অতিবাহিত কৰিবলগীয়া হৈছে৷ বাংকাৰত নিশা শীতৰ মাজত কটাই সম্প্ৰতি জ্বৰত ভুগি থকা দেৰগাঁৱৰ নীলম কলিতাই ‘আমাৰ অসম’ক কয়– ‘যুদ্ধবিৰতি ঘোষণা কৰা বাতৰি ইণ্টাৰনেটত লাভ কৰি আমাক উদ্ধাৰৰ ব্যৱস্থা কৰিব বুলি ভাবিছিলোঁ যদিও কোনেও আমাক উদ্ধাৰৰ বাবে অহা নাই৷ আজিৰ দিনৰ ভাগত গুলীৰ শব্দ শুনা নাই যদিও দেওবাৰে নিশা এয়াৰ ষ্ট্ৰাইকৰ সংকেত শুনা পাই আমি সকলো শিক্ষাৰ্থী নিশাটো বাংকাৰতে কটাইছিলোঁ৷ অৱশ্যে আজি পুৱা হোষ্টেলৰ কোঠালৈ আহিছোঁ যদিও খাবলৈ বিশেষ একো নাই৷ এজন ছাত্ৰৰ বিপৰীতে এদিনত মাত্ৰ ২ লিটাৰ পানী দিছে৷ এই পানীৰে চলিব লগা হৈছে ল’ৰা-ছোৱালী সকলো৷ আমাক উদ্ধাৰৰ বাবে কৈ কৈ ভাগৰি পৰিছোঁ৷ সেয়েহে ভাগ্যত যি লিখা আছে তাকে হ’ব বুলি আশা পালি ৰৈ আছোঁ৷ বহুকেইজন এতিয়া অসুস্থ হৈ পৰিছে৷’ উল্লেখ্য, ছুমীত আবদ্ধ শিক্ষাৰ্থীসকলে ১,৪০০ কিলোমিটাৰ দূৰত্বত থকা পোলেণ্ড সীমান্ত বা ৰাছিয়ালৈ স্থানান্তৰৰ আশা দেখা পাইছে৷ অৱশ্যে কোনো কোনো সংবাদ মাধ্যমত ছুমীত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে বাছ অহা বুলিপ্ৰকাশ পাইছে৷ আনকি এনে বাছত উঠাৰ পাছত কেইবাগৰাকী ছাত্ৰীক নমাই দিয়া বুলিও বাতৰি প্ৰকাশ পালেও ছুমী ৰাজ্যিক চিকিৎসা বিশ্ববিদ্যালয়ৰ হোষ্টেলত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে বাছ প্ৰেৰণৰ কথা অস্বীকাৰ কৰিছে অসমীয়া শিক্ষাৰ্থীসকলে৷ উল্লেখ্য, ইউক্ৰেইনত আবদ্ধ ১০৪জন অসমীয়া শিক্ষাৰ্থী বৰ্তমান নিৰাপদে ভাৰতত আহি উপস্থিত হৈছে৷ সোমবাৰে সুৰংগনা দত্ত, প্ৰত্যাশী ডেকা আৰু ৰাজশ্ৰী বড়ো নামৰ ছাত্ৰী তিনিগৰাকী দিল্লীত আহি উপস্থিত হয়৷

উদ্ধাৰৰ বাবে কাতৰ আহ্বান শুৱালকুছিৰ অনুকম্পাৰ

যুদ্ধজৰ্জৰ ইউক্ৰেইনত আজিও আৱদ্ধ বস্ত্ৰনগৰী শুৱালকুছিৰ অনুকম্পা ৰাজমেধি৷ ইউক্ৰেইনৰ পৰম শত্ৰু দেশ ৰাছিয়াৰ সীমান্তৱৰ্তী ছুমী অঞ্চলৰ চহৰ-নগৰতে নহয়, আৱসীক ঠাইবোৰতো প্ৰচণ্ড বোমা বিস্ফোৰণ আৰু গোলাবৰ্ষণ৷ বৃহৎ বৃহৎ সেনা চাউনী, পাঁচখনকৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ৰুছ সেনাই উৰুৱাই দিছে৷ আমি ছজন ভাৰতীয়ৰ দুজন অসমীয়া ছাত্ৰী ১৬ মহলীয়া ফ্লেটত আছিলোঁ৷ তাতেও পৰাক্ৰমী ৰুছ সেনাই বোমাৰে উৰুৱাই দিয়াৰ আশংকা কৰি ইউক্ৰেইন প্ৰশাসনে আমাক ঠাই সলনি কৰি চাৰি মহলীয়া অট্টালিকাত ৰাখিছে৷ এই কথা কোনোমতে জীৱন ৰক্ষা কৰি জীয়াই থকা চূড়ান্ত বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ শুৱালকুছিৰ কন্যা অনুকম্পা ৰাজমেধিৰ৷ অনুকম্পাই মাতৃ কল্পনা ৰাজমেধিক ম’বাইলত ভিডিঅ’ ক’লযোগে জনায় যে– ‘মা আমি চাগে জীয়াই নাথাকিম, আমাক অতি সোনকালে ইয়াৰ পৰা নিয়াৰ ব্যৱস্থা কৰা৷ আমাৰ চকুৰ পচাৰতে বোমা বিস্ফোৰণ৷ এনেকি ভয়ত বিতত হৈ বাথৰুমত সোমাইহে প্ৰাণৰক্ষা কৰিছো৷ খাদ্য, পানীৰ অভাৱ, বিজুলী কৰ্তন  আদিয়ে জীয়াই থকাৰ সাহস আমাৰ হেৰুৱাই পেলাইছে৷ এতিয়া আমাৰ মবাইলবোৰো বন্ধ হৈ যাব৷ ফলত আমি বহিঃবিশ্ব দূৰৈৰ কথা মা তোমালোকৰ লগতো যোগাযোগ নোহোৱা হ’ব৷ তদুপৰি কেতিয়া আমাৰ বিল্ডিঙত বোমা পৰে ঠিক নাই৷’ এনেদৰে কান্দি কান্দি  অনুকম্পাই বৰ্ণনা কৰিলে যুদ্ধ জৰ্জৰিত ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতি৷ আনহাতে ভাৰতীয় দূতাবাসে উদ্ধাৰৰ বাবে বাছ পঠাইছিল যদিও সেই অঞ্চলৰ মেয়ৰে বাছবোৰ বন্ধ কৰি ৰখা বুলিও ছাত্ৰীগৰাকীয়ে জনাইছে৷ জনমভূমিলৈ আহিবলৈ উদ্বাউল হৈ থকা অনুকম্পাই তেওঁলোকক উদ্ধাৰ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায়৷ মাতৃ কল্পনাই ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি ধৈৰ্য সহকাৰে থাকিবলৈ কান্দি কান্দি বুজনি দিয়ে৷ লগতে তেওঁ ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ইউক্ৰেইন প্ৰশাসনৰ লগত যোগাযোগ কৰি ভাৰতীয়সকলৰ লগতে মুখ্যমন্ত্ৰীৰ সমষ্টিৰ  শুৱালকুছিৰ জীয়ৰী অনুকম্পাক উদ্ধাৰৰ বাবে কৰযোৰে অনুৰোধ জনায়৷ দিন বাগৰাৰ লগে লগে যুদ্ধৰ বিভীষিকাময় পৰিস্থিতি জটিল হৈ পৰিছে৷ বিনিদ্ৰ ৰজনী কটোৱা অনুকম্পাৰ পিতৃ-মাতৃয়ে ছাত্ৰীগৰাকীক উদ্ধাৰৰ ক্ষেত্ৰত সেয়ে অসম চৰকাৰৰ ওপৰতেই ভৰষা কৰিছে৷

ছুমীত আবদ্ধ অসমৰ ৪০ৰো অধিক শিক্ষাৰ্থীৰ

ইউক্ৰেইনৰ ছুমী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ বৰপেটা জিলাৰ বহৰিৰ ছাহিল আনোৱাৰে জনোৱা মতে, ছুমীত বিশাল দাস, কাশ্যপ পিনাকী ৰঞ্জন, জয়িতা পাঠক, শিৱাঙ্গিনী ভট্টাচাৰ্য, চুলতানা নিলিমা হুছেইন, মাছুমা আখতাৰ, চাকিল আহমেদ, বৰষা শৰ্মা, নীলম কলিতা, দেৱৰাজ ভূঞা, নিকিতা শৰ্মা, আৰিফ মাহফুজ ছিদ্দিকী, জাকাৰীয়া হুছেইন, হাছান আল ৰছিদ আদিকে ধৰি ৪০ৰো অধিক অসমৰ শিক্ষাৰ্থী বিশ্ববিদ্যালয়খনত ছাত্ৰ নিবাসত ভয় আৰু শংকাৰে দিন অতিবাহিত কৰিছে৷ উল্লেখ্য যে বহৰিৰ চাহিল আনোৱাৰ আৰু চুলতানা নীলিমা হুছেইন ছুমীত আবদ্ধ হৈ আছে৷