Logo
image

পোহনীয়া দুটাক এৰি পলাই নাযায় গিৰিকুমাৰ

আমাৰ অসম, ৮ মাৰ্চঃ কাৰোবাৰ বাবে নিজৰ প্ৰাণটো লৈ পলাই অহাটোৱেই ডাঙৰ সফল্য, যদিহে তেওঁ পৰিয়ালৰ সদস্যসকলক একেলগে লৈ আহিব পাৰে তেন্তে কথাই নাই৷ হয়, যুদ্ধ বিধবস্ত এখন দেশৰ পৰা অসামৰিক লোকৰ সদায়েই প্ৰথম পদক্ষেপটো হয় যুদ্ধহীন এখন স্থানলৈ আঁতৰি যোৱা৷ যুদ্ধৰত সেনাৰ বাহিৰে সাধাৰণ সকলো নাগৰিকে এই বিকল্পটোকে অগ্ৰাধিকাৰ দিয়ে৷ বিদেশী নাগৰিক হলেতো কথাই নাই, নিজৰ দেশ এৰিও প্ৰায় সকলোৱেই যুদ্ধবিধবস্ত অঞ্চলৰ পৰা পলায়ন কৰাটো মানৱ-বৈশিষ্ট৷ কোনোবাই স্বদেশ-স্বভূমি খামুচি ধৰি থাকিলেও প্ৰায় সকলোৱে নিজৰ প্ৰাণ ৰক্ষা কৰাটোতে গুৰুত্ব দিয়ে৷ ইউক্ৰেইনো এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়৷ যুদ্ধবিধবস্ত আফগানিস্তান, ইৰাক, ছিৰিয়া, লেবাননৰ দৰে ইউক্ৰেইনৰ নাগৰিকো জাকে জাকে পলাইছে চুবুৰীয়া দেশলৈ৷ যুদ্ধই ১২দিন স্পৰ্শ কৰাৰ সময়ত দেশ এৰি পলোৱা ইউক্ৰেইনৰ নাগৰিকৰ সংখ্যা ১৭লাখ হৈছে৷ এটা তথ্য অনুসৰি দেওবাৰে একাদশ দিনৰ যুদ্ধ পৰ্যন্ত ৩.৫ শতাংশ ইউক্ৰেইনৰ নাগৰিকে দেশ এৰিছে৷ 

দেশখনত ভৰি থকা অসংখ্য ভাৰতীয়ৰ ভিতৰত ইতিমধ্যে ১৬হাজাৰৰো  অধিক দেশলৈ উভতি আহিছে৷ যুদ্ধৰ গুলীবাৰুদ, কামানৰ গৰ্জন, অহৰহ বোমাবৰ্ষণ, ক্ষেপনাস্ত্ৰ নিক্ষেপৰ মাজতে নিজৰ জীৱনক তুচ্ছ কৰি স্বদেশলৈ উভতি আহিছে ভাৰতীয় আৰু আন আন বিদেশী নাগৰিক৷ তাৰ মাজতো আছে ব্যতিক্ৰম, যি ইউক্ৰেইন এৰা নাই নিজৰ দুটাকৈ পোহনীয়াক এৰি থৈ আহিবলৈ সত নোযোৱাৰ বাবে৷ ঋষভ কৌশিক নামৰ এজন ডেৰাডুনৰ ছাত্ৰই উদ্ধাৰকাৰী ভাৰতীয় বিমানত নিজৰ পোহনীয়া কুকুৰ মালিব’ক লৈ অলপতে দেশ পালেহি৷ কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙে ৰসিকতাৰে টুইট কৰিলে, আমি ভাৰতীয় নাগৰিকৰ সৈতে চাৰিঠঙীয়াও আনিছো৷ ইউক্ৰেইন এৰি ভাৰতলৈ আহিবলৈ সন্মত নোহোৱা যিজন চিকিৎসকৰ বাতৰিৰে বিশ্বৰ মিডিয়া তোলপাৰ সেই ডাঃ গিৰিকুমাৰ পাটিলৰো আছে দুটা চাৰিঠেঙীয়া পোহনীয়া প্ৰাণী, যি কুকুৰ নহয়, বাঘ৷ এটা জাগুৱাৰ আৰু এটা পেন্থাৰৰ মালিক অন্ধ্ৰপ্ৰদেশৰ গোদাবৰী জিলাৰ টালুকুৰ ডাঃ পাটিল, যি তেওঁৰ পোহনীয়া প্ৰাণীকেইটাক এৰি থৈ আহিবলগীয়া হ’ব বাবেই ভাৰতলৈ উভতি নাহি প্ৰবল যুদ্ধৰ মাজত ইউক্ৰেইনৰ ডনবাছ অঞ্চলত থাকি যোৱাৰ সিদ্ধান্ত লৈছে৷ ডাঃ পাৰ্টিলৰ আছে এটা ২০ মহীয়া জাগুৱাৰ আৰু এজনী ৬মহীয়া ব্লেক পেন্থাৰ৷ জাতত দুয়োটা প্ৰায় নাহৰফুটুকীৰ সমগোত্ৰীয়৷ এখন স্থানীয় চিৰিয়াখানাত অসুস্থ হৈ থকা অনাথ জাগুৱাৰটোক ডাঃ পাটিলে পোহনীয়া প্ৰাণী হিচাপে ঘৰলৈ আদৰি আনিছিল৷ কিছুদিন পূৰ্বে তাৰ সংগীনি হিচাপে আনে পেন্থাৰজনী৷ হঠাতে যোৱা ২৪ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাত তেওঁ পোহনীয়া কেইটাৰ সৈতে নিজৰ বাসগৃহৰ বেছমেণ্টক বাংকাৰ হিচাপে ব্যৱহাৰ কৰি আশ্ৰয় লৈছে৷ তেতিয়াৰ পৰা তেওঁ য়াছা নামৰ জাগুৱাৰটো আৰু ছাব্ৰিনা নামৰ পেন্থাৰজনীৰ সৈতে একেলগে আছে৷ ডাঃ পাৰ্টিলৰ তিনিটা ইটালিয়ান মেছটিফ কুকুৰো আছে৷ পোহনীয়া কুকুৰক উদ্ধাৰকাৰী বিমানে আনিলেও বাঘ লৈ আনিব নোৱাৰে বুলি ভাৰতীয় দূতাবাসে স্পষ্ট কৰি দিয়াত পাৰ্টিলে বেছমেণ্টত বাংকাৰ বনাই তাতে থকাৰ সিদ্ধান্ত লয়৷ যুদ্ধ হ’ল বুলিয়েই নিজৰ প্ৰাণ ৰক্ষা কৰি পোহনীয়া কেইটাক, বিশেষকৈ য়াছা আৰু ছাব্ৰিনাক তেওঁৰ চৰম অনিশ্চয়তাৰ মাজত এৰি আহিবলৈ মন নগ’ল৷ ৪০বছৰীয়া ভাৰতীয় চিকিৎসকজনৰ এই কাহিনী এতিয়া পশ্চিমৰ মিডিয়াৰ ‘হট নিউজ’৷ কিয়নো অৰ্থপেডিক ছাৰ্জন ডাঃ পাৰ্টিল য’ত থাকে, সেই ডনবাছ অঞ্চলৰ ছেভাৰ’ডনেৎস্কতে প্ৰথমে ৰাছিয়াই আক্ৰমণ কৰিছিল৷ ডনবাছ অঞ্চলটো ৰাছিয়ান বিচ্ছিন্নতাবাদীৰ নিয়ন্ত্ৰনত৷ সেয়ে ডনবাছত ২৪ফেব্ৰুৱাৰীৰ পৰা অহৰহ যুদ্ধ অব্যাহত আছে৷ সেয়ে উপায়হীন ডাঃ পাৰ্টিলে সুযোগ পালে বাহিৰলৈ ওলাই খাদ্য সংগ্ৰহ কৰে আৰু পুনৰ সোমাই পৰে বাংকাৰত৷ এতিয়া দিবা-নৈশ ২৪ঘণ্টাই তেওঁৰ সংগী মৰমৰ জাগুৱাৰ য়াছা আৰু পেন্থাৰ ছাব্ৰিনা৷ অৱশ্যে তিনিটা ইটালিয়ান মেছটিফো তেওঁৰ সাৰথি, অনিশ্চিত ভৱিষ্যত সন্মুখত লৈ৷