Logo
image

টকাৰ মূল্যৰ অভিলেখ পতন

আমাৰ অসম, ৮ মাৰ্চঃ ভাৰতীয় মুদ্ৰা আজিৰ দিনটোত ইমান দুৰ্বল হৈ পৰিল, যাৰ ফলত সৰ্বকালৰ অভিলেখ ভংগ হ’ল৷ টকাৰ মূল্যৰ অভাৱনীয় পতন ঘটাৰ ফলত সোমবাৰে প্ৰতি মাৰ্কিন ডলাৰৰ তুলনাত ভাৰতীয় মুদ্ৰাৰ বিনিময় মূল্য হৈ পৰে ৭৬.৯৬টকা৷ প্ৰতি ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ এই মূল্য সৰ্বকালৰ অভিলেখ৷ অৰ্থাৎ ভাৰতীয় মুদ্ৰা জন্মাবধি কেতিয়াও ইমান মূল্যহীন হৈ পৰা নাছিল৷ অৱশ্যে দিনটোৰ শেষত  টকাৰ মূল্য সামান্য বৃদ্ধি পায় যদিও এতিয়াও ইয়াৰ বিনিময় মূল্য প্ৰতি ডলাৰৰ বিপৰীতে ৭৬.৯২টকা৷ অৰ্থাৎ দিনটোৰ শেষত টকাৰ মূল্য বৃদ্ধি পাইছে ০.৯৪টকা৷ উল্লেখ্য, বিগত ডিচেম্বৰত ভাৰতীয় মূদ্ৰাৰ সৰ্বকালৰ সৰ্বাধিক পতন ঘটিছিল, যেতিয়া প্ৰতি মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য হৈছিল ৭৬.১৬টকা৷ আজিৰ মূল্য অৱশ্যে সৰ্বকালৰ সৰ্বনিম্ন৷ ঘাইকৈ বিশ্ব বজাৰত অপৰিশোধিত তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাৰ ফলত মাৰ্কিন ডলাৰৰ মূল্য বৃদ্ধি হৈছে আৰু খাৰুৱা তেলৰ ৰপ্তানি মূল্য বৃদ্ধি পোৱাৰ লগে লগে ভাৰতীয় মূদ্ৰা দুৰ্বল হৈ পৰিছে৷ আন্তঃৰাষ্ট্ৰীয় বিনিয়োগকাৰীয়ে তেওঁলোকৰ বিনিয়োগৰ ধন নিৰাপদ স্থানলৈ আঁতৰাই নিয়াৰ প্ৰভাৱ ভাৰতীয় বজাৰতো পৰিছে৷ সামগ্ৰিকভাৱে খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ ফলত শ্বেয়াৰ বজাৰৰ পতন আৰু মাৰ্কিন ডলাৰ শক্তিশালী হোৱাৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ সৰ্বকালৰ সৰ্ববৃহৎ পতনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে৷ ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফলত প্ৰতিদিনে খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছে৷ যোৱা শুকুৰবাৰে বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য  প্ৰতি বেৰেলত ১২০ মাৰ্কিন ডলাৰ হৈছে৷ তাৰ এসপ্তাহ পূৰ্বে সেই মূল্য আছিল ৯৫মাৰ্কিন ডলাৰ৷ ইয়াৰ ফলত বিশ্বজুৰি মূল্যবৃদ্ধিৰ আশংকা সৃষ্টি হৈছে আৰু ক’ভিড পৰৱৰ্তী অৰ্থনীতিৰ প্ৰত্যাবৰ্তনত চৰম আঘাত পৰিছে৷ এই পৰিস্থিতিক অৰ্থনীতিত ‘ষ্টেগফ্লেচন’ বুলি বৰ্ণনা কৰা হয়৷ ভাৰতে তেল ৰপ্তানি কৰাৰ বাবে অধিক ধন ব্যয় কৰিবলগীয়া হোৱাৰ বাবেই টকাৰ মূল্য হ্ৰাস আৰু ভাৰতৰ বাবেও ‘ষ্টেগফ্লেচন’ সৃষ্টি হৈছে৷