Logo
image

হৰিবোল! পুৰণি প্ৰশ্ন, বহীৰেই চলোৱা হ’ব এইবাৰৰ মেট্ৰিক

খৰচ বচাইছে চৰকাৰে

আমাৰ অসম, ৮ মাৰ্চঃ ছাত্ৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ পৰীক্ষা এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হ’বলৈ মাজত আৰু মাত্ৰ এসপ্তাহ বাকী৷ কিন্তু এইবাৰ পুৰণি প্ৰশ্নকাকত আৰু উত্তৰ বহীৰে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব ছেবাই৷ বিতৰ্কৰ লগ নেৰা অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ২০২১ চনৰ বাতিল হোৱা মেট্ৰিকৰ প্ৰশ্নকাকতেৰে ২০২২ বৰ্ষৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হোৱাত শিক্ষাৰ্থী, অভিভাৱকৰ লগতে শিক্ষক সমাজতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰশ্নকাকত ছপোৱাৰ ব্যয় সংকোচনৰ নামত ৰমেশ চান্দ জৈনৰ নেতৃত্বাধীন ছেবাই ২০২১ বৰ্ষৰ প্ৰশ্নকাকতেৰে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰিব বুলি সোমবাৰে এখন জাননীযোগে ৰাজহুৱা কৰাত চিন্তিত হৈ পৰিছে শিক্ষাৰ্থীসকল৷ কিয়নো ক’ভিডৰ বাবে ২০২১ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা ৩০ শতাংশ পাঠ বাদ দিছিল৷ পাঠ্যক্ৰমৰ পৰা ৩০ শতাংশ পাঠ বাদ পৰাৰ ভিত্তিতেই ছেবাই প্ৰশ্নকাকত প্ৰস্তুত কৰিছিল যদিও ক’ভিডৰ বাবে মূৰকত মেট্ৰিকৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল৷ ফলত পূৰ্বৰ আভ্যন্তৰীণ মূল্যায়ণৰ ভিত্তিতে ২০২১ বৰ্ষৰ মেট্ৰিকৰ ফলাফল ঘোষণা কৰি প্ৰশ্নকাকতসমূহ সংৰক্ষিত কৰি ৰাখিছিল৷ কিন্তু এইবাৰ ২০২২ বৰ্ষৰ দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰাও ছেবাই ৪০ শতাংশ পাঠ বাদ দিয়াৰ কথা ইতিপূৰ্বে ঘোষণা কৰিছিল৷ এই সন্দৰ্ভত ছেবাই বিগত বৰ্ষৰ ২ ছেপ্টেম্বৰত এটা নিৰ্দেশনাযোগে কেন্দ্ৰীয় শিক্ষানীতিৰ আধাৰত পাঠ্যক্ৰমৰ পৰা ৪০ শতাংশ পাঠ কৰ্তনৰ কথা ঘোষণা কৰি সেই অনুসৰি শিক্ষাদানৰ নিৰ্দেশ দিছিল৷ অৰ্থাৎ ২০২১ চনৰ পাঠ্যক্ৰমৰ পৰা ৩০ শতাংশ পাঠ বাদ পৰাৰ বিপৰীতে ২০২২ বৰ্ষৰ পাঠ্যক্ৰমৰ পৰা ৪০ শতাংশ পাঠ বাদ পৰিছিল৷ এই দুই বৰ্ষৰ পাঠ্যক্ৰমৰ তাৰতম্য হৈছে ১০ শতাংশ৷ কিন্তু ছেবাই পূৰ্বৰ ২০২১ চনত পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা প্ৰশ্নকাকতেৰে ২০২২ বৰ্ষৰ মেট্ৰিক পৰীক্ষা পাতিবলৈ সাজু হোৱাত পূৰ্বৰ পাঠ্যক্ৰম বৰ্হিভূত পাঠৰ পৰা প্ৰশ্ন অন্তৰ্ভুক্ত হ’লে ইয়াৰ দায়িত্ব কোনে ল’ব বুলিও প্ৰশ্ন কৰিছে শিক্ষাৰ্থী-শিক্ষকে৷ কিয়নো দুয়োটা বৰ্ষত তাৰতম্য থকা ১০ শতাংশ পাঠ্যক্ৰমৰ পৰা ১০-২০ নম্বৰৰ প্ৰশ্ন থকাটো নিশ্চিত৷ স্বাভাৱিকতেই পৰীক্ষাৰ এসপ্তাহ পূৰ্বে ছেবাৰ এই ঘোষণাই বিবুধিত পেলাইছে শিক্ষাৰ্থীসকলক৷ উদাহৰণস্বৰূপে ২০২১ বৰ্ষৰ ইংৰাজী বিষয়ৰ পাঠ্যক্ৰমত ‘এনিমেলছ’ শীৰ্ষক এটা কবিতা অন্তৰ্ভুক্ত হোৱাৰ লগতে কবিতাটোৰ পৰা ১২ নম্বৰ ধাৰ্য কৰিছিল৷ কিন্তু এইবাৰৰ পাঠ্যক্ৰমৰ পৰা ‘এনিমেলছ’ শীৰ্ষক কবিতাটো প্ৰত্যাহাৰ কৰা হয়৷ স্বাভাৱিকতেই পূৰ্বে প্ৰস্তুত কৰা প্ৰশ্নকাকতত যদিহে ‘এনিমেলছ’ শীৰ্ষক কবিতাটোৰ পৰা ১২ নম্বৰ প্ৰশ্ন তুলি ধৰিছে তেনেহ’লে কোনো দিনে নপঢ়া কবিতাটোৰ সম্পৰ্কীয় প্ৰশ্নোত্তৰ পৰীক্ষাৰ্থীয়ে কেনেকৈ লিখিব বুলিও প্ৰশ্ন উত্থাপন হৈছে৷ তদুপৰি ২০২১ চনৰ অসমীয়া বিষয়ৰ পাঠ্যক্ৰমত ‘অৰুণিমা সিনহা’ নামৰ এটা পাঠ আছিল যদিও এইবাৰ এই পাঠটো বাদ দিছে৷  ২০২১ বৰ্ষৰ পাঠ্যক্ৰমৰ সাধাৰণ গণিতৰ ৰিভাইছ চেপ্টাৰটো ২০২২ বৰ্ষৰ পাঠ্যক্ৰমৰ পৰা সম্পূৰ্ণভাৱে বাদ দিয়া হৈছে৷ একেদৰে ২০২১ বৰ্ষৰ পাঠ্যক্ৰমৰ উচ্ছ গণিতৰ জটিল সংখ্যা পাঠটোৰ লগতে সমাজ বিজ্ঞান বিষয়ৰ দুটা অধ্যায় [ইতিহাসঃ স্বাধীন ভাৰতৰ জন্ম আৰু ভূগোলঃ মহাসাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য] পাঠ ২০২২ বৰ্ষৰ পাঠ্যক্ৰমৰ পৰা বাদ দিয়া হৈছে৷ আনহাতে ২০২১ বৰ্ষৰ অৰ্থবিজ্ঞান পাঠ্যক্ৰমৰ মুদ্ৰাৰ ক্ৰমবিকাশ আৰু ভাৰতৰ অৰ্থনৈতিক পৰিকল্পনা শীৰ্ষক পাঠটোও ২০২২ বৰ্ষৰ পাঠ্যক্ৰমৰ পৰা বাতিল কৰা হৈছে৷ ২০২১ বৰ্ষৰ হিন্দী পাঠ্যক্ৰমত অন্তৰ্ভুক্ত থকা বন ভ্ৰমণ নামৰ পাঠটো এইবাৰ কৰ্তন কৰিছে৷ বন ভ্ৰমণ পাঠটোত পূৰ্বতে এঘাৰ নম্বৰৰ প্ৰশ্ন ধাৰ্য কৰিছিল ছেবাই৷ নিশ্চয়কৈ ২০২১ বৰ্ষৰ প্ৰশ্নকাকতত এই পাঠসমূহৰ পৰা প্ৰশ্ন অন্তৰ্ভুক্ত কৰা হৈছিল৷ স্বাভাৱিকতেই  এনে বাদ পৰা পাঠৰ পৰা প্ৰশ্ন অন্তৰ্ভুক্ত হ’লে পৰীক্ষাৰ্থীসকলে কেনেকৈ উত্তৰ লিখিব সেয়া এতিয়া অবুজ সাঁথৰ হৈ পৰিছে৷ ইপিনে, ছেবাই মেট্ৰিক পৰীক্ষাৰ নামত শিক্ষাৰ্থীৰ পৰা পঞ্জীয়ন মাচুলৰ বাবদ ৬৫০ টকা, কেন্দ্ৰ মাচুলৰ বাবদ ৩০০ টকা আৰু ব্যৱহাৰিক পৰীক্ষাৰ মাচুলৰ বাবদ ১৫০ টকাকৈ সংগ্ৰহ কৰা কোটি কোটি টকা খৰচ নহ’লে ছাত্ৰ-ছাত্ৰীক ঘূৰাই দিবনে নাই বুলিও প্ৰশ্ন উত্থাপন হৈছে৷