Logo
image

বিজেপিৰ প্ৰাৰ্থী তালিকাত নতুন মুখ

৩১ মাৰ্চত ৰাজ্যসভাৰ নিৰ্বাচন

ইউপিপিএল, হাগ্ৰামাও আসনৰ দাবীদাৰ

আমাৰ অসম, ৮ মাৰ্চঃ অসমসহ দেশৰ ৰাজ্যসভাৰ খালী হ’ব লগা ১৩খন আসনৰ বাবে মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন৷ অসমৰ দুখন আসনৰ বাবে অনুষ্ঠিত হ’ব নিৰ্বাচন৷ ১৪ মাৰ্চত জাৰি হ’ব নিৰ্বাচনী অধিসূচনা৷ ৰাজ্যসভাৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন ২১ মাৰ্চ৷ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২৪ মাৰ্চ৷ ৩১ মাৰ্চত হ’ব দুয়োখন আসনৰ ভোটগণনা৷ উল্লেখ্য, ২ এপ্ৰিলত কংগ্ৰেছ সাংসদ ৰিপুণ বৰা আৰু ৰাণী নৰহৰ কাৰ্যকাল অন্ত পৰিব৷ ৰাজ্যসভাৰ আসন দুখনৰ প্ৰাৰ্থিত্বক লৈ শাসক-বিৰোধীৰ মাজত ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক জল্পনা-কল্পনা৷ ৰাজ্যসভাৰ খালী হ’ব লগা দুখন আসনৰ ভিতৰত এখন শাসকীয় পক্ষৰ হাতত থকাটো প্ৰায় নিশ্চিত৷ শাসকীয় দল বিজেপিয়ে এইবাৰ ৰাজ্যসভালৈ নতুন মুখক প্ৰাধান্য দিব বুলি গুণাগথা চলিছে৷ বিজেপিৰ শীৰ্ষ সূত্ৰ মতে ৰাজ্যসভাৰ প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব বিশ্ব শৰ্মাৰ ওপৰতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ন্যস্ত কৰিছে৷ প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মতামত ল’বলৈ মুখ্যমন্ত্ৰী শৰ্মাক বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই পৰামৰ্শ দিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পচন্দই প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত যে অগ্ৰাধিকাৰ পাব সেয়া প্ৰায় নিশ্চিত৷ এতিয়ালৈ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাসীৰ তালিকাত আছে– পুলক গোহাঁই ৰমেন শৰ্মা, সুভাষ দত্ত, লক্ষ্য কোঁৱৰসহ কেইবাজনো৷ ৰমেন শৰ্মা আৰএছএছৰ এজন সক্ৰিয় সদস্য৷ একেদৰে ইউপিপিএলৰ ইউ জি ব্ৰহ্ম, বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, সম্পাদক প্ৰাক্তন ছাত্ৰ নেতা প্ৰবীন বড়োৰ নামো চৰ্চালৈ আহিছে ৰাজ্যসভাৰ অন্যতম প্ৰাৰ্থীৰূপে৷ বিজেপিয়ে এখন আসনত নিজে প্ৰাৰ্থিত্ব দি আনখন আসন ইউপিপিএল বা বিপিএফক এৰি দিব পাৰে বুলি চৰ্চা হৈছে৷ ইফালে, বিৰোধীয়ে ৰাজ্যসভাৰ আসনৰ বাবে উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চেষ্টা কৰিছে৷ ইউডিএফে ৰাজ্যসভালৈ তেওঁলোকৰ প্ৰাৰ্থীক বিৰোধীয়ে প্ৰক্ষেপ কৰাৰ পোষকতা কৰিছে৷ পূৰ্বে কংগ্ৰেছক সমৰ্থন কৰি অহাৰ বিনিময়ত এইবাৰ ইউডিএফক সমৰ্থন জনাবলৈ আহ্বান জনাইছে ইউডিএফ নেতৃত্বই৷ অৱশ্যে, উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ ক্ষেত্ৰত ৰাইজৰ দল, চিপিআই[এম] আদি দলৰো মতামত থাকিব৷ কাজেই বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হ’ব পাৰে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা৷

ৰাজ্যসভাৰ নিৰ্বাচনী কাৰ্যসূচী ঘোষণা

২ এপ্ৰিলত খালী হ’বলগীয়া ৰাজ্যৰ দুখন ৰাজ্যসভাৰ আসন এইবাৰ কোনে দখল কৰিব? ৩১ মাৰ্চত অসমৰ ৰাইজে এই উত্তৰ লাভ কৰিব৷ কাৰণ সিদিনাই অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ দুয়োখন আসনৰ ভোটগ্ৰহণ পৰ্ব৷ উল্লেখ্য,  ২ এপ্ৰিলত অসমৰ ৰাজ্যসভাৰ দুখন আসনৰ ম্যাদ উকলিব৷ সাংসদ হিচাপে অৱসৰ ল’ব কংগ্ৰেছৰ ৰাণী নৰহ আৰু ৰিপুণ বৰাই৷ সেয়েহে নিৰ্বাচন আয়োগে আজি অসমসহ দেশৰ ৬খন ৰাজ্যৰ মুঠ ১৩খন ৰাজ্যসভা আসনৰ নিৰ্বাচনী কাৰ্যসূচী ঘোষণা কৰিছে৷ সেই অনুসৰি ১৪ মাৰ্চত নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ’ব৷ মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে ২১ মাৰ্চ৷ মনোনয়ন-পত্ৰ পৰীক্ষা কৰা হ’ব ২২ মাৰ্চত৷ ২৪ মাৰ্চ হৈছে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন৷ লক্ষণীয়ভাৱে, ৩১ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈকে সংশ্লিষ্ট ৰাজ্যৰ বিধায়কসকলৰ ভোটগ্ৰহণ কৰা হ’ব আৰু সেই দিনাই সন্ধিয়া ৫ বজাৰ পৰা ভোট গণনা কৰা হ’ব তথা ফলাফল ঘোষণা কৰা হ’ব৷  ২ এপ্ৰিলত ৰাণী নৰহ আৰু ৰিপুণ বৰাৰ কাৰ্যকাল সমাপ্ত হোৱাৰ দিনটোৰ ভিতৰতেই নিৰ্বাচনী সকলো প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব বুলি নিৰ্বাচন আয়োগে আজি জানিবলৈ দিছে৷ উল্লেখ্য, অসম, হিমাচল প্ৰদেশ, কেৰালা, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ মুঠ ৮খন আসনৰ কাৰ্যকাল ২ এপ্ৰিলত সমাপ্ত হোৱাৰ বিপৰীতে পঞ্জাৱৰ ৫খন আসনৰ কাৰ্যকাল ৯ এপ্ৰিলত সমাপ্ত হ’ব৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল ৰক্ষা কৰি ভোটগ্ৰহণৰ কাম সম্পন্ন কৰাৰ বাবে আয়োগৰ তৰফৰ পৰা সংশ্লিষ্ট ৰাজ্যৰ মুখ্য সচিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে৷