Logo
image

মডেলৰ সৰ্বস্ব লুট কৰি নিলে চোৰে

আমাৰ অসম, ৮ মাৰ্চঃ আৰক্ষী-প্ৰশাসনৰ নিস্ক্ৰিয়তাৰ সুযোগ লৈ দুষ্কৃতিকাৰীয়ে গুৱাহাটী মহানগৰীত এটাৰ পিছত আনটো অপৰাধমূলক ঘটনা সংঘটিত কৰি আহিছে৷ মহানগৰীত ধাৰাবাহিকভাৱে সংঘটিত হৈ আছে চুৰিকাণ্ড৷ বিগত ২৪ ঘণ্টাত মহানগৰীত একাধিক চুৰিৰ ঘটনা সংঘটিত হৈছে৷ দেওবাৰে নিশা গুৱাহাটীৰ লখিমী নগৰত এক চাঞ্চল্যকৰ চুৰিকাণ্ড সংঘটিত হয়৷ এগৰাকী মডেলৰ ঘৰৰ পৰা চোৰে নগদ ধন, সোণৰ গহনাকে ধৰি সৰ্বস্ব লুট কৰি নিয়ে৷ গুৱাহাটীৰ লখিমী নগৰৰ ৪৮নং বাসগৃহত ভাৰাতীয়া হিচাপে বাস কৰা মডেল প্ৰিয়াংকী শৰ্মাৰ বাসগৃহত দুৰ্বৃত্তই প্ৰৱেশ কৰি নগদ ৫ লাখ টকাৰ লগতে ১৪টা সোণৰ আঙঠি, এডাল নেকলেচ আৰু এডাল সোণৰ চেইন লুট কৰে৷ দুৰ্বৃত্তই ঘৰৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি লকাৰ ভাঙি ধন-সোণ লুট কৰাৰ সময়তে মডেলগৰাকীয়ে টোপনিৰ পৰা সাৰ পায় যদিও অস্ত্ৰধাৰী চোৰে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ বাবেই তেওঁ চিঞৰ-বাখৰ কৰাৰ পৰা বিৰত থাকে৷ নিজৰ প্ৰাণৰ ভয়ৰ বাবে নিজ চকুৰ সন্মুখত ধন-সোণ লুট কৰি নিয়াৰ পাছতো মডেলগৰাকীয়ে মাত মাতিব পৰা নাছিল৷ দুৰ্বৃত্তই ধন-সোণ লুট কৰাৰ পাছতেই মডেলগৰাকীয়ে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক অৱগত কৰে যদিও ইয়াৰ পূৰ্বেই দুৰ্বৃত্তই পলায়ন কৰিবলৈ সক্ষম হয়৷ এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি যুগুতোৱা পৰলৈ দুৰ্বৃত্তৰ সন্ধান উলিয়াব পৰা নাই৷ উল্লেখ্য, চুৰিকাণ্ড সংঘটিত হোৱাৰ সময়ত মডেল প্ৰিয়াংকী শৰ্মা আৰু তেওঁৰ মাতৃহে ঘৰত আছিল৷ ঘটনা সন্দৰ্ভত মডেলগৰাকীয়ে আৰক্ষীক ফোন কৰিছিল যদিও আৰক্ষী সময় মতে আহি নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে৷