Logo
image

দিছপুৰ-লোকনিৰ্মাণ কাৰ্যালয়ত সহস্ৰ ঠিকাদাৰৰ বিনিদ্ৰ ৰজনী

মাৰ্চ এণ্ডিং

চিলিঙক লৈ হাহাকাৰ

আমাৰ অসম, ৮ মাৰ্চঃ মাৰ্চ এণ্ডিঙে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ঠিকাদাৰসকলক৷ নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰি বিল দাখিল কৰাৰ পাছতো মাহৰ পাছত মাহ ধৰি ঠিকাৰ বিলৰ প্ৰাপ্য ধন লাভ নকৰা ঠিকাদাৰসকলে মাজৰাতিলৈ বিভাগৰ টেবুলে-টেবুলে লৰা-ঢপৰা কৰা পৰিলক্ষিত হৈছে৷ চলিত বিত্তীয় বৰ্ষৰ অন্ত পৰাৰ প্ৰাকমুহূৰ্তত চিলিঙৰ আশাত তাঁত-বাটি কাঢ়িবলগীয়া হৈছে ঠিকাদাৰসকলে৷ ৰাজ্যৰ ৰাজকোষ উদং হোৱাৰ বাবেই চৰকাৰে ঠিকাদাৰসকলক সময়মতে বিল আদায় দিয়াত ব্যৰ্থ হৈছে৷ যাৰ ফলত ধাৰ-ঋণ লৈ কাম সম্পূৰ্ণ কৰা ঠিকাদাৰসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে৷ ইয়াৰ মাজতে ৰাজ্য চৰকাৰে একাংশ বিশেষ ঠিকাদাৰক অগ্ৰাধিকাৰ ভিত্তিত বিল মোকলাই দিবলৈ গোপন নিৰ্দেশ দিয়া বুলি অভিযোগ উঠাত লোকনিৰ্মাণৰ ঠিকাদাৰসকলৰ লগতে আন আন বিভাগৰ ঠিকাদাৰসকল ক্ষোভিত হৈ পৰিছে৷ ইপিনে, চলিত বিত্তীয় বৰ্ষৰ চিলিং অনুমোদনৰ সোমবাৰৰ দিনটো অন্তিম দিন হোৱাত দেওবাৰে ওৰে নিশা লোকনিৰ্মাণ বিভাগত ঠিকাৰ বিলৰ বিভাগীয় নথি-পত্ৰ পৰীক্ষণৰ কাম চলা পৰিলক্ষিত হয়৷ কেনেবাকৈ চিলিঙত নিজৰ বিলখন অন্তৰ্ভুক্ত কৰিব পাৰি নেকি তাৰ আশাত গুৱাহাটী চানমাৰিস্থিতি লোকনিৰ্মাণৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত ঠিকাদাৰ সকলে বিনিদ্ৰ ৰজনী পাৰ কৰা পৰিলক্ষিত হয়৷ কিয়নো কেনেবাকৈ চিলিং লাভত ব্যৰ্থ হ’লেই ঠিকাৰ বিলৰ ধন কেতিয়া লাভ কৰিব সেয়া অনিশ্চিত হৈ পৰাটো নিশ্চিত৷ লক্ষণীয় বিষয়টো হৈছে ক’ভিডৰ দোহাই দি ৰাজহ সংগ্ৰহত লোকচানৰ সন্মুখীন হোৱা বুলি সদৰী কৰা বিজেপি-মিত্ৰজোঁটৰ চৰকাৰে কেৱল হিতাধিকাৰীক ধন মোকলাই দিয়াৰ বাহিৰে উন্নয়নমূলক আঁচনিৰ বাবদ ঠিকাদাৰক প্ৰাপ্য ধন আদায় দিয়াটো ব্যৰ্থ হৈছে৷ আনকি বিভাগে বিভাগে ব্যয় সংকোচনৰো নিৰ্দেশ দিছে দিছপুৰে৷ স্বাভাৱিকতেই একাংশ চৰকাৰী বিভাগ তথা প্ৰতিষ্ঠানত কাগজ কিনিবলৈও ধনৰ অভাৱে দেখা দিছে৷ এনে সমস্যাৰ পৰা উদ্ধাৰৰ লক্ষ্যৰে চৰকাৰে ইতিপূৰ্বে সুৰাৰ ওপৰত আবকাৰী ৰাজহ বৃদ্ধি কৰাৰ লগতে পৰিবহণ বিভাগে ৰাজপথত অপাৰেছন অলক্লিয়াৰ আৰম্ভ কৰি সৰ্বসাধাৰণ নাগৰিকক টেটু চেঁপা দিবলৈও এৰা নাই৷