Logo
image

জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন

জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন শেহতীয়াভাৱে বিশ্ববাসীৰ বাবে উদ্বেগৰ কাৰণ হৈ পৰিছে৷ জলবায়ুৰ পৰিৱৰ্তনে বহু প্ৰাকৃতিক ব্যৱস্থাক প্ৰভাৱিত কৰিছে৷ তুষাৰবৃত পৰ্বতৰ পৰা গ্ৰীষ্মমণ্ডলীয় মহাসাগৰপৰ্যন্ত সকলোতে বিদ্যমান এই প্ৰভাৱ৷ ভাৰতো এইক্ষেত্ৰত ব্যতিক্ৰম নহয়৷ গ্ৰীনহাউছ গেছৰ নিৰ্গমনৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে ব্যৱস্থা লোৱা হ’লেও ভাৰতত শেহতীয়াভাৱে দেখা গৈছে জলবায়ুৰ অস্বাভাৱিক পৰিৱৰ্তন৷ পৰৱৰ্তী দুটা দশকজুৰি এনে পৰিৱৰ্তন অব্যাহত থাকিব বুলি সতৰ্ক কৰি দিছে পৰিৱেশ বিজ্ঞানীসকলে৷ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ এক প্ৰতিবেদন মতে, চলিত বৰ্ষত ভাৰতৰ ঠাইবিশেষে উষ্ণতা অত্যধিক বৃদ্ধি পোৱাৰ লগতে প্ৰবল বৃষ্টিপাতো হ’ব পাৰে৷ প্ৰতিবেদনটোত লগতে কোৱা হৈছে যে মাৰ্চ মাহৰ পৰা মে’ মাহৰ ভিতৰত তাপমান ৪০ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে৷ সাধাৰণতে এই সময়ছোৱাত ভাৰতত ইমান গৰম নপৰে৷ ভাৰতত সাধাৰণতে মে’ মাহৰ পৰা জুলাই মাহৰ শেষলৈ এই সময়ছোৱাক গ্ৰীষ্মকাল হিচাপে জনা যায়৷ প্ৰতিবেদনটোত উল্লেখ কৰা অনুসৰি যদি মাৰ্চৰ পৰা মে’ মাহৰ সময়ছোৱাতে তাপমাত্ৰা ৪০ ডিগ্ৰী চেলছিয়াছ হয়, তেন্তে জুন-জুলাইলৈকে অৱস্থা কি হ’ব? দেশৰ উত্তৰাঞ্চলৰ লগতে উত্তৰ-পশ্চিম ভাৰত আৰু মধ্য ভাৰতত প্ৰবল গ্ৰীষ্মপ্ৰবাহৰ আশংকা কৰা হৈছে৷ তেনেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে আন কেইবাখনো ৰাজ্যত প্ৰবল বৃষ্টিপাত হ’ব পাৰে৷ বতৰৰ এনে অস্বাভাৱিক পৰিৱৰ্তনে কৃষিখণ্ডৰো ব্যাপক ক্ষতি কৰিব পাৰে৷ সেয়েহে বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰতিবেদনে কৃষিৰ সৈতে জড়িত থকাসকলক চিন্তিত কৰি তুলিছে৷

জলবায়ুৰ পৰিৱৰ্তনে পৰিৱেশতন্ত্ৰত কেনে প্ৰভাৱ পেলাইছে তাৰ উদাহৰণ বিগত বছৰটোতে পোৱা গৈছিল৷  পৰিৱেশ বিজ্ঞানীৰ মতে, জলবায়ুৰ পৰিৱৰ্তনৰ বাবেই ভাৰতত শেহতীয়াকৈ বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে আৰু তাৰবাবেই উষ্ণতাৰো তাৰতাম্য ঘটা পৰিলক্ষিত হৈছে৷ উদাহৰণস্বৰূপে উত্তৰ-পূৰ্বাঞ্চলৰ কথাকেই উল্লেখ কৰিব পাৰি৷ চলিত বছৰটোত অসমত বৰষুণৰ পৰিমাণ আছিল চিন্তাজনকভাৱে কম৷ জুন-জুলাই মাহত অসমৰ লগতে দেশৰ কেইবাটাও অঞ্চলত বানৰ সমস্যাই দেখা দিয়াটো এটা সাধাৰণ ঘটনা যদিও বিগত বৰ্ষৰ ছেপ্টেম্বৰলৈ পূৰ্বৰ তুলনাত বৰষুণৰ পৰিমাণ আছিল যথেষ্ট কম আৰু তাৰ ফলতে বানেও বিশেষ ক্ষয়-ক্ষতি কৰা নাছিল৷ আনহাতে, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত শীতকালৰ পৰিৱেশো পৰিৱৰ্তন হোৱা দেখা গৈছিল৷ এটা সময়ত নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীলৈ এই সময়ছোৱা আছিল শীতকাল৷ কিন্তু শেহতীয়াভাৱে ডিচেম্বৰ মাহৰ মাজভাগতো শীতৰ পৰিৱেশ অনুভূত হোৱা নাছিল৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বতৰৰ অস্বাভাৱিক পৰিৱৰ্তন দেখা গৈছিল চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত৷ সাধাৰণতে এই অঞ্চলত জানুৱাৰীৰ তৃতীয় সপ্তাহমানৰ পৰা শীতৰ প্ৰকোপ কমি আহে৷ কিন্তু এই বছৰ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহলৈ আছিল শীতৰ অস্বাভাৱিক হেঁচা৷ পৰিৱেশ বিজ্ঞানীসকলৰ মতে, বিগত দহ বছৰত ভাৰতত তাপমাত্ৰা ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে৷ তাৰ লগতে হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ৷  এই কাৰকবোৰৰ বাবেই বৃদ্ধি পাবলৈ ধৰিছে খৰাং পৰিস্থিতিৰ৷ দ্ৰুত নগৰীকৰণৰ ফলত উদ্ভৱ হোৱা এই পৰিস্থিতি এক চিন্তাৰ কাৰণ হৈ পৰিছে৷ পৰিৱেশবিদসকলৰ ভাষাত ইয়াক কোৱা হয় আৰবান হিট আইলেণ্ড এফেক্ট৷ জনসাধাৰণে যদিহে গ্ৰীনহাউছ গেছৰ মাত্ৰা কমোৱাৰ ব্যৱস্থা নকৰে আৰু কাৰ্বন নিৰ্গমন ৰোধ নকৰে তেন্তে আগত সময়ত পৃথিৱীখন জীৱকুলৰ অনুকূল হৈ নাথাকিব৷