Logo
image

ডায়েল ১১২

আমাৰ অসম, ৯ মাৰ্চঃ ৰাজ্যত বৃদ্ধি পাইছে যৌতুক জনিত অপৰাধৰ ঘটনা৷ এয়া কোনো সংগঠন বা ৰাজনৈতিক দলে কৰা বক্তব্য নহয়৷ এয়া হৈছে খোদ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কৰা অকপট স্বীকাৰোক্তি৷ মঙলবাৰে কটন বিশ্ববিদ্যালয়ৰ ৱ’মেন ষ্টাডিজ বিভাগে আয়োজন কৰা আন্তৰ্জাতিক নাৰী দিৱসত মুখ্য অতিথিৰূপে উপস্থিত থাকি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয়-ৰাজ্যত বৃদ্ধি পাইছে যৌতুকজনিত হত্যাৰ ঘটনা৷ যৌতুকজনিত অপৰাধ বৃদ্ধি পাইছে উদ্বেগজনকভাৱে৷ নাৰীজনিত অপৰাধ ৰোধ কৰিবলৈ শীঘ্ৰে আহি আছে আৰক্ষীৰ প্ৰজেক্ট ১১২৷ সমমৰ্যাদা আৰু অধিকাৰ যুঁজৰ আন এক নাম আন্তৰ্জাতিক নাৰী দিৱস৷ আজিও নাৰীয়ে যুঁজিবলগীয়া হৈছে নিজ অধিকাৰ তথা নিৰাপত্তাৰ বাবে৷ আজিৰ নাৰী স্বাধীন, স্বাৱলম্বী আৰু স্বাভিমানী৷ অৱশ্যে তাৰ সমান্তৰালকৈ ৰাজ্যত বিভিন্ন নাৰী নীগ্ৰহৰ ঘটনা বৃদ্ধি পোৱা বিষয় সন্দৰ্ভতো আলোকপাত কৰি আৰক্ষী সঞ্চালকপ্ৰধান জনে ক্ষোভ প্ৰকাশ কৰে৷’ উল্লেখ্য, একবিংশ শতিকাৰ এই মাজমজিয়াটো নাৰীৰ ওপৰত ঘটি থকা বিভিন্ন অপৰাধজনীত ঘটনা ৰোধ কৰিবলৈ অসম আৰক্ষীয়ে শীঘ্ৰেই আৰম্ভ কৰিব প্ৰজেক্ট ১১২৷ এই প্ৰজেক্ট অনুসৰি ১১২ ডায়েল কৰিলেই প্ৰথমে আপোনাৰ ল’কেশ্যন ট্ৰেচ কৰিব, লোকেশ্যন উলিয়াই ঘটনাস্থলীত উপস্থিত হ’ব আৰক্ষী আৰক্ষীয়ে দুৰ্বৃত্তৰ কবলৰ পৰা উদ্ধাৰ কৰিব বিপদত পৰা নাৰীক৷ ইতিমধ্যেই আৰম্ভ হৈছে ১১২ৰ পাইলট প্ৰজেক্ট৷ অতি শীঘ্ৰেই আহি আছে ১১২ প্ৰজেক্টৰ জৰিয়তে কোনো যুৱতী-মহিলা বিপদত পৰিলে মাথোঁ ডায়েল কৰিলে হ’ল ১১২৷’ অনুষ্ঠানৰ উদ্বোধন কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীয়ে৷ কলাগুৰু বিষ্ণুৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত বিভাগৰ মুৰব্বী অধ্যাপক ড॰ ৰাখী কলিতা মৰালৰ লগতে বিভাগৰ অধ্যাপক, শিক্ষাৰ্থীসকল উপস্থিত থাকে৷ ইফালে, ৰাজ্যজুৰি মঙলবাৰে আন্তৰ্জাতিক নাৰী দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়৷ নাৰীৰ বিৰুদ্ধে হোৱা সকলো ধৰণৰ নিৰ্যাতন বন্ধ কৰা, নাৰীক সম-মৰ্যাদা, সম অধিকাৰ দিয়া আদি দাবী আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা পুনৰ উত্থাপন কৰে বিভিন্ন মহিলা সংগঠনে৷  ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো বিভিন্ন দল সংগঠন, অনুষ্ঠানে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰে৷ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনৰ উদ্যোগত গুৱাহাটীৰ লক্ষ্মীনাথ বেজবৰুৱা চ’কত এক মহিলা সমাবেশ অনুষ্ঠিত হয়৷ এই সভাত সভাপতিত্ব কৰে অল ইণ্ডিয়া মহিলা সাংস্কৃতিক সংগঠনৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি চিত্ৰলেখা দাসে৷ সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে সংগঠনৰ সম্পাদক অধ্যাপক বৰ্ণালী শৰ্মাই৷ সভাত বক্তব্য প্ৰদান কৰে এছ ইউ চি আই [কমিউনিষ্ট] দলৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক তথা কেন্দ্ৰীয় কমিটিৰ সদস্য চন্দ্ৰলেখা দাসে৷ আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱে আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যিক মহিলা আয়োগৰ সহযোগত স্বেচ্ছাসেৱী সংগঠন ৰত্নমে আন্তৰ্জাতিক ‘নাৰী দিৱস ‘ পালন কৰে৷ এই উপলক্ষে ‘মহীয়সী বঁটা-২০২২’ বঁটা প্ৰদান কৰা হয় ৰাজ্যৰ ভিন্ন ক্ষেত্ৰত নিজৰ কৰ্মদক্ষতাৰে সুনাম কঢ়িয়াবলৈ সমৰ্থ হোৱা ৫গৰাকী নাৰীক৷  এই বঁটাত আছে এখন গামোচা, চেলেং চাদৰ, এটা স্মাৰক, গ্ৰন্থৰ টোপোলা, মানপত্ৰসহ ১০ হাজাৰ টকাৰ চেক৷ এই বঁটাপ্ৰাপকসকল হৈছে ক্ৰমে বিশিষ্ট সাহিত্যিক, সমাজকৰ্মী, শিক্ষয়ত্ৰী ৰুপেশ্বৰী গোহাঁই, অনাঁতাৰ শিল্পী কনকলতা দাস, বিশিষ্ট চিকিৎসক ডাঃ অজন্তা বাৰ্মা, মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ নাৰ্চ কাঞ্চন দেৱী আৰু প্ৰতিষ্ঠিত কৃষক উষা নাথ৷ বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে থাকি বঁটা প্ৰদান কৰে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক ৰিণিকী ভূঞা শৰ্মা, বিশিষ্ট অভিনেতা নিপন গোস্বামী, অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ ড॰ হেমপ্ৰভা বৰঠাকুৰ আৰু সমাজকৰ্মী কণিকা গাৰ্লোছাই৷ এই অনুষ্ঠানত উদ্যোক্তা সকলে অসম আৰক্ষীৰ ২৫ গৰাকী বীৰাংগনাক বিশেষ ভাৱে সম্বৰ্ধনা জনায়৷ লগতে শাৰীৰিক অসুস্থতাৰ বাবে নৃত্য শিল্পী চন্দনা দেৱীক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে৷ অনুষ্ঠানত বৰ্ণ্যধ্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়৷ আনহাতে সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত ৰাজ্যিক মহিলা অভিবৰ্তন অনুষ্ঠিত হয়৷ মৈত্ৰেয়ী বাগছি, পৰী কুমাৰী বৰুৱা, শিখা দাস, গীতাঞ্জলি সোণোৱালৰ সঞ্চালনাত অনুষ্ঠিত অভিবৰ্তনত উদ্দেশ্য ব্যাখ্যা তথা প্ৰস্তাৱনা বক্তব্য প্ৰদান কৰে প্ৰগতিশীল নাৰী সন্থাৰ ৰাজ্যিক সম্পাদিকা মৃণালী দেৱীয়ে৷ অসমৰ বিভিন্ন জিলাৰ পৰা অহা পাঁচ শতাধিক মহিলাৰ অংশগ্ৰহণত অনুষ্ঠিত অভিবৰ্তনখনত সদৌ ভাৰত প্ৰগতিশীল নাৰী সন্থাৰ সাধাৰণ সম্পাদিকা মীনা তিৱাৰীয়ে মুখ্য বক্তা হিচাপে বক্তব্য প্ৰদান কৰে৷ আনহাতে অভিবৰ্তনত জোনাকী বাটৰ সম্পাদক, নাৰী সন্থাৰ নেত্ৰী জুনু বৰা,  চিপিআই [এম-এল]ৰ ৰাজ্যিক সদস্য তথা এ আই চি চি টি ইউৰ ৰাজ্যিক সহকাৰী সম্পাদক পংকজ কুমাৰ দাস, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক জিতেন তাঁতী আদিয়ে বক্তব্য প্ৰদান কৰে৷ বক্তাসকলে নাৰীক সুৰক্ষা প্ৰদান আৰু আৰ্থিক নিৰাপত্তা প্ৰদানত ব্যৰ্থ বিজেপি চৰকাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ নাৰী আন্দোলন গঢ়ি তুলিবলৈ আহবান জনায়৷ সভাই বদ্ধিত নাৰী নিৰ্যাতন বন্ধ কৰা, ৩৩ শতাংশ আসন সংৰক্ষণ, শ্ৰমজীৱি মহিলাক পুৰুষৰ সমহাৰত মজুৰি দিয়া,  ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক আগ্ৰাসন বন্ধ কৰা, যুদ্ধবাজ আমেৰিকা নেতৃত্বাধীন নাটো উচটনি বন্ধ কৰাৰ দাবীত প্ৰস্তাৱ গ্ৰহণ কৰে৷ সভাত যুদ্ধবিৰোধী গীত মাত কবিতা আদি মহিলা সকলে পৰিবেশন কৰে৷ এইদৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নাৰী দিৱস পালন কৰা হয়৷