Logo
image

ইউক্ৰেইনৰ হৈ যুদ্ধত নামিছে ভাৰতীয় ছাত্ৰ

আমাৰ অসম, ৯ মাৰ্চঃ জীৱনৰ অপূৰ্ণ স্বপ্ন পূৰণ কৰি কোইম্বাটোৰৰ সৈনিকেশ ইউক্ৰেইনৰ সৈনিক হ’ল৷ কোনোমতে আঁচলত জীউ লৈ যুদ্ধবিধবস্ত দেশখনৰ পৰা সকলো বিদেশী নাগৰিকে পলায়ন কৰাৰ সময়তে কোইম্বাটোৰৰ ভাৰতীয় ছাক্ৰজনে ইউক্ৰেইনৰ সেনাবাহিনীত যোগদান কৰি ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱাৰ খবৰে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ তামিলনাডুৰ কোইম্বাটোৰৰ সৈনিকেশ ৰৱিচন্দ্ৰন নামৰ ছাত্ৰজনৰ এই সাহসী সিদ্ধান্তই বিপদৰ সময়ত যুদ্ধবিধবস্ত দেশখনক এধানি সকাহ দিলেও এই ঘটনাত তেওঁৰ পিতৃ-মাতৃ বাকৰুদ্ধ হৈ পৰিছে৷ ভাৰতীয় সেনাবাহিনীত যোগদান কৰা তেওঁৰ আজন্ম স্বপ্ন আছিল৷ ১৮ বছৰ সম্পূৰ্ণ হোৱাৰ পাছত তেওঁ দুবাৰকৈ ভাৰতীয় সেনা বাহিনীত যোগদানৰ বাবে চেষ্টা চলাইছিল৷ কিন্তু শাৰীৰিক উচ্ছতা কম হোৱাৰ বাবে তেওঁৰ আবেদন দুয়োবাৰেই অগ্ৰাহ্য কৰিছিল ভাৰতীয় সেনা কতৃৰ্পক্ষই৷ কিন্তু ইউক্ৰেইনত স্বপ্ন পূৰণ হ’ল ভাৰতৰ সৈনিকেশৰ৷ ৰাছিয়াৰ আক্ৰমণ ইউক্ৰেইনবাসীৰ বাবে দুঃস্বপ্নত পৰিণত হ’লেও সৈনিকেশৰ বাবে এয়া হৈ পৰিল অযাচিতে আহি পৰা স্বপ্নপূৰণৰ সোণালী সুযোগ৷ সেই সুযোগৰ সদব্যৱহাৰ কৰি সৈনিকেশ ৰবিচন্দ্ৰন এতিয়া ইউক্ৰেইনৰ ‘জৰ্জিয়ান নেচনেল লিজিঁঅ’ৰ এজন বিশ্বস্ত সৈনিক, যি হাতত মাৰণাস্ত্ৰ লৈ যুদ্ধ অৱতীৰ্ণ হৈছে দখলদাৰী ৰাছিয়াৰ সেনাবাহিনীৰ বিৰুদ্ধে৷ ইউক্ৰেইনৰ খাৰকিভস্থিত ‘নেচনেল এৰোস্পেচ ইউনিভাৰ্চিটী’ৰ ছাত্ৰ সৈনিকেশে আমেৰিকাৰ সেনাবাহিনীত ভৱিষ্যতে কোনোবা এদিন যোগদান কৰিব বুলি আশা কৰি থাকোতেই ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাত তেওঁ স্বেচ্ছাসেৱী যোদ্ধা হিচাপে দেশখনৰ অৰ্ধসামৰিক বাহিনীত যোগদানৰ সুযোগ লাভ কৰিলে৷ সৈনিকেশৰ এই সিদ্ধান্তই তেওঁৰ কোইম্বাটোৰৰ ঘৰত উদ্বেগ আৰু শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে৷ কিয়নো শত্ৰুসেনাৰ বিৰুদ্ধে যুদ্ধত নমা সৈনিকেশৰ ভৱিষ্যত তেনেই অনিশ্চয়তাৰ গৰ্ভত৷ যিজন ভাৰতীয় ছাত্ৰই ইউক্ৰেইনৰ অৰ্ধসামৰিকবাহিনীত যোগদান কৰি ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছে সেই সৈনিকেশ ইউক্ৰেইনলৈ গৈছিল ২০১৮ চনত৷ ২১ বছৰীয়া ছাত্ৰজনে ভাৰতীয় সেনাবাহিনীত যোগদান কৰিবলৈ চেষ্টা কৰি দুবাৰকৈ ব্যৰ্থ মনোৰথ হোৱাত আমেৰিকাৰ সেনাবাহিনীত কেনেকৈ যোগদান কৰিব পাৰে সেই সন্দৰ্ভত খা-খবৰ লৈছিল৷ তাৰ পৰা ইতিবাচক খবৰ লাভ কৰাৰ পাছতে তেওঁ ইউক্ৰেইনলৈ এৰোস্পেচ ইঞ্জিনিয়াৰিং পাঠ্যক্ৰম পঢ়িবলৈ যায়৷ পঢ়ি থকাৰ সময়তো তেওঁ সেনাবাহিনীৰ কাৰ্যকলাপৰ প্ৰতি অতিকৈ আকৃষ্ট হৈ পৰিছিল৷ সেই বিষয়ে কোইম্বাটোৰৰ তেওঁৰ পৰিয়ালে বিশেষ জনা নাছিল৷ কিছুদিন পূৰ্বে তেওঁ ঘৰলৈ আহি ডেৰমাহমান আছিল৷ যুদ্ধ আৰম্ভ হোৱাৰ পাছত চাৰিদিনলৈকে তেওঁৰ পৰিয়ালে কোনো খা-খবৰ নোপোৱাত  ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসলৈ সৈনিকেশৰ সন্ধান বিচাৰি এখন ই-মেইল প্ৰেৰণ কৰে৷ তেতিয়া ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে সৈনিকেশ সন্দৰ্ভত খবৰ লয় আৰু তেওঁ ইউক্ৰেইনৰ অৰ্ধসামৰিক বাহিনীত যোগদান কৰাৰ তথ্য লাভ কৰে৷ সৈনিকেশে জৰুৰীকালীন প্ৰশিক্ষণ গ্ৰহণ কৰি যুদ্ধত নামি পৰিছে৷ অৱশ্যে তেওঁৰ দৰে আৰু কেইবাখনো দেশৰ নাগৰিকে ইউক্ৰেইনৰ হৈ স্বেচ্ছাই যুদ্ধত অৱতীৰ্ণ হৈছে৷