Logo
image

সীমান্তলৈ এতিয়াও বহুদূৰ তথাপি স্বস্তি নীলম, নিকিতাহঁতৰ

আমাৰ অসম, ৯ মাৰ্চঃ সুদীৰ্ঘ ১৩ দিনৰ মূৰত যুদ্ধ বিধবস্ত ইউক্ৰেইনৰ ছুমী প্ৰদেশত আবদ্ধ অসমীয়া শিক্ষাৰ্থী নীলম-নিকিতাহঁতৰ মুখত হাঁহি বিৰিঙিছে৷ কিয়নো মঙলবাৰে ৪১ অসমীয়াসহ ৬৯৪জন ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে আহিল ৰেডক্ৰছৰ বিশেষ বাছ৷ ৰাছিয়াই ছুমীকে ধৰি পাঁচখন প্ৰদেশত যুদ্ধবিৰতি ঘোষণা কৰি আবদ্ধ বিদেশীৰ লগতে সাধাৰণ ইউক্ৰেনিয়ানসকলক মানৱ কৰিড’ৰৰ জৰিয়তে উদ্ধাৰ তথা স্থানান্তৰৰ সেউজ সংকেত দিছিল৷ ভাৰতকে ধৰি কেইবাখনো ৰাষ্ট্ৰৰ হেঁচাৰ পাছতেই ৰাছিয়া আৰু ইউক্ৰেইনে মানৱ কৰিড’ৰত সঁহাৰি জনোৱাত মঙলবাৰে ভাৰতীয় দূতাবাসৰ সহযোগত ৰেডক্ৰৰ স্বেচ্ছাসেৱকে বিশেষ বাছৰে ছুমী প্ৰদেশৰ মাজমজিয়াত অৱস্থিত ছুমী ৰাজ্যিক চিকিৎসা বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ বাংকাৰৰ পৰা উদ্ধাৰ কৰি স্থানান্তৰ ব্যৱস্থা কৰিছে অসমীয়া তথা ভাৰতীয়সকলক৷ ছুমী চিকিৎসা বিশ্ববিদ্যালয়ৰ কতৃৰ্পক্ষৰ পূৰ্ণ সহযোগিতাত ভাৰতীয় ছাত্ৰসকলক ছুমীৰ পৰা কাষৰীয়া প’ল্টাভা চহৰলৈ লৈ অনা হৈছে৷ ছুমী প্ৰদেশৰ পৰা প’ল্টাভা চহৰলৈ দূৰত্ব ১৭৫ কিলোমিটাৰ যদিও ৰাছিয়াৰ আক্ৰমণত ৰাজপথ বিধবস্ত হৈ পৰাত অকাই পকাই সৰু সৰু পথেৰে ভাৰতীয় শিক্ষাৰ্থীসকলক প’ল্টাভালৈ আনে৷ পুৱা ৯ বজাৰ পৰা ইউক্ৰেইনৰ সময় মতে বিয়লি ৬.৩০ বজাতহে প’ল্টাভাৰত আহি উপস্থিত হয় ভাৰতীয় ছাত্ৰসহ বাছৰ বিশাল কনভয়টো৷ ভাৰতীয় ৬ শতাধিক শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে ৰেডক্ৰছে বাছৰ ব্যৱস্থা কৰে যদিও বহু শিক্ষাৰ্থী সমগ্ৰ পথছোৱা বাছত থিয় হৈ অহা বুলিও দুখেৰে জানিবলৈ দিছে৷ সীমান্তলৈ বহুদূৰ যদিও উদ্ধাৰৰ বাবে ৰেডক্ৰছ তথা ভাৰতীয় দূতাবাস আগবাঢ়ি অহাত স্বস্তিৰ নিশ্বাস পেলাইছে আবদ্ধ অসম তথা ভাৰতীয় শিক্ষাৰ্থীসকলে৷ এই যাত্ৰাৰ সন্দৰ্ভত আবদ্ধ বাছযাত্ৰী দেৰগাঁৱৰ নীলম কলিতাই ‘আমাৰ অসম’ৰ আগত হয়– ‘জীৱন ৰক্ষা পৰাৰ যেন আশা দেখা পাইছো৷ অৱশেষত আমাক ছুমীৰ বাংকাৰৰ পাৰ উদ্ধাৰৰ প্ৰচেষ্টা চলিছে৷ ৰেডক্ৰছৰ বাছত ভাৰতীয় দূতাবাসৰ বিষয়াৰ সহযোগত বিশাল কনভয়ে আমি পল্টাভালৈ গৈ আছো৷ আমাক প্ৰথমে ৰ’ম্‌নী চহৰলৈ নিয়ে যদিও সূচল পথৰে গন্তব্য স্থানলৈ লৈ গৈ আছে৷ বাছৰ পৰা আমি কেৱল যুদ্ধৰ ধবংসাৱশেষ দেখা পাইছো৷ বিভিন্ন চেকপোষ্ট পাৰ হৈছো৷ সন্মুখত ৰেডক্ৰছৰ স্বেচ্ছাসেৱক আৰু ভাৰতীয় দূতাবাসৰ বিষয়াৰ লগতে আন আন দেশৰ কূটনৈতিক বিষয়া থকাত নিৰাপত্তাৰক্ষীয়ে বিশেষ কোনো অসুবিধা দিয়া নাই৷ যাত্ৰাপথত ইউক্ৰেইনৰ স্থানীয় আৰক্ষীয়ে আমাক এছক’ৰ্ট বেষ্টনি দি আগবঢ়াই নিছে৷ অৱশ্যে এখন বাছত সতীৰ্থ এজন বিদেশ ছাত্ৰই মোবাইলত ফটো উঠোৱাত ছাত্ৰজনৰ হাতৰ পৰা মোবাইলটো কাঢ়ি ল’লে ইউক্ৰেইনৰ সেনাই৷ আমাক এতিয়া প’ল্টাভালৈ লৈ গৈছে যদিও প’ল্টাভাৰৰ পৰা আমাক ক’লৈ নিব সেয়া দূতাবাসৰ ফালৰ পৰা জনোৱা হোৱা নাই৷ সম্ভৱত আমাক প’ল্টাভাৰৰ পৰা ৰে’লেৰে ৰোমানীয়া বা পোলেণ্ড সীমান্তলৈ লৈ যাব৷ আশা কৰিছো আমি সকলো অসমীয়া তথা ভাৰতীয় শিক্ষাৰ্থীয়ে নিৰাপদে দেশৰ মাটিত উপস্থিত হ’ব পাৰিম৷’ উল্লেখ্য, ইউক্ৰেইনৰ পূব প্ৰান্তৰৰ ছুমী প্ৰদেশৰ পাৰ ৰাছিয়া সীমান্তলৈ ২৫-৩০ কিলোমিটাৰ দূৰত্ব যদিও ভাৰতীয় শিক্ষাৰ্থীসকলক পশ্চিম সীমান্তৰ ১২শ-১৪শ কিলোমিটাৰ আঁতৰৰ ৰোমানীয়া সীমান্তলৈ স্থানান্তৰৰ ব্যৱস্থা কৰিছে৷ উল্লেখ্য, বৰ্তমানলৈ ইউক্ৰেইনত আবদ্ধ ১০০জনৰো অধিক অসমীয়া শিক্ষাৰ্থী মাতৃভূমিত আহি উপস্থিত হ’বলৈ সক্ষম হৈছে৷

সুকলমে উভতি আহিল হাওৰাঘাটৰ মানস

যুদ্ধবিধবস্ত ইউক্ৰেইনৰ পৰা সুকলমে আহি স্ব-গৃহত উপস্থিত হ’ল হাওৰাঘাটৰ মানস প্ৰতিম নাথ৷ যুদ্ধবিধবস্ত ইউক্ৰেইনৰ শেহতীয়া অৱস্থাত শংকিত হৈ সহপাঠীসকলৰ সৈতে তাৎক্ষণিকভাৱে ইউক্ৰেইন এৰাৰ সিদ্ধান্ত লয় মানসে৷ ৱাৰ জ’নৰ পৰা ৬০০ কিলোমিটাৰ দূৰত তথা ৰোমানিয়া সীমান্তৰ পৰা মাথোঁ২০ কিলোমিটাৰ আঁতৰত থকা মানস আৰু তেওঁৰ সহপাঠীসকলে পৰিস্থিতিৰ ভয়াৱহতা অনুধাৱন কৰি ততাতৈয়াকৈ ৰোমানিয়া সীমান্ত পাৰ হৈ বিপদসংকুল এলেকাৰ পৰা ওলাই আহে৷ তাৰ পাছত চৰকাৰৰ সহযোগিতাত অসমলৈ সুকলমে ঘূৰি আহে হাওৰাঘাটৰ মানস৷  হাওৰাঘাটৰ শিক্ষক মনোৰঞ্জন নাথ আৰু ৰীমা নাথৰ পুত্ৰ মানসে এইক্ষেত্ৰত চৰকাৰৰ সহযোগিতাৰ যথেষ্ট শলাগ লয়৷  সম্প্ৰতি ইউক্ৰেইনফেৰৎ মানস কাৰ্বি আংলং জিলাৰ হাওৰাঘাটস্থিত নিজগৃহতে আছে৷

সীমান্ত পাৰ হোৱাত ভাৰতীয় দূতাবাসে সহায় নকৰিলে নয়নজ্যোতিক

যুদ্ধবিধবস্ত ইউক্ৰেইনৰ পৰা নগাঁৱৰ বাসগৃহত উপস্থিত হ’ল চিকিৎসা বিজ্ঞানৰ ছাত্ৰ নয়নজ্যোতি দাস৷ ইউক্ৰেইনৰ কীয়েভ কিভ চহৰত শিক্ষাগ্ৰহণ কৰি আছিল নয়নে৷ বাছেৰে শ্লোভাকিয়া সীমান্তলৈ আহি প্ৰায় ১৫ কিলোমিটাৰ খোজকাঢ়ি ইউক্ৰেইনৰ সীমা অতিক্ৰম কৰিছিল নয়নৰ লগতে বহু ছাত্ৰই৷ দিনে-নিশাই গুলী-বাৰুদৰ শব্দৰ মাজত বাংকাৰত আশ্ৰয় গ্ৰহণ কৰিছিল নয়ন আৰু তেওঁৰ সহযোগীয়ে৷ বৰ্তমান আৱদ্ধ বহু ছাত্ৰ-ছাত্ৰীয়ে খাদ্য সংকটত ভোগাৰ লগতে খাবলৈ পানীৰো অভাৱ হোৱাৰ কথা প্ৰকাশ কৰিছে নয়নজ্যোতি দাসে৷ ভাৰতীয় দূতাবাসৰ পৰাও শিক্ষাৰ্থীজনে কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ অভিযোগ উত্থাপিত কৰিছে নয়ন জ্যোতি দাসে৷ নয়নৰ বন্ধু নগাঁৱৰ পিনাকী ৰঞ্জন নামৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰজন ছুমীত আবদ্ধ হৈ থকাৰ কথা উল্লেখ কৰি নয়নে কয় দুখন ব্ৰেড খাই সি তিনি দিন পাৰ কৰিছে৷ নগাঁৱৰ হয়বৰগাঁৱৰ নয়ন জ্যোতি দাস নিজৰ ঘৰ আহি পোৱাত পিতৃ মাতৃৰ উৎকণ্ঠা অন্ত পৰিছে৷ ইফালে নগাঁৱৰ চাদ্দাম হুছেইন নামৰ আন এজন ছাত্ৰ ইউক্ৰেনৰ পৰা নগাঁও আহি উপস্থিত হৈছে৷ ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি থকা অৱস্থাত দেশখন ত্যাগ কৰিব লগা হোৱা চাদ্দাম হুছেইনৰ ঘৰ ৰূপহীহাটৰ পুথিমাৰীত৷