Logo
image

মৃত্যু চুমি ছুমী এৰিলে শিক্ষাৰ্থীয়ে

প্ৰচণ্ড গোলাবৰ্ষণত মাকাৰিভ, ছুমীত ২২ নাগৰিকৰ মৃত্যু

ৰুছ জেনেৰেল নিহত

ৰাছিয়াৰ সন্ধিৰ প্ৰস্তাৱ গ্ৰহণ

ক্ৰিমিয়া আৰু ডনবাছক লৈ আলোচনা-আপোচৰ বাবে সাজু জেলেনস্কি

আমাৰ অসম, ৯ মাৰ্চঃ মৃত্যুৰ শীতল স্পৰ্শ কি সেয়া মৰ্মে মৰ্মে উপলব্ধি কৰি যুদ্ধবিধবস্ত ছুমীৰ পৰা অৱশেষত উভতিল ভাৰতীয় শিক্ষাৰ্থী৷ মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় সংগঠন ৰেডক্ৰছৰ তৎপৰতাত ইউক্ৰেইনৰ ছুমীত আবদ্ধ হৈ থকা ৬৯৪ জন ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ কৰি প্ৰতিবেশী দেশলৈ অনাৰ খবৰে ভাৰতবাসীক আনন্দিত কৰি তুলিছে৷ অসমৰো ৪১ জন ছাত্ৰ-ছাত্ৰী যোৱা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ দিনাৰ পৰা গুলী-বাৰুদৰ মাজত খাদ্য আৰু পানী প্ৰায় নোহোৱাকৈ ছুমীত আবদ্ধ হৈ আছিল৷ ৰাছিয়াই পূব দিশৰ পৰা যুদ্ধৰ আৰম্ভণিতেই ছুমী আক্ৰমণ কৰিছিল আৰু সীমান্তৰ পৰা ৫০ কিলোমিটাৰ দূৰত অৱস্থিত ইউক্ৰেইনৰ এই গুৰুত্বপূৰ্ণ চহৰখন দখল কৰিবলৈ উঠিপৰি লাগিছিল৷ প্ৰথমে ক্ষেপণাস্ত্ৰৰ আক্ৰমণ আৰু আকাশমাৰ্গেৰে চলোৱা ক্লাষ্টাৰ বোমাৰ আক্ৰমণত আক্ষৰিক অৰ্থতে সম্পূৰ্ণৰূপে বিধবস্ত হৈ পৰিছিল ছুমী নামৰ চহৰখন৷ মুহুৰ্মুহু বোমাবৰ্ষণৰ ফলত চহৰখনৰ বাসিন্দা বাহিৰলৈ ওলাই অহাটো অসম্ভৱ হৈ পৰিছিল আৰু সেয়ে সকলোৱে আশ্ৰয় লৈছিল বাংকাৰত৷ অসমৰ চল্লিছৰো অধিক ছাত্ৰ-ছাত্ৰীৰ সৈতে প্ৰায় সাতশ ভাৰতীয় ছাত্ৰ-ছাত্ৰী আছিল এই চহৰখনত৷ প্ৰথমে বাংকাৰত থকা অৱস্থাত তেওঁলোকে সংগ্ৰহ কৰি ৰখা খাদ্য আৰু পানীৰে আতংক সত্ত্বেও ভালদৰেই দিন কটাইছিল৷ কিন্তু বিগত এসপ্তাহ ধৰি ছুমীত ৰাছিয়াৰ বোমাবৰ্ষণত বিদ্যুৎ ব্যৱস্থা বিধবস্ত হৈ পৰাৰ ফলত বিদ্যুতৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছিল৷ বৰফ গলাই পানী খাব লগীয়া হৈছিল বাংকাৰত থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে৷ যিকোনো মুহূৰ্ততে মৃত্যুৰ শীতল কোলাত শুই পৰাৰ আশংকাত দিন-নিশা অতিক্ৰান্ত কৰিছিল তেওঁলোকে৷ ইফালে প্ৰচণ্ড শীতত ছুমীৰ তাপমাত্ৰা মাইনাছ চাৰি-পাঁচ ডিগ্ৰীৰ তললৈ নামিছিল৷ বিদ্যুৎ নথকাৰ বাবে ব্যাহত হৈ পৰিছিল হিটাৰৰ ব্যৱস্থা৷ বাৰে বাৰে তেওঁলোকে এছঅ’এছ বাৰ্তা দি উদ্ধাৰৰ বাবে কাকুতি-মিনতি কৰিছিল৷ সোমবাৰে তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে বাছ গৈ উপস্থিত হোৱা সত্ত্বেও ইউক্ৰেইনৰ কতৃৰ্পক্ষই বিদেশী ছাত্ৰ-ছাত্ৰীসকলক আহিবলৈ দিয়া নাছিল৷ দুবাৰকৈ ৰাছিয়াই আগবঢ়োৱা যুদ্ধবিৰতিৰ সুযোগ অথলে গৈছিল৷ অৱশেষত মঙলবাৰে ৰেডক্ৰছৰ প্ৰত্যক্ষ হস্তক্ষেপত আন আন বিদেশী ছাত্ৰ-ছাত্ৰীৰ সৈতে ভাৰতৰ ৬৯৪ জন ছাত্ৰ-ছাত্ৰীক বাছত তুলি মৃত্যুগহ্বৰ ছুমীৰ পৰা উদ্ধাৰ কৰি অনা হয়৷ তেওঁলোকক ছুমীৰ পৰা মঙলবাৰে ইউক্ৰেইনৰে পলটাভা নামৰ চহৰখনলৈ লৈ অনা হৈছে৷ ছুমীৰ পৰা ১৭৪ কিলোমিটাৰ দূৰত্বৰ পলটাভাত ইতিমধ্যে আহি ভাৰতীয় শিক্ষাৰ্থীসকল উপস্থিত হৈছে৷ নিশাটো তাতে কটোৱাৰ পিছত বুধবাৰে পুনৰ যুদ্ধবিৰতিৰ অৱসৰত ভাৰতীয় শিক্ষাৰ্থীসকলক ইউক্ৰেইনৰ পশ্চিম সীমান্তলৈ আনি ৰোমানিয়াত ভাৰতীয় দূতাবাসৰ বিষয়াৰ হাতত অৰ্পণ কৰিব ৰেডক্ৰছে৷ পলটাভাৰ পৰা ৰোমানিয়াৰ সীমান্তৰ চেকপোষ্টলৈ দূৰত্ব প্ৰায় ১১০০ কিলোমিটাৰ৷ এই দীৰ্ঘ পথছোৱাত দখলদাৰী ৰুছ সেনা আৰু ইউক্ৰেইনৰ সেনাৰ মাজত গভীৰ যুদ্ধ হৈ থকা নাই৷ আগৰণুৱা ৰুছ সেনাৰ সৈতে চেগা-চোৰোকাকৈ যুদ্ধ চলি আছে আৰু আকাশমাৰ্গেৰে ৰুছ সেনাই বোমাবৰ্ষণ কৰি আছে৷ সেয়ে বুধবাৰৰ দিনটো ভাৰতীয় শিক্ষাৰ্থীসকলৰ বাবে অতি উদ্বেগজনক আৰু গুৰুত্বপূৰ্ণ দিন৷ সুৰক্ষিতভাৱে তেওঁলোক ৰোমানিয়াৰ সীমান্তত উপস্থিত হ’বলৈ কমেও সোতৰ ঘণ্টা সময়ৰ প্ৰয়োজন হ’ব৷ ইপিনে, মাইক’লেভ বন্দৰত ৭৫ জন ভাৰতীয় নাবিক আবদ্ধ হৈ আছে৷ ভাৰতীয় দূতাবাসে তেওঁলোকক উদ্ধাৰ কৰাৰ বাবে পদক্ষেপ ল’ব বুলি বাৰ্তা প্ৰেৰণ কৰিছে৷ ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ৰ মতে তেওঁলোকক জৰুৰীভাৱে উদ্ধাৰ কৰা হ’ব৷

আনহাতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাডিমিৰ পুটিনে আগবঢ়োৱা চৰ্তসাপেক্ষ সন্ধিৰ প্ৰস্তাৱৰ প্ৰতি  ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে সঁহাৰি জনাইছে৷ তেওঁ পুটিনৰ প্ৰস্তাৱত সঁহাৰি জনাই কৈছে যে, ক্ৰিমিয়া আৰু ডনবাছ অঞ্চলক লৈ তেওঁ আলোচনা কৰিবলৈ প্ৰস্তুত আৰু ৰাছিয়াই আগবঢ়োৱা আপোচৰ সূত্ৰ গ্ৰহণ কৰাৰ বাবেও তেওঁ সাজু আছে৷ উল্লেখ্য, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে সোমবাৰে জেলেনস্কিলৈ সন্ধিৰ প্ৰস্তাৱ আগবঢ়াই কৈছিল যে, যদিহে ৰাছিয়াই উত্থাপন কৰা চৰ্ত মানি লৈ জেলেনস্কিয়ে আপোচ কৰিবলৈ সন্মত হয় তেন্তে ৰাছিয়াই অব্যাহত ৰখা আক্ৰমণ বন্ধ কৰিব পাৰে৷ অন্যথা ইউক্ৰেইন এখন স্বাধীন দেশ হৈ নাথাকিব বুলি পুটিনে হুংকাৰ দিয়ে৷ মঙলবাৰে জেলেনস্কিয়ে সেই প্ৰস্তাৱ মানিব বুলি প্ৰত্যুত্তৰ দিয়াত এই সৰ্বনশীয়া যুদ্ধখন বন্ধ হোৱাৰ এটা ক্ষীণ সম্ভাৱনাৰ সৃষ্টি হৈছে৷ অৱশ্যে যুদ্ধত এতিয়ালৈকে ইউক্ৰেইনে ৰাছিয়াৰ বৃহৎ ক্ষতি কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে৷ ইউক্ৰেইনৰ সেনাৰ হাতত সোমবাৰে ৰাছিয়াৰ দ্বিতীয়জন যুদ্ধৰ শীৰ্ষ সেনাপতি নিহত হৈছে৷ ইউক্ৰেইনে জনোৱা অনুসৰি ভিটালি গেৰাচিমভ নামৰ ৰাছিয়াৰ মেজৰ জেনেৰেল ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণত নিহত হৈছে৷ তেওঁ ৰুছ সেনাৰ ৪১ সংখ্যক আৰ্মিৰ মুখ্য কামাণ্ডৰ আছিল৷ ইয়াৰ পূৰ্বে তেওঁৰ সহযোগী আৰু একেটা বাহিনীৰ দ্বিতীয় স্থানত থকা সহকামাণ্ডাৰ মেজৰ জেনেৰেল আন্দ্ৰেই ছুখভেটস্কি এজন গুপ্তঘাটকৰ গুলীত নিহত হৈছিল৷ সোমবাৰে ৰুছ সেনাৰ আন তিনিজন আগশাৰীৰ সেনাপতি ক্ৰমে লেফটেনেণ্ট কৰ্ণেল ডেনিছ গেলবভ, ডিমিট্ৰি ছাফ্ৰনভ আৰু কনষ্টানটিন জিভেস্কিক মুখামুখি যুদ্ধ নিহত কৰিছিল ইউক্ৰেইনৰ সেনাই৷ ৰাছিয়াৰ ভয়ংকৰ ক্ষতি হোৱা সত্ত্বেও ৰুছ সেনাই মঙলবাৰে ৰাজধানী কিয়েভ চহৰখন প্ৰায় আগুৰি ধৰিছে৷ চহৰৰ তাপমাত্ৰা নিশাৰ ভাগত মাইনাছ ১৪ ডিগ্ৰীৰ তললৈ নমাত উভয় পক্ষৰ সেনাবাহিনী প্ৰবল প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছে৷ ইউক্ৰেইনে জনোৱা মতে ৰাছিয়াই তিনিশ নাগৰিকক মাৰিউপল চহৰত পণবন্দী কৰি ৰাখিছে আৰু এই পৰ্যন্ত দেশখনত ৪০০ অসামৰিক লোকৰ মৃত্যু হৈছে, য’ৰ ৩৮ টাই শিশু৷ ৰাছিয়াৰ বোমাবৰ্ষণত মাকাৰিঙ আৰু ছুমীত আজি ২২ জন অসামৰিক লোকৰ মৃত্যু হৈছে৷