Logo
image

ভোট শেষ, ৰাতিটোতে ৬,০০০ টকা বাঢ়িল ৰডৰ দাম

আমাৰ অসম, ৯ মাৰ্চঃ নিৰ্বাচনৰ ভোটদান অন্ত পৰাৰ পাছতেই হোৰাহোৰে বাঢ়িছে ৰডৰ দাম৷ উত্তৰ প্ৰদেশকে ধৰি পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সোমবাৰে অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণৰ লগে লগে নিশাটোৰ ভিতৰতে পাইকাৰী বজাৰত লোহাৰ মূল্য বৃদ্ধি পালে ৬০০০ টকা৷ আনকি মঙলবাৰৰ দিনটোত অবিশ্বাস্যভাৱে তিনিবাৰকৈ বাঢ়িল ৰডৰ দাম৷ মঙলবাৰে গুৱাহাটীৰ পাইকাৰী বজাৰত ৰডৰ দামে স্পৰ্শ কৰিলে প্ৰতি মেট্ৰিকটনত ৮০ হাজাৰ টকা৷ অথচ চাৰিদিন পূৰ্বে ৰডৰ মূল্য আছিল প্ৰতি মেট্ৰিকটনত ৭৬,০০০ টকা৷ অতি চিন্তাজনকভাৱে মাত্ৰ তিনি মাহৰ ব্যৱধানতে প্ৰতি মেট্ৰিকটন ৰডৰ দাম বৃদ্ধি পালে ২৫ হাজাৰ টকা৷ ৰডৰ দাম এনে ঊধবৰ্মুখী হোৱাত নিৰ্মাণকাৰী সংস্থা সমূহৰ লগতে সাধাৰণ নাগৰিকেও ঘৰ নিৰ্মাণ কৰিবলৈ গৈ থমকি ৰ’ব লগা হৈছে৷ অভিযোগ অনুসৰি নিৰ্বাচনৰ পূৰ্বে উদ্যোগ তথা বণিক গোষ্ঠীৰ পৰা শাসকীয় বিজেপি দলে বৰঙণিৰ নামত কোটি কোটি টকা চান্দা সংগ্ৰহ কৰাৰ পৰিণতিত এতিয়া স্বইচ্ছাই ৰডৰ মূল্য বৃদ্ধি কৰিছে উদ্যোগ প্ৰতিষ্ঠান তথা বণিক গোষ্ঠীয়ে৷ নিৰ্বাচনৰ নামত শাসকীয় ৰাজনৈতিক দলক দিয়া চান্দাৰ ধন সূতে-মূলে উচল কৰাৰ অংকৰে এনিশাৰ ভিতৰতে অস্বাভাৱিক হাৰত দাম বৃদ্ধি কৰাৰ পাছতো নিলিপ্ততাৰ ভূমিকা গ্ৰহণ কৰিছে মোদী চৰকাৰে৷ স্বাভাৱিকতেই পৰিস্থিতি এনে পৰ্যায় পাইছে গৈ ঠিকা কামত ৱৰ্ক অৰ্ডাৰৰ পূৰ্বে ৱৰ্ক নিৰ্ধাৰণ কৰা মূল্যতকৈ বৰ্তমানৰ বজাৰত ৰডৰ দাম দুগুণলৈ বৃদ্ধি পোৱাত নিৰ্মাণ কাৰ্য সাময়িকভাৱে বন্ধ কৰি দিবলৈ বাধ্য হৈছে ঠিকাদাৰসকলে৷ আনহাতে যিসকল সাধাৰণ লোকে ধাৰ ঋণ তথা কষ্টোপাৰ্জিত ধনৰে বাসগৃহ নিৰ্মাণ কৰি আছে তেওঁলোকৰ অধিকাংশই ৰড ক্ৰয় কৰিবলৈ সাহস গোটাব পৰা নাই৷ তথ্য অনুসৰি বিগত ১১ ডিচেম্বৰত ৰডৰ প্ৰতি মেট্ৰিকটনত দাম ৫৭,৫০০ টকা আছিল যদিও ১৫ ফেব্ৰুৱাৰীত প্ৰতি মেট্ৰিকটন ৰডৰ দাম ৬৫,২০০ টকালৈ বৃদ্ধি পাইছিল৷ বিগত ৪ মাৰ্চত প্ৰতি মেট্ৰিকটন ৰডৰ দাম ৭৬,০০০ টকালৈ বৃদ্ধি পাইছিল যদিও সোমবাৰে নিৰ্বাচনৰ ভোট গ্ৰহণ অন্ত পৰাৰ লগে লগে নিশাটোৰ ভিতৰতে প্ৰতি মেট্ৰিকটন ৰডৰ মূল্যই ৮০ হাজাৰ টকা স্পষ্ট কৰে৷ আনকি খুচুৰা বজাৰত ঠাই বিশেষে প্ৰতিমেট্ৰিকটন ৰডৰ মূল্য ৯০ হাজাৰ টকা পৰ্যন্ত হৈছেগৈ বুলিও জানিব পৰা গৈছে৷ আনহাতে ব্যৱসায়ীসকলে ধাৰণা কৰা মতে অনাগত দিনকেইটাত ৰডৰ মূল্য আৰু অধিক বৃদ্ধি পাব৷ কম দিনৰ ভিতৰতে প্ৰতিমেট্ৰিকটন ৰডৰ মূল্যই ১ লাখ টকাৰ ঘৰ স্পৰ্শ কৰাৰো আশংকা ব্যক্ত কৰিছে৷ ইপিনে দুৰ্গাপুৰ মাৰ্কেটত ৰডৰ মূল্যই মঙলবাৰৰ দিনটোত প্ৰতি মেট্ৰিকটনত ৮২ হাজাৰ টকা স্পৰ্শ কৰে৷