মূল্যবৃদ্ধিৰ কেঁকোৰা চেপাত বিপৰ্যস্ত জনতা
পৰিৱৰ্তনৰ শ্লোগান দি শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ দিনত এটাৰ পাছত আনটো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণক ত্ৰাহি মধুসূদন সোঁৱৰাইছে৷ প্ৰতিটো সামগ্ৰীৰ দাম নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে৷ কৰ’না কালত পেট্ৰ’ল-ডিজেলত শুল্ক বৃদ্ধি কৰাৰ বাবে পেট্ৰ’লৰ দামে শতক অতিক্ৰম কৰিছিল আৰু ডিজেলৰ দাম শতকৰ ওচৰ চাপিছিল৷ ইয়াৰ লগতে ৰন্ধন গেছ চিলিণ্ডাৰৰ দামো অত্যধিক বৃদ্ধি পাইছিল৷ ইয়াৰ ফলতে নিত্য-ব্যৱহাৰ্য প্ৰতিটো বস্তুৰ লগতে আন সামগ্ৰীৰ দামো বৃদ্ধি পাইছিল৷ কিন্তু পাঁচখন ৰাজ্যত অলপতে হৈ যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেলৰ কিছু হ্ৰাস কৰাৰ উপৰি বিগত প্ৰায় চাৰি মাহে ইয়াৰ দাম বৃদ্ধি কৰা হোৱা নাছিল৷ কিন্তু সোমবাৰে অন্তিম পৰ্যায়ৰ ভোটদান শেষ হোৱাৰ পাছতে ইন্ধনৰ দাম পুনৰ ২০-২৫ টকাপৰ্যন্ত বাঢ়িব বুলি চৰ্চা হৈছে৷ আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ বাবেই ইন্ধনৰ মূল্যবৃদ্ধি অৱধাৰিত বুলি প্ৰকাশ পাইছে৷ যদিহে পুনৰ পেট্ৰ’ল-ডিজেলৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি হয়, তেন্তে ইয়ে প্ৰতিটো সামগ্ৰীৰ দাম বৃদ্ধিত প্ৰভাৱ পেলাব৷ সামগ্ৰীৰ দাম বৃদ্ধিৰ বিপৰীতে সৰ্বসাধাৰণৰ আয় যিহেতু তেনেই কম, আনকি কৰ’না কালত বহুজন উপাৰ্জনহীন হৈ পৰিছে, ফলত জনসাধাৰণে দৈনন্দিন খৰচৰ জোৰা মৰাই কঠিন হ’ব৷ ইন্ধনৰ মূল্যবৃদ্ধিৰ লগতে ভূতৰ ওপৰত দানহ পৰাদি নিৰ্মাণ খণ্ডৰ বাবে জৰুৰী ৰডৰ দাম অতিমাত্ৰা বৃদ্ধি পাইছে৷ সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি ১১ ডিচেম্বৰত প্ৰতি কুইণ্টল ৰডৰ দাম ৫৭,৫০০ টকা আছিল যদিও ১৫ ফেব্ৰুৱাৰীত এই দাম ৬৫,২০০ টকালৈ বৃদ্ধি পাইছিল৷ ৪ মাৰ্চত ইয়াৰ দাম পুনৰ ৭৬,০০০ টকালৈ বৃদ্ধি পোৱাৰ পাছতো পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটদান শেষ হোৱাৰ দিনটোতে ইয়াৰ দাম পুনৰ ৮০ হাজাৰলৈ বৃদ্ধি পায়৷ মূলতঃ নিৰ্বাচনৰ সময়ত উদ্যোগ-প্ৰতিষ্ঠানে শাসকীয় বিজেপি দলক দিয়া বৰঙণিৰ ধন সেইসকলৰ উদ্যোগ-প্ৰতিষ্ঠানত উৎপাদিত সামগ্ৰীৰ দাম অত্যধিক বৃদ্ধি কৰি গ্ৰাহকৰ পৰা আদায় কৰাৰ কৌশল গ্ৰহণ কৰা বুলিও চৰ্চা হৈছে৷ নিৰ্মাণ খণ্ডত ব্যৱহৃত এনে সামগ্ৰীৰ অস্বাভাৱিক দাম বৃদ্ধিয়ে সৰ্বসাধাৰণকো প্ৰভাৱিত কৰিব৷ কিয়নো ঘৰ-দুৱাৰ নিৰ্মাণকে ধৰি বিভিন্ন কামত এনে সামগ্ৰীৰ প্ৰয়োজন৷ নিৰ্মাণ সামগ্ৰীৰ দামৰ এনে বৃদ্ধিয়ে সৰ্বসাধাৰণৰ এটা ঘৰ সজাৰ সপোন হয়তো পূৰণ কৰাত বিধি-পথালি দিব৷ ইফালে, বিদ্যুতৰ মাচুলো অসম চৰকাৰে পুনৰ বৃদ্ধি কৰিব বুলি বাতৰিত প্ৰকাশ পাইছে৷ ৰাজ্যৰ বিদ্যুৎ বিভাগে বিদ্যুৎ মাচুল ২৩ শতাংশপৰ্যন্ত বৃদ্ধি কৰিব বুলি প্ৰকাশ পাইছে৷ অৰ্থাৎ প্ৰতি ইউনিটত হয়তো দুটকাপৰ্যন্ত বিদ্যুৎ মাচুল বৃদ্ধি পাব৷ এনে অৱস্থাত জনসাধাৰণৰ জীৱন নিৰ্বাহ কৰাই সমস্যা হ’ব৷ বিজেপি চৰকাৰৰ দিনত পুঁজিপতি শ্ৰেণীৰ সম্পদ বৃদ্ধি হোৱাৰ বিপৰীতে সাধাৰণ জনতা অধিক দুখীয়া হৈ পৰিছে৷ পৰিয়াল পোহপাল দিব নোৱাৰি বহুজনে আত্মহননৰ পথ বাছি লৈছে৷ চৰকাৰে যদিহে কোনোবিধ সামগ্ৰীৰ দাম নিয়ন্ত্ৰণ কৰিব নোৱাৰে, তেন্তে আগত সময়ত নিম্ন মধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীৰ জীয়াই থকাই সমস্যা হ’ব৷ যিহেতু দাৰিদ্ৰ্য সীমাৰেখাৰ প্ৰায়সংখ্যক লোককে চৰকাৰে হিতাধিকাৰী আঁচনিত লৈ বিভিন্ন সামগ্ৰীৰ লগতে অৰুণোদয় আঁচনিৰ অধীনত মাহে ধন আদায় দি আছে, সেয়ে সেইসকল লোকে কিছু সকাহ পাব যদিও মূল্যবৃদ্ধিয়ে তেওঁলোককো কেঁকোৰা চেপা দিব৷ চৰকাৰে ৰাজনৈতিক উদ্দেশ্যে হিতাধিকাৰী সৃষ্টি কৰাতকৈ মূল্য নিয়ন্ত্ৰণ কৰি সকলো লোককে উপাৰ্জনৰ পথ দিয়াৰ ব্যৱস্থা কৰিলেহে ৰাজ্য তথা দেশৰ উন্নতি হ’ব৷






