Logo
image

সীমাৰ জঁট ভাঙিবলৈ দিল্লীত কনৰাডৰ অপেক্ষাত মুখ্যমন্ত্ৰী

আমাৰ অসম, ১০ মাৰ্চঃ অসম-মেঘালয়ৰ সীমা বিবাদৰ চূড়ান্ত মীমাংসাৰ বাবে দিল্লীত বাহৰ পাতিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ে দুয়োখন ৰাজ্যৰ সীমা সমস্যাক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব৷ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে বিয়লি চাৰ্টাৰ্ড বিমানেৰে দিল্লীত উপস্থিত হয়৷ যদিও নিশালৈকে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা দিল্লীত উপস্থিত নোহোৱাত বুধবাৰে সাক্ষাৎ সম্ভৱ নহ’ল গৃহমন্ত্ৰী অমিত শ্বাহক৷ কাইলৈ দুয়োজন মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে সীমা সমস্যাক লৈ গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য, ইতিপূৰ্বে দুয়োজন মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত কেবিনেট মন্ত্ৰীৰ নেতৃত্বত ৰাজ্যিক কমিটী গঠন কৰি সীমান্তৰ বিবদমান ভূমি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰাৰ লগতে ৰাইজৰ মতামত গ্ৰহণৰ বাবে ৰাজহুৱা শুনানিও গ্ৰহণ কৰে৷ প্ৰথম পৰ্যায়ত বিবদমান ৬টা অঞ্চলক অধ্যয়ন কৰি ইতিপূৰ্বে  দুয়োখন ৰাজ্যই গৃহ মন্ত্ৰণালয়ক পৃথকে পৃথকে প্ৰতিবেদন দাখিল কৰিছে৷ এই প্ৰতিবেদন ৰাজহুৱা হোৱা নাই যদিও সোমবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ে ৰাজ্যৰ বিধানসভাৰ সদনত বিবদমান ৩৫খন গাঁৱৰ ৩০খন গাঁৱেই মেঘালয়ত থাকিব বুলি সদৰি কৰিছিল৷ মুখ্যমন্ত্ৰী চাংমায়ে  লগতে বিবদমান ৩৬.৯ বৰ্গ কিলোমিটাৰ এলেকাৰ ভিতৰত ১৮ বৰ্গ কিলোমিটাৰ মেঘালয়ৰ সীমাৰ ভিতৰত সোমাব বুলিও বিধানসভাত জনাইছিল৷ বিবদমান ৩৬খন গাঁৱৰ ভিতৰত তাৰাবাৰী অঞ্চলত ৮খন, হাঁহিমত ১১খন, গিজাঙত ২খন, বকলাপাৰাৰ এখন, ৰাতাচেৰাৰ ৩খন আৰু খানাপাৰা আৰু পিংলাকাটাৰ বিবদমান ৬খন গাঁৱৰ ৫খনেই নিজৰ সীমাৰ ভিতৰত থাকিব বুলি সদৰি কৰিছিল মুখ্যমন্ত্ৰী চাংমায়ে৷ মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে আলোচনাৰ বাবে দিল্লীলৈ ৰাওনা হোৱা কাৰ্যই তাৎপৰ্য বহন কৰিছে৷ স্মৰ্তব্য যে, ইতিমধ্যে মণিপুৰৰ বিধানসভা নিৰ্বাচন, মাজুলীৰ উপ-নিৰ্বাচন, ৰাজ্যৰ পৌৰ নিৰ্বাচন সকলোখিনি সুকলমে শেষ হৈছে৷ পাৰ হৈ যোৱা আটাইকেইটা নিৰ্বাচনতে মুখ্যমন্ত্ৰী তথা ‘নেডা’ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকা আছিল অত্যন্ত গুৰুত্বপূৰ্ণ৷ বাকী আছে ৰাজ্যসভা নিৰ্বাচন৷ ৰাজ্যসভাত খালী হ’বলগীয়া অসমৰ দুখন আসনৰ বাবে ৩১ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন৷ বিধায়কৰ সংখ্যাৰ ফালৰ পৰা বিজেপিয়ে ইয়াৰে এখন আসন লাভ কৰাটো নিশ্চিত৷ কিন্তু মুখ্যমন্ত্ৰী আৰু  বিজেপিৰ ৰাজ্যিক নেতৃত্বই দাবী কৰি আহিছে যে দুয়োখন আসনেই শাসকপক্ষৰ হাতত থাকিব৷ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাক বিশেষ দায়িত্ব ন্যস্ত কৰিছে৷ এই ভ্ৰমণসূচীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যসভাৰ প্ৰাৰ্থী সন্দৰ্ভতো আলোচনা কৰাৰ সম্ভাৱনা আছে৷ খালী হ’বলগীয়া এই দুখন অসনৰ ভিতৰত এখন বিজেপিয়ে নিজে ৰাখি আনখন মিত্ৰদল ইউপিপিএলক এৰি দিয়াৰ সম্ভাৱনা আছে৷