Logo
image

এপষেক যুদ্ধৰ পাছত জেলেনস্কি হতাশ

ধৈৰ্যচ্যুত পুটিনে ব্যৱহাৰ কৰিব পাৰে নিউক্লিয়েৰ বোমা

আমাৰ অসম, ১০ মাৰ্চঃ বৃহস্পতিবাৰে এপষেক সম্পূৰ্ণ হ’ব ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ৷ দ্বিতীয় মহাসমৰৰ পাছত সৰ্বাধিকসংখ্যক সৈন্যবল আৰু অস্ত্ৰবল সঞ্চালন তথা নিয়োজিত কৰা এই যুদ্ধখন তেনেই কম দিনৰ ভিতৰত থমকি ৰোৱা বা সামৰণি পৰাৰ কোনো লক্ষণ নাই৷ বিশ্বৰ সকলো প্ৰসিদ্ধ ‘ষ্ট্ৰেটেজিক এক্সপাৰ্ট’ বা যুদ্ধ বিশাৰদৰ সকলো ভৱিষ্যদ্বাণী অসাৰ প্ৰতিপন্ন হোৱাৰ পাছত এতিয়া অনেক যুদ্ধ বিশাৰদেই ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধখন আৰু দীঘলীয়া হোৱাৰ সম্ভাৱনা দেখিছে৷ যোৱা ২৪ ফেব্ৰুৱাৰীত বিশ্বৰ অন্যতম ছুপাৰ পাৱাৰ ৰাছিয়াই উত্তৰ, দক্ষিণ আৰু পশ্চিম দিশৰ পৰা একে সময়তে ইউক্ৰেইন আক্ৰমণ কৰাত সমগ্ৰ বিশ্বই সৰ্বাধিক ৯৬ ঘণ্টাৰ ভিতৰত যুদ্ধখনৰ সামৰণি পৰিব বুলি ভৱিষ্যদ্বাণী কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল৷ কিন্তু আত্মৰক্ষাৰ বাবে উদ্যত হৈ দেশৰ সেনা আৰু নাগৰিক সকলোৱেই একগোট হৈ স্বদেশ ৰক্ষাৰ বাবে যুঁজ দিয়াৰ ফলত সৰ্বশক্তিমান ৰাছিয়াৰ অভিযান এতিয়ালৈকে ইউক্ৰেইনত থমকি ৰ’বলগীয়া হৈছে৷ যুদ্ধ বিশাৰদৰ ভৱিষ্যদ্বাণীৰ ৯৬ ঘণ্টাৰ ভিতৰত ছুপাৰ পাৱাৰ ৰাছিয়াই দেশ দখল কৰা দূৰৰে কথা, ইউক্ৰেইনৰ এখন বৃহৎ চহৰো দখল কৰিব নোৱাৰিলে৷ বলশালী ৰাছিয়াৰ অভিযান স্থবিৰ হৈ পৰাৰ মূল আৰু একমাত্ৰ কাৰণটো হ’ল হাৰ নামানি প্ৰত্যেকজন ইউক্ৰেইনিয়ানে আত্মৰক্ষাৰ বাবে কৰা প্ৰৱল প্ৰতিৰোধ বা দেশৰক্ষাৰ বাবে প্ৰত্যেকজন নাগৰিকে মৰণপন সংকল্প লৈ কৰা যুঁজ৷

ইয়াৰ পৰিণতিতে বিগত দুটা সপ্তাহৰ যুদ্ধত ৰাছিয়াই সাফল্য অৰ্জন কৰিছে কম, সংগ্ৰাম কৰিবলগীয়া হৈছে অধিক৷ ৰুছ বাহিনীৰ ক্ষতিৰ পৰিমাণো ইউক্ৰেইনৰ ক্ষতিৰ তুলনাত আকাশলংঘী৷ এই কথা দোহৰাৰ প্ৰয়োজন নাই যে, দুখন দেশ জড়িত হৈ পৰা যুদ্ধ হ’লেও দ্বিতীয় বিশ্বযুদ্ধৰ পাছত এইখনেই ইউৰোপৰ সৰ্ববৃহৎ যুদ্ধ, য’ত ৰাছিয়াই নিচেই কমদিনৰ ভিতৰতে ইউক্ৰেইনক বশ কৰিব বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু ১,৫০,০০০ পদাতিক বা স্থলসেনা লৈ ইউক্ৰেইন অভিযানত নমা ৰুছ বাহিনীয়ে এতিয়ালৈকে দখল কৰা প্ৰতিখন চহৰ, গাঁৱৰ বাবে শত্ৰুদেশৰ প্ৰতি ইন্সি ভূমিত যুঁজ কৰিবলগীয়া হৈছে৷ মস্কোৰ মূল লক্ষ্য আছিল ৰাজধানী কিয়েভ দখল কৰি শত্ৰুভাৱাপন্ন চৰকাৰখন ওফৰাই নিজৰ পচন্দৰ এখন চৰকাৰ ইউক্ৰেইনত স্থাপন কৰা৷ কিন্তু সেই লক্ষ্য এতিয়াও মস্কোৰ বাবে স্পৰ্শাতীত হৈয়েই ৰৈছে৷ তদুপৰি মাইনাছ ২০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত ঠাণ্ডাৰ প্ৰচণ্ড প্ৰতিকূল বতৰ, যোগাযোগ আৰু পৰিবহণৰ অব্যৱস্থা, ৰাছিয়াৰ বায়ুসেনা বাহিনী আৰু স্থলসেনা বাহিনীৰ অস্বাভাৱিক সমন্বয়হীনতাৰ ফলত প্ৰতিবেশী শত্ৰুৰ দেশত এতিয়ালৈকে ৰুছ স্থলসেনাৰ অগ্ৰগতি নি(লপ্ৰায়৷ মাৰ্কিন প্ৰতিৰক্ষা দপ্তৰ পেণ্টাগণৰ হিচাপ অনুসৰি ইউক্ৰেইনলৈ প্ৰেৰণ কৰা ৰাছিয়াৰ সৈন্যবলৰ ৯৫ শতাংশ এতিয়াও অক্ষত আছে৷ কেৱল সৈন্যসংখ্যা নহয়, অস্ত্ৰ, যান-বাহন, নিহত আৰু আহত সৈন্যসংখ্যাৰ দিশৰ পৰা ৯৫ শতাংশ সৈন্যবল অটুত থকাটো প্ৰথম দৃষ্টিত বিৰাট কৃতিত্ব যেন লাগিলেও, ৰুছ সেনাই দুসপ্তাহৰ যুঁজত ইউক্ৰেইন অভিযানত যি হেৰুৱাইছে, সেয়া নিচেই কম ক্ষতি নহয়৷ কিয়েভৰ দাবী, অভিযানত এতিয়ালৈকে ৰাছিয়াৰ ১২,০০০ সেনা নিহত হৈছে৷ প্ৰাণ হেৰুৱাইছে মেজৰ জেনেৰেল পৰ্যায়ৰ দুজন শীৰ্ষ, দক্ষ কামাণ্ডাৰ আৰু লেফটেনেণ্ট কৰ্ণেল পৰ্যায়ৰ তিনিজন উপ-কামাণ্ডাৰকে ধৰি ৯জন আগশাৰীৰ ৰুছ কামাণ্ডাৰে৷ কিয়েভে প্ৰকাশ কৰা অনুসৰি তেওঁলোকে ৰুছ সেনাৰ ৪৮খন ফাইটাৰ জেট, ৮০খন ফাইটাৰ হেলিকপ্টাৰ, ৩০৩টা টেংক, ১২০টা গধূৰ অস্ত্ৰ, ১০৩৬খন অস্ত্ৰ কঢ়িওৱা বাহন, ৫৬খন ক্ষেপণাস্ত্ৰবাহী বাহন, ৩খন যুদ্ধৰ নাওঁ, ৪৭৪খন যুদ্ধৰ গাড়ী, ৬০খন ইন্ধন কঢ়িওৱা বাহন, ৭টা মানৱবিহীন উৰন্ত যুদ্ধাস্ত্ৰ, ২৭টা বিমান বিধবংসী কামান ধবংস কৰিছে৷ এই তথ্য ৰাছিয়াই মানি নল’লেও তেওঁলোকে ইউক্ৰেইন অভিযানত ৰুছ সেনাৰ ক্ষতিৰ কথা স্বীকাৰ কৰিছে৷

ৰুছ সেনাৰ অভিযানে বিগত ১৪ দিনত প্ৰত্যাশিত ফলাফল লাভ নকৰাৰ বাবে আৰু এতিয়ালৈকে ইউক্ৰেইনে বশ্যতা স্বীকাৰ নকৰাত ধৈৰ্যচ্যুতি ঘটা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে যুদ্ধজয়ৰ উদ্দেশ্যে বৰ্বৰ পদ্ধতিৰ আশ্ৰয় লৈ দেশখনৰ কোনো এখন চহৰত ক্ষুদ্ৰ পাৰমাণৱিক বোমা নিক্ষেপ কৰিব পাৰে৷ বুধবাৰে মাৰ্কিন প্ৰতিৰক্ষা দপ্তৰ পেণ্টাগনে এই সাৱধানবাণী শুনাইছে৷ ইতিমধ্যে পুটিনে ইউক্ৰেইনক চৰ্তসাপেক্ষ সন্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে৷ যদিহে ৰাছিয়াই আগবঢ়োৱা সন্ধিৰ প্ৰস্তাৱ ইউক্ৰেইনে গ্ৰহণ কৰে, তেন্তে যুদ্ধৰ তাৎক্ষণিক বা সাময়িক বিৰতিৰ সম্ভাৱনা আছে৷ কিয়নো গতি ধীৰ হ’লেও ৰাছিয়াই তিনিদিশৰ পৰা ইউক্ৰেইনক বেৰি ধৰিছে, যি চক্ৰব্যুহৰ পৰা দেশখনে কোনোকালে পৰিত্ৰাণ লাভ কৰাৰ সম্ভাৱনা নাই৷ ইউক্ৰেইনৰ ঘোৰ সমৰ্থকেও এই যুদ্ধত ইউক্ৰেইনৰ বিজয়ৰ নূ্যনতম সম্ভাৱনাও দেখা নাই৷ কিন্তু যুদ্ধৰ সময় আগবঢ়াৰ লগে লগে ইউক্ৰেইনৰ প্ৰতি বিশ্বসম্প্ৰদায়ৰ আবেগ বৃদ্ধি পাইছে৷ যুদ্ধৰ কাৰণ যিয়েই নহওঁক, ৰাছিয়াই প্ৰথমে আক্ৰমণ কৰাৰ বাবে সকলোৱে পুটিনক ভিলেইন আৰু ৰাছিয়াক দোষী সাব্যস্ত কৰাৰ সুযোগ পাইছে৷ এনে পৰিস্থিতিত যুদ্ধৰ তাৎক্ষণিক সামৰণি আৰু ইউক্ৰেইনক অনতিবিলম্বে বশ কৰাৰ বাবেই পুটিনে ক্ষুদ্ৰ পৰমাণু বোমা ব্যৱহাৰ কৰাৰ আশংকা ঘণীভূত হোৱা বুলি পেণ্টাগনে মত প্ৰকাশ কৰিছে৷

আমেৰিকাৰ চোৰাংচোৱা সংস্থা চিআইএ-ৰ সঞ্চালক উইলিয়াম বাৰ্ণছে দেশৰ সাংসদসকলৰ আগত এই সন্দৰ্ভত আশংকা আৰু উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে চৰম ধৈৰ্যচ্যুতি ঘটাৰ বাবে ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ কোনো এখন চহৰক লক্ষ্য কৰি পৰমাণু বোমা নিক্ষেপ কৰিব পাৰে৷ আমেৰিকাৰ দক্ষ চোৰাংচোৱা সংস্থাটোৱে বিভিন্ন তথ্য সংগ্ৰহ কৰি তেনে এক ইংগিত লাভ কৰিছে৷ বাৰ্ণছৰ মতে পুটিন এতিয়া বিশ্ব সম্প্ৰদায়ৰ ওচৰত তেনেই অকলশৰীয়া আৰু বিশ্বৰ গৰিষ্ঠসংখ্যক দেশে ৰাছিয়াৰ বিৰুদ্ধে বৃহৎ অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাত তেওঁ ক্ৰোধান্বিত৷ যুদ্ধৰ প্ৰত্যাশিত ফল অবিহনে ক্ৰোধান্বিত আৰু অধৈৰ্য হৈ পৰা পুটিনৰ হাতত শেষ বিকল্প হিচাপে পৰমাণু অস্ত্ৰ ব্যৱহাৰেই বাকী ৰৈছেগৈ বুলি চিআইএ নিশ্চিত হৈছে৷ অৱশ্যে বৃহৎ পাৰমাণৱিক আক্ৰমণৰ পৰিৱৰ্তে ইউক্ৰেইনক সেও মনাবলৈ পুটিনে ক্ষুদ্ৰ পৰমাণু বোমা আক্ৰমণৰ আশ্ৰয় ল’ব পাৰে৷

ইপিনে যুদ্ধৰ প্ৰথম সপ্তাহতে নিজৰ দখললৈ নিয়া চাৰ্ণ’বিল পৰমাণু কেন্দ্ৰত ৰুছ সেনাবাহিনীয়ে বুধবাৰে বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়াত পাৰমাণৱিক কেন্দ্ৰটোৰ পৰা তেজস্ক্ৰিয় পদাৰ্থ নিৰ্গত হোৱাৰ আশংকা প্ৰকাশ কৰিছে ইউৰোপে৷ ইউৰোপৰ আগশাৰীৰ অধিকাংশ দেশৰ ৰাষ্ট্ৰনেতাৰ আশংকা, পৰিত্যক্ত এই পৰমাণু কেন্দ্ৰটোৰ বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়াৰ ফলত এতিয়াও তাৰ ৰিয়েক্টৰত জমা হৈ থকা পৰমাণু শক্তিৰ তাপ বৃদ্ধি হোৱাৰ ফলত যিকোনো মুহূৰ্ততে উদ্‌গীৰণ ঘটিব পাৰে৷ যদিহে পৰিত্যক্ত চাৰ্ণ’বিল প্ৰকল্পটোৰ ৰিয়েক্টৰত আশংকা প্ৰকাশ কৰাৰ দৰে উদ্‌গীৰণ ঘটে তেন্তে তেজস্ক্ৰিয় পদাৰ্থৰ দ্বাৰা কেৱল ইউক্ৰেইনেই নহয় প্ৰতিবেশী ইউৰোপৰ গৰিষ্ঠসংখ্যক দেশ ক্ষতিগ্ৰস্ত হ’ব৷ এপষেক স্পৰ্শ কৰা যুদ্ধখনৰ চতুৰ্দশ দিনটোত আশাৰ বতৰা এটাই– বৃহস্পতিবাৰে যুদ্ধৰত উভয় দেশৰ মাজত মন্ত্ৰী পৰ্যায়ত প্ৰথমলানি আলোচনা অনুষ্ঠিত হ’ব৷ এই শান্তি আলোচনাত ভাগ লোৱাৰ বাবে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছেৰ্গেই লাভৰভ বুধবাৰে তুৰস্কলৈ ৰাওনা হৈছে৷ নিৰপেক্ষ তৃতীয় ৰাষ্ট্ৰ তুৰস্কত লাভৰভ আৰু ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰি কুলেবাৰ মাজত শান্তি আলোচনা অনুষ্ঠিত হ’ব৷

ইপিনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ বক্তব্যত প্ৰচ্ছন্ন হতাশা ফুটি উঠিছে আৰু তেওঁ নাটোগোষ্ঠীৰ দেশৰ ওপৰত অধিক নিৰ্ভৰ নকৰে বুলি আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থা এবিচিৰ সৈতে হোৱা সাক্ষাৎকাৰত মন্তব্য কৰিছে৷ জেলেনস্কিয়ে কয় যে, তেওঁ নাটোগোষ্ঠীৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে তেওঁ আৰু নাটোক অনুৰোধ নকৰে৷ দেশবাসীক তেওঁ নাটোৰ চৰণত পৰিবলৈ নিদিয়ে৷ দীৰ্ঘ সাতবছৰ ধৰি তেওঁ নাটোৰ সদস্য হোৱাৰ বাবে অহৰহ চেষ্টা চলাই আছিল৷ তাৰ ফলতে ইউক্ৰেইন ৰাছিয়াৰ আক্ৰমণৰ সন্মুখীন হৈছে৷ যুদ্ধ আৰম্ভ হোৱাৰ পৰা জেলেনস্কিয়ে যোৱা এপষেকত অসংখ্যবাৰ ইউক্ৰেইনক নাটোৰ সদস্যভুক্ত কৰিবলৈ অনুৰোধ জনাইছে৷ পিছে সেই অনুৰোধলৈ নাটোৱে কৰ্ণপাত কৰা নাই৷ ইয়াৰ ফলত চৰম হতাশাত ভুগি তেওঁ কৈছে যে ভৰিত পৰি ইউক্ৰেইনে নাটোগোষ্ঠীৰ সদস্য হ’বলৈ আৰু পুনৰ অনুৰোধ নকৰে৷ তদুপৰি ইউক্ৰেইনৰ আকাশমাৰ্গত ন’ ফ্লায়িং জ’ন ঘোষণা কৰাৰ বাবে তেওঁ বিগত এপষেকত নাটোগোষ্ঠীক বাৰম্বাৰ অনুৰোধ জনালেও নাটোৱে সেই অনুৰোধ পোনপটীয়াকৈ প্ৰত্যাখ্যান কৰিছে৷ ফলত হতাশাগ্ৰস্ত হৈ পৰা জেলেনস্কিয়ে অৱশেষত ৰাছিয়াৰ দাবী মানি লৈ যুদ্ধত বশ্যতা স্বীকাৰ কৰাৰ সম্ভাৱনাৰ সৃষ্টি হৈছে৷ সম্ভৱতঃ তুৰস্কত বৃহস্পতিবাৰে হ’বলগীয়া বৈদেশিক মন্ত্ৰী পৰ্যায়ৰ আলোচনাই হ’ব যুদ্ধৰ যৱনিকাৰ প্ৰথমটো পদক্ষেপ৷