Logo
image

ৰে’লেৰে পোলেণ্ডত আজি ভাৰতত শিক্ষাৰ্থী

আমাৰ অসম, ১০ মাৰ্চঃ বৃহস্পতিবাৰে দেশৰ মাটিত আহি উপস্থিত হ’ব ইউক্ৰেইনৰ ছুমীত আবদ্ধ ৪২জন অসমীয়া শিক্ষাৰ্থী৷ আন্তৰ্জাতিক সংস্থা ৰেডক্ৰছ আৰু ভাৰতীয় দূতাবাসে মঙলবাৰে ছুমী ৰাজ্যিক চিকিৎসা বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমীয়া তথা ভাৰতীয় ৬৯৪জন শিক্ষাৰ্থীক বাংকাৰৰ পৰা উদ্ধাৰ কৰি বিশেষ বাছেৰে প’ল্টাভালৈ লৈ আনিছিল৷ যুদ্ধবিধবস্ত ছুমী চহৰৰ পৰা দিনজোৰা যাত্ৰাৰ অন্তত সন্ধিয়া প’ল্টাভাত ভাৰতীয় শিক্ষাৰ্থীসকল উপস্থিত হোৱাৰ পাছতেই প’ল্টাভাৰ পৰা বিশেষ ৰে’লেৰে ইউক্ৰেইনৰ পশ্চিম সীমান্তৰ ভিভ চহৰলৈ অনা হৈছিল শিক্ষাৰ্থীসকলক৷ বুধবাৰে আবেলি ভাগত ভিভ চহৰত উপস্থিত হোৱা শিক্ষাৰ্থীসকলক পুনৰ আন এখন বিশেষ ৰে’লেৰে ভিভৰ পৰা পোলেণ্ড সীমান্তলৈ লৈ যায়৷ ভিভত ভাৰতীয় শিক্ষাৰ্থীসকলৰ ৰে’লযাত্ৰাৰ ফ্লেগ অৱ কৰে ইউক্ৰেইনৰ ভাৰতীয় ৰাষ্ট্ৰদূতে৷ ইপিনে, এই যাত্ৰাৰ সন্দৰ্ভত নীলম কলিতা নামৰ দেৰগাঁৱৰ ছাত্ৰজনে কাইলৈ আবেলি ভাগত অসম তথা ভাৰতীয় ছাত্ৰসকলক বিশেষ বিমানেৰে দিল্লীলৈ লৈ আনিব বুলি জানিবলৈ দিছে৷ সমগ্ৰ যাত্ৰাপথত ৰেডক্ৰছ আৰু ভাৰতীয় দূতাবাসৰ বিষয়াসকলে শিক্ষাৰ্থীসকলক খাদ্যযোগান ধৰা বুলিও জানিবলৈ দিছে৷ লক্ষণীয়ভাৱে ইউক্ৰেইনত আবদ্ধ ভাৰতীয় শিক্ষাৰ্থীসকলক মানৱীয় কৰিড’ৰৰ জৰিয়তে নিৰাপদে উদ্ধাৰ কৰি দেশৰ মাটিলৈ ঘূৰাই অনাৰ স্বাৰ্থত ৰাছিয়ান সেনাৰ পৰা যাতে কোনো বিপদত নপৰে তাৰ বাবে ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে ‘অপাৰেচন গংগা’ অভিযানত ৫০জন ৰাছিয়ান ভাষাত দখল কৰা দোভাষী নিয়োগ কৰিছে৷ লক্ষণীয়ভাৱে ছুমীৰ পৰা ভাৰতীয়সকলৰ লগতে ৯জন বাংলাদেশী আৰু এগৰাকী পাকিস্তানী ছাত্ৰীকো উদ্ধাৰ কৰিছে ভাৰতীয় দূতাবাস আৰু ৰেডক্ৰছে৷

ছুমীৰ পৰা পোলেণ্ডলৈ যাত্ৰা অসমৰ ৪১জন শিক্ষাৰ্থীৰ

ইমান দিনে যুদ্ধৰ বিভীষিকাৰ মাজত অসমৰ বহু শিক্ষাৰ্থী আবদ্ধ হৈ আছিল ছুমীত৷ অসমৰ মেডিকেল বিজ্ঞানৰ শিক্ষাৰ্থী চাহিল আনোৱাৰে জনোৱা মতে, যুদ্ধবিধস্ত ছুমীৰ পৰা ভাৰতীয় দূতাবাস, ৰেডক্ৰচ ছ’চাইটী আৰু ছুমী ৰাজ্যিক বিশ্ববিদ্যালয় কতৃৰ্পক্ষই কালি ছুমীৰ পৰা ৬৯৮জন ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰৰ বাবে ২২খন বাছ আৰু কেইবাখনো চাৰিচকীয়া বাহনৰ যোগেদি পোলেণ্ড সীমান্তলৈ নিয়াৰ ব্যৱস্থা কৰিছে৷ ভাৰতীয় শিক্ষাৰ্থীসকলক নিৰাপদে সীমান্তলৈ নিয়াৰ ক্ষেত্ৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে৷ শিক্ষাৰ্থীসকলক ইউক্ৰেইনৰ সময় অনুসৰি, কালি পুৱা ১০ বজাত প্ৰথমটো দলক আৰু দিনৰ ১ বজাত দ্বিতীয়টো শিক্ষাৰ্থীৰ দলক পোলেণ্ড সীমান্তলৈ লৈ যোৱা হয় বুলি চাহিল আনোৱাৰে আমাক জানিবলৈ দিছে৷ শিক্ষাৰ্থীসকলক পোনতে বাছেৰে প’ল্টাভালৈ নি তাৰ পৰা ৰে’লযোগে লীভিবলৈ নিয়া হয়৷ প্ৰকাশ্য যে, দীৰ্ঘদিন খাদ্য সংকটত থকা শিক্ষাৰ্থীসকলক প’ল্টাভাত খাদ্য আৰু পানীৰ যোগান ধৰা হয়৷ উল্লেখ্য যে, ৬৯৮জন ভাৰতীয় শিক্ষাৰ্থীৰ মাজত অসমৰ ৪১জন শিক্ষাৰ্থী আছে আৰু ইয়াৰে দুজন বহৰিৰ৷ ছুমীৰ পৰা প’ল্টাভা হৈ লীভিবলৈ ১৬ ঘণ্টীয়া এই কণ্টকময় যাত্ৰা শিঁহৰণকাৰী আছিল বুলি বৰ্ণনা কৰে বহৰিৰ চাহিল আনোৱাৰে৷ উল্লেখ্য যে, শিক্ষাৰ্থীৰ দলটোৱে আজি পোলেণ্ড সীমান্তত উপস্থিত হৈ যাৱতীয় নথি-পত্ৰ দেখুৱাই পোলেণ্ডত সোমোৱাৰ সম্ভাৱনা আছে বুলি চাহিলে জানিবলৈ দিছে৷ চাহিলে আৰু জনায় যে কাইলৈ বা তাৰ পাছদিনা দিল্লী অভিমুখে ৰাওনা হোৱাৰ সম্ভাৱনা আছে৷