আঞ্চলিকতাবাদৰ বিপৰ্যয়
সদ্যঘোষিত পৌৰ নিৰ্বাচনৰ ফলাফলে ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দলসমূহৰ প্ৰতি বৃহৎ প্ৰত্যাহ্বান সৃষ্টি কৰিলে৷ একপ্ৰকাৰ অস্তিত্বৰ প্ৰতিয়ে ভাবুকিৰ সৃষ্টি কৰিলে আঞ্চলিক দলসমূহৰ ক্ষেত্ৰত৷ যিহেতু পৌৰ নিৰ্বাচন তৃণমূলৰ সৈতে জড়িত, সেয়ে এই নিৰ্বাচনত আঞ্চলিক ৰাজনৈতিক দলসমূহৰ সবল উপস্থিতি, প্ৰতিদ্বন্দ্বিতা দেখিবলৈ পাব লাগিছিল যদিও প্ৰকৃতপক্ষে সেয়া নহ’ল৷ ৰাষ্ট্ৰীয় দল বিজেপিৰ সৈতে মিত্ৰতা ৰক্ষা কৰিবলৈ গৈ আজিৰ তাৰিখত ৰাজ্যৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদে পূৰ্বতে থকা নিজৰ শক্তিশালী ৰাজনৈতিক আৰু সাংগঠনিক ভেটি প্ৰায় হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে৷ বিজেপিৰে মিত্ৰতা কৰি দলৰ একাংশ শীৰ্ষ নেতৃত্ব ৰাজনৈতিকভাৱে লাভৱান হৈছে যদিও দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু নেতাসকল ক্ৰমাৎ যেন হতাশ হৈ পৰিছে৷ মিত্ৰতাৰ ধৰ্ম পালনৰ নামত ৰাজ্যৰ বহু পৌৰসভাত অগপ দলে নিজৰ ভাগৰ অধিকাংশ আসন বিজেপিক এৰি দিলে৷ যিকেইটা পৌৰসভাত অগপই বিজেপিৰ অনুমতি সাপেক্ষে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ল, সেইসমূহৰ অধিকাংশতে মুখথেকেচা খালে৷ ৰাইজৰ দ্বাৰা প্ৰত্যাখ্যিত হ’ল৷ আজিৰ তাৰিখত ৰাজ্যৰ ৮০খন পৌৰসভাৰ ভিতৰত অগপৰ দখলত থাকিল মাত্ৰ ২খনহে পৌৰসভা৷ ঠিক তেনেদৰে ৯৭৭টা ৱাৰ্ডৰ ভিতৰত অগপই জয়লাভ কৰিলে মাত্ৰ ৬৫টা ৱাৰ্ডতহে৷ ইয়াৰ বিপৰীতে অগপৰে মিত্ৰদল বিজেপিয়ে দখল কৰিলে ৭৫টা পৌৰসভা আৰু ৭৪২টা ৱাৰ্ডত৷ অথচ এটা সময়ত অসমৰ অধিকাংশ পৌৰসভা আৰু ৱাৰ্ড অগপৰে দখলত আছিল৷ নিজৰ ভাগৰ ভাত বিজেপিক দি দি আজি অধিক নিশকতীয়া আৰু দুৰ্বল হৈ পৰিল অগপ৷ তৃণমূল পৰ্যায়ত যথেষ্ট শক্তিশালী সাংগঠনিক স্থিতি থকা ৰাইজৰ দলে নিজকে আঞ্চলিক ৰাজনীতিৰ বিকল্প হিচাপে থিয় কৰোৱাৰ ক্ষেত্ৰত পৌৰ নিৰ্বাচনত চূড়ান্তভাৱে ব্যৰ্থ হ’ল৷ ৰাজ্যৰ সৰ্বত্ৰ দলটোৰ মুৰব্বী অখিল গগৈৰ যথেষ্ট জনপ্ৰিয়তা আছে৷ তেওঁ সততে বিজেপিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি থাকে৷ ৰাইজৰ দলৰ মাতৃ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজ্যৰ সৰ্বত্ৰ শক্তিশালী সাংগঠনিক স্থিতি আছে৷ কিন্তু ইয়াৰ পাছতো ৰাইজৰ দলে বা অখিল গগৈয়ে ৰাজ্যৰ ৯৭৭টা ৱাৰ্ডৰ ভিতৰত মাত্ৰ ২০টা ৱাৰ্ডতহে প্ৰতিদ্বন্দ্বিতা কৰিছিল৷ কিন্তু বিজেপিৰ বিৰুদ্ধে প্ৰতিটো ৱাৰ্ডতে ৰাজনৈতিক যুঁজত অৱতীৰ্ণ হৈ নিজকে আঞ্চলিক ৰাজনীতিৰ বিকল্প শক্তি হিচাপে থিয় কৰোৱাৰ যথেষ্ট সুযোগ আছিল ৰাইজৰ দলৰ ওচৰত৷ ৰাইজৰ দলৰ দখলত থকা শিৱসাগৰ সমষ্টিতে দলটোৱে বেয়াকৈ মুখথেকেচা খাবলগীয়া হয়৷ শিৱসাগৰৰ ২টা আৰু হাইলাকান্দিৰ ৰটা ৱাৰ্ডতহে দলটোৰ প্ৰাৰ্থী জয়ী হয়৷ ৰাইজৰ দলে এনেদৰে পৌৰ নিৰ্বাচনৰ পৰা একপ্ৰকাৰ আঁতৰি থাকি বিজেপিকহে জয়ৰ পথ প্ৰশস্ত কৰি দিয়াৰ দৰে হ’ল৷ সততে দুৰ্নীতিবিৰোধী শ্লোগান আওৰোৱা অখিল গগৈবাহিনী বা ৰাইজৰ দলে পৌৰসভাৰ নিৰ্বাচনত শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰি ৰাজ্যৰ বহুকেইখন পৌৰসভা নিজৰ দখললৈ আনি এই পৌৰসভাসমূহ সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্ত কৰি এক নজিৰ স্থাপনৰ সুযোগ যেন ল’ব নিবিচাৰিলে৷ অৰবিন্দ কেজৰিৱাল বা ‘আপ’ৰ চৰকাৰে যি কাম দিল্লীত কৰি আছে, ৰাইজৰ দলে সেই একে কাম অসমৰ পৌৰসভাবিলাকতো কৰাৰ সুযোগ যথেষ্ট আছিল৷ একেই অৱস্থা অসম জাতীয় পৰিষদৰো৷ নিজকে বিকল্প আঞ্চলিক শক্তি বুলি দাবী কৰি থকা জাতীয় পৰিষদে ৰাজ্যৰ ৰাজনীতিত নিজকে প্ৰতিষ্ঠা কৰাৰ সুন্দৰ সুযোগ এটা যেন ইচ্ছা কৰিয়েই হেৰুৱালে৷ ৯৭৭টা ৱাৰ্ডৰ ভিতৰত ১১৮টা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰি জ্জটা ৱাৰ্ডত জয়লাভ কৰে লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন জাতীয় পৰিষদে৷ ৰাজ্যৰ আঞ্চলিক দলসমূহৰ এনে শোচনীয় অৱস্থাৰ ফলতে আঞ্চলিকতাবাদৰ প্ৰতি ৰাজ্যৰ বৃহৎসংখ্যক লোকৰ আস্থা যেন ক্ৰমাৎ নাইকিয়া হ’বলৈ ধৰিছে৷ ইয়াৰ সুযোগ লৈছে বিজেপিৰ দৰে ‘সমৃদ্ধিশালী’ ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহে৷ কেৱল সংবাদ মাধ্যমত নাটকীয়ভংগীৰে উচ্ছ স্বৰত কথা কৈয়ে জাতীয়তাবাদ প্ৰতিষ্ঠাৰ সপোন কেতিয়াও পূৰ্ণ নহয়৷ নামত আঞ্চলিকতাবাদৰ কাপোৰ পিন্ধি থকা অগপ দলে যদি নিজৰ বৰ্তমানৰ চৰিত্ৰ পৰিৱৰ্তন নকৰে, তেন্তে হয়তো আগন্তুক ২-৩টা নিৰ্বাচনৰ পাছতে দলটোৰ নাম কেৱল ইতিহাসৰ পাততহে থাকিব৷ অগপৰ আমবাৰীৰ কাৰ্যালয় তেতিয়া ‘বিবাহ ভৱন’ হোৱাত কোনেও বাধা দিব নোৱাৰে৷ অগপৰ এনে দুৰ্বল স্থিতিত আঞ্চলিকতাবাদৰ পতাকাখন ৰাইজৰ দল বা অসম জাতীয় পৰিষদে কিমান দিন ধৰি ৰাখিব বা এই ধাৰাটোক আন্তৰিকতাৰে আগুৱাই লৈ যাব, তাক লৈ ক্ৰমাৎ যেন আশংকা ঘনীভূত হৈ পৰিছে৷ কেৱল মুখত আৰু সংবাদ মাধ্যমৰ আগত বিজেপিবিৰোধী স্থিতি গ্ৰহণ কৰাৰ পৰিৱৰ্তে আঞ্চলিকতাবাদী ধাৰাটোক আন্তৰিকতাৰে আগবঢ়াই লৈ যোৱাটো আজিৰ তাৰিখত অতি প্ৰয়োজনীয় হৈ পৰিছে৷ অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ এনে দুৰ্বল, ৰহস্যময় আৰু কৌশলী স্থিতিৰ সুযোগ শেহতীয়াভাৱে প্ৰতিটো নিৰ্বাচনত সুন্দৰকৈ ল’বলৈ সক্ষম হৈছে বিজেপিৰ দৰে ৰাষ্ট্ৰীয় দলে৷






