Logo
image

গেৰুৱাৰাজ

উত্তৰ প্ৰদেশসহ ৪ ৰাজ্য বিজেপিৰ দখলত, কংগ্ৰেছ মষিমূৰ

আমাৰ অসম, ১১ মাৰ্চঃ উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাব, মণিপুৰ আৰু গোৱাত সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত পুনৰ আধিপত্য দেখুৱাবলৈ সক্ষম হৈছে গেৰুৱা দল বিজেপিয়ে৷ সেই অনুসৰি পাঁচখন ৰাজ্যৰ ভিতৰত চাৰিখনতে বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত হয়৷ ইয়াৰ বিপৰীতে নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচোখন ৰাজ্যতে কংগ্ৰেছ দল এইবাৰ মষিমূৰ হৈ পৰে৷ আনহাতে পঞ্জাবত ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয় অৰবিন্দ কেজৰিৱালৰ দল আম আদমি পাৰ্টীয়ে৷ পঞ্জাবত কংগ্ৰেছ দলক উৎখাত কৰি আম আদমি পাৰ্টীয়ে বৃহৎ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ ইপিনে, উত্তৰ প্ৰদেশত মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহিছে৷ উল্লেখ্য যে  উত্তৰ প্ৰদেশ পুনৰ বিজেপিৰ দখললৈ আহিব বুলি বুথফেৰৎ সমীক্ষাসমূহে পূৰ্বেই আভাষ দিছিল৷ সেই আভাষক এশ শতাংশই বাস্তৱত পৰিণত কৰি উত্তৰ প্ৰদেশত দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহিবলৈ সক্ষম হৈছে নৰেন্দ্ৰ মোদীৰ দল বিজেপি৷ বৃহস্পতিবাৰে ঘোষণা কৰা ফলাফল অনুসৰি উত্তৰ প্ৰদেশৰ ৪০৩টা সমষ্টিৰ ২৭৪টা সমষ্টিয়েই বিজেপিৰ দখললৈ যায়৷ ইয়াৰ বিপৰীতে অখিলেশ যাদৱৰ দল সমাজবাদী পাৰ্টীয়ে লাভ কৰে ১২৪টা, কংগ্ৰেছে ২টা, বি এছ পিয়ে ১টা আৰু অন্যান্যৰ দখললৈ যায় ২টা সমষ্টি৷ উত্তৰ প্ৰদেশৰ ৰাজনৈতিক ইতিহাসত ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী হিচাপে পাঁচ বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰি দ্বিতীয়বাৰৰ বাবে কোনো এজনেই  শাসনলৈ অহাৰ নজিৰ নাছিল৷ ইয়াৰ পূৰ্বে সম্পূৰ্ণানন্দ, চন্দ্ৰভানু গুপ্ত আৰু হেমৱতী নন্দন বহুগুণা দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহিছিল যদিও তেওঁলোকৰ কোনো এজনে একেৰাহে পাঁচবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰিব পৰা নাছিল৷ তদুপৰি বিজেপি দলটোৱে এয়াই একেৰাহে  দ্বিতীয়বাৰৰ বাবে উত্তৰ প্ৰদেশৰ ক্ষমতালৈ আহিবলৈ সক্ষম হৈছে৷ উত্তৰ প্ৰদেশত এইবাৰ সৰ্বমুঠ ভোটৰ ৪৪.৬ শতাংশ লাভ কৰিবলৈ সক্ষম হয় বিজেপিয়ে৷ যিটো পূৰ্বৰ ২০১৭ চনৰ নিৰ্বাচনৰ তুলনাত পাঁচ শতাংশ অধিক৷ আনহাতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এক লাখৰো অধিক ভোটৰ ব্যৱধানত নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে৷ মুখ্যমন্ত্ৰীজনে গোৰখপুৰ সদৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ আজি ভোট গণনা আৰম্ভ হোৱাৰ লগে লগেই লক্ষ্ণৌত বিজেপি দলৰ কৰ্মী-সমৰ্থকসকলে উছৱমুখৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে সময় আগবঢ়াৰ লগে লগে ৰাজপথত ৰং-ফাকুৰে আগতীয়া হোলী উদ্‌যাপন কৰি বিজয় উৎসৱ পালন কৰে৷ ইপিনে বিয়লি বিজেপি দলটোৰ ঐতিহাসিক বিজয় নিশ্চিত হোৱাৰ পাছতে লক্ষ্ণৌ চহৰত বিজেপিয়ে বিশাল সমদল উলিওৱাৰ লগতে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দলৰ সদৰ কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মীৰ সৈতে মত বিনিময় কৰে৷ ইয়াৰ পাছতে তেওঁ দলৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত শীৰ্ষ নেতাসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে নতুন দিল্লীলৈ উৰা মাৰে৷ 

পঞ্জাবত আম আদমি পাৰ্টীৰ চৰকাৰ

  পঞ্জাবত এইবাৰ বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন হ’ব পাৰে বুলি বুথফেৰৎ সমীক্ষাসমূহে দিয়া আগজাননী এশ শতাংশই সঁচা প্ৰমাণিত কৰি কংগ্ৰেছ দলটোক ক্ষমতাৰ পৰা  উৎখাত কৰিবলৈ সক্ষম হয় আম আদমি পাৰ্টী অৰ্থাৎ আপে৷ পঞ্জাবৰ ১১৭টা সমষ্টিৰ ৯২ টাতে জয়লাভ কৰিবলৈ সক্ষম হয় অৰবিন্দ কেজৰিয়ালৰ দল আপ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ ১৮খন আসনতে সীমাৱদ্ধ থাকিব লগা হয়৷ আনহাতে আকালি দলে ৪ খন, বিজেপিয়ে ২খন আৰু অন্যান্যই লাভ কৰে এখন আসন৷ লক্ষণীয় যে বিদায়ী মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা চৰণজিৎ সিং ছন্নীয়ে প্ৰতিদ্বন্দ্বিতা কৰা দুয়োটা সমষ্টিতে কংগ্ৰেছ দলটো বেয়াকৈ পৰাজিত হ’বলগা হয়৷ ৰাজনৈতিক পৰ্যৱেক্ষকসকলে উল্লেখ কৰা মতে কংগ্ৰেছে এইবাৰৰ নিৰ্বাচনত দলৰ ভিতৰত হোৱা কন্দলৰ ফল ভুগিবলগীয়া হ’ল৷ 

গোৱাত চৰকাৰ গঠনৰ দাবী বিজেপিৰ

৪০ খন আসনযুক্ত গোৱা বিধানসভাত বিজেপি দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলেও ৰাজ্যখনত চৰকাৰ গঠনৰ দাবী জনাই বৃহস্পতিবাৰে ৰাজ্যপালক সাক্ষাৎ কৰে গেৰুৱা দলটোৰ বিধায়িনী দলে৷ উল্লেখ্য যে গোৱাত চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন মেজিক সংখ্যা ২১৷ কিন্তু বিজেপিয়ে ২০ খনহে আসন লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ মিত্ৰজোঁটে ১২, মহাৰাষ্ট্ৰবাদী গোমণ্টক পাৰ্টী [এম জিপি]য়ে ২, আপে ৩ আৰু  তৃণমূল কংগ্ৰেছে ২ খন আসন লাভ কৰিবলৈ সক্ষম হয়৷  ইপিনে গোৱাত বিজেপিয়ে মেজিক নম্বৰ লাভ নকৰিলেও ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী জনোৱা বুলি শেহতীয়া সুত্ৰই প্ৰকাশ কৰিছে৷ সূত্ৰটোৱে সদৰি কৰা মতে বিজেপিক নিৰ্দলীয় আৰু এম জি পিৰ নিৰ্বাচিত সদস্যই সমৰ্থন আগবঢ়োৱাৰ বাবে সন্মতি প্ৰকাশ কৰিছে৷ 

মণিপুৰত নিৰংকুশ সংখ্যাগৰিষ্ঠতা বিজেপিৰ

মণিপুৰত নিৰঙ্কুশ সংখ্যাগৰিষ্ঠতাৰে পুনৰ শাসনলৈ উভতিছে বিজেপি৷ এইবাৰ পূৰ্বতকৈ ১০খন অধিক আসনেৰে উত্তৰ-পূবৰ ৰাজ্যখনত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে গেৰুৱা দলটোৱে৷ উল্লেখ্য যে মণিপুৰৰ মুঠ ৬০টা বিধানসভা সমষ্টিৰ ৩২টাই নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে বিজেপিয়ে৷ ইয়াৰ পূৰ্বে ২০১৭ চনৰ নিৰ্বাচনত বিজেপিয়ে ২১খনহে আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ পৰা মাত্ৰ তিনিখন আসনৰ দূৰত্বত আছিল কংগ্ৰেছ৷ সেইবাৰ ২৮খন আসন লাভ কৰি কংগ্ৰেছ প্ৰথম স্থানত আছিল যদিও চৰকাৰ দখল কৰাটো দলটোৰ বাবে সম্ভৱ হৈ নুঠিল৷ কিন্তু এইবাৰ মাত্ৰ ৫খন আসন লাভ কৰে কংগ্ৰেছে৷  ইয়াৰ বিপৰীতে নাগা পিপল্‌ছ পাৰ্টী [এনপিপি]-এ ৭, জনতা দল ইউনাইটেডে [জেডিইউ]য়ে ৬খন আসন লাভ কৰে৷ উল্লেখ্য যে নাগালেণ্ডত পুনৰ চৰকাৰ গঠন কৰাক লৈ আত্মবিশ্বাসী আছিল বিজেপি দলটো৷ বৃহস্পতিবাৰে ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে এইবাৰ ৩২ টা সমষ্টি দখল কৰাৰ বিপৰীতে এন পি পি-৭, জে ডি ইউ-৬, কংগ্ৰেছ-৫, আৰু অন্যান্য দলসমূহে ১০খন আসন লাভ কৰে৷ 

উত্তৰাখণ্ডতো দ্বিতীয়বাৰলৈ বিজেপিৰ চৰকাৰ

উত্তৰ প্ৰদেশৰ লেখীয়াকৈ উত্তৰাখণ্ডতো দ্বিতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ ওলাইছে বিজেপিয়ে৷ কিন্তু বিজয়ী হ’ব নোৱাৰিলে পূৰ্বৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে৷ উল্লেখ্য যে উত্তৰাখণ্ড বিধানসভাৰ ৭০খন আসনৰ ভিতৰত বিজেপিয়ে লাভ কৰিছে ৪৮খন৷ বহুজন সমাজবাদী পাৰ্টীয়ে পায় মাত্ৰ দুখন আসন৷ একেদৰে নিৰ্দলীয়ই দুখন আসন লাভ কৰাৰ লগতে কংগ্ৰেছে নিজৰ দখললৈ নিবলৈ সক্ষম হয় ১৮খন আসন৷ ইপিনে মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামীৰ নিচিনাকৈ উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা হৰিশ ৰাৱাটো এইবাৰৰ নিৰ্বাচনত জয়ৰ মুখ দেখিবলৈ সক্ষম নহ’ল৷

পাঁচ ৰাজ্যৰ ফলাফলে কোবাই গ’ল অসমকো

দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে কোবাই গৈছে অসমকো৷ ৫ ৰাজ্যৰ এখনত আপ আৰু আন চাৰিখনত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত ৰাজ্যৰ শাসক-বিৰোধী বিভিন্ন দলৰ নেতৃত্বই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– বিজেপিয়ে হিতাধিকাৰী বা লাভাৰ্থীক লৈ ভাৰতবৰ্ষত ৰাজনীতি কৰি বিজেপিয়ে বিভিন্ন ৰাজ্যত জয়লাভ কৰিছে৷ মুখ্যমন্ত্ৰীয়েই হওক প্ৰধানমন্ত্ৰীয়েই হওক অকল হিতাধিকাৰীসকলক উপকাৰ কৰা কাৰণে বিজেপি জয়লাভ কৰিছে৷ দেশৰ উন্নয়ন বিকাশক জলাঞ্জলি দি হিতাধিকাৰী ৰাজনীতি কৰি ক্ষমতাসীন হৈ আছে বিজেপি৷ তাৰ যোগেদি বিজেপিয়ে মূল সমস্যাক আঁৰ কাপোৰেৰে ঢাকিবলৈ সক্ষম হৈছে৷ এয়া দেশৰ বাবে দুৰ্ভাগ্যজনক৷ আমি বিৰোধী হিচাপে প্ৰকৃত সত্য ৰাইজৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিম৷ তেওঁ আৰু কয়– মাজুলীত ভুবন গামৰ দৰে এজন দুৰ্নীতিপৰায়ণ ব্যক্তিক বিধানসভালৈ পঠিয়াই গণতন্ত্ৰক উপহাস কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই বিজেপিৰ প্ৰাৰ্থীজনক গৰুৰ লগত তুলনা কৰিছে৷ ইফালে, পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়–আজিৰ ফলাফলে আমাক এটা শিক্ষা দিলে যে আমি তৃণমুল পৰ্যায়ত অধিক মনোনিৱেশ কৰিব লাগিব! এই ফলাফলত নিঃসন্দেহে নিৰাশ হৈছো কিন্তু হতাশ হোৱা নাই, আমি ৰাইজৰ বাবে যুঁজি যাম৷ নিৰ্বাচনত জয়লাভ কৰোঁ বা পৰাজিতই হওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে সদায় ৰাইজৰ সৈতে একাত্ম হৈ থাকিব৷ আমি ৰাইজৰ ইচ্ছু সমূহক লৈ যেনে- মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, অৰ্থনৈতিক অনগ্ৰসৰতা, শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনিমূলক উন্নয়নৰ বিষয়বোৰ দায়িত্ব সহকাৰে সদায় তুলি ধৰিম৷ পঞ্জাবত আপৰ বিজয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আপৰ অসমৰ ৰাজ্যিক সমন্বয়ক ভবেন চৌধুৰীয়ে কয়– পঞ্জাবত আপে চৰকাৰ গঠন কৰিব বুলি আমি নিশ্চিত আছিলোঁ৷ কিন্তু ইমান আসন পাব বুলি ভবা নাছিলোঁ৷ বিধানসভা নিৰ্বাচনত পঞ্জাবৰ ৰাইজে আমাক আঁকোৱালি লৈছে৷ দেশৰ ৫ ৰাজ্যৰ চাৰিখনত বিজেপিয়ে জয়লাভ কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱাই কয়– আজিৰ তাৰিখত অসমত বিৰোধী দল নাই৷ একেদৰে কংগ্ৰেছ দলৰ অস্তিত্ব নোহোৱা বাবে পাঁচখন ৰাজ্যৰ এখনতো কংগ্ৰেছে সন্তোষজনক ফলাফল দেখুৱাব নোৱাৰিলে৷ পাঁচ ৰাজ্যৰ চাৰিখনত বিজেপিয়ে জয়লাভ কৰাৰ বাবে বিজেপিৰ ৰাজ্যিক কমিটীয়ে গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত বিজয়োৎসৱ পালন কৰে৷ অটল বিহাৰী বাজপেয়ী ভৱনত বৃহস্পতিবাৰে আবতৰীয়া দেৱালী উদযাপন কৰা হয়৷