Logo
image

দেশৰ ভিতৰতে অসমত সৰ্বাধিক স্কুল ড্ৰপ আউট

শিক্ষা মন্ত্ৰণালয়ৰ প্ৰতিবেদনত অবাঞ্ছিত অভিলেখ

আমাৰ অসম, ১১ মাৰ্চঃ টে’ট পৰীক্ষাৰ জৰিয়তে শিক্ষক নিযুক্তি দি চৰকাৰে ৰাজ্যৰ শৈক্ষিক খণ্ডৰ উন্নয়নৰ ঢাক-ঢোল বজোৱাৰ সময়তে অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ আন এক অবাঞ্চিত অভিলেখ উন্মোচন হৈছে৷ শিক্ষাৰ অধিকাৰ আইনে সকলো শিশুকে শিক্ষা প্ৰদানৰ বাবে চৰকাৰক দায়ৱদ্ধ কৰিলেও অসমত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা উদ্বেগজনক হাৰত বৃদ্ধি পাইছে৷ আপুনি শুনিলে আচৰিত যেন লাগিলেও অসমত ড্ৰপ আউট অৰ্থাৎ আধাতে বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ হাৰ দেশৰ ভিতৰতে সৰ্বোচ্ছ৷ বুধবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে প্ৰকাশ ডিষ্টিক ইনৰ্ফমেশ্বন চিষ্টেম ফৰ এডুকেশ্বন প্লাছ–২০২০-২১ৰ প্ৰতিবেদনত এই উদ্বেগজনক তথ্য উন্মোচন হৈছে৷ ক’ভিডত অৰ্থনৈতিকভাৱে বিধবস্ত হোৱা একোজন অভিভাৱকে কি পৰিস্থিতিত নিজৰ সন্তানক প্ৰাথমিকৰ পৰা হাইস্কুল পৰ্যায়তে বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষাৰ পৰা বিৰত ৰাখিবলৈ বাধ্য হৈছে তাৰ যেন ভয়ংকৰ ছবিখন পোহৰলৈ আহিছে শিক্ষা মন্ত্ৰণালয়ৰ প্ৰতিবেদনখনত৷ প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে ক’ভিড বিধবস্ত বিগত বৰ্ষটোত অসমত মাধ্যমিক পৰ্যায়ত অৰ্থাৎ নৱম আৰু দশম শ্ৰেণীত ড্ৰপ আউটৰ হাৰ ৩১ শতাংশ৷ ইয়াৰ ভিতৰত আধাতে বিদ্যালয় এৰা ছাত্ৰৰ হাৰ হৈছে ২৯.৭ শতাংশ আৰু ছাত্ৰীৰ হাৰ হৈছে ৩২.১ শতাংশ৷ অৰ্থাৎ ‘বেটি বচাও, বেটি পঢ়াও’ শ্ল’গান দিয়া বিজেপি মিত্ৰজোঁটৰ চৰকাৰ কাৰ্যকালত মাধ্যমিক পৰ্যায়ত দেশৰ ভিতৰত অসমতে সৰ্বাধিক হাৰত ছাত্ৰীয়ে বিদ্যালয় ত্যাগ কৰিবলৈ বাধ্য হৈছে৷ ক’ভিডৰ সৈতে সহাৱস্থান কৰি সাধাৰণ লোকৰ অৰ্থনৈতিক ক্ষতি নোহোৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’ভিড  বাধা-নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও ক’ভিড বিধবস্ত অসমৰ সৰ্বাধিক সংখ্যক শিক্ষাৰ্থীয়ে আধাতে বিদ্যালয় ত্যাগ কৰা কাৰ্যই তাৎপৰ্য বহন কৰিছে৷ আনহাতে উচ্ছ প্ৰাথমিক অৰ্থাৎ ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ভিতৰতো অসমৰ শিক্ষাৰ্থীৰ ড্ৰপ আউটৰ ক্ষেত্ৰত দেশৰ ভিতৰত চতুৰ্থ স্থানত আছে৷ উচ্ছ প্ৰাথমিকত অসমৰ আধাতে আনুষ্ঠানিক শিক্ষা শেষ কৰা শিক্ষাৰ্থীৰ হাৰ হৈছে ৪.৬ শতাংশ৷ ইয়াৰ ভিতৰত ছাত্ৰৰ হাৰ হৈছে ৬ শতাংশ আৰু ছাত্ৰীৰ  হাৰ হৈছে ৩.২ শতাংশ৷ আনহাতে ক’ভিড বিধবস্ত ২০২০-২১ শৈক্ষিক বৰ্ষত প্ৰাথমিক পৰ্যায়ত বিদ্যালয় আধাতে এৰা শিক্ষাৰ্থীৰ তালিকাত অসম দেশৰ ভিতৰতে ৬ নম্বৰ স্থানত আছে৷ অৰ্থাৎ প্ৰাথমিক পৰ্যায়তো ড্ৰপ আউটৰ হাৰ হৈছে ৩.৩ শতাংশ৷ ইয়াৰ ভিতৰত ছাত্ৰৰ হাৰ ৪.২ শতাংশ আৰু ছাত্ৰীৰ হাৰ ২.৩ শতাংশ৷¸ চৰকাৰে শিক্ষানুষ্ঠানসমূহত সকলো ধৰণৰ সা-সুবিধাকে ধৰি মধ্যাহ্ন ভোজন পৰ্যন্ত দিয়াৰ পাছতো পিতৃ-মাতৃ কিমান অভাৱগ্ৰস্ত হ’লে নিজৰ কণমানি সন্তানক প্ৰাথমিক শ্ৰেণীতে শিক্ষা সমাপ্ত কৰোৱাৰ ভয়ংকৰ সিদ্ধান্ত ল’ব পাৰে সেয়া যেন স্পষ্ট হৈ পৰিছে৷ অৰ্থাৎ ক’ভিডে যে একাংশ অভিভাৱকৰ জীৱনলৈ ভয়ংকৰ সংকট নমাই আনিলে শিক্ষাৰ্থীৰ ড্ৰপ আউটৰ হাৰে তাকে যেন প্ৰমাণ কৰিছে৷ আনহাতে ক’ভিড লকডাউনৰ ফলত শ্ৰমজীৱী লোকেই নহয়, সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ লোকৰ জীৱনলৈও ভয়ংকৰ দুৰ্যোগ নমাই আনিছিল৷ কৰ্মসংস্থাপন হেৰুৱাই সন্তান-পৰিয়ালক লগত লৈ বহুতে চহৰৰ পৰা গাঁওমুখী হৈছিল৷ আনকি সন্তানৰ শিক্ষাৰ খৰছ যোগাৰ কৰিব নোৱাৰা অভিভাৱকে অনিচ্ছা সত্ত্বেও ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানৰ পৰা সন্তানৰ নাম কৰ্তন কৰি চৰকাৰী বিদ্যালয়ত নাম লগাই দিবলৈ বাধ্য হৈছিল৷ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে, ২০২০-২১ শৈক্ষিক বৰ্ষত দেশত সৰ্বমুঠ ৩৯.৭ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগত বিদ্যালয় ত্যাগ কৰি চৰকাৰী বিদ্যালয় নাম ভৰ্তি কৰিছে৷ তথ্য অনুসৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয় প্ৰাক্‌ প্ৰাথমিক শ্ৰেণীত ২০১৯-২০ বৰ্ষত নামভৰ্তি কৰিছিল ২৩,৭৮৩৬জন ছাত্ৰ-ছাত্ৰীয়ে৷ কিন্তু ২০২১-২১ বৰ্ষৰ নামভৰ্তিৰ সংখ্যা ২১,৭৯৮৭জনলৈ হ্ৰাস হয়৷ একেদৰে ব্যক্তিগত বিদ্যালয়ত প্ৰাথমিক শ্ৰেণীত ২০১৯-২০ বৰ্ষত ৭,৭১,৯৩৪জন শিক্ষাৰ্থীয়ে নামভৰ্তি কৰাৰ বিপৰীতে ২০২০-২১ বৰ্ষত ৭৬৯৩৪৩জনেহে নামভৰ্তি কৰে৷ লক্ষণীয়ভাৱে চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তিৰ তালিকালৈ চালে দেখা যায় যে, প্ৰাক প্ৰাথমিকৰ পৰা দ্বাদশ শ্ৰেণীলৈ ২০১৯-২০ বৰ্ষত ৫০,৩১,৮৯৫ জন শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছিল যদিও ২০২০-২১ বৰ্ষত চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা ৫০,৯৭,৪৩৬জনলৈ বৃদ্ধি পায়৷ ২০১৯-২০ বৰ্ষত চৰকাৰী বিদ্যালয়ত উচ্ছতৰ মাধ্যমিকত ২,৪০,৬৬২জন শিক্ষাৰ্থীয়ে নামভৰ্তি কৰাৰ বিপৰীতে ২০২০-২১ বৰ্ষত ২,৫০,৬৯০ জনলৈ বৃদ্ধি পায়৷ একেদৰে ২০১৯-২০  বৰ্ষতো মাধ্যমিক পৰ্যায়ত ৬,৬৭,৭৩২জন শিক্ষাৰ্থীয়ে নামভৰ্তি কৰাৰ বিপৰীতে ২০২০-২১ বৰ্ষত ৬,৮১,৪৪৯জনলৈ বৃদ্ধি পোৱা দেখা গ’ল৷ আনহাতে চৰকাৰী বিদ্যালয়ৰ প্ৰাথমিক পৰ্যায়ত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ২০১৯-২০ বৰ্ষত ৩৮,৮০,১৭৩জনে নামভৰ্তি কৰিলেও ২০২০-২১ বৰ্ষত ৩৯,৪৩,০১৪জনলৈ বৃদ্ধি পায়৷