Logo
image

পুৰণি বহী, প্ৰশ্নৰেই মেট্ৰিক! মুখ্যমন্ত্ৰীৰ পুনৰ ঘোষণা

আমাৰ অসম, ১২ মাৰ্চঃ পুৰণি প্ৰশ্নকাকত আৰু উত্তৰ বহীৰেই অনুষ্ঠিত হ’ব  চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ মনত উদয় হোৱা হাজাৰটা বিতৰ্ক, সন্দেহ অৱকাশৰ পাছতো অৱশেষত মুখ্যমন্ত্ৰীয়ে ছেবাৰ পক্ষতেই গ্ৰহণ কৰিলে স্থিতি৷ আজি ছেবাৰ পক্ষতে যুক্তি দাঙি ধৰিলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰীৰ মতে যোৱা বছৰৰ প্ৰশ্ন কাকত আৰু উত্তৰবহীৰে  চলিত বৰ্ষৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ’লে ছাত্ৰ-ছাত্ৰীৰ কোনো ক্ষতি নহয়৷ ইয়াৰ দ্বাৰা ৰাজকোষৰো বুজন পৰিমাণৰ ধনো ৰাহি হ’ব৷ শুকুৰবাৰে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে পুৰণি প্ৰশ্ন আৰু বহীৰে মেট্ৰিক অনুষ্ঠিত কৰাৰ সন্দৰ্ভত এনেদৰে কয়– ‘শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈ আছে পুৰণা হ’লেও এইটো ব্যৱহাৰ কৰা হোৱা নাই৷ ৰাইজৰ টকা আপুনি কিমান অপব্যয় কৰিব৷ ২১ চনত প্ৰশ্ন এখন কাটিলে, প্ৰশ্ন কাটোতে মেলোতে কেইবাকোটিও টকা খৰচ হ’ল৷ এতিয়া সেইখন আকৌ ফালি পেলাই দিয়াতকৈ তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে৷ ক’তো লীক হোৱা নাই৷ গতিকে টকা-পইচা দুবাৰ দুবাৰ খৰচ কৰাৰ কি অৰ্থ আছে৷ এইটোতো ৰাইজৰেই পুঁজি৷ ইয়াৰ কাৰণে শিক্ষাৰ্থীসকলে কোনো চিন্তা কৰিবলগীয়া নাই৷ এইটো এটা প্ৰশাসনীয় সিদ্ধান্ত৷’ ইফালে অহা ১৫ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া মেট্ৰিক পৰীক্ষা সুকলমে অনুষ্ঠিত কৰা সন্দৰ্ভত আজি এবছু নেতৃত্বই ছেবাৰ অধ্যক্ষ ৰমেশ ছান্দ জৈনক সাক্ষাৎ কৰে৷ এবছুৰ সভাপতি দীপেন বড়ো আৰু শিক্ষা সম্পাদক সোমেশ্বৰ বসুমতাৰীৰ নেতৃত্বত যোৱা এবছুৰ দলটোৱে ২০২২ চনৰ মেট্ৰিক পৰীক্ষা মুক্ত আৰু নিকাভাৱে অনুষ্ঠিত কৰিবলৈ ছেবা কতৃৰ্পক্ষক দাবী জনায়৷ ইয়াৰ লগতে ৬০ শতাংশ পাঠ্যক্ৰম সামৰি ল’বলৈও তেওঁলোকে ছেবাক পৰামৰ্শ দিয়ে৷ মেট্ৰিকৰ সময়ত যাতে বিদ্যুৎ সৰবৰাহ ব্যাহত নহয়, ইয়াৰ সুব্যৱস্থা কৰিবলৈও এবছুৱে ছেবা কতৃৰ্পক্ষক আহ্বান জনায়৷ প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে চি চি টিভিৰ ব্যৱস্থা কৰিবলৈও এবছুৱে দাবী তোলে৷ লক্ষণীয় যে দেশৰ পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন, অসমৰ পৌৰ নিৰ্বাচন আৰু মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত  বিজেপিৰ অভূতপূৰ্ব সাফল্যত উৎসাহী হৈ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি বিৰোধীক কটাক্ষ কৰি ইটোৰ পাছত সিটো এৰে তীব্ৰ বাক্যবান৷ বিশেষকৈ কংগ্ৰেছক তুলাধুনা দি মুখ্যমন্ত্ৰীয়ে কয়–‘কংগ্ৰেছ এতিয়া ৰাষ্ট্ৰীয় দল হৈ থকা নাই৷ বিজেপিৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ নহয়৷ ২০২৬ চনৰ পিছত এটা সৰু জিলা পৰ্যায়ৰ আঞ্চলিক দললৈ ৰূপান্তৰিক হ’ব কংগ্ৰেছ৷ এটা অঞ্চলভিত্তিক ৰাজনৈতিক দল হ’বগৈ কংগ্ৰেছ৷’ শুকুৰবাৰে হেঙেৰাবাৰীস্থিত প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ত সাংবাদিক আগত এনেদৰে মন্তব্য কৰি ড॰ শৰ্মাই কয়– ‘কংগ্ৰেছ প্ৰথমতে লোকসভাত হাৰিলে৷ পাছত বিধানসভাত হাৰিলে, এতিয়া পৌৰনিগম, নিকায় পঞ্চায়ততো হৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ দেশৰ পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ লগতে অসমৰ পৌৰ নিৰ্বাচন আৰু মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনে এই কথা প্ৰমাণিত কৰিলে যে কংগ্ৰেছৰ ভেলিডিটি শেষ হ’ল৷ কেৱল কংগ্ৰেছেই নহয় যিমান পৰিয়ালকেন্দ্ৰিক দল আছে সকলোকে দেশে নাকচ কৰিছে৷ নিজৰ হাতৰ মুঠিত থকা পঞ্জাব খনো কংগ্ৰেছে ধৰি ৰাখিব নোৱাৰিলে৷ উত্তৰাখণ্ডত এটা ৰাজনৈতিক সংস্কৃতি আছিল যে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে চৰকাৰ সলনি হয়৷ এবাৰ বিজেপি চৰকাৰ হ’লে আনবাৰ কংগ্ৰেছৰ চৰকাৰ হয়৷ কিন্তু উত্তৰাখণ্ডত কংগ্ৰেছ ধূলিস্যাৎ হ’ল৷ মণিপুৰ আৰু গোৱাত কংগ্ৰেছৰ প্ৰদৰ্শন পূৰ্বৰ তুলনাত নিম্নগামী হ’ল৷’ বিৰোধী একত্ৰিত হ’লেও বিজেপিৰ ওচৰ চাপিব নোৱাৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়– ‘জাতি-ধৰ্ম পাহৰি ৰাইজে এতিয়া উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোট দিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আদৰ্শক জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে আদৰি লৈছে৷ পাঁচ  ৰাজ্যৰ নিৰ্বাচনী ফলাফলে তাকেই প্ৰমাণ কৰিছে৷ মাজুলীত বৃহৎ ভোটত বিজেপিক জয়যুক্ত কৰাৰ বাবে মাজুলীবাসীক ধন্যবাদ জনায় মুখ্যমন্ত্ৰীয়ে৷ ইফালে আপৰ বিজয়ক লৈ অসমত হোৱা চৰ্চাৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়– ‘ক’ৰবাত বৰষুণ হ’লে ইয়াত ছাটি ওলায়েই৷ আমি ছাটি লোৱাৰ সুবিধা নিদিওঁ৷’ অখিল গগৈয়ে আজি কৰা আন্দোলনৰ প্ৰসংগত সোধা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়– ‘যিমানেই বিৰোধীয়ে আন্দোলন কৰিব বিজেপিক ৰাইজে সিমানেই আঁকোৱালি ল’ব৷’ ইফালে ৰাজ্যসভাৰ দুয়োখন আসন দখলৰ বাবে বিজেপিৰ মাত্ৰ এটা ভোটহে কম আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়– ‘এটা ভোটত ৰিস্ক লৈ নিৰ্বাচন খেলাটো বিৰোধীৰ কথা৷ এনে অৱস্থাত বিৰোধীয়ে কিয় নিৰ্বাচন খেলিবলৈ ওলাইছে বুজা নাই৷ প্ৰথমখন আসনত জয়ী হ’বৰ কাৰণে ৪২জন বিধায়কৰ সমৰ্থন লাগে৷ এই সমৰ্থন আমাৰ আছে৷ দ্বিতীয়খনৰ বাবেও ৪২জনৰ সমৰ্থন লাগে৷ ইয়াতো ৪১জন আমাৰ বিধায়ক আছে৷ ভুৱনগাম জয়ী হোৱাৰ পাছত আমাৰ বিধায়কৰ সংখ্যা ৮৩জনলৈ বৃদ্ধি পালে৷’ উল্লেখ্য যে মাজুলী আৰু পৌৰ নিৰ্বাচনৰ বৃহৎ জয়ৰ পাছত আজি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়৷ প্ৰদেশ বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ সৈতে তেওঁ এখন ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এনেদৰে বক্তব্য ৰাখে৷