Logo
image

ক’ভিড গ’ল ক’ভিড আহিল

অসমক ক’ভিডমুক্ত ঘোষণাৰ পাছদিনাই চীনা চহৰত নতুনকৈ লকডাউন

আমাৰ অসম, ১২ মাৰ্চঃ অসমত ক’ভিড গ’ল বুলি যিসময়ত ৰাজ্য চৰকাৰে হাত ধুলে, সেই সময়তে চীনৰ চাংচুন চহৰৰ পৰা আহিছে এক ভয়ংকৰ খবৰ৷ ক’ভিডৰ এক নতুন প্ৰজাতি ধৰা পৰিছে চাংচুন চহৰত৷ এই নতুন প্ৰজাতিৰ সংক্ৰমণে একপ্ৰকাৰৰ অভিলেখ সৃষ্টি কৰিছে দেশখনত৷ চৌদিশে ক’ভিডে সৃষ্টি কৰিছে নতুন আতংক৷ মাত্ৰ এটা সপ্তাহতে সংক্ৰমিত হৈছে এহাজাৰৰো অধিক লোক৷ পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি চীন চৰকাৰে আজিৰ পৰা ঘোষণা কৰিছে চাংচুন চহৰত সম্পূৰ্ণ লকডাউন৷ উল্লেখ্য, সুদীৰ্ঘ দুটা বছৰৰ অন্তত বৃহস্পতিবাৰে ৰাজ্যত প্ৰথমবাৰৰ বাবে ক’ভিড টেষ্টত এজনো ক’ভিড পজিটিভ ৰোগী চিনাক্ত নোহোৱাৰ সময়তেই চীনত ঘোষণা হৈছে লকডাউন৷ উত্তৰ-পূব চীনৰ ৯০ লাখ জনসংখ্যা থকা চাংচুন চহৰত শুকুৰবাৰৰ পৰা লকডাউন ঘোষণা কৰিছে চীন চৰকাৰে৷ প্ৰাপ্ত তথ্য অনুসৰি জিলিন প্ৰদেশৰ ৰাজধানী চহৰ চাংচুনত ধৰা পৰিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট৷ এতিয়ালৈ আনুষ্ঠানিকভাৱে নতুন প্ৰজাতিটোৰ নামাকৰণ কৰা হোৱা নাই৷ ২০২০ বৰ্ষত চীনদেশত উৎপত্তি হোৱা ক’ভিডে বিশ্বজুৰি বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছিল যদিও দেশখনত সংক্ৰমণে এসপ্তাহতে এহাজাৰৰ সীমা অতিক্ৰম কৰা নাছিল৷ কিন্তু প্ৰথমবাৰৰ বাবে এটা সপ্তাহত এহাজাৰৰো অধিক লোক ক’ভিড পজিটিভ হিচাপে চিনাক্ত হোৱাত সম্প্ৰতি একপ্ৰকাৰে হাহাকাৰ লাগিছে চীনত৷ দেশখনত চলিত সপ্তাহতে ১,৩৬৯জন লোক ক’ভিডত আক্ৰান্ত হৈছে৷ ক’ভিড আক্ৰান্তৰ সংখ্যা ৰোধ কৰাৰ লগতে চহৰখনৰ পৰা যাতে ইয়াৰ দাঁতিকাষৰীয়া এলেকালৈ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি নহয়, সেইবাবে প্ৰশাসনে তাত কঠোৰ লকডাউন ঘোষণা কৰিছে৷ চাংচুনৰ ৯০ লাখ জনসাধাৰণক ঘৰৰ পৰাই নিজৰ নিজৰ কৰ্ম সম্পাদন কৰিবলৈ দিয়াৰ লগতে সকলোকে ৩ বাৰকৈ ক’ভিড পৰীক্ষা কৰাবলৈ নিৰ্দেশ দিছে৷ চহৰখনত সকলো ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰাৰ লগতে পৰিবহণ ব্যৱস্থাও ব্যাহত কৰা হৈছে৷ চৰকাৰৰ নিৰ্দেশনা অনুসৰি প্ৰতি দুদিনৰ অন্তত পৰিয়ালৰ এজন ব্যক্তিয়ে বজাৰ কৰিবলৈ ওলাব পাৰিব৷ ইয়াৰ লগে লগে শ্বাংহাইৰ উপৰি চীনৰ মুখ্য চহৰসমূহত ক’ভিড টেষ্ট তীব্ৰতৰ কৰাৰ লগতে প্ৰয়োজন হ’লে সম্পূৰ্ণ বা আংশিক লকডাউনৰ বাবে সাজু হ’বলৈও প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে৷ শ্বাংহাইৰ বিদ্যালয়সমূহ শুকুৰবাৰে বন্ধ কৰি অনলাইনযোগে পাঠদান কৰিবলৈ নিৰ্দেশ দিছে৷ বেইজিঙৰ বহুকেইটা আৱাসিক চৌহদ সম্পূৰ্ণ বা আংশিক লকডাউনৰ মাজত আছে৷ লক্ষ্যণীয় যে ক’ভিড মহামাৰীৰ উৎপত্তিস্থল বুলি অভিযোগ উঠা চীনদেশত ক’ভিডৰ এই নতুন প্ৰজাতিক লৈ আতংকময় পৰিৱেশৰ সৃষ্টি হোৱা সময়তেই অসম মূলুকত খোদ ৰাজ্য চৰকাৰে ক’ভিড শূন্য হোৱাৰ কথা একপ্ৰকাৰে ঘোষণা কৰিছে৷ এইখিনিতে ৰাইজৰ মনত প্ৰশ্ন উঠিছে– সঁচাকৈ ক’ভিড অসমৰ পৰা গ’লগৈ নেকি? পূৰ্বে যেনেধৰণে ক’ভিডৰ টেষ্টিঙৰ ব্যৱস্থা আছিল, সেই সকলো ব্যৱস্থা এতিয়া উঠাই দিয়া হ’ল৷ সন্মুখত পৌৰ আৰু মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন থকাৰ বাবেই ভোটৰ অংকত ফেব্ৰুৱাৰীৰ মাজভাগৰ পৰাই সকলো ক’ভিড প্ৰট’কল ৰাজ্য চৰকাৰে উঠাই দিয়া বুলি অভিযোগ উঠিছিল৷ অৱশেষত যেনিবা বিজেপিয়ে আশা কৰাৰ দৰেই ফলাফল ওলাল নিৰ্বাচনৰ৷ ৰাইজৰ মুখে মুখে এটা কথাই চৰ্চা হয়– ইলেকশ্বন আহিলেই নাইকিয়া হয় ক’ভিড, ইলেকশ্বন গ’লেই আহে ক’ভিড৷ উল্লেখ্য, চৰকাৰী তথ্যমতে যোৱা দুমাহত ভাৰতৰ লগতে ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যা কমাৰ লগতে মৃত্যুৰ হাৰ কমিবলৈ ধৰিছিল৷ ক’ভিড আক্ৰান্তৰ বাবে থকা বিনামূলীয়া চিকিৎসা সেৱা হঠাৎ  প্ৰত্যাহাৰৰ কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে৷ নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱা লোকসকলক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি হোম আইছ’লেশ্বনতো থাকিব পাৰিব বুলি চৰকাৰে ঘোষণা কৰিছিল৷ ক’ভিডত আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাৰ প্ৰতি লক্ষ্য ৰাখি  ৰাজ্যত অব্যাহত থকা নৈশ কাৰ্ফিউ তথা অন্যান্য সকলো বাধা-নিষেধাজ্ঞা ১৫ ফেব্ৰুৱাৰীৰ পৰা প্ৰত্যাহাৰ কৰিছিল ৰাজ্য চৰকাৰে৷ শেহতীয়াকৈ মাৰ্চ মাহত ক’ভিডত আক্ৰান্ত লোকৰ পৰিসংখ্যালৈ লক্ষ্য কৰিলে দেখা যায় যে দুই মাৰ্চত ৰাজ্যত এজন ক’ভিড ৰোগীৰ মৃত্যু হৈছিল৷ আনহাতে, ৰ মাৰ্চতে ক’ভিড আক্ৰান্তৰ সংখ্যাই দহকৰ ঘৰ অতিক্ৰম কৰিছিল৷ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰ মাৰ্চত ২,৪৭৯টা টেষ্টৰ বিপৰীতে ১২জন পজিটিভ, ২ মাৰ্চত ২,৮৯৭টা টেষ্টৰ বিপৰীতে জ্ঝজন পজিটিভ আৰু এজনৰ মৃত্যু, ৩ মাৰ্চত ৩,০৬২টা টেষ্টৰ বিপৰীতে ৬ জন পজিটিভ, ৪ মাৰ্চত ২,৫৩৩টা টেষ্টৰ বিপৰীতে ৭জন পজিটিভ, ৫ মাৰ্চত ২,৩৫০টা টেষ্টৰ বিপৰীতে ২জন পজিটিভ, ৬ মাৰ্চত ৬৫৭টা টেষ্টৰ বিপৰীতে ২জন পজিটিভ, ৭ মাৰ্চত ৩,৪০৮টা টেষ্টৰ বিপৰীতে ৩জন পজিটিভ, ৮ মাৰ্চত ২,৪৯৬টা টেষ্টৰ বিপৰীতে ৩জন পজিটিভ, ৯ মাৰ্চত ২,০৬০টা টেষ্টৰ বিপৰীতে ৩জন পজিটিভ ওলোৱাৰ বিপৰীতে ১০ মাৰ্চত ১,৭১৩টা টেষ্টৰ বিপৰীতে এজেনা ক’ভিড পজিটিভ ৰোগী ওলোৱা নাছিল৷ সেই অনুসৰি শনিবাৰে দিনত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যত ক’ভিডত আক্ৰান্তৰ সংখ্যা শূন্যলৈ নামিছে যেতিয়া ক’ভিড নাই বুলি ধৰি ল’ব পাৰি৷ গতিকে এতিয়া শিক্ষা, ব্যৱসায়, বাণিজ্য, পৰিবহণ আদি সকলো ক্ষেত্ৰতে আমি সূচাৰুৰূ¸পে আগবাঢ়িব পাৰিম বুলি আমি আশাবাদী৷ মুখ্যমন্ত্ৰীৰ কথাৰ পৰা স্পষ্ট হয় যে ক’ভিডক লৈ চৰকাৰে ইতিমধ্যে হাত ধুলে৷ শুকুৰবাৰে দিনত মুখ্যমন্ত্ৰীয়ে এই মন্তব্য কৰাৰ পাছত শুকুৰবাৰে সন্ধিয়া দিনটোৰ ক’ভিড টেষ্টিঙৰ ফলাফল প্ৰকাশ পায়৷ সেই অনুসৰি বৃহস্পতিবাৰৰ পাছত আজিও ৰাজ্যত ক্ৰমাগত দ্বিতীয় দিনৰ বাবে এজনো ক’ভিড আক্ৰান্ত চিনাক্ত হোৱা নাই৷ শনিবাৰে ১,৪৫৬টা টেষ্টৰ বিপৰীতে এজনো পজিটিভ ৰোগী চিনাক্ত হোৱা নাই লগতে মৃত্যুও নাই৷ এই ফলাফললৈ লক্ষ্য কৰিলে আমাৰ মাজৰ পৰা ক’ভিড আঁতৰি গ’ল বুলি ধৰিব পাৰি যদিও চীনত দেখা দিয়া নতুন প্ৰজাতিৰ বাবে চাংচুং চহৰত ঘোষণা কৰা লকডাউনে বাৰুকৈয়ে উদ্বেগৰ সৃষ্টি কৰিছে– ক’ভিড গ’ল যদিও ক’ভিড পুনৰ আহিল নেকি!