Logo
image

ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ ৰাছিয়াৰ

কিয়েভত প্ৰচণ্ড গোলাবৰ্ষণ

আমাৰ অসম, ১২ মাৰ্চঃ ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণে শুকুৰবাৰে ১৬ দিনত ভৰি দিয়ে৷ কিন্তু ইয়াৰ পাছতো যুদ্ধ স্তব্ধ হোৱাৰ কোনো ইংগিত নাই৷ সময় যোৱাৰ লগে লগে অধিক ভয়ংকৰ হৈ উঠিছে ইউক্ৰেইনৰ যুদ্ধপৰিস্থিতি৷ ইটোৰ পিছত সিটো বোমা আক্ৰমণ অব্যাহত ৰাখিছে ৰুছ সৈন্যবাহিনীয়ে৷ আনকি ৰাছিয়াই আক্ৰমণৰ বাবে ৰাসায়নিক বোমাৰ ব্যৱহাৰ অব্যাহত ৰাখিছে৷ উল্লেখ্য যে ইউক্ৰেইনৰ বিৰুদ্ধে চলোৱা আক্ৰমণত ৰাছিয়াই জৈৱ অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে বুলি পূৰ্বৰে পৰা সন্দেহ কৰি আহিছিল আমেৰিকাই৷ একেদৰে ব্ৰিটিছ প্ৰতিৰক্ষা মন্ত্ৰণালয়েও এক টুইটযোগে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত জৈৱ অস্ত্ৰ প্ৰয়োগ কৰা বুলি উল্লেখ কৰিছিল৷ শেহতীয়াকৈ আমেৰিকা আৰু বৃটেইনৰ এই অভিযোগ সঁচা প্ৰমাণিত হৈছে৷ ইয়াৰ বিপৰীতে ইউক্ৰেইনৰ সেনাবাহিনীয়েও প্ৰাণপণে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তুলিছে ৰাছিয়াৰ বিৰুদ্ধে৷ সম্প্ৰতি কিয়েভ, খাৰকিভ, ছুমি, মাৰিয়ুপ’ল আদি চহৰসমূহত ৰুছ সৈন্যৰ বোমা আক্ৰমণ তীব্ৰতৰ হৈছে৷ শেহতীয়া বাতৰি মতে ইউক্ৰেইনৰ ৰাজধানী কিয়েভক ৰুছসেনাই দুফালৰ পৰা ঘেৰি ধৰি আক্ৰমণ অব্যাহত ৰাখিছে৷ তদুপৰি উত্তৰ দিশত থকা ইৰপিন আৰু পূব প্ৰান্তৰ আন এখন চহৰত ৰাছিয়াই অবিৰাম ক্ষেপণাস্ত্ৰ আৰু গোলাবৰ্ষণ অব্যাহত ৰাখিছে৷ ফলত কিয়েভকে ধৰি উক্ত চহৰ দুখনৰ পৰিস্থিতি অধিক জটিল হৈ পৰিছে৷ ইফালে কিয়েভ দখলৰ বাবে ৰুছসেনাই ক্ৰিমিয়াৰ পথেৰে অগ্ৰসৰ হোৱা আৰম্ভ কৰিছে৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি মতে ৰুছসেনাৰ এটা বিশাল কনভয় কিয়েভ অভিমুখে অগ্ৰসৰ হোৱাটো নিশ্চিত হৈছে৷ সমান্তৰালভাৱে কিয়েভৰ ওপৰত ৰাছিয়াই টেংক, পেৰাট্ৰুপ, স্থলসেনা আৰু ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলাই আছে৷ ইয়াৰ বিপৰীতে ইউক্ৰেইনৰ সেনা বাহিনীয়ে ৰুছসেনাৰ ৫খন টেংক ধবংস কৰা বুলি দাবী কৰিছে৷ উল্লেখ্য যে কেইদিনমান পূৰ্বে ৰুছসেনাৰ এটা বিশাল কনভয় কিয়েভৰ পৰা ৬০ কিলোমিটাৰ নিলগত অৱস্থান গ্ৰহণ কৰি থকা বুলি বাতৰি প্ৰকাশ হৈছিল৷ উপগ্ৰহৰ ছবিতো কেইবা কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰুছসেনাৰ কনভয়টো দেখিবলৈ পোৱা গৈছিল৷ সেই কনভয়টো এতিয়া লাহে লাহে কিয়েভ অভিমুখে অগ্ৰসৰ হোৱা বুলি বাতৰি পোৱা গৈছে৷ ৰুছসেনাৰ কনভয়টোৰ আগ্ৰাসন এনেদৰে আগবাঢ়িলে কিয়েভ দখলৰ বাবে আৰু হয়তো অধিক সময়ৰ প্ৰয়োজন নহ’ব৷ মুঠৰ ওপৰত ইউক্ৰেইনৰ ৰাজধানী চহৰখনত ৰাছিয়াই যিকোনো প্ৰকাৰে হস্তগত কৰাৰ দিশে আগবাঢ়িছে৷ আনহাতে শেহতীয়া এক বাতৰি মতে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ইউক্ৰেইনৰ ভলন’ভোখা চহৰখন ৰুছপন্থী বিচ্ছিন্নতাবাদীৰ জৰিয়তে সম্পূৰ্ণৰূপে নিজৰ দখললৈ অনা বুলি দাবী কৰিছে৷ উল্লেখ্য যে কৌশলগত কাৰণত ভলন’ভোখা চহৰখন ৰাছিয়াৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ এই চহৰখন মাৰিয়ুপ’লৰ উত্তৰদিশে অৱস্থিত৷ এইখন চহৰত ৰুছসৈন্যই চলোৱা আক্ৰমণত এতিয়ালৈকে ১৩শ লোকৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে৷ কিন্তু ইয়াৰ পাছতো দেশৰক্ষাৰ বাবে ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিছে ইউক্ৰেইনৰ সৈন্যবাহিনীয়ে৷ এক কথা ক’বলৈ গ’লে ইউক্ৰেইনৰ সেনাবাহিনী আৰু সাধাৰণ নাগৰিকসকলে ৰাছিয়াৰ বিৰুদ্ধে ‘তৰিম অথবা মৰিম’ পণ লৈ যুদ্ধত নামি পৰিছে৷