Logo
image

দুঃস্বপ্ন অতিক্ৰমি দেশ পালেহি ছুমীৰ শিক্ষাৰ্থী

আমাৰ অসম, ১২ মাৰ্চঃ যুদ্ধ ভূমিৰ পৰা মৃত্যুক জয় কৰি যেন মাতৃভূমিত উপস্থিত হ’বলৈ সক্ষম হ’ল ইউক্ৰেইনৰ ছুমীত আবদ্ধ অসমীয়াসকলে৷ চকুৰ সন্মুখতে ৰাছিয়াৰ সৈন্যই মিছাইল নিক্ষেপ, বোমা বিস্ফোৰণ আৰু গুলীচালনাৰ ভয়ংকৰ ৰূপ দেখা পাই জীৱনৰ মায়ামোহ প্ৰায় এৰি দিয়া ৪৩ অসমীয়াসহ ৬৯৪ জন ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ কৰিলে ৰেডক্ৰছ আৰু ভাৰতীয় দূতাবাসে৷ যুদ্ধবিধবস্ত ছুমী প্ৰদেশৰ পৰা বাছ-ৰে’লেৰে আহি পোলেওত উপস্থিত হোৱা পাছত অসমীয়া শিক্ষাৰ্থীসকলক লৈ শুকুৰবাৰে অন্তিমখন বায়ুসেনা বাহিনীৰ বিশেষ বিমান নতুন দিল্লীত অৱতৰণ কৰে৷ ভয়, ভোক, দুঃচিন্তা আৰু অসুস্থ দেহাৰে সম্পূৰ্ণ দুসপ্তাহ ধৰি ছুমী ৰাজ্যিক চিকিৎসা বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ঝাংকাৰৰ আবদ্ধ অসমীয়া তথা ভাৰতীয় শিক্ষাৰ্থী সকলে উদ্ধাৰৰ বাবে কাতৰ আহ্বান জনোৱাৰ পাছতো কাৰোৰে পৰা যেন সঁহাৰি লাভ নকৰাত একপ্ৰকাৰ জীৱনৰ মোহ ত্যাগ কৰিছিল৷ অৱশেষত ফ্ৰান্স, ভাৰতকে ধৰি কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ হেঁচাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমি পুটিনে ইউক্ৰেইনৰ কেইবাখনো চহৰত সাময়িকভাৱে যুদ্ধ বিৰতি ঘোষণা কৰি বিদেশী ছাত্ৰসকলক মানৱীয় কৰিড’ৰৰ জৰিয়তে স্থানান্তৰত সেউজ সংকেট প্ৰদান কৰিছিল৷ সেই সূত্ৰে মঙলবাৰে ছুমী প্ৰদেশৰ বাবে বিশেষ বাছেৰে প’ল্টাভালৈ স্থানান্তৰ কৰা ভাৰতীয় শিক্ষাৰ্থীসকল বুধবাৰে বিশেষ ৰে’লেৰে পোলেলৈ অনা হয়৷ বৃহস্পতি আৰু শুকুৰবাৰে অসমীয়া শিক্ষাৰ্থীকেইজনৰ লগতে ভাৰতীয় শিক্ষাৰ্থীসকলক বিশেষ বিমানেৰে দেশলৈ আনে কেন্দ্ৰীয় চৰকাৰে৷ ‘অপাৰেছন গংগা’ৰ অধীনত দেশৰ মাটিত আহি উপস্থিত হোৱা অসমীয়া শিক্ষাৰ্থীকেইজন হৈছে ক্ৰমে–নগৰবেৰাৰ ফাৰুখ আব্দুল্লা, ডুমুনী-চকীৰ খালিদ নাজিম ইছলাম, বনবাহাৰৰ চাকিল আহমেদ, বৰপেটাৰ মাচুমা আখটাৰ, সোণাৰীৰ চাহিল আনোৱাৰ, জোনাইৰ আব্দুল ৰচিদ, মঙলদৈৰ মহম্মদ পাৰভেজ আলম, গুৱাহাটীৰ শিৱাংগিনী ভট্টাচাৰ্য, গাছবাৰীৰ মানস প্ৰতীম মেধি, লংকাৰ ইয়াহা আল মুবাৰক, মোৰাবজাৰৰ অৰিন্দম ফুকন, ডামপুৰৰ আখটাৰ আলী, মৰিগাঁৱৰ ইনজামুল হক চৌধুৰী, শিলচৰৰ মেহবুব আলম মজুমদাৰ, গুৱাহাটীৰ মেহৰুখ নিগাৰ জামান, জয়ীতা পাঠক, কামৰূপৰ জাকাৰীয়া আতিকুৰ ৰহমান হুছেইন, গোলাঘাটৰ নীলম কলিতা, কামৰূপৰ চাহিদ ইকবাল চৰিফ, নলবাৰীৰ নুৰালম চৌধুৰী, নগাঁৱৰ কাশ্যপ পিনাকী ৰঞ্জন, ধুবুৰীৰ আছিক হুছেইন সৰকাৰ, কামৰূপৰ আকিব মুস্তাক আহমেদ, আৰিফ মাহফুজ চিদ্দিক, হাচানুল ইছলাম, ধুবুৰীৰ মহিবুৰ ৰহমান, বৰপেটাৰ আব্দুল কালাম আজাদ, মঙলদৈৰ বৰষা শৰ্মা, কামৰূপৰ নিকিতা শৰ্মা, মৰিগাঁৱৰ আফজালুৰ ৰহমান, গুৱাহাটীৰ অৰ্নব অৰিয়ন বৰ্মন বসুমতাৰী, চুলতানা নীলিমা হুছেইন, বিশাল দাস, তিনিচুকীয়াৰ হূষিকেশ ডেকা, ব্ৰহ্মনগৰৰ মোহিম আহমেদ খান, গুৱাহাটীৰ প্ৰীতম শৰ্মা, অনুকম্পা ৰাজমেধি, শিৱসাগৰৰ দেৱৰাজ ভূঞা, বৰপেটাৰ অনিমা আহমেদ, ৰঙিয়াৰ ছৈয়দ শ্বাহবাজ আহমেদ, মঙলদৈৰ হিৰকজ্যোতি হাজৰিকা আৰু ধুবুৰীৰ আবু চৈয়দ চিদ্দিকী৷ দিল্লীত উপস্থিত হোৱা আটাইকেইজন শিক্ষাৰ্থীয়ে কাইলৈৰ ভিতৰত নিজৰ ঘৰত উপস্থিত হ’ব৷ দিল্লীত অৱতৰণৰ পাছতেই শিক্ষাৰ্থীকে ছুমী বাংকাৰত প্ৰাণ ৰক্ষাৰ বাবে চেষ্টা চলোৱা ভয়ংকৰ দুঃস্বপ্নৰ অভিজ্ঞতা বৰ্ণনা কৰিছে৷ যুদ্ধ বিধবস্ত ইউক্ৰেইনৰ পৰা সো-শৰীৰে মাতৃভূমিত উপস্থিত হোৱা অসমৰ দুজন শিক্ষাৰ্থীয়ে পোহনীয়া দুটা মেকুৰী ইউক্ৰেইনৰ পৰা লৈ আহে৷ যুদ্ধ বিধবস্ত ধবংসস্তুপৰ পৰা মৰমৰ মেকুৰী দুটা এৰি থৈ আহিবলৈ নিবিচাৰিলে গুৱাহাটীৰ নীলিমা হুছেইন আৰু বৰপেটাৰ আব্দুল কালাম আজাদে৷ বিপদজনক আৰু দীঘলীয়া যাত্ৰাৰ মাজতে লগত মেকুৰি দুটা মৃত্যুৰ বাবে এৰি থৈ নাহি পশুপ্ৰেমৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে অসমৰ দুই শিক্ষাৰ্থীয়ে৷ মেডিকেল শিক্ষাৰ্থী নীলিমা হুছেইনে অৰিঅ’ ওৰফে মৰিয়ম নামৰ সোণালী বৰণৰ মেকুৰীটো আৰু আব্দুল কালামে বগা বৰণৰ  মাক্সিম  নামৰ মেকুৰিটো ঘৰলৈ লৈ আনিছে৷

১২ দিনে মৃত্যুক যেন মূৰৰ ওপৰত লৈ আছিলোঁঃ চাহিল আনোৱাৰ

ইউক্ৰেইনৰ ছুমী ৰাজ্যিক বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানত অধ্যায়নৰত অসমৰ ছাত্ৰসকল ইউক্ৰেইনত যুদ্ধৰ ফলত আবদ্ধ হৈ ১২টা দিন বাঙ্কাৰতে আছিল আঠ মাৰ্চত ৰেডক্ৰছ ছ’চাইটী, ছুমী বিশ্ববিদ্যালয়ৰ কতৃৰ্পক্ষ আৰু ভাৰতীয় দূতাবাসে আটাইকেইজন শিক্ষাৰ্থী ছুমীৰ পৰা প্ৰথমে প্ৰায় বাৰঘণ্টীয়া পথ বাছেৰে পল্টা’ভালৈ নিয়ে৷ তাৰ পৰা পুনৰ ১৬ ঘণ্টীয়া পথ ৰে’লেৰে লিভিভলৈ আৰু তাৰ পাছত লিভিভৰ পৰা পোলেণ্ডলৈ নিয়া হয়৷ পোলেণ্ডৰ পৰা কালি অপাৰেচন গংগাৰ জৰিয়তে শিক্ষাৰ্থীসকলক পোলেণ্ডৰ সময় অনুসৰি, সন্ধিয়া ৬.৩০ বজাত এয়াৰ ইণ্ডিয়া বিমানযোগে প্ৰথমটো দলক, নিশা ৯.৩০ বজাত ইণ্ডিগো বিমানযোগে দ্বিতীয়টো দলক আৰু নিশা ১১.৩০ বজাত ভাৰতীয় বায়ুসেনাৰ চি-১৭ যোগে তৃতীয়টো দলক নতুন দিল্লীলৈ কঢ়িয়াই আনে৷ প্ৰথমটো দলে ভাৰতীয় সময় মতে, পুৱা ৫.৪৫ বজাত দিল্লী বিমানবন্দৰত অৱতৰণ কৰে৷ আজি নতুন দিল্লীত উপস্থিত হোৱা অসমৰ শিক্ষাৰ্থীসকলক পোনে পোনে অসম হাউছলৈ নিয়া হয় আৰু তাতে থকা-খোৱাৰ সু-ব্যৱস্থা চৰকাৰীভাৱে কৰা হৈছে৷ কাইলৈ শিক্ষাৰ্থীসকল অসমলৈ বিমানযোগে ৰাওনা হ’ব৷ আজি অসম হাউছত পুৱাই অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই শিক্ষাৰ্থীসকলক সাক্ষাৎ কৰি মত বিনিময় কৰে৷ ইয়াৰ পাছতে বৰপেটাৰ সাংসদ আব্দুল খালেক অসম হাউছত উপস্থিত হৈ শিক্ষাৰ্থীসকলৰ খবৰ লয়৷ বৰপেটাৰ  সাংসদজনৰ লগতে কেন্দ্ৰীয় আৰু অসম চৰকাৰক শিক্ষাৰ্থীসকলৰ অসমাপ্ত পাঠ্যক্ৰমখিনি ভাৰত বা অসমতে সম্পূৰ্ণ কৰি দিবলৈ অনুৰোধ জানায়৷ প্ৰকাশ্য যে, কিছু শিক্ষাৰ্থীৰ ছমাহ, এবছৰ বা দুবছৰহে বাকী আছে৷ ইপিনে ১২ দিন ধৰি খাদ্য সংকটত পৰি  বাংকাৰত আশ্ৰয় লৈ থকা বহৰিৰ চাহিল আনোৱাৰে মৃত্যুক মূৰৰ ওপৰত লৈ থকাৰ কথা বৰ্ণনা কৰি শিঁহৰিত হৈ পৰে৷ ছুমীত চাহিল আনোৱাৰ, নীলম কলিতা, বৰষা শৰ্মা, জয়ীতা পাঠক, বিশাল দাস, শিৱাঙ্গিনী ভট্টাচাৰ্য, নিকিতা শৰ্মা, দেৱৰাজ ভূঞা, জাকাৰীয়া হুছেইন, চাকিল আহমেদ, চুলতানা নীলিমা হুছেইন আদিকে ধৰি অসমৰ ৪৩জন শিক্ষাৰ্থী আছিল৷

ডুমডুমাৰ হৃষিকেশ নতুন দিল্লীত উপস্থিত

যুদ্ধৰ বিভীষিকাৰ মাজত ভাৰতীয় ছাত্ৰসকলৰ লগতে ইউক্ৰেইনৰ ছুমীত আবদ্ধ হৈ পৰা অসমৰ ১৯জন ছাত্ৰৰ লগতে ডুমডুমাৰ ৰূপাই চাইডিঙৰ ছাত্ৰ হৃষিকেশ ডেকাও আহি নতুন দিল্লীত উপস্থিত হৈছেহি৷ ভাৰত চৰকাৰে লোৱা ‘অপাৰেশ্বন গংগা’ৰ অধীনত ইউক্ৰেইনত আবদ্ধ হৈ থকা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক ইতিমধ্যে উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিছে৷ সেই অনুসৰি, অসমৰ ১৯জন ছাত্ৰ-ছাত্ৰী আজি আহি নতুন দিল্লীত উপস্থিত হৈছেহি৷ এই ১৯জন ছাত্ৰ-ছাত্ৰীৰ মাজত ডুমডুমা ৰূপাই চাইডিঙৰ ছাত্ৰ হৃষিকেশ ডেকাও আছে৷ অসমৰ ছাত্ৰ-ছাত্ৰীৰ দলটো সম্প্ৰতি নতুন দিল্লীৰ অসম ভৱনত ৰখা হৈছে৷ অসম চৰকাৰে তেওঁলোকক অসমলৈ অনাৰ ব্যৱস্থা কৰাৰ কথা জানিব পৰা গৈছে৷