নিৰ্বাচনৰ ফলাফলৰ পাছত
ৰাজ্যৰ পৌৰসভাসমূহৰ নিৰ্বাচন হৈ গ’ল৷ সংবাদ মাধ্যমযোগে বিজয়ী প্ৰাৰ্থী আৰু সমৰ্থকসকলৰ আনন্দ-উল্লাসৰ ছবি সকলোৱে দেখা পালে৷ কি ল’ৰামতীয়া কাৰবাৰ কাৰোবাৰ যদি মূৰৰ পৰা ভৰিলৈ ফাকুৱাৰ ৰং, কাৰোবাৰ বাৰেৰহণীয়া নাচ-গান৷ স্কুল-কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন হ’লেও এনে কাৰবাৰবোৰ অলপ মানিব পাৰি৷ ৰাইজৰ সেৱা কৰিবলৈ ওলাই অহাসকল অলপ সংযত হোৱা ভাল৷ স্থান, কাল, পাত্ৰ আৰু বয়সভেদে মানুহে আচৰণ কৰিব লাগে৷ আমাৰ ইয়াত সকলো কথা বা কামেই গৈ হৈ-চৈত পৰিণত হয়৷ পৰীক্ষাৰ ফল, নিৰ্বাচন আনকি প্ৰতিবাদী আন্দোলনবোৰো উৎসৱলৈ ৰূপান্তৰিত হয়৷ পৰম্পৰাগত ঐতিহ্যসম্বলিত উৎসৱ-পাৰ্বণবোৰ হয়গৈ অন্তৰাত্মা-বিবৰ্জিত মাতাল আনন্দৰ ফোঁপোলা প্ৰদৰ্শন৷ জিলাৰ সংখ্যা বঢ়াৰ লগে লগে ৰাজ্যখনত মহকুমা, সংমণ্ডল আদিৰ সংখ্যা বাঢ়িছে, নগৰ-চহৰৰ সংখ্যা বাঢ়িছে আৰু বাঢ়িছে প্ৰশাসনীয় গোটবোৰৰ সংখ্যা৷ বিকেন্দ্ৰীকৰণৰ এই সুবিধা সম্প্ৰসাৰিত হোৱাৰ লগে লগে ঠাইবোৰ উন্নত হ’ব লাগে, মানুহবোৰৰ জীৱন ধাৰণৰ মানৰ বিকাশ হ’ব লাগে৷ স্থানীয় লোকৰ সমস্যাবোৰ পৰিকল্পিত ৰূপত সমাধানৰ ব্যৱস্থা হ’ব লাগে৷ বাট-পথ, যোগাযোগৰ সুবিধা, কৃষিকে ধৰি উৎপাদনৰ উৎসবোৰৰ অনুসন্ধানমূলক সমীক্ষা আৰু সেইমতে কাৰ্যব্যৱস্থাৰ পৰিচালনা, মহিলা-শিশু, জ্যেষ্ঠ নাগৰিক, যুৱক-যুৱতী আদি ভিন্নস্তৰৰ নাগৰিকৰ প্ৰয়োজনীয়তাৰ তথ্যসংগ্ৰহ আৰু পৰৱৰ্তী সময়ত সেইবোৰ পূৰণ কৰাৰ উপায় উদ্ভাৱন আদি গঠনমূলক কামবোৰৰ প্ৰতি কাৰো ক’তো আলোচনা-চৰ্চা, দাবী-অনুৰোধৰ কথা নাই৷ তাৰ পৰিৱৰ্তে আনন্দত আত্মবিভোৰ দল, নেতা আৰু স্তাৱকসকল৷ নিৰ্বাচনত জিকাটোৱেই যেন শেষ লক্ষ্য সকলোৰে৷ পৰৱৰ্তী সময়ত চৰকাৰী আঁচনিৰ ধন বিতৰণ, আত্মীয়-স্বজনৰ অথবা তেওঁলোকৰ সতি-সন্ততিৰ বাবে চৰকাৰী চাকৰি অথবা সা-সুবিধা আদায় কৰাৰ নিৰন্তৰ প্ৰয়াস, আকৌ, সুযোগ-সুবিধা বুজি এদল পোহনীয়া অনুগামীৰ সহযোগত স্থানান্তৰত ডাবি-ধমকিৰে ধন সংগ্ৰহ– এয়াই সাম্প্ৰতিক সময়ৰ জনপ্ৰতিনিধিসকলৰ বেছিভাগৰেই দৈনন্দিন কাৰ্যৰ ৰুটিন৷ নিৰ্বাচিত কৰি দিয়া সাধাৰণ ভোটাৰ ৰাইজক ‘হিতাধিকাৰী’ আঁচনিৰ চাউল, দাইল আদি দিয়াৰ বাদে তেওঁলোকৰ জীৱনৰ গুণগত মানৰ বিকাশৰ বাবে প্ৰতিনিধিসকলৰ নূ্যনতম আগ্ৰহো দেখা নাযায়৷ নিৰ্বাচিত হৈ অহা ঠাইখনৰ বা মানুহখিনিৰ অভাৱ-অভিযোগ আৰু সেইবোৰ দূৰীকৰণাৰ্থে বাস্তৱধৰ্মী একোখন প্ৰকল্প-পৰিকল্পনা জনপ্ৰতিনিধিসকলৰ থাকিব লাগে৷ অথচ, বেছিভাগেই কেৱল বিৰোধী দল আৰু প্ৰতিদ্বন্দ্বীৰ অৰ্থহীন সমালোচনা আৰু চৰিত্ৰ হননৰ কামত ব্যতিব্যস্ত হৈ পৰে৷ জনপ্ৰতিনিধিজনৰ নেতৃত্বত এটি সবল কৰ্মীদল গঠন কৰি তৃণমূল পৰ্যায়ৰ পৰা কামবোৰ কৰি গ’লে বিকাশ ত্বৰান্বিত হয়৷ বিকেন্দ্ৰীকৃত প্ৰশাসনৰ এয়াই লক্ষ্য৷ কিন্তু, তেনে লক্ষ্যৰ প্ৰতি উদাসীনতাহে দেখা যায়৷ জনপ্ৰতিনিধিসকলৰ বিবেক বিধবস্ত কৰাৰ ক্ষেত্ৰত অনুগামীসকলৰ আৱেগৰ অত্যাচাৰো কম দায়ী নহয়৷ ৰাষ্ট্ৰীয় পৰ্যায়তো কথাবোৰৰ ব্যতিক্ৰম নহয়৷ নিৰ্বাচনসৰ্বস্ব গণতন্ত্ৰ দেশৰ বিকাশৰ পৰিপন্থী৷ নিৰ্বাচনৰ জয়-পৰাজয়ৰ দ্বাৰাহে দল আৰু নেতাৰ মান বা দক্ষতা জোখাৰ যি ধাৰা আমাৰ দেশত চলিছে, সিয়ে গণতন্ত্ৰকো শক্তিশালী কৰিব নোৱাৰে৷ আসন লাভৰ অংকই দেশৰ বহনক্ষমতাযুক্ত বিকাশ গতিত বাধাৰ হেঙাৰ বান্ধিছে৷ এইবোৰ কথা দল-ধৰ্মনিৰপেক্ষ সচেতন, বিজ্ঞ-অভিজ্ঞসকলে নিৰ্বাচন-উত্ৰাৱল ভোটাৰ ৰাইজক মুকলিকৈ বুজাই কোৱা উচিত৷






