Logo
image

মানৱীয়তাৰ মহাসংকট

কিয়েভ পতনৰ প্ৰাক্‌মুহূৰ্তত

সহস্ৰ নিৰীহৰ প্ৰাণহানি

আমাৰ অসম , ১৩মাৰ্চঃ ৩১ বছৰীয়া ভেলেৰিয়া মাকছেট্‌স্কা সুন্দৰী আৰু সাহসী আছিল৷ ৰুছ প্ৰভাৱাধীন আৰু বিচ্ছিন্নতবাদীৰে ভৰি থকা ইউক্ৰেইনৰ ড’নেৎস্ক অঞ্চলত তেওঁৰ জন্ম আৰু শৈশৱ-যৌৱন পাৰ কৰিছিল ডনবাছ বুলি পৰিচিত এই অঞ্চলতে৷  তেওঁ ৰাছিয়াৰ অনুগত এচাম দেশদ্ৰোহী বাসিন্দাৰ সৈতে বাস কৰিবলগীয়া হৈছিল আৰু সেয়ে প্ৰতিনিয়ত তেওঁ বিচ্ছিন্নতাবাদীৰ সৈতে যুঁজি থাকিবলগীয়া হৈছিল৷ ৰাছিয়াই প্ৰথমে ডনেৎস্ক আৰু লুগানস্কত আক্ৰমণ আৰম্ভ কৰাত ৰুছ সন্ত্ৰাস সন্মুখীন হৈছিল ভেলেৰিয়া আৰু তেওঁৰ পৰিয়াল৷ পিছে ৰুছ বাহিনীৰ ওচৰত সেও নামানি ভেলেৰিয়া মাকছেট্‌স্কাই যুদ্ধত ক্ষতিগ্ৰস্ত লোকক চিকিৎসা সাহায্য প্ৰদান কৰি আছিল৷ ভেলেৰয়া মাকছেট্‌স্কাই কাম কৰিছিল ইউ এছ এ আই ডি অৰ্থাৎ ইউনাইটেড ষ্টেটছ ফৰ ইণ্টাৰনেচনেল ডেভলপমেণ্ট নামৰ স্বেচ্ছাসেৱী সংগঠনটোত৷ কিন্তু নিজৰ জন্মস্থান সমগ্ৰ ডনবাছ ৰুছ সেনাই দখল কৰি লোৱাত মাতৃ আইৰিণাক লগত লৈ ভেলেৰিয়া মাকছেট্‌স্কা ৰাজধানী কিয়েভৰ ওচৰলৈ আঁতৰি আহিছিল৷ ইতিমধ্যে কিয়েভতো আৰম্ভ হৈছিল ৰুছ সেনাৰ তাণ্ডৱ৷ ৰুছ বাহিনীৰ মাৰণাস্ত্ৰৰ সন্মুখত অগা দেৱা কৰি অসীম সাহসেৰে ভেলেৰিয়া মাকছেট্‌স্কাই যুদ্ধত ক্ষতিগ্ৰস্ত হোৱা কিয়েভৰ উপকণ্ঠৰ বাসিন্দাক সাহায্য প্ৰদান কৰি আহিছিল৷ কিন্তু যুদ্ধবিধবস্ত অঞ্চলটোত ক্ৰমাৎ নোহোৱা হৈ আহিছিল খাদ্য, পানী, ঔষধ৷ মাতৃ আইৰিণা অসুস্থ হৈ আছিল আৰু তেওঁৰ শাৰীৰিক অৱস্থা জটিল হৈ পৰাত ঔষধ নোপোৱাৰ বাবে শুকুৰবাৰে ভেলেৰিয়া মাকছেট্‌স্কাই দেশখনৰ পশ্চিমদিশে যাত্ৰা কৰিছিল৷ উদ্দেশ্য আছিল মাতৃ আইৰিণাক ঔষধ যোগান ধৰা আৰু চিকিৎসা সেৱা প্ৰদান কৰা৷ দেশৰ পশ্চিম দিশে গৈ থকা সময়তে তেওঁলোক ৰুছ সেনাৰ এটা কনভয়ৰ সন্মুখীন হয়৷ নিজৰ গাড়ীখন পথৰ কাষত ৰাখি তেওঁলোকে শত্ৰুসেনাক বাট এৰি দিয়ে৷ এখন দুখনকৈ বহু কেইখন টেংক পাৰ হৈ গৈছিল যদিও হঠাতে এখন টেংকে তেওঁলোকৰ দিশে গোলাৰ নল পোনাই আৰু টেংকৰ পৰা নিক্ষেপ কৰে প্ৰকাণ্ড গোলা৷ নিমিষতে ভেলেৰিয়া মাকছেট্‌স্কা, তেওঁৰ মাতৃ আৰু গাড়ীচালক য়াৰোশ্লাভ উঠি থকা গাড়ীখন প্ৰকাণ্ড বিস্ফোৰণত অগ্নিপিণ্ডত পৰিণত হয় আৰু তিনিওৰে থিতাতে মৃত্যু হয়৷ এই ঘটনাই ৰুছ সেনাৰ নৃশংসতা প্ৰকাশ কৰাৰ লগতে ইউক্ৰেইনত মানৱীয়তা ধবংস হৈ পৰাৰ ঘটনা বিশ্বৰ সন্মুখত উদঙাই দিছে৷ সাহসী আৰু সুন্দৰী ভেলেৰিয়া মাকছেট্‌স্কাৰ এই নৃশংস হত্যাত তেওঁৰ পৰিচয় জনা সকলোৱে ৰুছ সেনাক গৰিহণা দিছে৷ নিৰ্দোষী ভেলেৰিয়া মাকছেট্‌স্কাই  শত্ৰুসেনাক পথ এৰি দিয়া সত্ত্বেও সকলো মানৱীয়তা ভুলুণ্ঠিত কৰি  এটা বিশাল টেংকেৰে সামান্য এখন গাড়ী উৰুৱাই দি অসামৰিক লোকক হত্যা কৰি ৰুছ সেনাই যি দানৱীয় উল্লাস প্ৰকাশ কৰিছে তাক সকলোৱে নিন্দা কৰিছে৷ এয়া মাথোঁ এটা উদাহৰণহে৷ ইউক্ৰেইনৰ বৃহৎসংখ্যক অসামৰিক লোকক ৰুছ সেনাই এনেদৰেই হত্যাৰ লক্ষ্য কৰি লোৱা বুলি দেশখনে প্ৰকাশ কৰিছে৷ ৰুছ সেনাৰ ক্ষেপণাস্ত্ৰ আৰু কামানৰ গোলাৰ লক্ষ্য হৈ পৰিছে প্ৰসূতি থকা চিকিৎসালয়, মানসিক ৰোগী থকা চিকিৎসালয় আৰু আবাসিক অঞ্চল৷ মাৰিউপল চহৰত স্থানীয় কতৃৰ্পক্ষই গণকবৰ খান্দি অসামৰিক লোকক কবৰস্থ কৰাৰ হূদয়বিদাৰক ফটোৱে দেশখনত মানৱীয়তাৰ ভুলুণ্ঠন হোৱা পুনঃ পুনঃ প্ৰকাশ কৰিছে৷ যুদ্ধৰ উদ্দেশ্য কি আৰু তাৰ কাৰণ কি সেই প্ৰশ্ন দূৰতে ৰাখি বিশ্ববাসীয়ে মানৱীয়তাৰ ভুলুণ্ঠনত কঠোৰ ভাষাৰে গৰিহণা দিছে৷ ইপিনে ৰুছ সেনা লাহে লাহে ৰাজধানী কিয়েভৰ কাষ চাপিছে৷  দুটা দিশৰ পৰা কিয়েভক বেৰি ৰুছ সেনাৰ বিশাল কনভয় চহৰৰ মূল কেন্দ্ৰৰ পৰা এতিয়া মাথোঁ ২৫ কিলোমিটাৰ দূৰত আছে৷ কিয়েভৰ ওপৰত চূড়ান্ত আঘাত হনাৰ পূৰ্বে চহৰৰ উপকণ্ঠৰ সকলো অঞ্চল ৰুছ সেনাই এফালৰ পৰা বোমা, গুলীৰে উৎখাত কৰি গৈছে৷ মেলিট’পল নামৰ এখন চহৰৰ মেয়ৰ ইভান ফেডৰভক ৰুছ সেনাই অপহৰণ কৰি বন্দী কৰি ৰাখিছে৷  অভিযোগ উঠিছে, ইউক্ৰেইনৰ চৰকাৰ আৰু প্ৰশাসনে দেশখনৰ অসামৰিক লোকক ৰুছ সেনাৰ টোপৰ সন্মুখলৈ আগবঢ়াই দিছে৷ ইয়াৰ ফলত অসামৰিক লোকৰ ক্ষতি অধিক হৈছে৷ অৱশ্যে যুদ্ধত ৰাছিয়াৰ ক্ষতি নিচেই কম নহয়৷ ইউক্ৰেইনৰ দাবী, এই পৰ্যন্ত যুদ্ধত ৰাছিয়াই তেওঁলোকৰ বাহিনীৰ মুঠ ২০ জন মুল সেনাপতিৰ ৩ জনক হেৰুৱাইছে আৰু মুঠতে ১০ জন সেনাপতিক হেৰুৱাবলগীয়া হৈছে৷