Logo
image

ছুইজাৰলেণ্ডত লুকাই আছে পুটিনৰ প্ৰেমিকা

আমাৰ অসম, ১৩ মাৰ্চঃ জিমনাষ্টিকছৰ বৰ্গাক্ষেত্ৰাকাৰ শুভ্ৰবগা কেনভাছত তেওঁ বন ফৰিঙৰ দৰে জপিয়াইছিল৷ হাতত এটা ৰঙীন বল লৈ যিদৰে নিজৰ লাহী শৰীৰটোত ভাঁজ দিছিল আৰু পশ্চিমীয়া সংগীতৰ লহৰত নৃত্য কৰিছিল, সেই প্ৰদৰ্শনে এলিনা কাবায়েভা নামৰ ৰুছ ৰিদমিক জিমনাষ্টগৰাকীক ছিডনী অলিম্পিকত স্বৰ্ণ পদকৰ সোৱাদ দিছিল৷ একেই লাস্যময় প্ৰদৰ্শনেৰে তেওঁ পৰৱৰ্তী এথেন্স অলিম্পিকত লাভ কৰিছিল ৰূপৰ পদক৷ বিশ্ব জিমনাষ্টিকছ চেম্পিয়নশ্বিপত তেওঁ নিজৰ খেলুৱৈ জীৱনত সদায় অপ্ৰতিদ্বন্দ্বী আছিল৷ সন্দেহ নাই, এলিনা কাবায়েভা আছিল অসামান্য সুন্দৰী৷ তেওঁক এসময়ত  ‘ম’ষ্ট ফ্লেক্সিবল ৱ’মেন অৱ ৰাছিয়া’ বা ৰাছিয়াৰ সবাতোকৈ নমনীয় নাৰীগৰাকী বুলি অভিহিত কৰা হৈছিল৷ সেই সুন্দৰী এলিনা কাবায়েভা এদিন ৰাছিয়াৰ অপ্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰনেতা ভ্লাডিমিৰ পুটিনৰ  ওচৰত নমনীয় হৈ পৰিছিল– দৈহিক আৰু মানসিকভাৱে৷ তেতিয়াও পুটিন আছিল বিবাহিত৷ প্ৰাক্তন এয়াৰ হোষ্টেছ লুডমিলা পুটিনা আছিল পুটিনৰ ফাষ্টৰ্ লেডী৷ পিছে লুডমিলাৰ বৰ্তমানতে অনেক সুন্দৰীৰ সৈতে যৌন সংসৰ্গত লিপ্ত হৈ পৰা পুটিনে সুন্দৰী কাবায়েভাকো শয্যাসংগিনী কৰিছিল৷ জুডোৰ ব্লেকবেল্টধাৰী পুটিনৰ সবল বাহুৰ মাজত আশ্ৰয় লোৱা সুন্দৰী এলিনা কাবায়েভাক তেওঁক খেলুৱৈক কেৰিয়াৰ পাহৰাই পুটিনে দেশৰ সাংসদৰ মৰ্যাদা দিছিল৷ কিন্তু কেতিয়াও তেওঁ সুন্দৰী এলিনাক ফাষ্টৰ্ লেডীৰ মৰ্যাদা দিয়া নাছিল৷ আজি পৰ্যন্ত দুয়োৰে মাজৰ সম্পৰ্ক পতি-পত্নীৰ দৰে৷ পত্নীৰ স্বীকৃতি নোপোৱা এলিনা কাবায়েভা আজিও পুটিনৰ ‘মিষ্ট্ৰেছ’ হৈ ৰ’ল৷  ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লাডিমিৰ পুটিনে তেওঁৰ সেই সুন্দৰী জিমনাষ্ট উপ-পত্নী বা ৰক্ষিতা এলিনা কাবায়েভাক দুয়োৰে চাৰিটা সন্তানৰ সৈতে ছুইজাৰলেণ্ডৰ আল্পছ পৰ্বতমালাৰ তলত থকা এটা সুৰক্ষিত ঘৰত লুকুৱাই ৰাখিছে বুলি পশ্চিমীয়া মিডিয়াই এটা চাঞ্চল্যকৰ বাতৰি প্ৰকাশ কৰিছে৷ যুদ্ধ আৰম্ভ হোৱাৰ কিছুদিন পূৰ্বেই পুটিনে কাবায়েভা আৰু চাৰিটা সন্তানক ছুইজাৰলেণ্ডৰ লুগানো অঞ্চলত থকা সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰে৷ তাৰো পূৰ্বেই পুটিনে তেওঁৰ বিবাহ বিচ্ছিন্না পত্নী লুডমিলা পুটিনা আৰু দুই কন্যা ক্ৰমে মাৰিয়া পুটিনা আৰু কেটেৰিণা পুটিনাক ছাইবেৰিয়াৰ আলতাই পৰ্বতমালাৰ তলত স্বয়ং ৰাষ্ট্ৰপতি পুটিনে নিৰ্মাণ কৰি ৰখা এখন নগৰসদৃশ বাংকাৰত লুকুৱাই থোৱা বুলি পশ্চিমৰ মিডিয়াই প্ৰকাশ কৰিছিল৷ সেই বাংকাৰ পৰমাণু অস্ত্ৰ প্ৰতিৰোধী বুলিও প্ৰকাশ পাইছে৷ যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰাই ভ্‌লাডিমিৰ পুটিনে তেওঁৰ শেহতীয়া সংগীনি এলিনা কাবায়েভাক ক’ত লুকুৱাই ৰাখিছিল সেই বিষয়ে নিৰ্দিষ্ট কোনো খবৰ প্ৰকাশ হোৱা নাছিল৷ উল্লেখ্য, সুন্দৰী এলিনা কাবায়েভা যিহেতু ৰাছিয়াৰ প্ৰাক্তন সাংসদো আছিল, সেয়ে তেওঁ দেশতে আৰু ঘাইকৈ ৰাজধানী মস্কোতে থকা বুলি ধাৰণা কৰা হৈছিল৷ কিন্তু ব্ৰিটিছ টেবলয়ডৰ বাতৰি অনুসৰি এলিনা কাবায়েভাই তেওঁৰ দুই পুত্ৰ আৰু দুই যমজ কন্যাৰ সৈতে ছুইজাৰলেণ্ডত সুৰক্ষিত স্থানত এটা প্ৰাসাদৰ দৰে ভিলাত আত্মগোপন কৰি আছে৷ মাতৃ আৰু পুত্ৰ-কন্যা পাঁচোজনৰে ছুইজাৰলেণ্ডৰ পাছপোৰ্ট থকাৰ বাবেই তেওঁলোকৰ সেই দেশখনত প্ৰৱেশ আৰু আত্মগোপন কৰি থকাত কোনো অসুবিধা হোৱা নাই৷ তদুপৰি ছুইজাৰলেণ্ড বিশ্বযুদ্ধকে ধৰি যিকোনো যুদ্ধৰ ক্ষেত্ৰত নিৰপেক্ষ হৈ থকাৰ দৰে এই যুদ্ধতো তেওঁলোক নিৰপেক্ষ৷ সেয়ে পুটিনে তেওঁৰ অতি মৰমৰ, বয়সত ৩১ বছৰ সৰু এলিনা কাবায়েভাক দুয়োৰে চাৰি সন্তানসহ ছুইজাৰলেণ্ডত ৰাখিবলৈ সহজ হৈছে৷ উল্লেখ্য ৰাষ্ট্ৰপতি পুটিনৰ বৰ্তমান বয়স ৬৯ বছৰ আৰু সুন্দৰী এলিনাৰ বয়স ৩৮ বছৰ৷

অলিম্পিকৰ অন্যতম সফল খেলুৱৈ আছিল এলিনা কাবায়েভা৷ ছিডনী অলিম্পিকত তেওঁ ৰিদমিক জিমনাষ্টিকত সোণৰ পদক আৰু এথেন্স অলিম্পিকত তেওঁ ৰূপৰ পদক লাভ কৰিছিল৷ তাৰ উপৰি তেওঁ চতুৰ্দশ বিশ্ব চেম্পিয়নশ্বিপ আৰু ২১ সংখ্যক ইউৰোপীয়ান চেম্পিয়নশ্বিপত একাধিক স্বৰ্ণপদক অৰ্জন কৰিছিল৷ খেলুৱৈৰ জীৱন সামৰাৰ পাছত তেওঁ মডেলিং আৰু পাব্লিক ৰিলেছনৰ কামত জড়িত হৈ পৰে৷ তাৰ পাছতে তেওঁৰ ওপৰত চকু পৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ৷ পুটিনৰ প্ৰভাৱতে এলিনাই পুটিনৰ ৰাজনৈতিক দলত যোগদান কৰে আৰু ২০০৭ চনত ৰাছিয়াৰ সংসদলৈ নিৰ্বাচিত হয়৷ ৰাষ্ট্ৰপতি পুটিনে পিছে আজি পৰ্যন্ত এলিনা কাবায়েভাক তেওঁৰ পত্নী হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া নাই৷ কোনো বিদেশ ভ্ৰমণ কালতো তেওঁ ফাষ্টৰ্ লেডী হিচাপে এলিনাক সংগীনি কৰা নাই৷ কিন্তু এলিনা কাবায়েভা যে পুটিনৰ উপ-পত্নী বা ‘মিষ্ট্ৰেছ’ সেয়া কোনোদিনেই গোপন হৈ থকা নাই৷ পূৰ্বৰ পত্নী লুডমিলা পুটিনৰ সৈতে ২০১৪ চনতে পুটিনৰ বিবাহ বিচ্ছেদ ঘটিছিল৷ তথাপি তেওঁক পুটিনে এলাগী নকৰি আলতাই পৰ্বতমালাৰ তলত নগৰসদৃশ বাংকাৰত দুই কন্যাৰ সৈতে সুৰক্ষিতভাৱে ৰাখিছে৷ তদুপৰি ৰাষ্ট্ৰপতি পুটিনৰ এগৰাকী সুন্দৰী চাফাই কৰ্মীৰ সৈতেও যৌন সম্পৰ্ক আছিল৷ দুয়োৰে এগৰাকী কন্যাও আছে৷ তেওঁলোক ক’ত আছে সেই সন্দৰ্ভত এতিয়ালৈ মিডিয়া নিমাত৷ অৱশ্যে চাফাই কৰ্মী-ৰক্ষিতা এতিয়া ৰাছিয়াৰ দ্বিতীয় বৃহৎ বেংকটোৰ সৰ্বাধিক শ্বেয়াৰহল্ডাৰ৷