Logo
image

গণতন্ত্ৰৰ বাবে উৎসৱৰ দিন বনাম পৰিৱৰ্তনৰ বিপ্লৱ

দেশৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনত চাৰিখনতে বিজয় ধবজা উৰুৱাৰ পাছত বিজেপি দলৰ নেতা, কৰ্মকৰ্তা, সমৰ্থকসকলৰ  মাজত ব্যাপক উৎসাহ, উদ্দীপনাৰ সৃষ্টি হৈছে৷ ক’ভিড অতিমাৰীৰ বাবে দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ অৱনমন, ব্যাপক হাৰত নিবনুৱাৰ সংখ্যা বৃদ্ধি, ক’ভিডৰ দুটা ঢৌৰ সময়ত বিনা চিকিৎসাই বহু লোকৰ অকাল মৃত্যু, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ, ধৰ্মীয় মেৰুকৰণ, দীৰ্ঘসময়জোৰা কৃষক বিদ্ৰোহ আদিক লৈ দেশৰ বিৰোধী দলসমূহ বিজেপিৰ বিৰুদ্ধে সৰৱ আছিল যদিও নিৰ্বাচনী ফলাফলে জনতা জনাৰ্দনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰাটো পুনৰবাৰ প্ৰতীয়মান হ’ল৷ দেশৰ ৰাজনীতিৰ একপ্ৰকাৰ হৃৎপিণ্ড স্বৰূপ বৃহৎ ৰাজ্য উত্তৰ প্ৰদেশৰ নিৰ্বাচনী ফলাফলত শাসক-বিৰোধী উভয়ৰে বাবে এক প্ৰত্যাহ্বান আছিল৷ অখিলেশ যাদৱৰ বৃহৎ ৰেলীসমূহ প্ৰত্যক্ষ কৰি বিজেপি বিৰোধী শিবিৰত আশাৰো সঞ্চাৰ হৈছিল৷ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিচক্ষণ নেতৃত্ব, বিজেপিৰ অতি শক্তিশালী সাংগঠনিক ভেটি, হিতাধিকাৰী ৰাজনীতি, ধৰ্মীয় আৰু জাতিগত মেৰুকৰণ, বিগত সময়ছোৱাত গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ জনপ্ৰিয়তা আৰু বিজেপি দলৰ ইলেকচন মেনেজমেণ্ট আদিৰ বাবে সহজেই ইতিহাস সৃষ্টি কৰি বিজেপি দল পুনৰ সক্ষম হ’ল শাসনৰ বাঘজৰী হস্তগত কৰাৰ বাবে, উত্তৰ প্ৰদেশৰ লগতে উত্তৰাখণ্ড, মণিপুৰ আৰু গোৱা বিধানসভা জয়লাভ কৰাটোৱে দলটোৰ জনপ্ৰিয়তা সামান্যতমো যে হ্ৰাস পোৱা নাই তাক প্ৰমাণিত কৰিছে৷ দলৰ এনে সাফল্যৰ পাছত দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপি দলৰ জয়ৰ দিনটো ভাৰতীয় গণতন্ত্ৰৰ বাবে এক বিশেষ দিন হিচাপে মন্তব্য কৰাটো তাৎপৰ্যপূৰ্ণ৷ উল্লেখ্য এই জয়লাভৰ পূৰ্বে পশ্চিমবংগ বিধানসভা নিৰ্বাচনত বিজেপি দলে সকলো কৌশল অৱলম্বন কৰা সত্ত্বেও একপ্ৰকাৰ মুখথেকেচা খাইছিল মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ হাতত৷ সেই নিৰ্বাচনৰ পাছত মমতা দিদি অত্যুৎসাহী হৈ দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহক একত্ৰিত কৰি বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে পূৰ্ণ প্ৰচেষ্টা আৰম্ভ কৰে যদিও বিৰোধী দলসমূহৰ আভ্যন্তৰীণ সংঘাত, মতপাৰ্থক্য, প্ৰধানমন্ত্ৰী হোৱাৰ বাবে বহুজনৰ সপোন আদিৰ বাবে সেয়া কলিতে মৰহা পৰিলক্ষিত হৈছে৷ আনহাতে পশ্চিমবংগৰ ফলাফলৰ পাছত মোদী তথা বিজেপি বিৰোধী ৰাজনৈতিক দল তথা বুদ্ধিজীৱী, বিজেপি বিৰোধী লোকে আশাবন্দী হৈ কাগজৰ যুঁজ, ছ’চিয়েল মিডিয়াৰ যোগেদি যুঁজ, বোকা ছটিওৱা আদি অব্যাহত ৰখাৰ বিপৰীতে বিজেপি দলে অতি কৌশলগতভাৱে নিৰ্বাচনত জিকাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছিল৷ কাজেই এনে ভূমিকাৰ বাবেই দলটোৱে পাঁচখন ৰাজ্যৰ ভিতৰত চাৰিখনতে জয়লাভ কৰি হিন্দীবলয়ৰ লগতে উত্তৰ-পূবতো নিজৰ স্থিতি কপকপীয়া কৰিবলৈ সক্ষম হ’ল৷ লক্ষণীয়ভাৱে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত আঞ্চলিক শক্তিসমূহে দীৰ্ঘকাল জুৰি স্বকীয় পৰিচয় অটুট ৰাখি হিন্দীবলয়ৰ পৰা এক পৃথক ৰাজনীতি কৰি ৰাজনৈতিক আৰু আৰ্থ-সামাজিকভাৱে নিজক সুৰক্ষিত কৰি ৰাখিছে যদিও অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ আঞ্চলিক দলসমূহে লাহে লাহে বিজেপিত বিলীন হ’বলৈ আৰম্ভ কৰিছে৷ সাম্প্ৰতিক সময়ত বিজেপিৰ আগ্ৰাসী মনোভাৱৰ ওচৰত অস্তিত্ব বিলোপ হ’বলৈ আৰম্ভ কৰা এই দলসমূহ খুউব কম সময়ৰ ভিতৰতে এক ইতিহাসতহে পৰিণত হোৱাও সম্ভাৱনাই দেখা দিছে৷ ইয়াৰ বিপৰীতে তৃণমূল কংগ্ৰেছে এক ৰাষ্ট্ৰীয় দল হিচাপে পৰিগণিত হ’লেও ইয়াৰ শক্তি পশ্চিমবংগতে সীমাবদ্ধ হৈ আছে৷ দেশত বিজেপিয়ে ২০১৪ চনৰে পৰা বিজয়ৰ ৰথ পূৰ্ণগতিত চলাই থকাৰ সময়ত ‘আপে’ দিল্লীৰ পাছত পঞ্জাবৰ দৰে দেশৰ অতি গুৰুত্বপূৰ্ণ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰি ভৱিষ্যত দিনৰ বাবে দেশত এক নতুন ৰাজনৈতিক শক্তিৰ সৱল ভেটিৰ সম্ভাৱনাক প্ৰকট কৰি তুলিলে৷ প্ৰধানমন্ত্ৰী মোদীয়ে চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনত জয়লাভৰ দিনটোক ‘ভাৰতীয় গণতন্ত্ৰৰ বাবে উৎসৱৰ দিন’ ৰূপে অভিহিত কৰাৰ একেদিনাই ‘আপ’ৰ সভাপতি অৰবিন্দ কেজৰিৱালে ‘পঞ্জাৱ বিজয়ক’ পৰিৱৰ্তনৰ সময় বিপ্লৱৰ বাবে’ বুলি মন্তব্য কৰিছে৷ আপক এটা দল বুলি নকৈ এটা বিপ্লৱ বুলি আখ্যা দি কেজৰিৱালে এই বিপ্লৱ দেশৰ প্ৰান্তে প্ৰান্তে প্ৰসাৰিত কৰা হ’ব বুলি কৈ ৰাইজক ইয়াৰ অংশীদাৰ হ’বলৈ আহ্বান জনাইছে৷ প্ৰণিধানযোগ্য দেশৰ ৰাজনীতিত সৌ সিদিনালৈকে দপদপাই থকা কংগ্ৰেছ দল লাহে লাহে এক ট্ৰেজিক অতীত হোৱাৰ দিশে ধাৱমান হৈছে৷ দুই এটা ৰাজ্যত দলটোৱে মাজে সময়ে অৰ্থাৎ বিজেপিৰ চমকপ্ৰদ উত্থানৰ মাজতে শাসনলৈ আহিছে যদিও নেতৃত্বত চৰম বিফলতাৰ বাবে, ভুলৰ বাবে দলৰ ভেটি থৰক-বৰক হৈ পৰিছে৷ পঞ্জাবেই এই ক্ষেত্ৰত এক উদাহৰণ৷ এনে পৰিস্থিতিত বিজেপিৰ জয়ৰ গতিক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ভৱিষ্যত দিনত কংগ্ৰেছে কিবা কৰিব বুলি আশা কৰিব নোৱাৰি৷ অৱধাৰিতভাৱে ‘আপে’ই এই ক্ষেত্ৰত অন্যান্য দলতকৈ আগবাঢ়ি আছে বুলি ক’ব পাৰি৷