Logo
image

মাৰ্কিন মহাকাশচাৰীক শূন্যতে এৰি আহিব ৰুছ সতীৰ্থই

মহাকাশ পাইছেগৈ যুদ্ধৰ অসূয়া

আমাৰ অসম, ১৪ মাৰ্চঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ পৰিণতিত মহাকাশ ষ্টেছনত থকা এজন মাৰ্কিন মহাকাশচাৰীক মহাকাশ কেন্দ্ৰতে এৰি থৈ অহাৰ ভাবুকি দিছে ৰাছিয়াই৷ ৰাছিয়াৰ মহাকাশ বিজ্ঞান গৱেষণা কেন্দ্ৰ ৰছকছমছৰ মুৰব্বী ডিমিট্ৰি ৰগ’ঝিনে মুকলিভাৱে এনে ভাবুকি প্ৰদান কৰাৰ ফলত অহা ৩০মাৰ্চত পৃথিৱীলৈ উভতি আহিবলগীয়া মাৰ্কিন মহাকাশচাৰী মাৰ্ক ভন্দে হেইৰ ভৱিষ্যত অনিশ্চিত হৈ পৰিছে৷ ৰাছিয়াৰ এই ভাবুকিত  মহাকাশচাৰী মাৰ্ক ভন্দেৰ পৰিয়ালত আতংকৰ সৃষ্টি হৈছে আৰু তেওঁৰ পৰিয়ালৰ সদস্য তথা নাছাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্‌লডিমিৰ পুটিনৰ ঘনিষ্ঠ আৰু ঘোৰ সমৰ্থক ৰছকছমছৰ মুৰব্বী ডিমিট্ৰি ৰগ’ঝিনে টুইটাৰত মহাকাশ কেন্দ্ৰত দুই ৰাছিয়ান মহাকাশচাৰী মাৰ্কিন সংগীৰ পৰা পৃথক হোৱাৰ এটা ভিডিঅ’ আপলোড কৰি এই মাৰ্কিন মহাকাশচাৰীজনক মহাকাশ ষ্টেছনত এৰি থৈ অহাৰ ভাবুকি দিয়াৰ লগতে প্ৰয়োজনবোধে ৰাছিয়াই মহাকাশ ষ্টেছনটোকে ভাঙি গুৰি কৰি ইউৰোপ বা আমেৰিকাৰ মাটিত পেলাব বুলি হুংকাৰ দিছে৷ আমেৰিকাই ৰাছিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰাৰ পৰিণতিত ৰাছিয়াই এই ভয়ংকৰ পদক্ষেপ গ্ৰহণ কৰাৰ হুংকাৰ দিছে৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ৰাছিয়াৰ বিৰুদ্ধে আৰোপ কৰা অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ প্ৰত্যুত্তৰত ডিমিট্ৰি ৰগ’ঝিনে কয়–‘ তোমালোকে বিছাৰা নেকি আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেছনতো আমাৰ মাজত থকা সহযোগিতা ধবংস হওক? তোমালোকে যদি আমাৰ সৈতে সহযোগিতা বন্ধ কৰা তেন্তে কোনে আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেছনটোৰ সুৰক্ষা দিব? কোনে ইয়াক কক্ষচ্যুত হোৱাৰ পৰা ৰক্ষা কৰিব? মহাকাশ ষ্টেছনটো আমি যেতিয়াই মন যায় তেতিয়াই কক্ষচ্যুত কৰি আমেৰিকা বা ইউৰোপত পেলাই দিম৷ তোমালোকৰ মহাকাশচাৰীক আমি পৰিত্যক্ত কৰি তাতে এৰি থৈ আহিম৷ কোনে ৰক্ষা কৰিব মাৰ্ক ভন্দেক’? প্ৰাক্তন মাৰ্কিন মহাকাশচাৰী স্কট ৰেলীৰ সৈতে হোৱা উত্তপ্ত বাক্য বিনিময়ত ডিমিট্ৰি ৰগ’ঝিনে কয়–‘তুমি চুপ থাকা৷ অন্যথা তোমালোকৰ কামৰ পৰিণতিত আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেছন আহি মাটিত পৰিব৷’

ৰাছিয়াৰ সহযোগত চলোৱা মহাকাশ অভিযানত মাৰ্কিন মহাকাশচাৰী মাৰ্ক ভন্দে হেই মহাকাশলৈ গৈছিল৷ দুটি সন্তানৰ পিতৃ এসময়ৰ আমেৰিকাৰ নিউজাৰ্ছি আৰু এতিয়া টেক্সাছ প্ৰদেশৰ বাসিন্দা মাৰ্কে ৩৫৫দিন মহাকাশ ষ্টেছনত কটাই অহা ৩০ মাৰ্চত পৃথিৱীলৈ উভতি অহাৰ কথা৷ তেওঁক মহাকাশ ষ্টেছনৰ পৰা ৰাছিয়াৰ মহাকাশ যান ছয়ুজে কঢ়িয়াই অনাৰ কথা আছিল৷ মহাকাশ ষ্টেছনত মাৰ্ক প্ৰায় এবছৰ ধৰি আছে দুজন সহযোগী ৰুছ মহাকাশচাৰীৰ সৈতে৷ তিনিওৰে অভিযানৰ সামৰণি পৰিব চলিত মাহৰ শেষত আৰু সেই অনুসৰি ৰাছিয়াৰ ছৃয়ুজ মহাকাশ যানত তিনিওজন মহাকাশচাৰী একেলগে উভতি অহাৰ সূচী পূৰ্বে নিৰ্দ্ধাৰণ কৰা আছিল৷ এতিয়া ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা ৰছকছমছে ৰাছিয়াৰ মহাকাশচাৰী দুজনক  পূৰ্ব নিৰ্দ্ধাৰিত সূচী অনুসৰি পৃথিৱীলৈ ঘূৰাই আনিব যদিও মাৰ্কিন মহাকাশচাৰী মাৰ্ক ভেন্দেক মহাকাশ ষ্টেছনতে এৰি থৈ অহাৰ ভাবুকি দিছে৷ যদিহে আমেৰিকাই যুদ্ধৰ  পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ বিৰুদ্ধে আৰোপ কৰা অৰ্থনৈতিক প্ৰতিবন্ধকতা প্ৰত্যাহাৰ নকৰে, তেন্তে মাৰ্কৰ ভৱিষ্যত অনিশ্চিত৷ ৰাছিয়াৰ মহাকাশ যান ছয়ুজে মাৰ্কক মহাকাশ ষ্টেছনত এৰি থৈ আহিলে মহাকাশত তেওঁৰ জীৱন ধাৰণ অসম্ভৱ হৈ পৰিব৷ কিয়নো মহাকাশত তেওঁৰ ব্যৱহাৰৰ সকলো সামগ্ৰী উভতি অহাৰ নিৰ্দিষ্ট দিন পৰ্যন্ত নিৰ্দিষ্টভাৱে যোগাৰ ৰখা  হৈছে৷ তদুপৰি মাৰ্কক মহাকাশ ষ্টেছনৰ পৰা ঘূৰাই অনাৰ বাবে কোনো মাৰ্কিন মহাকাশযান প্ৰস্তুত কৰি ৰখা নাই৷ সেই কাম অবিশ্বাস্যভাৱে ব্যয়বহুল আৰু কাৰিকৰীভাৱে জটিল৷ যদিহে ভাবুকি প্ৰদান কৰাৰ দৰে ৰাছিয়াই মাৰ্কক এৰি থৈ আহে তেন্তে এয়া হ’ব মহাকাশ অভিযানৰ অভূতপূৰ্ব ঘটনা৷ ৰাছিয়াৰ ভাবুকিৰ পৰিপ্ৰেক্ষিতত মাৰ্কক উদ্ধাৰ কৰাৰ বাবে আগবাঢ়ি আহিছে এলন মাস্কৰ বেচৰকাৰী মহাকাশ সংস্থা স্পেচ এক্স৷ এলন মাস্কে কৈছে, যদিহে ৰাছিয়াই মাৰ্কিন মহাকাশচাৰীজনক মহাকাশ ষ্টেছনত এৰি থৈ আহে, তেন্তে তেওঁক উদ্ধাৰৰ বাবে স্পেচ এক্স ৰকেট প্ৰেৰণ কৰিব৷ আনহাতে, নাছাই আশা প্ৰকাশ কৰে, নিৰ্দিষ্ট দিনত পূৰ্ব নিৰ্দ্ধাৰিত সূচী অনুসৰি মাৰ্কে পৃথিৱীলৈ প্ৰত্যাবৰ্তন ঘটাব৷ কিন্তু মাৰ্কৰ মাতৃ মেৰী আৰু পত্নী জুলি ৰাছিয়াৰ ভাবুকিত আতংকিত হৈ পৰিছে৷ অৱশ্যে পিতৃ টমে কৈছে, তেওঁৰ পুত্ৰ সাহসী আৰু সৰু সুৰা ঘটনাত বিচলিত হৈ নপৰে৷ সন্দেহ নাই, ৰাছিয়াৰ এই ঘোষণাই মহাকাশ বিজ্ঞান তথা অভিযান জগতত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে৷