Logo
image

কিয়েভত বোমাৰ বৰষুণ

 চীনৰ পৰা সামৰিক সহায় বিচাৰিছে ৰাছিয়াই

আমাৰ অসম, ১৫ মাৰ্চঃ ৰাছিয়াই প্ৰতিৱেশী দেশ ইউক্ৰেইনত আক্ৰমণ আৰম্ভ কৰাৰ ১৯ দিন হ’লেও ৰাষ্ট্ৰপতি ভাডিমিৰ পুটিনে পৰিকল্পনা কৰাৰ দৰে ৰুছ সেনাই প্ৰত্যাশিত সাফল্য অৰ্জন কৰিব পৰা নাই৷ সৈন্যবল আৰু অস্ত্ৰবলৰ দিশৰ পৰা ৰাছিয়াৰ সৈতে কোনো কাৰণতে তুলনা কৰিব নোৱাৰা কপৰ্দকহীন ইউক্ৰেইনে যিদৰে ৰুছ সেনাক প্ৰতিৰোধ কৰিছে সেয়া আধুনিক যুদ্ধৰ ক্ষেত্ৰত অবিশ্বাস্যপ্ৰায় ঘটনা৷ ইয়াৰ ফলত ৰাছিয়াই পৰিকল্পনা কৰাৰ   দৰে ইউক্ৰেইন দখলৰ দিন ক্ৰমাৎ পিছুৱাই গৈছে৷ যুদ্ধৰ প্ৰথম এসপ্তাহতে শত্ৰুপক্ষৰ শক্তিৰ উমান পাই ৰুছ সেনাই প্ৰথমে থমকি ৰৈ এতিয়া পুনৰ নতুন পৰিকল্পনাৰে আক্ৰমণ আৰম্ভ কৰিছে৷ ৰুছ সেনাৰ গতি পৰিকল্পনা কৰাৰ বিপৰীতে স্থবিৰ হৈ পৰাৰ বাবেই সাফল্যৰ পৰিমাণো কম হৈছে৷ যুদ্ধ দীঘলীয়া হ’ব বুলি ধাৰণা কৰিব পাৰি শত্ৰুদেশত শক্তি সঞ্চয় কৰি ৰুছ সেনা লাহে লাহে আগবাঢ়িছে৷ দীৰ্ঘ ১৮ দিনৰ যুদ্ধৰ অন্তত মধ্যমীয়া সফলতা লাভ কৰা ৰুছ সেনাই শেষ যুঁজৰ বাবে সাজু হৈ যুদ্ধৰ ১৯ নম্বৰ দিনটোৰ পুৱাই অৰ্থাৎ সোমবাৰে ইউক্ৰেইনৰ ৰাজধানী কিয়েভ চহৰত বোমা বিস্ফোৰণেৰে  বৰষুণৰ দৰে পৰিৱেশৰ সৃষ্টি কৰে৷ কিয়েভৰ আকাশত ৰাছিয়াৰ অসংখ্য ফাইটাৰ জেটে বহুপাক মাৰি চহৰখন তচনচ হৈ যোৱাকৈ অলেখ বোমাবৃষ্টি কৰে৷ আক্ষৰিক অৰ্থতে বৰষুণ পৰা দি চহৰখনত বোমা বৰ্ষণ কৰে ৰুছ বায়ুসেনা বাহিনীয়ে৷ অৱশ্যে যুদ্ধত ৰাছিয়াৰ চাৰিখন ফাইটাৰ জেট, তিনিখন হেলিকপ্টাৰ আৰু  কেইবাখনো মানৱবিহীন উৰন্ত যুদ্ধ বিমান ইউক্ৰেইনে ধবংস কৰে৷ সোমবাৰে বিশাল ৰুছ বাহিনী ৰাজধানী কিয়েভ চহৰৰ জ্জ কিলোমিটাৰ দূৰত আহি উপস্থিত হৈছে৷ উত্তৰ আৰু পূব– দুটা দিশৰ পৰা ৰুছ সেনাই ৰাজধানী চহৰখন বেৰি ধৰি তেনেই কাষ পাইছেহি৷ ইতিপূৰ্বে ৰাজধানী কিয়েভৰ অৰ্ধেক বাসিন্দাই চহৰ এৰি পলায়ন কৰিছে৷ 

যুদ্ধত ৰুছ সেনাৰ ক্ষতিৰ পৰিমাণ নিচেই কম হোৱা নাই৷ দখলদাৰী শত্ৰুৰ তুলনাত নিজে সূচল স্থানত থাকি যুঁজ কৰাৰ বাবেই ইউক্ৰেইনৰ সেনাবাহিনীৰ ক্ষতি হৈছে কম৷ তদুপৰি ইউক্ৰেইনৰ সেনাই ৰুছ সেনাৰ বিৰুদ্ধে যুঁজত মুখামুখি ৰণত অৱতীৰ্ণ হোৱাৰ পৰিৱৰ্তে গেৰিলা  পদ্ধতিৰ আশ্ৰয় লৈছে৷  ইউক্ৰেইনৰ অসংখ্য অসামৰিক বাসিন্দায়ো হাতত অস্ত্ৰ লৈ যুদ্ধত নামিছে৷ সেয়ে ৰুছ সেনাৰ বাবে তেওঁলোকৰ প্ৰকৃত শত্ৰু কোন সেয়া নিৰ্দ্ধাৰণ  কৰা কঠিন হৈছে আৰু সন্দেহবশতঃ যিকোনো লোকৰ প্ৰতি গুলীচালনা কৰাত অসামৰিক লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে৷ সোমবাৰে যুদ্ধত ৰাছিয়াই তেওঁলোকৰ এজন আগশাৰীৰ চোৰাংচোৱা বিষয়া কেপ্টেইন এলেক্সি গ্লুছচাকক হেৰুৱাবলগীয়া হয়৷ ৩১ বছৰীয়া এলেক্সি নামৰ এই চোৰাংচোৱা বিষয়াজনৰ মৃত্যু ৰুছ বাহিনীৰ বাবে বৃহৎ ক্ষতি হিচাপে পৰিগণিত হৈছে৷ তেওঁৰ কেনেদৰে মৃত্যু হ’ল সেই বিষয়ে ৰুছ সেনাই বিশদ তথ্য প্ৰকাশ কৰা নাই৷ তাৎপৰ্যপূৰ্ণভাৱে ১৯ দিনৰ যুদ্ধত ৰুছ সেনাই এতিয়ালৈকে ১২জন শীৰ্ষ সেনাপতিক হেৰুৱাবলগীয়া হৈছে৷ ইয়াৰ ফলতো ৰুছ সেনাৰ অগ্ৰগতি ধীৰ হৈ পৰিছে বুলি ধাৰণা কৰা হৈছে৷ যোৱা দুদিনৰ যুদ্ধত ৰুছ সেনাই এলিট পেৰাট্ৰ³পাৰ ইণ্টেলিজেন্স গোটৰ দুজন শীৰ্ষ বিষয়াক হেৰুৱাবলগীয়া হৈছে৷ গ্ৰেগৰী ডুড’ৰভ নামৰ ১৩৭ নম্বৰ ৰেজিমেণ্টৰ ডেপুটি কামাণ্ডাৰ আৰু ১০৬ নম্বৰ তুলা গাৰ্ডছ এয়াৰবৰ্ণ ডিভিজনৰ কামাণ্ডাৰ এলেক্সি এলেস্ক’ দেওবাৰৰ যুদ্ধত নিহত হৈছে৷ দেওবাৰেই ৰাছিয়াৰ ২৯ নম্বৰ কম্বাইণ্ড আৰ্মছৰ মেজৰ জেনেৰেল আন্দ্ৰেই কলেছনিকভ আৰু ৪১ নম্বৰ আম¹ৰ মেজৰ জেনেৰেল ভিটালি গেৰাচিমভ যুদ্ধত নিহত হয়৷ ১৯ দিনৰ যুদ্ধত ৰাছিয়াই ১২ জন আগশাৰীৰ সেনাপতিক হেৰুৱাবলগীয়া হোৱাটো ৰুছ বাহিনীৰ বাবে বৃহৎ ক্ষতি হিচাপে পৰিগণিত হৈছে৷ 

যুদ্ধত এতিয়ালৈকে প্ৰত্যাশিত ফল লাভ কৰিবলৈ সমৰ্থ নোহোৱা ৰাছিয়াই চীনৰ পৰা যুদ্ধৰ অস্ত্ৰ বা সামৰিক সৰঞ্জামৰ সাহায্য বিচাৰিছে৷ এই তথ্য আমেৰিকাই প্ৰকাশ কৰিছে আৰু চীনে ৰাছিয়াক যুদ্ধৰ অস্ত্ৰ বা সামৰিক সৰঞ্জাম যোগান ধৰিলে এতিয়ালৈকে দুখন দেশৰ মাজত চলি থকা যুদ্ধখন অনিবাৰ্যভাৱে তৃতীয় বিশ্বযুদ্ধলৈ পৰিৱৰ্তিত হ’ব বুলি আশংকা প্ৰকাশ কৰিছে৷ মাৰ্কিন প্ৰশাসনৰ এজন শীৰ্ষ বিষয়াৰ বক্তব্য উদ্ধৃত কৰি নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰা অনুসৰি ৰাছিয়াই চীনৰ পৰা যুদ্ধৰ মাজতে কিছুমান বিশেষ অস্ত্ৰৰ যন্ত্ৰাংশ বিচাৰিছে৷ যুদ্ধ অব্যাহত থকাত আৰু অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ হোৱাৰ ফলত তেনে যন্ত্ৰাংশ ৰাছিয়াই পশ্চিমীয়া আন দেশৰ পৰা আনিবলৈ অসমৰ্থ হৈছে৷ সেয়ে পুটিনে তেওঁৰ দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ সময়ত চীনৰ পৰা সাহায্য বিচাৰিছে৷ অৱশ্যে এই ক্ষেত্ৰত ৰাছিয়া আৰু চীন কোনো পক্ষৰে প্ৰত্যক্ষ মন্তব্য কোনো সংবাদ মাধ্যমে প্ৰকাশ কৰা নাই৷ এই খবৰ প্ৰকাশ পোৱাৰ পাছতে আমেৰিকাই হুংকাৰ দি কৈছে, যদিহে চীনে ৰাছিয়াক সামৰিক সৰঞ্জাম যোগান ধৰে তেন্তে তাৰ পৰিণতি ভয়াৱহ হ’ব৷ প্ৰসংগতঃ উল্লেখযোগ্য ইউক্ৰেইন নাটো গোষ্ঠীৰ সদস্য নোহোৱা সত্ত্বেও আৰু ইউৰোপিয়ান ইউনিয়নৰ সদস্যভুক্ত নোহোৱা সত্ত্বেও আমেৰিকাকে ধৰি ইউৰোপৰ পশ্চিমৰ সকলো আগশাৰীৰ দেশে ইউক্ৰেইনক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আছে৷ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ দাবী, এনেদৰে ইউক্ৰেইনক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি পশ্চিমৰ দেশসমূহ পৰোক্ষভাৱে হ’লেও এই যুদ্ধত জড়িত হৈ পৰিছে৷ তাৰ পৰিণতি অতি ভয়ংকৰ হ’ব বুলি পুটিনে হুংকাৰ দিছে৷ দেওবাৰে পুটিনৰ বাহিনীয়ে পোলেণ্ডৰ সীমাৰ পৰা ১২ মাইল দূৰৈত অৱস্থিত ইউক্ৰেইনৰ সামৰিক ঘাটিত ৩৫ টাকৈ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ হানি  পশ্চিমীয়া ৰাষ্ট্ৰই যোগান ধৰা বিপুল অস্ত্ৰসম্ভাৰ ধবংস কৰি দিয়ে৷ তদুপৰি পোলেণ্ডৰ তেনেই সীমাতে আক্ৰমণ হানি পুটিনে প্ৰয়োজনবোধে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই পোলেণ্ড বা ইউক্ৰেইনৰ প্ৰতিৱেশী যিকোনো নাটো গোষ্ঠীৰ দেশত আঘাত হানিব পাৰে বুলিও বুজাই দিছে৷