Logo
image

ৰাছিয়াৰ সেনাই অপহৰণ কৰা মেয়ৰক মুক্তিৰ দাবীৰে ৰাইজৰ প্ৰতিবাদ

আমাৰ অসম, ১৫ মাৰ্চঃ ইউক্ৰেইনৰ মেলিটোপলৰ মেয়ৰ ইভান ফেডোৰভক ৰাছিয়াৰ সেনাই অপৰহণ কৰি নিয়াৰ বিৰোধিতাৰে চহৰখনৰ জনতাই ৰাজপথলৈ ওলাই আহিছে৷ শনিবাৰে মেয়ৰজনক ৰাছিয়াৰ সেনাই উঠাই নিয়ে৷ ৰাছিয়াই ইউক্ৰেইনৰ বিভিন্ন স্থানত যুদ্ধ অব্যাহত ৰখাৰ ফলত ত্ৰাস সৃষ্টি হৈছে৷ ৰাছিয়াৰ সেনাৰ ভয়ংকৰ আক্ৰমণত মানৱতাৰ বধ্যভূমিলৈ ৰূপান্তৰিত হৈছে ইউক্ৰেইন৷ প্ৰাণৰ মায়াত পলাইছে লাখ লাখ লোক৷ তাৰ মাজতে মেয়ৰজনক ৰাছিয়াৰ সেনাই অপহৰণ কৰি নিয়াত জনতা ৰাজপথলৈ ওলাই আহিছে৷ তেওঁলোকে জিলা প্ৰশাসনৰ কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে ৰাছিয়াৰ সেনাৰ বিৰুদ্ধে৷ ইভান এলেক্সিভ ষ্ট্ৰীটত জনতাই প্ৰতিবাদ কৰে৷ উল্লেখ্য, ৰাছিয়াৰ সেনাৰ সৈতে সহযোগিতা কৰিবলৈ মেয়ৰ ইভান ফেডোৰভে অস্বীকাৰ কৰাৰ পাছতে তেওঁক উঠাই নিয়া হয়৷ ইউক্ৰেইনৰ বিদেশ মন্ত্ৰী ডিমিট্ৰ’ কুলেবাই অভিযোগ কৰা অনুসৰি ৰাছিয়াৰ সেনাই আন এজন মেয়ৰকো অপহৰণ কৰি নিয়ে৷ ইপিনে, আমেৰিকাৰ মেয়ৰসকলৰ  দ্বাৰাও ইউক্ৰেইনৰ মেয়ৰজনৰ অপহৰণক গৰিহণা দিয়া হৈছে আৰু ৰাছিয়াৰ সেনাৰ ওচৰত দাবী জনাইছে ইভান ফেডোৰভক মুক্তি দিবলৈ৷ মাৰ্কিন কনফাৰেন্স অৱ মেয়ৰে এই দাবী জনাই আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰে৷