Logo
image

ধৈৰ্য ধৰিহে ভাৰতক প্ৰত্যুত্তৰ নিদিলো

ভাৰতৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ সন্দৰ্ভত ইমৰান খানৰ মন্তব্য

আমাৰ অসম, ১৫ মাৰ্চঃ ৯মাৰ্চত ভাৰতৰ এটা হাথিয়াৰবিহীন ছুপাৰছনিক ক্ষেপণাস্ত্ৰ পাকিস্তানৰ পঞ্জাব প্ৰদেশত পৰিছিলগৈ৷ ভুলবশতঃ এই ছুপাৰছনিক ক্ষেপণাস্ত্ৰটো পাকিস্তানত গৈ পৰাত ব্যাপক চৰ্চা হয় বিষয়টোক লৈ৷ ভাৰতে লগে লগে এই কথা স্পষ্ট কৰি দিছিল যে কাৰিকৰী ভুলবশতঃ এইটো গৈ পাকিস্তানত পৰিছিলগৈ৷ গতিকে ইয়াৰ এটা উচ্ছ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিল ভাৰতীয় প্ৰতিৰক্ষা বিভাগে৷ পাকিস্তানৰ ওচৰত ইয়াৰ বাবে ক্ষমাও বিচাৰিছিল৷ পাকিস্তানে এই ঘটনাৰ যুটীয়া তদন্তৰো দাবী কৰিছিল৷ ভাৰতৰ ক্ষেপণাস্ত্ৰ গৈ পাকিস্তানত পৰাৰ বিষয়টোক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কয় যে ভাৰতক ইয়াৰ প্ৰত্যুত্তৰ দিব পাৰিলেহেঁতেন তেওঁ৷ কিন্তু বহু কথা ভাবি-চিন্তিহে তেওঁ ধৈৰ্য ধৰিলে৷ নহ’লে এখন যুদ্ধই হৈ গ’লহেঁতেন৷ উল্লেখ্য, ভাৰতৰ ছুপাৰছনিক ক্ষেপণাস্ত্ৰটোৱে ২৭৫ কিলোমিটাৰ অতিক্ৰম কৰি পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ মিঞা ছন্নুৰ সমীপৰ এখন কোল্ড ষ্টোৰত পৰিছিলগৈ৷ এই ক্ষেপণাস্ত্ৰটোৰ বাবে কেইবাটাও এয়ালাইনছৰ বাবে বিপদ সৃষ্টি হৈছিল৷ পাকিস্তানে ওপৰতে ক্ষেপণাস্ত্ৰটো ধবংস কৰিব নোৱাৰিলে৷