Logo
image

গুৱেংঝৌসহ চীনৰ বিভিন্ন চহৰত লকডাউন, ঘৰৰ ভিতৰতে বন্দী লাখ লাখ জনতা

লাহে লাহে বিশ্ব কৰ’নামুক্ত হোৱাৰ সময়তে জিনপিঙৰ দেশত বাঢ়িছে চিন্তা

আমাৰ অসম, ১৫ মাৰ্চঃ দুবছৰ পূৰ্বে যিখন চীনত আৰম্ভ হৈছিল কৰ’না ভাইৰাছ, এতিয়া সেইখন চীনতে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এই ভাইৰাছে৷ চীনত আৰম্ভ হৈ বিশ্বত বিয়পি পৰা কৰ’না ভাইৰাছে লাখ লাখ লোকৰ প্ৰাণ লোৱাৰ লগতে কোটি কোটি লোকক আক্ৰান্ত কৰে৷ কৰ’নাৰ বাবে হোৱা লকডাউনৰ ফলত সমগ্ৰ বিশ্বৰে অৰ্থনীতি তচনচ হৈ পৰে৷ কোটি কোটি লোকৰ জীৱনলৈ অমানিশা নামি আহে৷ এই ভাইৰাছে গ্ৰাস কৰাৰ দুবছৰৰ পাছত বিশ্ব লাহে লাহে স্বাভাৱিক অৱস্থালৈ আহিবলৈ ধৰিলে৷ বিশ্বৰ বিভিন্ন দেশে সকলো নিষেধাজ্ঞা অঁতৰাই পুনৰ আগৰ দৰে কাম-কাজ কৰিবলৈ আৰম্ভ কৰিছে৷ সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছে৷ কিন্তু বিশ্ববাসীক যেন ভালদৰে থাকিবলৈ নিদিব চীনা ভাইৰাছটোৱে৷ এতিয়া এই কথা পোহৰলৈ আহিছে যে চীনত পুনৰ আৰম্ভ হৈছে কৰ’নাৰ ত্ৰাস৷ চীনৰ তৃতীয় বৃহৎ চহৰ গুৱেংঝৌসহ ইখনৰ পাছত সিখন চহৰত লডাউন আৰম্ভ হৈছে৷ অৰ্থাৎ চীনত কৰ’নাৰ বেকফায়াৰ আৰম্ভ হৈছে৷ চীনৰ বিভিন্ন চহৰত কৰ’নাৰ নতুন নতুন আক্ৰান্তৰ সংখ্যা বাঢ়িবলৈ ধৰাত চৰকাৰে আংশিক আৰু সম্পূৰ্ণ লকডাউন অব্যাহত ৰাখিছে৷ দেওবাৰে মেইনলেণ্ড চীনত ৩,১০০ কৰ’না আক্ৰান্ত ধৰা পৰে৷ বিগত দুবছৰত চীনত এদিনতে ইমান লোক কৰ’নাৰ দ্বাৰা আক্ৰান্ত হয়৷ ইয়াৰ ফলত চীনৰ লাখ লাখ লোকে লকডাউনৰ মাজত থাকিবলৈ বাধ্য হৈছে৷ অমিক্ৰনৰ দ্বাৰাই অধিক লোক আক্ৰান্ত হৈছে৷ লকডাউনৰ ফলত দেশখনৰ অৰ্থনৈতিক কাম-কাজত বাধা জন্মিছে৷ ইপিনে এছিয়াৰ অৰ্থনীতৰ কেন্দ্ৰ হিচাপে পৰিচিত হংকঙত কৰ’না সম্পূৰ্ণ নিয়ন্ত্ৰণৰ বাহিৰলৈ গুচি গৈছে৷ হংকঙত দেওবাৰে ২৭,৬৪৭জন লোক আক্ৰান্ত হয় আৰু ৮৭জনৰ মৃত্যু হয়৷