Logo
image

কেনেদৰে কৰে হাত ছাফাই। পোহৰলৈ ৰূপা দত্তৰ বহু তথ্য

জেপ লুৰুকি পোৱা ধনৰ হিচাপ ৰাখিছিল ডায়েৰীত


কলকাতা, ১৫ মাৰ্চঃ শনিবাৰে কলকাতা গ্ৰন্থমেলাত জেপ লুৰুকিবলৈ গৈ গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰূপা দত্ত সম্পৰ্কে বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ বিধাননগৰ আৰক্ষীয়ে দাবী কৰা মতে অভিনেত্ৰীগৰাকীৰ পৰা নগদ ৬৬ হাজাৰ টকা আৰু অসংখ্য মানিবেগ উদ্ধাৰ হৈছে৷ লগতে তেওঁৰ পৰা জব্দ কৰা হয় এখন ডায়েৰী৷ এই ডায়েৰীখনতে ৰূপা দত্তই বিগত সময়ছোৱাত জেপ লুৰুকি ‘উপাৰ্জন’ কৰা ধনৰ হিচাপ ৰাখিছিল৷ উল্লেখ্য যে মাত্ৰ ১০ বছৰ বয়সতে ৰূপাই অভিনয় জগতত খোজ পেলাইছিল৷ ২০০৫ চনত ‘সাথীঃ   দ্য কম্পেনিয়ন’ ছবিখনৰ যোগেদি তেওঁ বলীউডত খোজ পেলায়৷ অভিনেত্ৰী হিচাপে ৰূপাৰ উপাৰ্জন একেবাৰে কম নাছিল৷ সম্প্ৰতি আৰক্ষীয়ে তেওঁৰ সা-সম্পত্তিৰ পৰিমাণৰ হিচাপ কৰাত লাগিছে৷ জানিব পৰা মতে অভিনয়ৰ লগতে ৰূপা দত্তৰ এখন এক্টিং একাডেমীও আছে৷ ৰাজনীতিৰ সৈতেও তেওঁ জড়িত৷ কিন্তু কিহৰ বাবে অভিনেত্ৰীগৰাকীয়ে জেপ লুৰুকিবলৈ আৰম্ভ কৰিলে সেয়া সকলোৰে বাবে আশ্বৰ্যৰ বিষয় হৈ পৰিছে৷