Logo
image

দ্বিতীয় টেষ্টত ২৩৮ ৰানত জয়েৰে শৃংখলা ভাৰতৰ

আঢ়ৈ দিনতেই সমাপ্ত দিবা-নৈশ টেষ্ট

বেংগালুৰু, ১৫ মাৰ্চঃ তিনিখনীয়া মেচৰ টি-২০ শৃংখলাত শ্ৰীলংকাক হোৱাইট  ৱাশ্ব কৰাৰ পাছত দুখনীয়া মেচৰ টেষ্ট শৃংখলাতো আলহী দলটোৰ বিৰদ্ধে ২-০ত জয় অৰ্জন কৰিলে ৰোহিত শৰ্মাৰ ভাৰতীয় দলে৷ প্ৰথম টেষ্টত ম’হালিত ভাৰতে জয় অৰ্জন কৰিছিল এক ইনিংছ আৰু ২২২ ৰানত৷ সোমবাৰে বেংগালুৰুৰ এন চিন্নাস্বামী ষ্টেডিয়ামত দ্বিতীয় তথা অন্তিম টেষ্টত ভাৰতে জয় অৰ্জন কৰিলে ২৩৮ ৰানত৷ প্ৰায় আঢ়ৈ দিনৰ ভিতৰতে ফলাফল ওলাল দিবা-নৈশ টেষ্টখনৰ৷ প্ৰথম ইনিংছত ২৫২ ৰান কৰাৰ পাছত দ্বিতীয় ইনিংছত ভাৰতে ৯ উইকেট ৩০৩ ৰান কৰি ইনিংছ ঘোষণা কৰে৷ ভাৰতে শ্ৰীলংকাৰ সন্মুখত  ৪৪৭ ৰানৰ জয়ৰ লক্ষ্য বন্ধি দিছিল৷ দেওবাৰে দ্বিতীয় ইনিংছ আৰম্ভ কৰি দিনটোৰ সামৰণিলৈকে শ্ৰীলংকাই সংগ্ৰহ কৰিছিল এটা উইকেটৰ বিনিময়ত ২৮ ৰান৷ সোমবাৰে দ্বিতীয় টেষ্টত জয়ৰ বাবে ভাৰতক প্ৰয়োজন আছিল ৯ টা উইকেটৰ৷ দেওবাৰে ডিমুথ কৰুণাৰত্নে আৰু কুশল মেণ্ডিজ অপৰাজিত হৈ আছিল ক্ৰমে ১০ আৰু ১৬ ৰানত৷ আজি তেওঁলোকৰ আৰম্ভণি ভালেই আছিল৷ মেণ্ডিজে ৬০ টা বলত ৫৪ ৰান কৰি ৰবিচন্দ্ৰন অশ্বিনৰ বলত আউট হয়৷ তেওঁক ষ্টাম্প কৰে ঋষভ পণ্টে৷ মেণ্ডিজ আউট হোৱাৰ পাছত এটাৰ পাছত আন এটা উইকেট হেৰুৱাইছিল শ্ৰীলংকাই৷ কিন্তু ক্ৰিজত তিস্থি আছিল অধিনায়ক কৰুণাৰত্নে৷ তেওঁ ১৭৪ টা বলৰ সন্মুখীন হৈ ১০৭ ৰান কৰে৷ অৱশ্যে তেওঁৰ শতকেও পৰাজয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে আলহী দলটোক৷ কৰুণাৰত্নে আৰু মেণ্ডিজৰ বাহিৰে দলৰ দলৰ আঠ বেটাৰেই দহ ৰানৰ ভিতৰত ড্ৰেছিং ৰূমলৈ উভতে৷ দ্বিতীয় ইনিংছত দুৰন্ত প্ৰদশৰ্ন আগবঢ়াই অশ্বিনে৷ তেওঁ লাভ কৰে চাৰিটা উইকেট৷ যশপ্ৰীত বুমৰাই লাভ কৰে তিনিটা উইকেট৷ অক্ষৰ পেটেলে দুটা আৰু  ৰবীন্দ্ৰ জাদেজাই এটা উইকেট লাভ কৰে৷