Logo
image

আয়াৰলৈ আই চি চিৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান

আমাৰ অসম, ১৫ মাৰ্চঃ ফেব্ৰুৱাৰীৰ বাবে আই চি চিৰ মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ  বঁটা লাভ কৰিছে ভাৰতীয় বেটাৰ শ্ৰেয়স আয়াৰে৷ মহিলাৰ শাখাত এই সন্মান আগবঢ়োৱা হৈছে নিউজীলেণ্ডৰ অলৰাউণ্ডাৰ আমেলিয়া কাৰলৈ৷ যোৱা মাহত ৱেষ্ট ইণ্ডিজ আৰু শ্ৰীলংকাৰ বিৰদ্ধে শৃংখলাত কৰা প্ৰদৰ্শনৰ সুবাদত মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে আয়াৰে৷ সন্মান লাভৰ পথত আয়াৰে অতিক্ৰম কৰে ইউ এ ইৰ ভৃত্যা অৰৱিন্দ আৰু নেপালৰ দীপেন্দ্ৰ সিঙক৷ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আহমেদাবাদত অংশ লোৱা তৃতীয় এদিনীয়াত আয়াৰে ৮০ ৰানৰ মেচ-উইনিং ইনিংছ খেলিছিল৷ শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাতো আয়াৰে প্ৰশংসনীয় প্ৰদৰ্শন আগবঢ়াইছিল৷ তিনিটা ইনিংছত তেওঁৰ সংগ্ৰহ আছিল ২০৪ ৰান৷ তিনিওটা ইনিংছতে তেওঁ অপৰাজিত হৈ আছিল৷ টি-২০ তিনিখনত আয়াৰৰ সংগ্ৰহ আছিল ক্ৰমে ৫৭[২৮],৭৪ [৪৪] আৰু ৭৩ [৪৫]২০ টা চাৰি আৰু ৭ টা ছয় মাৰি তেওঁ ‘প্লেয়াৰ  অব দ্য ছিৰিজ’ৰ সন্মান লাভ কৰিছিল৷ ভোটিং পেনেলৰ সদস্য ৰাছেল আৰ্নল্ডে কয়–‘মাহটোত চমৎকাৰ ধাৰাবাহিকতা আৰু নিয়ন্ত্ৰণ প্ৰদৰ্শন কৰিছিল আয়াৰে৷ তেওঁ প্ৰতিপক্ষৰ বলাৰৰ বিৰুদ্ধে সম্পূৰ্ণ আধিপত্য বিস্তাৰ কৰিছিল৷’ ২৭ বৰ্ষীয় ভাৰতীয় খেলুৱৈজনে চলিত মাহতো নিজৰ ফৰ্মৰ ধাৰাবাহিকতা ৰক্ষা কৰিছে৷ শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত দুৰন্ত ৯২ ৰানৰ ইনিংছ খেলিছিল৷ আনহাতে ভাৰতৰ মিতালী ৰাজ আৰু দিপ্তী শৰ্মাক অতিক্ৰমী মহিলাৰ শাখাত মাহটোৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ২১ বৰ্ষীয় কাৰে৷ ভাৰতৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত বেটে-বলে তেওঁ দৰ্শনীয় প্ৰদৰ্শন আগবঢ়াইছিল৷