ৰোহিত শৰ্মাৰ নেতৃত্বত টীম ইণ্ডিয়াৰ নতুন যাত্ৰা
টুৱেণ্টী২০ শৃংখলাৰ পাছত দুখন টেষ্টৰ শৃংখলাটোত শ্ৰীলংকাক হোৱাইট ৱাছ কৰিলে ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই৷ বেংগালুৰৰ এম চিদাম্বৰ ষ্টেডিয়ামত অনুষ্ঠিত দিবা-নৈশ টেষ্টখন সমাপ্ত হয় আঢ়ৈ দিনতে৷ উল্লেখ্য, ম’হালিৰ প্ৰথমখন টেষ্টৰো তৃতীয় দিনতে ভাৰত ইনিংছ ব্যৱধানত জয়ী হৈছিল৷ বেংগালুৰুত শ্ৰীলংকাক ২৩৮ ৰানত পৰাস্ত কৰি স্বদেশত দিবা-নৈশ টেষ্টত ভাৰত অপৰাজিত হৈ ৰ’ল৷ ২০১২ চনৰ ডিচেম্বৰত ইংলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পাছত স্বদেশত ক্ৰমাগত ১৫টা টেষ্ট শৃংখলা জয় কৰিছে ভাৰতে, যিটো হৈছে এটা অভিলেখ৷ শ্ৰীলংকাৰ বিৰুদ্ধে দুখন টেষ্টৰ শৃংখলাটোত ২-০ব্যৱধানত জয়ী হোৱাৰ পূৰ্বে যোৱা বছৰৰ নৱেম্বৰত ভাৰতে নিউজীলেণ্ডক পৰাস্ত কৰিছিল ১-০ ব্যৱধানত৷ ৰোহিত শৰ্মাই ভাৰতীয় টেষ্ট দলৰ নেতৃত্বৰ দায়িত্ব পোৱাৰ পাছত দলটোৰ এয়া হৈছে এক নতুন যাত্ৰা৷ শ্ৰীলংকাৰ বিৰুদ্ধে দ্বিতীয় তথা অন্তিম টেষ্টখনৰ সমাপ্তিৰ পাছত ৰোহিতে কৈছিল যে দলটোৰ লক্ষ্য হৈছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হোৱাটো৷ অৱশ্যে, ভাৰতৰ বাবে এই লক্ষ্য বৰ সহজ নহ’ব৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দ্বিতীয় ছীজনত ভাৰতে আৰু সাতখন টেষ্ট খেলিব লাগিব আৰু সেই সাতখন টেষ্টৰ তিনিখন খেলিব লাগিব বিদেশত৷ দুখন টেষ্টৰ শৃংখলাৰ বাবে ভাৰতে বাংলাদেশ ভ্ৰমণ কৰিব৷ আনহাতে, ইংলেণ্ডৰ বিৰুদ্ধে যোৱা বছৰৰ টেষ্ট শৃংখলাত ক’ভিডকালীন পৰিস্থিতিৰ বাবে স্থগিত ৰখা অন্তিম টেষ্টখন সম্পূৰ্ণ কৰিবলৈ ইংলেণ্ডলৈ যাব লাগিব৷ আনহাতে, চাৰিখন টেষ্টৰ সূচী লৈ ভাৰত ভ্ৰমণ কৰিব অষ্ট্ৰেলিয়াই৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ’বলৈ হ’লে ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’বলগীয়া শৃংখলাটোৰ আটাইকেইখন খেলতে জয়ী হ’ব লাগিব, যিটো দলটোৰ বাবে সহজ নহ’ব৷ শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাটোৰ সমাপ্তিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত ভাৰত আছে চতুৰ্থ স্থানত৷ তালিকাত ভাৰতৰ আগত আছে ক্ৰমে অষ্ট্ৰেলিয়া, পাকিস্তান আৰু দক্ষিণ আফ্ৰিকা৷ পইণ্টৰ ফালৰ পৰা ভাৰত আন দেশতকৈ আগস্থানত থাকিলেও জয়ৰ শতাংশৰ বিচাৰত পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে দলটো৷ শ্ল’অভাৰ ৰেটৰ [মন্থৰ বলিং] বাবে তিনি পইণ্ট হেৰুওৱাবলগীয়া হৈছে ভাৰতে৷ সেই তিনি পইণ্ট যোগ হোৱা হ’লে ভাৰত আৰু এটা স্থান আগত থাকিলহেঁতেন৷
দুৰ্বল ফৰ্মৰ বাবে ভাৰতীয় দলৰ দুজন ছিনিয়ৰ সদস্য অজিংক্য ৰাহানে আৰু চেটেশ্বৰ পূজাৰা দলৰ পৰা বাহিৰ হোৱাৰ পাছত শ্ৰেয়স আয়াৰ আৰু উইকেটকীপাৰ ঋষভ পণ্টে সদ্যসমাপ্ত শৃংখলাটোত যথেষ্ট ভাল প্ৰদৰ্শন দেখুৱাইছে৷ পণ্ট ভাৰতীয় দলৰ বাবে গেম চেঞ্জাৰ হ’ব পাৰে বুলি অধিনায়ক ৰোহিত শৰ্মায়ো মন্তব্য কৰিছে৷ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত উপনীত হ’বলৈ হ’লে ভাৰতৰ মূল অস্ত্ৰ হ’ব বলিং৷ বিগত কেইবা বছৰ ধৰি যশপ্ৰীত বুমৰা আৰু মহম্মদ ছামিৰ দৰে বলাৰৰ সৌজন্যত সফলতা পাইছে ভাৰতে৷ স্পিন বিভাগত অভিজ্ঞ ৰবিচন্দ্ৰন অশ্বিনৰ লগতে ৰবীন্দ্ৰ জাদেজায়ো ধাৰাবাহিকভাৱে সফলতা পাইছে৷ শ্ৰীলংকা যদিও তুলনামূলকভাৱে দুৰ্বল দল আছিল, তথাপি সেই দলটোৰ বিৰুদ্ধে লাভ কৰা জয়ে অধিনায়ক ৰোহিত শৰ্মাৰ লগতে দলটোৰ আন সদস্যসকলৰ আত্মবিশ্বাস বহুখিনি বৃদ্ধি কৰিছে৷ সীমিত অভাৰৰ ত্ৰিকেটত ৰোহিত শৰ্মাৰ নেতৃত্বৰ বিচক্ষণতাৰ পৰিচয় ইতিমধ্যে পোৱা গৈছে যদিও টেষ্ট ক্ৰিকেটত তেওঁৰ অভিজ্ঞতা কম৷ তথাপি নতুন দায়িত্ব পোৱাৰ পাছত তেওঁ অকণো অস্বস্তিত ভোগা নাই৷ বৰং নতুনকৈ দলত অন্তৰ্ভুক্ত হোৱা যুৱ ক্ৰিকেটাৰসকলৰ সহযোগত সফলতাৰ দিশত আগবাঢ়িব পাৰিব বুলি তেওঁ আশাবাদী৷ এটা সাক্ষাৎকাৰত তেওঁ নিজেই কৈছিল যে বিৰাট কোহলিয়ে দলটোক য’ত এৰি গৈছিল, তাৰ পৰা দলটোক আগুৱাই নিয়াটোৱে হ’ব তেওঁৰ লক্ষ্য৷






